EDITIONS
Asamiya

মই নাজানো আৰু ইয়াক লৈ মোৰ কোনো অস্বস্তি নাই

Team YS Asamiya
7th Apr 2016
Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share
image


কেইদিন মানৰ আগতে মই বাঙ্গালুৰুৰ ছাংগ্ৰী লা হোটেলত আয়োজিত ছেমি কণ্ডাক্টৰ উদ্যোগৰ শীৰ্ষ বিষয়া সকলৰ এখন সভাত অংশ গ্ৰহণ কৰিবলৈ গৈছিলোঁ। মই সভা কক্ষত প্ৰবেশ কৰাৰ সময়ত সীমিত আসনৰ সৰু ৰূমটো মানুহেৰে ভৰি পৰিছিল।মই কত বহিম চিন্তা কৰি থাকোঁতেই আয়োজকে ষ্টেজৰ ওচৰতে সম্মুখৰ আসন এখন দেখুৱাই দিলে।সাধাৰণতে, দেৰিকৈ অহা সকলৰ বাবে শেষৰ আসন খনহে থাকেগৈ। গতিকে এই ক্ষেত্ৰত মই সৌভাগ্যবান বুলি কব লাগিব। যি নহওঁক, ইতিমধ্যে আৰম্ভ হোৱা আলোচনা শুনিবলৈ মই আসন ললোঁ।ছেমি কণ্ডাক্টৰ উদ্যোগত আহি পৰা নতুনত্ব আৰু ভাৰতে এই ক্ষেত্ৰত লোৱা ভূমিকা সম্পৰ্কে সভাত আলোচনা হৈছিল। পুঁজিপতি, প্ৰবাসী উদ্যোগপতি, আই.আই.টি. প্ৰবক্তা আৰু এই ক্ষেত্ৰৰ আন বিশেষজ্ঞ ব্যক্তি সকলে আগবঢ়োৱা তথ্য আৰু মতামত মই মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিলো।

আৰু তাৰ পাছত এয়া ঘটিল

ছেমি কণ্ডাক্টৰ ক্ষেত্ৰখনৰ উদ্ভাৱনী দিশ বা আন কথাবোৰ বুজিবলৈ মই অধিক মনোযোগ দিয়াৰ চেষ্টা কৰিলোঁ। কিন্তু মই যিমান মনোযোগ দিছিলো সিমানেই মই বুজি পোৱা নাছিলোঁ। বক্তাজনে কি কৈছে সেই বিষয়ে মই একো ধাৰণা কৰিব পৰা নাছিলোঁ। সাধাৰণভাৱে কবলৈ গলে কথাবোৰ মোৰ এখন কাণেদি সোমাই আনখন কাণেৰে ওলাই হৈছিল।মোৰ চাৰিওকাষে বহি থকা ব্যক্তি সকলে বিষয়টোত সোমাই পৰিছিল, প্ৰশ্ন উত্থাপন কৰিছিল বা প্ৰয়োজনত মূৰ দুপিয়াইছিল। সেয়ে, বাকী সকলক পৰ্যবেক্ষণ কৰাতকৈ মই মঞ্চত থকা বিশিষ্ট ব্যক্তি সকলৰ প্ৰতি চকু দিলোঁ। কিন্তু মঞ্চৰ একেবাৰে কাষৰ আসন খনত বহাৰ বাবে মই সকলোকে ভালকৈ দেখা নাছিলোঁ। সেয়ে, পুনৰ বক্তাৰ কথাত মনোযোগ দিয়াৰ চেষ্টা কৰিলোঁ। কিন্তু পুনৰ কথাবোৰ মোৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল। মঞ্চৰ ব্যক্তিসকলে মাজে মাজে মোৰ ফালে চাওঁতে চকুৱে চকুৱে পৰিছিলোঁ। মই ইয়াৰ গুৰুত্ব বুজি পাইছিলোঁ। কিয়নো মই নিজে যেতিয়া মঞ্চত থাকো, ময়ো দৰ্শকসকলৰ চকুলৈ চাওঁ। আৰু সেয়ে এজন মনোযোগী শ্ৰোতা হিচাপে মই তেওঁলোকলৈ চাই হাঁহিছিলোঁ আৰু মূৰ দুপিয়াইছিলোঁ। কিন্তু সেয়া কৰি মোৰ নিজকে বৰ মূৰ্খ যেন ভাব হৈছিল। ব্যক্তি সকলেই যিমান বাৰেই মোৰ ফালে চাইছিল, মই সিমানবাৰেই হাঁহিছিলোঁ আৰু নিজকে বেছি নিৰ্বোধ যেন অনুভৱ কৰিছিলোঁ। ভগবান, তেওঁলোকে কোৱা কথাবোৰ বুজি পোৱাকৈ মই ইমান স্মাৰ্ট কিয় নাছিলো, অলপ হলেও অন্তত: বুজি পোৱা হলে! ছেমি কণ্ডাক্টৰ ক্ষেত্ৰখনৰ বিষয়ে আৰু ভালকৈ জানিবলৈকে জানো মই এই বিশেষ অনুষ্ঠানটোলৈ অহা নাই? মঞ্চৰ ব্যক্তিসকলৰ চকুত মোৰ বিসংগতিবোৰ বাৰু ধৰা পৰা নাছিল নে? তেওঁলোকে বাৰু মোলৈ চাই আচৰিত হৈছিল নেকি যে মই সভা খনলৈ কিয় আহিছোঁ? মোৰ চিন্তাবোৰ বিসংগতিপূৰ্ণ যেন লাগিব পাৰে। কিন্তু আপুনি নিশ্চয় জানে এনে সংগতিহীন চিন্তাবোৰ তেতিয়া আহে যেতিয়া আপোনাৰ ভাব হয় যে আপুনি অনুষ্ঠানটোৰ বাবে উপযুক্ত ব্যক্তি নহয়।

