EDITIONS
Asamiya

'কাজু কিং' ৰাজমোহন পিল্লাইৰ উপন্যাসোপম সংঘৰ্ষৰ কাহিনী

মুহুৰ্ততে দেউলীয়া হৈ পৰিছিল কোটিপতি পিতৃ....ককায়েকৰ কাৰাবাস আৰু ৰহস্যজনক মৃত্যৱে বিশাল ঋণত পোত গৈ থকা পৰিয়ালটোক অধিক সংকটত পেলাইছিল ... তাৰ মাজতো হেজাৰ বাধা নেওচি পুনৰ মূৰ দাঙি উঠিছিল তেওঁ.... ভাৰতীয় উদ্যোগ জগতৰ এক চমকপ্ৰদ কাহিনী.....

ARVIND YADAV
1st Jul 2016
Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share

কাজু কিং নামেৰ জনাজাত ৰাজমোহন পিল্লাইৰ জীৱন অদম্য সাহস, প্ৰবল আত্মবিশ্বাস আৰু যুঁজাৰু মানসিকতাৰ অপূৰ্ব সমাহাৰ । তেওঁ জীৱনত এনেকুৱা সমস্যা আৰু বিৰূপ পৰিস্থিতিৰ সন্মূখিন হৈছিল যাক কল্পনা কৰিলেই বহুতৰে মন আতংকিত হৈ উঠে । এনেধৰণৰ সমস্যাৰ সৈতে তেওঁ যিদৰে যুঁজ দি গ'ল আৰু সফলতা লাভ কৰিলে সেই কাহিনী বহুতৰ কাৰণে কোনো চমৎকাৰতকৈ কম নহয় ।  

ৰাজমোহন পিল্লাইৰ ককাক, দেউতাক আৰু ককায়েকে বিভিন্ন ব্যৱসায়ৰ মাধ্যমেৰে বিপুল সম্পত্তি আহৰণ কৰিছিল । কিন্তু বিভিন্ন কাৰণত এই সকলোবোৰ এদিন ধূলিস্যাৎ হৈ গ'ল । কোটিপতি পিতৃৰ কোম্পানী দেউলীয়া হ'ল, ককায়েকৰ গ্ৰেপ্তাৰ আৰু আটকাধীন অৱস্থাত মৃত্যুৰ ফলত সমস্ত ব্যৱসায় সাম্ৰাজ্য চকুৰ পচাৰতে ধ্বংস হৈ গ'ল । এনে পৰিস্থিতিতো হাৰ নমনা ৰাজমোহন পিল্লাই আজি বহুতৰে বাবে প্ৰেৰণাৰ উৎস । তেওঁ কেৱল পিতৃৰ কোটি টকীয়া ঋণৰ বোজাৰপৰা মুক্ত হোৱাই নহয় ককায়েকৰ কোম্পানী সমূহকো পূনৰুজ্জীৱিত কৰিলে আৰু পৰিয়ালৰ হেৰোৱা সম্পদ ঘূৰাই আনিলে ।

image


১৯৬৪ চনৰ ১২ মেত কেৰেলাৰ কোল্লমত জন্ম হোৱা ৰাজমোহন ডাঙৰ দীঘল হৈছিল অগতানুগতিক ধৰণেৰে । কোটিপতি পৰিয়ালৰ সন্তান ৰাজমোহন স্কুললৈ মাৰ্চিডিজ গাড়ীৰে গৈছিল যদিও তেওঁক কোনো হাত খৰচ দিয়া নহৈছিল । তেওঁৰ পিতৃয়ে বিচাৰিছিল যে তেওঁ আগলৈ আন সকলোতকৈ বেলেগ হওক । সেয়েহে তেওঁ কোটিপতিৰ ল'ৰা হৈও সাধাৰণভাৱে ডাঙৰ হৈছিল । 

তেওঁৰ পিতৃয়ে তেওঁক মাত্ৰ চাৰিটা কাৰণত ধন দিছিল- পঢ়া-শুনা, টেনিছ, চহৰৰ বাহিৰলৈ গ'লে ভাল ঠাইত থাকিবলৈ আৰু খেলৰ সৈতে জড়িত যিকোন কামৰ বাবে । সাধাৰণ কাপোৰ কানি আৰু সাধাৰণ জীৱন-যাপন কৰা ৰাজমোহনক একাংশ সহপাঠীয়ে ঠাট্টা-মস্কৰা কৰিছিল । 

পিতৃৰ কঠোৰ নিয়মৰ মাজত থাকি ৰাজমোহন বিৰক্ত হৈছিল আৰু সহপাঠীসকলৰ বিলাসী জীৱনৰ তুলনাত তেওঁৰ সাধাৰণ জীৱনে তেওঁক আমুৱাইছিল । পিতৃৰ ওপৰত খঙো উঠিছিল । 

১৪ বছৰ বয়সত তেওঁক পিতৃয়ে নিজৰ ব্যৱসায়ৰ লগত জড়িত কৰাইছিল । পিতৃৰ হৈ ফোন ৰিচিভ কৰাৰ দায়িত্ব পালন কৰাৰ লগতে বাধ্যতামূলকভাৱে পিতৃৰ প্ৰতিখন ব্যাৱসায়িক সভাত তেওঁ উপস্থিত থাকিব লাগিছিল । যিসময়ত তেওঁৰ সমনীয়াবোৰে খেলা-ধূলা কