উত্তৰ-পূবত উদ্যমিতাৰ কেন্দ্ৰ হ’ব আই আই ই: ৰাজীৱ প্ৰতাপ ৰুডী

আই আই ই, গুৱাহাটী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উদ্যমিতাৰ কেন্দ্ৰ হ’বউত্তৰ-পূৰ্বাঞ্চলত উদ্যমিতা এলাগী হৈ আছে: ৰুডীআই আই ই, গুৱাহাটীক সহায় কৰিব কেন্দ্ৰীয় দক্ষতা বিকাশ মন্ত্ৰালয়ে

উত্তৰ-পূবত উদ্যমিতাৰ কেন্দ্ৰ হ’ব আই আই ই: ৰাজীৱ প্ৰতাপ ৰুডী

Wednesday February 03, 2016,

2 min Read

ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (Indian Institute of Entrepreneurship, IIE) গুৱাহাটী সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উদ্যমিতাৰ কেন্দ্ৰ হ’ব পাৰে।এই মন্তব্য কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ৰাজীৱ প্ৰতাপ ৰুডীৰ। গুৱাহাটীৰ বশিষ্ঠত থকা আইআইইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে এনেদৰে মন্তব্য প্ৰকাশ কৰে।

image


‘যোৱা বছৰৰ পৰা আই আই ই কেন্দ্ৰীয় বিকাশ মন্ত্ৰণালয়ৰ আওতালৈ আহিছে। আৰু আমি আশা কৰোঁ গুৱাহাটী আই আই ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক উদ্যমিতাৰ কেন্দ্ৰৰূপে পৰিগণিত হ’ব।’ ৰাজীৱ প্ৰতাপ ৰুডীয়ে কয়।

‘উদ্যমিতাৰ গুৰুত্ব অপৰিসীম যদিও উত্তৰ পূৰ্বাঞ্চল এই ক্ষেত্ৰত এলাগী হৈ আছে।’ ৰুডীয়ে কয়। এনে পৰিস্থিতি নিৰসন কৰিবলৈ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত উত্তৰ পূবৰ যুৱ প্ৰজন্মৰ বাবে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। গুৱাহাটীক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব গুৱাহাটীত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে।‘সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উদ্যমিতা বিকাশ কৰিবলৈ আমি আই আই ই, গুৱাহাটীক সহায় কৰিম। সেয়া সমলৰ মাধ্যমেৰে, বেংকৰ মাধ্যমেৰে, প্ৰযুক্তিৰ মাধ্যমেৰে বা জ্ঞানৰ মাধ্যমেৰে হ’ব পাৰে।আমি গুৱাহাটীত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ পৰা এয়াই আশা কৰোঁ।’ স্পষ্টভাৱে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীয়ে।

গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক-বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। ৰাজীৱ প্ৰতাপ ৰুডীৰ সৈতে আলোচনাত অংশ লৈ অতি উৎসাহী হৈ পৰে প্ৰশিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰীসকল।

image


মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ ঘোষণাত স্বাভাৱিকতেই উৎসাহী হৈ পৰিছে প্ৰতিষ্ঠানটোৰ সঞ্চালক মনোজ কুমাৰ দাসকে ধৰি ইয়াৰ সৈতে জড়িত প্ৰতিজন। সকলোৱে আশা প্ৰকাশ কৰিছে ৰুডীয়ে ঘোষণা কৰাৰ দৰেই আই আই ই গুৱাহাটীয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ উদ্যমিতাৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এই সম্পৰ্কীয় অন্যান্য কাহিনী

উত্তৰ-পূবত দক্ষতা বিকাশৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’