অৱশেষত আলোচনাখন শেষ হোৱাত মই যথেষ্ট সকাহ পালোঁ। মানুহবোৰে ইজনে-সিজনৰ লগত চিনাকি হোৱাত লাগিল। ময়ো সেই কামেই কৰিলোঁ, কিন্তু অলপ বেছি সচেতন হৈ। হঠাতে মোৰ চিনাকি দুজন লোক মোৰ ওচৰলৈ আহি মোক সম্ভাষণ জনালে আৰু তেওঁলোকে মোক উপস্থিত উদ্যোগী সকলৰ লগত চিনাকি কৰি দিব বিচাৰিলে। অৱশেষত মই যিটো কাম কৰিব পাৰোঁ, আৰু ভালকৈ কৰিব পাৰোঁ, সেই সুযোগটো পাই মই আনন্দ পালোঁ। মই ছেমি কণ্ডাক্টৰ বুজি নাপাব পাৰোঁ।কিন্তু মই উদ্যোগীৰ লগত ভালকৈ কথা পাতিব পাৰোঁ। মই যিমান ছেমি কণ্ডাক্টৰ উদ্যোগীক লগ পালোঁ, মোৰ সিমান আত্মবিশ্বাস ঘূৰি আহিল। উদ্যোগী সকলে তেওঁলোকৰ কাহিনী সমূহ ক'বলৈ বিচাৰিলে। তেওঁলোকে শুনিব আৰু জানিব বিচাৰিছিল। মানুহবোৰ মোৰ চাৰিওকাষে গোট খালে।আৰু মই যিটো কাম খুব ভালকৈ কৰিব পাৰোঁ সেইটো কৰিলো। মই এগৰাকী শ্ৰোতাৰ ভূমিকা ললোঁ।

অনুষ্ঠানটোৰ পৰা ঘূৰি আহি থাকোঁতে মই কথাবোৰ মনত পেলালোঁ। সেইদিনাৰ অনুষ্ঠানটোৰ লগতে নাৰী দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠান, তেনে বহু অনুষ্ঠান আৰু সভা যিবোৰ দৈনিক কৰিব লগীয়া হয়, সেইবোৰৰ কথা মনলৈ আহিল।

দিল্লীত এই বৰ্ষত আয়োজন কৰা নাৰী দিৱসৰ অনুষ্ঠানলৈ বহু উদ্যমী, উৎসাহী মহিলা আহিছিল। তেওঁলোকে সাম্প্ৰতিক ব্যৱসায়ৰ গতি বিধি জানিবলৈ আগ্ৰহী আছিল। কিন্তু মঞ্চত বক্তা সকলে যেতিয়া পুঁজি, মূল্য, গাঁঠনি, বিত্তীয় আৰ্হি সন্দৰ্ভত গভীৰ বাখ্যা কৰি গৈছিল, সেইবোৰ তেওঁলোকৰ বোধগম্য হোৱা নাছিল। মই মন কৰিছিলো বহুতে কথাবোৰ বুজি পোৱা নাছিল। তেওঁলোকৰ বহুতেই হাত দাঙি প্ৰশ্ন কৰিছিল-মই বিত্ত বিভাগত পাৰ্গত নহয়। গতিকে মই এয়া কৰিব পাৰিমনে? মই কৰিকৰী ক্ষেত্ৰত দক্ষ নহয়।গতিকে মই কাৰিকৰী দিশৰ ব্যৱসায় কৰিব পাৰিমনে? ইত্যাদি।

