সামাজিক বাধা স্বত্বেও সাক্ষীয়ে ৰচিলে ইতিহাস
August 18, 2016, Updated on : Thu Sep 05 2019 07:31:24 GMT+0000
- +0
- +0
হৰিয়ানাৰ ৰোহটকৰ একাংশ ৰাইজৰ ৰোষৰ সন্মূখীন হ'বলগীয়া হৈছিল মল্লযোদ্ধা ঈশ্বৰ ডাহিয়া । তেওঁৰ 'অপৰাধ'- এজনী ছোৱালীক মল্লযুদ্ধৰ প্ৰশিক্ষণ দিয়া । সমাজৰ হেঁচা আৰু অসন্তুষ্টিৰ সন্মুখীন হৈছিল মোখৰা গাঁৱৰ ছোৱালীজনীৰ পিতৃ মাতৃও। কিন্তু তেওঁলোকে এই হেঁচাৰ সন্মূখত নতি স্বীকাৰ নকৰিলে । এই ছোৱালীজনীয়েই ২০১৬ বৰ্ষৰ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো মেডেল আনিবলৈ সক্ষম হ'ল । ইয়াৰ লগে লগে তেওঁ মল্লযুদ্ধত অলিম্পিক মেডেল জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাত পৰিণত হ'ল । ১২ বছৰ বয়সৰপৰা মল্লযুদ্ধৰ প্ৰশিক্ষণ লোৱা সাক্ষী মালিকক তেওঁৰ পিতৃ মাতৃয়ে সদায় সমৰ্থন দি আহিছে ।
২৪ বছৰীয়া সাক্ষীয়ে ৫৮ কিলোগ্ৰাম ফ্ৰিষ্টাইল শাখাত ৰেপেচেজৰ যোগেদি কিৰ্গিস্তানৰ এছুলু টাইনীবেক'ভাক ৮-৫ পইন্টত হৰুৱাই ব্ৰঞ্জৰ পদক জয় কৰে । ইয়াৰ আগতে তেওঁ কোৱাৰ্টাৰ ফাইনেলত ৰুছ দেশৰ ভালেৰীয়া কবল'ভাৰ হাতত পৰাস্ত হৈছিল যদিও কবল'ভা ফাইনেল পাবলৈ সক্ষম হোৱাত সাক্ষীয়ে ৰেপচেজ ৰাউণ্ড খেলিবলৈ সুবিধা পায় ।
দ্বিতীয় পৰ্যায়ৰ ৰেপচেজত তেওঁ মঙ্গোলিয়াৰ অৰখন পুৰেৱৰ্ডোজক ১২-৩ ত হৰুৱাই ব্ৰঞ্জৰ পদকৰ বাবে টাইনীবেক'ভাৰ মূখামূখী হোৱাৰ সুযোগ পায় । টাইনীবেক'ভাৰ বিৰুদ্ধে সাক্ষীৰ আৰম্ভণী খুবেই বেয়া আছিল কিয়নো তেওঁ অতি সাৱধানেৰে ৰক্ষাত্মক খেল খেলি গৈছিল । প্ৰথম ৰাউণ্ডৰ শেষত তেওঁ ০-৫ত পিছ পৰি আছিল যদিও দ্বিতীয় ৰাউণ্ডত তেওঁ প্ৰবল আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে আৰু জয়লাভ কৰিবলৈ সক্ষম হয় ।
ইতিমধ্যে ২৩ বছৰীয়া মল্লযোদ্ধাগৰাকীক প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ আগশাৰীৰ ক্ৰীড়াবিদ, অভিনেতা আৰু বিভিন্ন লোকে অভিননন্দন জনাইছে । "এই দিনটোৰ বাবে মই বাৰ বছৰ কষ্ট কৰিছো ।" সাক্ষীয়ে কয় ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল
পথৰ শিশুৱে পাব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ
বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে
- +0
- +0