প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় ষ্টাৰ্টআপ 'টীম ইণ্ডাছ'

তন্বী ডুবে, শাৰিকা নায়াৰ 

প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় ষ্টাৰ্টআপ 'টীম ইণ্ডাছ'

Monday July 03, 2017,

3 min Read

চন্দ্ৰ অভিযানৰ বাবে প্ৰস্তুত হৈছে ভাৰতৰ এটা ষ্টাৰ্টআপ টীম ইণ্ডাছ । বাঙ্গালুৰুস্থিত প্ৰতিষ্ঠানটো হৈছে গুগল লুনাৰ এক্স প্ৰাইজৰ দৌৰত থকা একমাত্ৰ ভাৰতীয় প্ৰতিষ্ঠান । 

"কাইলৈৰ প্ৰত্যহ্বানৰ বাবে নতুন যুগৰ চিন্তা" - এয়া হৈছে প্ৰতিষ্ঠানটোৰ আপ্তবাক্য । ২০১৭ চনৰ ভিতৰত এখন চন্দৰযানৰ আৰ্হি প্ৰস্তুত কৰি তাক নিৰ্মাণ কৰি উলিওৱাৰ লগতে তাক চন্দ্ৰপৃষ্ঠত প্ৰায় ৫০০ মিটাৰ চলাই তাৰপৰা পৃথিবীলৈ সংকেত পঠোৱাটোৱেই হৈছে এই প্ৰতিযোগিতাৰ লক্ষ্য ।  

টীম ইণ্ডাছৰ কাৰ্যালয়ত থকা এখন ফলক

টীম ইণ্ডাছৰ কাৰ্যালয়ত থকা এখন ফলক


১৭ খন দেশৰ ২৯ টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ মূল পুৰষ্কাৰ নগদ ২০ মিলিয়ন মাৰ্কিন ডলাৰৰ উপৰিও ৫ মিলিয়ন মাৰ্কিন ডলাৰৰ এটা অতিৰিক্ত পুৰষ্কাৰ আছে । ২০১৫ চনত টীম ইণ্ডাছ আছিল নিজৰ চন্দ্ৰযান পৰীক্ষা সফলভাৱে সম্পন্ন কৰা শীৰ্ষ ৫টা দলৰ অন্যতম ।

২০১৭ চনৰ ডিচেম্বৰত ইছৰোৰ পি এছ এল ভিৰ জৰিয়তে চন্দ্ৰযান উক্ষেপন কৰাৰ লক্ষ্য টীম ইণ্ডাছৰ । ইছৰোৰ সৈতে চুক্তিবদ্ধ হোৱা একমাত্ৰ ব্যক্তিগত প্ৰতিষ্ঠান হৈছে টীম ইণ্ডাছ । 

টীম ইণ্ডাছৰ মাৰ্কেটিং এণ্ড আউটৰীচ বিভাগৰ জেডী মাষ্টাৰ ( মূৰব্বী ) শীলিকা ৰৱিশংকৰে কয়, "আমি ইজ্ৰাইলৰপৰা কঠোৰ প্ৰত্যাহ্বান পাম । কিন্তু আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছতে আমি চন্দ্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা  চতুৰ্থখন ৰাষ্ট্ৰ হ'ম বুলি আশা কৰিছো ।" 

তাৎপৰ্যপূৰ্ণভাৱে জাপানে টীম ইণ্ডাছক সমৰ্থন দিছে । 

চন্দ্ৰলৈ মহাকাশযান পঠোৱা সহজ কথা নহয় । ইয়াৰ বাবে দিনে ৰাতিয়ে চেষ্টা চলাইছে তেওঁলোকে । মহাকাশ অভিযান সম্পৰ্কে কোনো অভিজ্ঞতা নথকা এমুঠিমান মানুহেৰে গঠিত এটা গোট হিচাপে আৰম্ভ হোৱা টীম ইণ্ডাছ আজি ১৩০ জনীয়া এটা প্ৰতিষ্ঠান । 

এই গোটটোৰ ২৩ গৰাকী হৈছে মহিলা । অৱশ্যে শীলিকাৰ মতে এয়া মাত্ৰ এটা সংযোগহে । এই কৰ্মীকেইগৰাকী মহিলা হোৱাটোতকৈ তেওঁলোক দক্ষ হোৱাটোহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি তেওঁ কয় ।

শীলিকা ৰৱিশংকৰ

শীলিকা ৰৱিশংকৰ


আপোনাৰ বয়স কিমান অথবা আপুনি পুৰুষ নে মহিলা এইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় । আপুনি প্ৰতিষ্ঠানটোক কি দিব পাৰে সেইটোহে আমাৰ বাবে গুৰুত্বপূৰ্ণ । আমি সকলোকে সম মৰ্যদা দিও । মহিলা সকলেও দেৰিলৈকে অথবা বন্ধ দিনত কাম কৰিবলগীয়া হয় । কিন্তু আমি কাৰ্যালয়ত তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰোঁ আৰু তেওঁলোক কাম শেষ কৰি নিৰাপদে ঘৰ পোৱাটো সুনিশ্চিত কৰোঁ । আমাৰ যৌন আতিশয্য বিৰোধী সমিতি এখনো আছে । 

শীলিকাৰ বাহিৰে প্ৰতিষ্ঠানটোৰ প্ৰতিজন সদস্যই একো একোজন অভিযন্তা । দুই দশকজোৰা অভিজ্ঞতাৰে পুষ্ট শীলিকাই কিবা এটা অগতানুগতিক কামৰ সন্ধানত আছিল আৰু সেই সময়তে তেওঁ লগ পায় টীম ইণ্ডাছৰ সহ-প্ৰতিষ্ঠাপক ৰাহুল নাৰায়ণক । প্ৰথমে সপ্তাহত ২ ঘন্টা কাম কৰিবলৈ আৰম্ভ কৰি সপ্তাহত দুবাৰকৈ ৫ ঘন্টা সময় দিবলৈ ধৰে । পাছলৈ তেওঁ সপ্তাহত সাত দিনেই টীম ইণ্ডাছত দিবলৈ ধৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক