অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

Tuesday May 03, 2016,

3 min Read

বিশ্বৰ দ্বিতীয় বৃহত্তম চৰাই এমু । সাধাৰণতে অষ্ট্ৰেলিয়াত এই চৰাইবিধ পোৱা যায়। কিন্তু এতিয়া প্ৰমাণ হৈছে যে অসমৰ জলবায়ু এই চৰাই বিধৰ বাবে অনুকূল। শান্ত পৰিবেশত থাকি ভালপোৱা চৰাই বিধৰ বেমাৰ-আজাৰ কম। সাধাৰণ খাদ্য খোৱা চৰাইবিধৰ প্ৰতিপালনতো বিশেষ খৰচ বা অসুবিধা নাই। এই সুবিধা সমূহৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ চতিয়াৰ বিনয় শইকীয়া আৰু তেওঁৰ পৰিবাৰ পূবী শইকীয়াই ব্যৱসায়িক ভিত্তিত এমু চৰাই পালন কৰাৰ কথা চিন্তা কৰি গুৱাহাটীৰ এগৰাকী ব্যক্তিৰ সহযোগত বাৰটা এমু চৰাই কিনি আনিছিল।ইয়াৰে দুটা এমু দুৰ্ঘটনাবশত মৃত্যু হোৱাৰ পিছত বৰ্তমান দহটা ঘৰুৱা পৰিবেশত ডাঙৰ হৈছে। এই এমু চৰাই চাবলৈ বিনয় শইকীয়াৰ ঘৰলৈ বিঙিন্ন ঠাইৰ পৰা লোক আহে। বহু লোকে ব্যৱসায়িক ভিত্তিত এমু পালনৰ কথা ভাবি তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে।

image


ব্যৱসায়ৰ পাতনি

পেছাত ফাৰ্মাচিষ্ট বিনয় শইকীয়াৰ পৰিবাৰ পূবী শইকীয়াই ২০১৪ চনৰ এপ্ৰিল মাহৰ প্ৰন্তিক আলোচনীত এমু চৰাই পালন সম্পৰ্কীয় লেখনী এটা পঢ়ি এমু চৰাই পালনৰ বাবে উৎসাহিত হয়। আন দুই-এজন ব্যক্তিৰ পৰা অধিক তথ্য লৈ দুমাহৰ পিছতে সাঁচতীয়া প্ৰায় এক লাখ টকাৰে ১২ টা এমু চৰাই কিনি আনে। এমু চৰাইৰ মাংস, তেল আৰু কণীৰ ঔষধি গুণৰ বিষয়ে জানি ইয়াক ব্যৱসায়িক ভিত্তিত পালন কৰাৰ কথা তেওঁলোকে ভাবিছিল। আনহাতে, নিৰিবিলি পৰিবেশত থাকি ভাল পোৱা এমু শান্ত আৰু নিৰীহ চৰাই। চৰাই বিধ প্ৰতিপালনৰ ক্ষেত্ৰতো বিশেষ অসুবিধা নাই। মাত্ৰ আকৃতিত ডাঙৰ হোৱাৰ বাবে কিছু বিচৰণ ঠাইৰ প্ৰয়োজন।খাদ্য হিচাপে চৰাই বিধে গছপাত, ফুল, চাপৰ, মাটিত থকা পোক-পতংগ খাই জীয়াই থাকে।

অসম চৰকাৰৰ পশু পালন বিভাগে দুটা এমু চৰাই প্ৰদৰ্শনীৰ বাবে নিওঁতে আঘাতপ্ৰাপ্ত হৈ মৰি থাকিল। সেয়ে, বৰ্তমান দহটা এমু আছেগৈ। তাৰে পাঁচ জনী মাইকী এমু। মৃত চৰাই দুটাৰ মাংস প্ৰতি কেজিত ৮০০ টকাকৈ বিক্ৰী কৰা হৈছিল বুলি বিনয় শইকীয়াই মন্তব্য কৰে।

image


'হৃদযন্ত্ৰৰ বাবে উপকাৰী এমু চৰাইৰ মাংসৰ যথেষ্ট চাহিদা আছে। কিন্তু ইয়াৰ মূল্য বেছি হোৱাৰ বাবে এক শ্ৰেণীৰ মানুহেহে ক্ৰয় কৰিবলৈ সক্ষম। অৰুণাচলৰ লোক সকলে এমুৰ মাংস বেছি খায় বা বিচাৰি আহে। আনহাতে, এমু চৰাইৰ কণীৰো যথেষ্ট চাহিদা আছে। একোটা পুৰঠ অমিতাৰ সমান আকৃতিৰ এটা কণী এহেজাৰ টকাত বিক্ৰী কৰিছোঁ।'

