Bon Soul: সু-স্বাস্থ্যৰ এক সমিধান

মূল- এছ এইজাজ

Bon Soul: সু-স্বাস্থ্যৰ এক সমিধান

Thursday October 20, 2016,

3 min Read

বৰ্তমান সময়ত সু-স্বাস্থ্য এক শ্ল'গানৰ দৰে হৈ পৰিছে।সকলো ক্ষেত্ৰতে শাৰীৰিক আৰু মানসিক হেঁচা বৃদ্ধি পোৱাৰ ফলত মানুহ স্বস্থ্য সচেতন হবলৈ বাধ্য হৈছে।সেয়ে আজিকালি relaxation ৰ বাবে গঢ়ি তোলা Spa,Salon সমূহৰো চাহিদা বাঢ়িছে।আমাৰ আলোচনাৰ শিৰোনামৰ Bon Soul হল Spa,Salon সমূহৰ লগত জড়িত অনলাইন নেটৱৰ্ক যি অনলাইল যোগে মানুহক সু-স্বাস্থ্য ৰক্ষাৰ বিভিন্ন সমাধান দি আহিছে।

Bon Soul ৰ জন্মদাত্ৰী আলেক্ষা নডেন্ডলা ৰ সৈতে HerStory লোৱা এক সাক্ষাৎকাৰ পাঠক সকললৈ আগবঢ়োৱা হল।

image


HS: Bon Soul ৰ আঁৰৰ যাত্ৰাৰ বিষয়ে আমাৰ পাঠক সকলক জনাব নেকি? Bon Soul ৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিল?

আলেক্ষা নডেন্ডলা: আচলতে মই মোৰ দেউতাৰ ব্যৱসায়ৰ লগত জড়িত আছিলো।ব্যৱসায় সংক্ৰান্তত বহু ঠাই ঘূৰিছিলো। আৰু মই নিজেও ভ্ৰমণ কৰি ভাল পাইছিলো।ফিটনেছ সম্পৰ্কীয় বিভিন্ন ক্লাছ কৰিছিলো। মানুহক সু-স্বাস্থ্যৰ বিভিন্ন টিপছ দিছিলো।আৰু এই কাম কৰি মই যথেষ্ট আনন্দিত হৈছিলো। কিন্তু ভ্ৰমণত বেছি সময় প্ৰয়োজন হোৱাৰ বাবে মই মাহত চাৰি-পাঁচ টা বা কেতিয়াবা দহটা লৈকে ক্লাছ কৰিব পাৰিছিলো। কিন্তু এই বিষয়ত মই আৰু সময় দিব খুজিছিলো।মই গোটেই মাহটোৱেই ফিটনেছ ক্লাছ ৰ কাৰণে সময় দিব খুজিছিলো।আৰু এই কাম সম্ভৱ আছিল যদি মই ঘূৰি ফুৰাৰ সলনি ঘৰৰ পৰাই ফিটনেছ ক্লাছ মানুহক দিব পাৰো।ইয়াৰ পৰাই হয়তো আৰম্ভণি।

আৰু মই যেতিয়া ফিটনেছৰ কথা কৈছোঁ, ইয়াৰ লগত এক পবিত্ৰতা জড়িত আছে।ফিটনেছ বুলি কলে কেৱল নিৰোগী দেহাই নহয়, এক পবিত্ৰ অনুভূতি মোৰ মনলৈ আহে। আৰু এনেদৰেই মই আৰম্ভ কৰিছো।

HS: আপুনি ইমান এটা সুন্দৰ নাম কেনেকৈ বিছাৰি উলিয়ালে?

