EDITIONS
Asamiya

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

28th Feb 2016
Add to
Shares
17
Comments
Share This
Add to
Shares
17
Comments
Share

আপোনাৰ পেচাই আপোনাৰ পৰিচয় বুলি কোনো কথা নাই। কামৰ সৈতে সমূলি মিল নথকা আন এক পৰিচয়ো আপোনাৰ থাকিব পাৰে। লক্ষ্মণ ৰাওৰ ক্ষেত্ৰটো কথাটো তেনেকুৱাই। জীৱিকা নিৰ্বাহৰ বাবে পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাওৰ আন এটা পৰিচয় হ’ল এজন প্ৰসিদ্ধ লিখক। লক্ষ্মণ ৰাৱে বৰ্তমানলৈ ২৪ খন কিতাপ লিখিছে। ইয়াৰে ১২ খন প্ৰকাশিত আৰু ৬খন প্ৰকাশৰ পথত। লক্ষ্মণ ৰাৱে তেওঁৰ উপন্যাস ‘ৰামদাস’ৰ বাবে দিল্লী চৰকাৰৰ পৰা ইন্দ্ৰপ্ৰস্থ সাহিত্য ভাৰতী পুৰস্কাৰ সন্মানো লাভ কৰিছে। ৬২ বছৰীয়া লক্ষ্মণ ৰাৱে যেতিয়াই সময় পায় হাতত কলম লৈ বহি যায় লিখা মেলাত। লক্ষ্মণ ৰাওৰ এই অভ্যাস ডেকা বয়সৰে। ১৯৭৯ চনতে তেওঁৰ প্ৰথমখন কিতাপ প্ৰকাশ পাইছিল। তেওঁক জনা সকলোৱে ‘লেখকজী’ বুলিয়েই সম্বোধন কৰে লক্ষ্মণ ৰাওক। আৰু এই সম্বোধনে হাঁহি বিৰিঙাই দিয়ে লক্ষ্মণ ৰাওৰ মুখত।

image


অধিকাংশ লোকৰ বাবে লক্ষ্মণ ৰাও এজন চাহ দোকানীতকৈ আন একো নহয়। লেখা কামটো লক্ষ্মণ ৰাওৰ নিচা হলেও কিতাপ লিখিয়েই জীৱিকা নিৰ্বাহ কৰাটো লক্ষ্মণ ৰাওৰ বাবে সম্ভৱ নহয়। পৰিয়াল চলাবৰ বাবে লক্ষ্মণ ৰাৱে এতিয়াও প্ৰতি কাপ চাহত এটকাকৈ বিক্ৰী কৰে। একেটা সময়তে লক্ষ্য ৰাখিব লগীয়া হয়, এমচিডিৰ লোকে আগৰ দৰে আহি আকৌ ভাঙি থৈ যাবহি নেকি তেওঁৰ দোকানখন। যোৱা ২৫ বছৰে লক্ষ্মণ ৰাৱে চাহ বিক্ৰীৰ কাম কৰি আহিছে। তাৰ পূৰ্বে বাচন ধোৱা, আনৰ ঘৰত বন কৰা মানুহ হিচাপেও কাম কৰিছিল লক্ষ্মণ ৰাৱে।

ক্ষুধাৰ তাড়না তথা পৰিয়াল পোহাৰ বাবে বিভিন্ন কাম কৰি আহিলেও কোনো দিনে নিজৰ ভিতৰত থকা লিখাৰ নিচাটোক মষিমূৰ হ'বলৈ দিয়া নাছিল। লেখক হিচাপে নিজৰ অৱস্থাটোক লৈ কোনো আক্ষেপ নাই লক্ষ্মণ ৰাওৰ। আন দহ জন লেখকৰ দৰে নিজৰ কিতাপ পঢ়ুৱৈৰ হাতত দেখিলেই সন্তোষ পায় লক্ষ্মণ ৰাৱেও। পাঠকৰ হাতত নিজৰ কিতাপখন পোৱাবলৈ লক্ষ্মণ ৰাৱে নিজৰ কিতাপ লৈ দিল্লীৰ ইমূৰৰ পৰা সিমূৰলৈ থকা শৈক্ষিক প্ৰতিষ্ঠান তথা পুঁঠিভৰাল সমূহত চাইকেল চলাই ঘুৰি ফুৰে। তেওঁৰ কিতাপ কিনা অধিকাংশই নাজানে কিতাপ খনৰ লেখক কোন।