মই তেওঁলোকক উত্তৰত কৈছিলো-মই পুঁজি সন্দৰ্ভত লেখিছোঁ। পুঁজি সংগ্ৰহৰ সকলো ধৰণৰ কাহিনী শুনিছোঁ। কিন্তু যোৱা আগষ্টলৈকে মই প্ৰথমটো পুঁজি ব্যৱহাৰ নকৰালৈকে, মোৰ পুঁজি বিনিয়োগ সম্পৰ্কে স্পষ্ট ধাৰণা নাছিল। মই কাহিনীৰ এখন জগতত বাস কৰিছিলোঁ। আৰু মই বৌদ্ধিক জ্ঞান সম্পৰ্কীয় কামবোৰ ভালকৈ কৰিব পাৰিছিলোঁ। দুটা বাক্যৰ মাজত, ওপৰত, বাহিৰত...সকলোখিনি সুন্দৰকৈ শিকিছিলো। যেতিয়া আপোনাৰ ক্ষেত্ৰত এনে ঘটিব, আপোনাৰ শিকাৰ বাহিৰে আৰু উপায় নাথাকিব। যি বুজিবলগীয়া সেয়া বুজি উঠিব। যিখিনি প্ৰয়োজনীয়, সেয়া মই বুজি লৈছিলো, আৰু যিখিনি প্ৰথম পৰ্যায়ত নিশিকিলেও হয়, সেয়া মই বাদ দিছিলোঁ, দৰকাৰী সভা আৰু ফ'ন কলত সময় দিছিলোঁ।

সকলো খিনি মোৰ জনাৰ প্ৰয়োজন আছিল জানো? একেবাৰে নাছিল। যিসকল বিশেষজ্ঞক (মোৰ জোখাৰে উচিত মাননি দি)মই কামত লৈছিলোঁ, তেওঁলোকক মই বিশ্বাসত লৈছিলো ।

জনা আৰু নজনাৰ প্ৰশ্নটোৰ উত্তৰ এই খিনিতে আছে। এনে এখন পৃথিৱী য'ত বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তি আমাৰ চাৰিওফালে আছে, তেনে ক্ষেত্ৰত সফল ব্যক্তি বা উদ্যোগী হ'বলৈ আমি সকলো কথা জনাৰ প্ৰয়োজন আছে জানো? মই তেনেকৈ নাভাবোঁ। নজনা বা মই যে নাজানো এই কথা বুজি পোৱাটো এক ডাঙৰ শক্তি। প্ৰায়ে আমি সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰি থাকোঁ, সকলো প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। ইয়াৰ বিপৰীতে এইষাৰ কথা ক'ব পৰাটো লাভদায়ক-'মই নাজানো। আপুনি মোক বুজাই কিয় নিদিয়ে?'

এই অভ্যাস কৰক। আপুনি কৰিব পৰাকৈ এয়া একেবাৰে সহজ কাম। আমাৰ চাৰিওফালে থকা সকলো মানুহে এই কথা জানে। আমি নাজানো এই কথাষাৰ কৈ নজনা কথাটো স্বীকাৰ কৰোতে আপোনাক ব্যতিক্ৰমী ব্যক্তি যেন লাগিব।

ষ্টাৰ্ট আপৰ ক্ষেত্ৰত, মই পৰামৰ্শ দিব বিচাৰোঁ যে জানিবলগীয়া বিষয়টোৰ বাবে দক্ষ ব্যক্তি নিৰ্বাচন কৰি তেওঁলোকক সেই কাম কৰিবলৈ দিয়ক। এই বছৰ মই মোৰ প্ৰতিষ্ঠানত এই কামেই কৰিছোঁ। মই শ্ৰেষ্ঠ নেতৃবৰ্গ বিচাৰি লৈছোঁ, মই পিছত বহি বিশ্ৰাম লৈছোঁ (যিসকলে মোক জানে তেওঁলোকে ভাবিব পাৰে যে মই প্ৰয়োজনতকৈ বেছি কৈছোঁ), আৰু দক্ষ ব্যক্তিসকলে কৰা কামবোৰৰ পৰা অভিজ্ঞতা আহৰণ কৰিছোঁ।