সেয়াও এক দীঘলীয়া প্ৰক্ৰিয়া।প্ৰথমতে বহু নাম আমাৰ মনলৈ আহিছিল।মই প্ৰথমতে Bookmyclass.com নামটোৰ কথা ভাবিছিলো। কিন্তু পিছত ভাবিলো, আমি যিহেতু বহুখিনি বস্তু সাঙুৰি লব লাগিব; গতিকে এই নামটো খাপ নাখাব।আনহাতে ডট ইন তকৈ ডট কম ব্যৱহাৰত গুৰুত্ব দিছিলো। মোৰ মুম্বাই নিবাসী এজন শুভাকাংক্ষীয়ে প্ৰায় পাঁচশ নাম বিছাৰি দিছিল।অৱশেষত আমি Bon Soul নামটো বিবেচনা কৰিলো।কাৰণ আমি যি কৰিম, আমাৰ কাম হল আত্মাক সুস্থ কৰি ৰখা। Bon Soul হল এনে এটা আত্মা যি সদায় সুখী।

HS: আপোনাৰ শৈক্ষিক দিশৰ বিষয়ে কওকচোন।

আ ন: মই ইঞ্জিনিয়াৰিঙ ডিগ্ৰী লাভ কৰিলো VIT চেন্নাইৰ পৰা।তাৰপাছত মই স্মাৰ্ট হাউছিঙৰ প্ৰতি আগ্ৰহী হওঁ আৰু তাৰকাৰণে পৰৱৰ্তী সময়ত নিউ ইয়ৰ্কৰ Parsons the New school for designত ডিজাইনিঙৰ ডিগ্ৰী লওঁ।তাৰপাছত আঠ ৰ পৰা দহ মাহলৈ মই Miami নামৰ এটা ডিজাইনিঙ হাউচত কাম কৰি পুণৰ ভাৰতলৈ ঘূৰি আহি দেউতাৰ ব্যৱসায়ত জড়িত হৈ পৰোঁ।বৰ্তমান মই ISB, হাইদৰাবাদৰ পৰা MBA কৰি আছো।

HS: আপুনি ভাবে নেকি যে এটা সময়ত Bon Soul এ Spa and Salon ৰ কাৰণে Zomato ৰ ঠাই অধিকাৰ কৰিব?

আ ন: Zomato নিজৰ ঠাইত আৰু Bon Soul নিজৰ ঠাইত।মই কাৰো লগত নিজক তুলনা নকৰোঁ।মই Zomato ৰ দৰে হব বিছাৰিলে Zomato ৰ আৰ্হি অনুসৰণ কৰাৰ বাহিৰে উপায় নাথাকিব। কিন্তু মই নিজৰ আৰ্হিৰে কাম কৰাত বেছি গুৰুত্ব আৰোপ কৰোঁ। সেয়ে নিজৰ Scale ৰ ওপৰত গুৰুত্ব আৰোপ কৰি Bon Soul ক আগুৱাই নিব বিচাৰোঁ।

HS: বৰ্তমান আপোনাৰ ঠিকনা হাইদৰাবাদ। কিন্তু এই নেটৱৰ্ক আগৱঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

আ ন: সদ্যহতে আমি বাঙ্গালুৰু আৰু চেন্নাই লৈ আমাৰ নেটৱৰ্ক বৃদ্ধি কৰিছো।অহা দুই-তিনি মাহত আমি মুম্বাই, দিল্লী আদি মেট্ৰ' চিটিসমূহ কভাৰ কৰিম।সমসাময়িকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ Spa and Salon সমূহত আমাৰ ফিটনেছ ক্লাছ দিব পাৰিম।

আপুনাৰ চহৰখন Bon Soul ৰ অন্তৰ্ভুক্তি হোৱা নোহোৱাৰ বিষয়ে নিশ্চিত হবলৈ Bon Soul.com চাইটত গৈ চাৰ্চ কৰিব পাৰে।আৰু আপোনাৰ চহৰ যদি এই প্লেনত অন্তৰ্ভুক্ত হৈছে তেন্তে আপুনি কাষৰীয়া spa treatment ৰ বাবে এপইন্টমেন্ট বুকিং কৰাৰ লগতে Bon Soul ৰ সুবিধা সমূহ উপভোগ কৰিব পাৰিব।