“মোক দেখি কোনোৱে নকয়, মই কিতাপ লিখোঁ বুলি। মোৰ চাইকেলত ফুৰা পুৰণা সাজ পোচাকেৰে চেহেৰাটো দেখি মোকো আন ফেৰিৱালাৰ দৰেই বুলি ভাবে সকলোৱে। মোক কিতাপৰ লেখকৰ বিষয়ে নুশুধিলে মোৰ পৰিচয় মই কাকো নিদিও। কেতিয়াবা কোনো জিজ্ঞাসু পাঠকে লেখকৰ পৰিচয় পঢ়ি মোক চিনি পায়। তেতিয়া তেওঁলোকে মোৰ চাহ দোকানখনৰ বিষয়ে সুধিবলৈ নাপাহৰে।”

নিজৰ কিতাপ প্ৰকাশিত ৰূপত দেখিবলৈ ৰাৱে সহ্য কৰিব লগীয়া হৈছিল এটা মৰ্মান্তিক আঘাত। এবাৰ এজন প্ৰকাশকে ৰাওৰ কিতাপখন লুটিয়াইও নোচোৱাকৈ প্ৰকাশৰ অনুপযোগী বুলি জনোৱাৰ লগতে ৰাওক নিজৰ কাৰ্যালয়ৰ পৰা অপমান কৰি উলিয়াই পথিয়াইছিল। সেই সময়তে লক্ষ্মণে পণ ল’লে যে তেওঁ নিজেই নিজৰ কিতাপ প্ৰকাশ কৰিব। সেই কাম কৰিও দেখুৱালে। তেওঁ এখন কিতাপৰ ১০০০ কপি প্ৰকাশ কৰিবৰ বাবে প্ৰায় ২৫০০০ টকা খৰচ কৰে। “মই এখন কিতাপ বিক্ৰীৰ পৰা যিখিনি লাভ পাওঁ সেয়া আন এখন কিতাপ প্ৰকাশৰ কামত লগাওঁ”- লক্ষ্মণ ৰাৱে ক’লে এনেদৰে। কিন্তু কিতাপ প্ৰকাশৰ ক্ষেত্ৰত লক্ষ্মণ ৰাও খুবেই আশাবাদী। তেওঁ অহা দুই এবছৰতে তেওঁৰ বাকী থকা ১৩ খন কিতাপ প্ৰকাশৰ লক্ষ্য বান্ধি লৈছে। লক্ষ্মণ ৰাৱে প্ৰতিখন কিতাপৰ ISBN নম্বৰ সংগ্ৰহ কৰাৰ লগতে তেওঁ ‘ভাৰতীয় সাহিত্য কলা প্ৰকাশন’ নামৰ এটা প্ৰকাশন প্ৰতিষ্ঠানো পঞ্জীয়ন কৰি থৈছে।

image


প্ৰকাশকৰ উপৰিও লক্ষ্মণ ৰাৱে নিজে লিখা কিতাপ লৈ তথাকথিক সাহিত্য সমাজৰ ঠিকাদাৰ সকলৰ পৰাও বহু অপমান ভোগ কৰিছে। তেওঁলোকৰ দৃষ্টি লক্ষ্মণ ৰাওৰ কিতাপৰ পৰিবৰ্তে পোছাক- পৰিচ্ছদতহে। লক্ষ্মণে এইখন সাহিত্য সমাজৰ বাবেই ৪২ বছৰ বয়সত স্নাতক ডিগ্ৰী ল’লে। সেইসময়ত দিনত নিৰ্মিয়মান অট্টালিকাত কাম কৰি নিশা ষ্ট্ৰীট লাইটৰ তলত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লোৱাৰ পিছত কিন্তু সেই খন সাহিত্য সমাজৰ লোকে লক্ষ্মণৰ স্নাতক প্ৰমাণ পত্ৰলৈ ঘুৰিও নাচালে। “পথৰ দাঁতিত চাহ বিক্ৰী কৰি পৰিয়াল পোহ পাল দিয়া এজন লোকে কিতাপ পঢ়া লিখাৰ লগত জড়িত বুলি মানুহে বিশ্বাস কৰিবলৈ টান পায়। তেওঁলোকে কয়- তুমি যদি কিতাপেই লিখা তেনেহলে ৰাস্তাৰ কাষত চাহৰ দোকানত তোমাৰ কাম কি”- লক্ষ্মণ ৰাৱে ক’লে এনেদৰে। আটাইতকৈ ডাঙৰ বিড়ম্বনাটো হ’ল হিন্দী ভাষাত ২৪ খন কিতাপৰ লিখক লক্ষ্মণ ৰাৱে দেশৰ হিন্দী ভাষা সাহিত্যৰ আটাইতকৈ বৃহৎ ভাণ্ডাৰ হিন্দী ভৱন চৌহদৰ বাহিৰত পথৰ দাঁতিত চাহ বিক্ৰী কৰে। লক্ষ্মণ ৰাও যেন এজন অস্পৃশ্য লেখক। হিন্দী ভৱনৰ বিশিষ্ট লেখকসকলে তেওঁক আকোৱালি নলয়। তেৱো সেই সাহিত্যিক মহলৰ সৈতে চামিল হব নিবিচাৰে।