এমু চৰায়ে বছৰি ৩০ টাৰ পৰা ৪০ টালৈকে কণী পাৰে। চৰাই বিধৰ বিশেষত্ব হ'ল যে মাইকী চৰায়ে কণী পাৰে আৰু মতাটোৱে উমনি দিয়ে। আনহাতে এমুৰ তেল বাত বিষৰ লগতে বিভিন্ন বিষৰ বাবে ব্যৱহাৰ কৰা হয়। মাংসৰ ওপৰ ভাগত এটা তৰপ হিচাপে থকা তেল বিশেষ পদ্ধতিৰে কাটি সংগ্ৰহ কৰা হয়। একোটা এমু চৰাইৰ পৰা ২৮ কেজিলৈকে মাংস পোৱা যায়। এতিয়ালৈকে তেওঁলোকে একোটা কণীত এহেজাৰ টকাকৈ ১৭ টা কণী বিক্ৰী কৰিছে।


image


এক লাখত ক্ৰয় কৰা চৰাই কেইটাৰ পৰা এতিয়ালৈ দুই লাখ টকা আয় হোৱা বুলি বিনয় শইকীয়াই জানিবলৈ দিয়ে। আনহাতে, চৰাইবিধ প্ৰতিপালনত বিশেষ একো খৰচ নহয়। মাত্ৰ মাজে সময়ে লিভাৰ টনিক খুৱাই থাকিব লাগে।

'কেৱল ব্যৱসায়িক ভিত্তিত নহয়, মোৰ পৰিবাৰ আৰু ল'ৰাকেইটাই পশু-পক্ষী খুব ভাল পায়। মোৰ ঘৰত এমু পালনৰ কথা জানিব পৰা পাছত বিভিন্ন ঠাইৰ পৰা মানুহ চৰাই কেইটা চাবলৈ আহে। সৰু-ল'ৰা-ছোৱালীও আহে। আনহাতে, কিছুমান লোকে ব্যৱসায়িক দিহা-পৰামৰ্শ ল'বলৈও আহে। মোক দেখি বহু লোকে নিজেও এমু পালনৰ কথা পৰিকল্পনা কৰিছে। মই বাস্তৱ অভিজ্ঞতাৰ পৰা লোক সকলক কওঁ যে অসমৰ জলবায়ু এমু চৰাই পালনৰ বাবে অনুকূল। কেৱল চৰাই বিধক শান্ত পৰিবেশত ৰখাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে কিছু ঠাইৰ প্ৰয়োজন হয়।মই ভাবোঁ কেৱল ব্যৱসায়িক লাভৰ কথা নাভাবি অসমত এই পক্ষীবিধ সংৰক্ষণৰ কথাওঁ ভাবিব লাগে।'


image


বিনয় শইকীয়া, তেওঁৰ পৰিবাৰ পূবী শইকীয়াই ইজনে সিজনক সহযোগিতাৰে এমুৰ প্ৰতিপালন কৰিছে। 'পুৱাৰ ভাগতে খাদ্য দি অহাৰ পাছত দিনটোলৈ আৰু চিন্তা কৰিব নালাগে'-বিনয় শইকীয়াই কয়। ইতিমধ্যে তেওঁলোকে স্থানীয় বিধায়কৰ সহযোগত ১০০ এমু চৰাই অষ্ট্ৰেলিয়াৰ পৰা আনিবলৈ অৰ্ডাৰ দিছে। ইয়াৰোপৰি তেজপুৰ মহাবিদ্যালয়,ছয়দুৱাৰ মহাবিদ্যালয়ে তেওঁলোকক এমু চৰাই যোগান ধৰিবলৈ দায়িত্ব দিছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