যেতিয়া মই দক্ষ ব্যক্তিৰ কথা কৈছোঁ, চি এন বি চি ৰ মোৰ শেষ চাকৰিটোত মোৰ বছজন এজন আকৰ্ষণীয় ব্যক্তি আছিল। সভা আৰম্ভ হোৱাৰ আগতে তেওঁ মোক সকলো নথি-পত্ৰ প্ৰস্তুত কৰিবলৈ কৈছিল। যেতিয়া আমি এনে মিটিঙ কৰিছিলোঁ, তেওঁ সদায় সুধিছিল-'আপোনালোকে কি কাম কৰিছে মোক বুজাই কব পাৰিব নেকি?' কম্পেনিৰ উপযুক্ত ৱৰ্কিঙ মডেল নোপোৱালৈকে তেওঁ একেটা প্ৰশ্ন বাৰে বাৰে কৰিছিল। মোৰ মনত প্ৰশ্নৰ উদয় হৈছিল আৰু মই হতাশো হৈছিলো যে মই প্ৰস্তুত কৰা নথি-পত্ৰবোৰত তেওঁ সন্তুষ্ট হোৱা নাই নেকি? তেওঁ এজন ছাত্ৰৰ দৰে কথাবোৰ কিয় সুধিছিল যেন পুংখানুপুংখভাৱে জনাৰ পিছত তেওঁ এজন শিশুক সেয়া বুজাব লাগিব। কিন্তু মই সোনকালে বুজি উঠিছিলো যে আগ্ৰহী মন এটা লৈ তেওঁ যেতিয়া মিটিঙত বহে, তেতিয়া তেওঁৰ কম্পেনিয়ে অতি সহজ পদ্ধতিৰে কৰি যোৱা কাম সমূহৰ আভাস লব বিচাৰে। এটা উদাৰ মন লৈ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলে চলাই যোৱা ব্যৱসায় কৌশলটো তেওঁ জানিব বিচাৰে। তেওঁ এজন পৰিচালন সঞ্চালক হিচাপে মিটিঙলৈ নাযায়, তেওঁ যায় এজন অজ্ঞ আৰু জানিবলৈ আগ্ৰহী ব্যক্তি হিচাপে।

প্ৰতি দিনেই, সেয়া লাগিলে মিডিয়াই হওক, বিশেষজ্ঞ, বিনিয়োগকাৰী, সহকৰ্মী, সকলোৱে আপোনাক লৈ মন্তব্য কৰিব খোজে। প্ৰতি দিনাই মানুহে আপোনাৰ বিষয়ে জানিব বিচাৰে এটা হাস্যকৰ পৰ্যায়লৈ। আহক ইজনে সিজনৰ ভালৰ বাবে কিবা এটা কৰোঁ-আহক আমি যিটো নাজানো সেই কথা জোৰ কৰি জানিবলৈ চেষ্টা কৰাতকৈ আৰু আন এজন ব্যক্তিৰ বক্তব্য নুশুনাকৈ তেওঁক লৈ মন্তব্য কৰাতকৈ নজনাটোক গৌৰবেৰে স্বীকাৰ কৰোঁ। এইটো স্বাস্থ্যকৰ, ইয়াত যাদু আছে। মই নিশ্চিতভাবে কব পাৰোঁ যে আপুনি যদি এয়া অভ্যাস কৰে, তেন্তে আপুনি খুব শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব পাৰিব, মানুহৰ লগত উৎকৃষ্ট চুক্তি কৰিব পাৰিব, আৰু সকলো দিশৰ পৰা অভাৱনীয় সমৰ্থন লাভ কৰিব।

আৰু তেওঁলোকে কোৱাৰ দৰে হেৰুউৱাৰ মাজত কিবা এটা জয় কৰিব পাৰিব। সেইদৰে নজনাৰ প্ৰক্ৰিয়াৰে সকলো জনাৰ সুযোগ লাভ কৰিব।

মূল: শ্ৰদ্ধা শৰ্মা (য়'ৰ ষ্ট'ৰী মিডিয়াৰ প্ৰতিস্থাপক চি ই অ' তথা মূখ্য সম্পাদক )

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

নাৰীৰ পশ্চাদপদৰ বাবে দায়ী নাৰী নিজেইঃ অনিশা সিং

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

এক ৰাজনৈতিক ষ্টাৰ্টআপৰ কাহিনী

Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share
Report an issue
Authors

Related Tags