নিজৰ সৰু চাহৰ দোকানখনত অন্যান্য যাবতীয় সামগ্ৰীৰ সৈতে লক্ষ্মণ ৰাৱে বিক্ৰীৰ বাবে ৰাখে নিজৰ কিতাপ। দুটোপাল বৰষুণৰ পানী পৰিলেই কোনো চালি নথকা খোলা দোকান খনৰ পৰা কিতাপ কেইখন লৈ ঢপলিয়াই নিৰাপদ স্থানলৈ। পুৱাই চাইকেলেৰে দোকানৰ স্থানলৈ আহি ল’ৰা দুটাৰ এটাক দোকানৰ দ্বায়িত্ব দি সেই দিনটোৰ বাবে নিৰ্ধাৰিত কৰি ৰখা বিদ্যালয় কেইখনক লক্ষ্য কৰি কিতাপৰ টোপোলা এটা কৰি ৰাওনা হয় লক্ষ্মণ ৰাও। দুপৰীয়াৰ ভাগলৈ ঘুৰি আহি পুণৰ দোকানৰ দ্বায়িত্ব চমজি লয়হি ল’ৰাৰ পৰা। লক্ষ্মণ ৰাওৰ সুচীত দিল্লীৰ সৰু বৰ ৮০০খন বিদ্যালয় আছে। ইয়াৰে ৪০০ বিদ্যালয়ে ইতিমধ্যে লক্ষ্মণ ৰাওৰ কিতাপ নিজৰ গ্ৰন্থাগাৰত ৰাখিবলৈ অনুমতি দিছে। আনহাতে কেতিয়াবা কোনো বিদ্যালয়ত শিক্ষকে লক্ষ্মণ ৰাওক আদ বাটৰ পৰাই ওভটাই পথায়। তেতিয়া লক্ষ্মণ ৰাৱে সেই দিনটো এটা বেয়া দিন বুলি ঘুৰি আহে। কিন্তু কিছু দিনৰ পিছত আকৌ যায় সেইখন বিদ্যালয়লৈ। যেতিয়ালৈকে তেওঁলোকে লক্ষ্মণ ৰাওৰ কিতাপ খন মেলি নাচায়, তেতিয়ালৈকে চেষ্টা এৰি নিদিয়ে লক্ষ্মণ ৰাৱে। বাছ মেট্ৰৰে যাত্ৰা কৰাৰ খৰছ কৰিব নোৱাৰে বাবে দিল্লীৰ ইমূৰৰ পৰা সিমূৰলৈ চাইকেলেৰে যাত্ৰা কৰিয়েই নিজৰ কিতাপ বিক্ৰী কৰি ঘুৰি ফুৰে লক্ষ্মণ ৰাও। তথাপি লক্ষ্মণ ৰাওৰ ভাষাতেই কিতাপৰ প্ৰতি প্ৰেম নথকা এজন ধনী মানুহ হোৱাতকৈ, কিতাপ ভাল পোৱা দুখীয়া হৈয়ো সুখী লক্ষ্মণ ৰাও।

image


ভাৰাত লোৱা এটা ঘৰত পত্নী ৰেখা আৰু দুই পুত্ৰ হিতেশ আৰু পৰেশৰ সৈতে বাস কৰা লক্ষ্মণ ৰাৱে কিতাপ লিখাৰ কাম কৰে ৰাতি। ৰাৱে নিজৰ ল’ৰা দুটাক শিক্ষিত কৰিব বিচাৰে। বিয়াৰ পিছতে পত্নী ৰেখাই লক্ষ্মণ ৰাওৰ লিখা-পঢ়াৰ প্ৰতি থকা নিচাক লৈ সন্দিহান হৈ পৰিছিল, কিন্তু সময় বাগৰাৰ লগে লগে বুজি পালে লক্ষ্মণ ৰাওই কিমান নিষ্ঠাৰে কামটো কৰি আছে।

“বহু লোকৰ বাবে মই এজন বাতুল। প্ৰথম অৱস্থাতকৈ এতিয়া সংখ্যা যথেষ্ট কমিছে যদিও এতিয়াও মোক বহু মানুহে পাগল বুলিয়ে ভাবে। বিষ্ণু দিগম্বৰ পথৰ বাকী চাহ দোকানী বোৰো মোক লৈ দুবিধাত থাকে। কাৰণ মই তেওঁলোকৰ দৰে কেৱল এজন চাহ দোকানী নহয়, আনহাতে আন লেখকৰ দৰে ধনী, ভাগ্যৱান তথা প্ৰসিদ্ধ লেখকো নহয়।”- নিজৰ সম্পৰ্কত লক্ষ্মণ ৰাওৰ মন্তব্য এয়া।

মহাৰাষ্ট্ৰৰ অমৰাৱতীত ঘৰ লক্ষ্মণ ৰাওৰ। নিজৰ আন তিনিজন ভাতৃৰ আৰ্থিক অৱস্থা ভাল। এজন মহাবিদ্যালয়ৰ শিক্ষক, এজন একাউটেন্ট আৰু আন জনে পৈত্ৰিক খেতি খোলা চাই। “মই জেপত মাত্ৰ ৪০ টকা লৈ ঘৰৰ পৰা পলাই আহিছিলো। মই পৃথিৱী খন চাব বিচাৰিছিলো, শিকিব বিচাৰিছিলো আৰু কিতাপ পঢ়িব আৰু লিখিব বিচাৰিছিলো।”- লক্ষ্মণ ৰাওৰ ভাষ্য এয়া।

ঘৰৰ পৰা পলাই আহি লক্ষ্মণ প্ৰথমে ভূপাল পালেগৈ। তাত ঘৰৰ বন কৰা ল’ৰা হিছাপে কাম কৰিলে, বিনিময়ত তিনি সাজ খাবলৈ পালে আৰু পালে শুবলৈ এটুকুৰা থাই। কিন্তু একেটা সময়তে লক্ষ্মণে পোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শিক্ষা। ঘৰৰ মালিকে স্কুললৈ যোৱাৰ স্বাধীনতা দিলে লক্ষ্মণক। তাত থাকিয়েই লক্ষ্মণে মেট্ৰিক পৰীক্ষা পাছ কৰিলে।

১৯৭৫ চনত লক্ষ্মণ দিল্লীলৈ পালেগৈ। পেট পুহিবলৈ যি কাম পালে তাকেই কৰি গ’ল লক্ষ্মণে। বহু কেইবছৰ অট্টালিকা নিৰ্মাণৰ কামত দিন হাজিৰা কৰিলে। পথৰ দাঁতিৰ ধাবাত বাচন ধোৱাৰ কামো কৰিলে লক্ষ্মণে। ১৯৮০ চনত লক্ষ্মণে চাহ বিক্ৰীৰ কাম আৰম্ভ কৰিলে। আৰু আজিও কিতাপ লিখাৰ লগতে সেই কামটোৱেই কৰি আছে লক্ষ্মণে। লক্ষ্মণে দেওবাৰটো দৰিয়াগঞ্জৰ গলিত ঘুৰি ফুৰি কিতাপ বিচাৰি কটায়। সেই বাবেই আজি ভাৰতীয় সাহিত্যৰ লগতে শেক্সপীয়েৰ, বাণাৰ্ড শ্ব’ দৰে আন্তৰাষ্ট্ৰীয় লেখক সকলো পৰিচিত হ’ল লক্ষ্মণৰ।

image


লক্ষ্মণৰ বহু গুণমুগ্ধ আছে, যি সকলে লক্ষ্মণৰ কিতাপ পঢ়ি মানুহজনৰ সৈতে কথা পাতিবলৈ বহু দূৰ বাটকুৰি বাই আহে। বহু লোকে নিজৰ কাৰ্যালয়লৈ আহি বা ছুটি হোৱাৰ পিছত চাহৰ জুটি লৈ লক্ষ্মণৰ সৈতে কথা পাতিবলৈকে আহে। লক্ষ্মণ বহু লোকৰ বাবে কিতাপ পঢ়াৰ প্ৰেৰণাও হৈ পৰিছে। তেওঁ কাম কৰা অঞ্চলটোৰ তেওঁৰ দৰে সৰু সুৰা কাম কৰা বহু লোকে এতিয়া সময় উলিয়াই তেওঁৰ কিতাপ পঢ়ে। অন্যান্য সাধাৰণ পাঠকৰ কথা বাদ দিলেও ওচৰৰে অট্টালিকাত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰা ল’ৰায়ো কিতাপ বিচাৰি যায় লক্ষ্মণৰ ওচৰলৈ।

“মোৰ কিতাপত মোৰ সংগ্ৰামৰ বিষয়ে নাই। মই চাৰিওফালে যি দেখো, তাকেই লিখো। মোৰ কিতাপ সমাজৰ এজন দাপোন বুলি ক’ব পাৰি।”- লক্ষ্মণে নিজৰ কিতাপৰ বিষয়ে ক’লে এনেদৰে।

মূলঃ নিশান্ত গয়েল

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....

জুইয়ে পুৰি সোণ কৰা মহিলাগৰাকী

Add to
Shares
17
Comments
Share This
Add to
Shares
17
Comments
Share
Report an issue
Authors

Related Tags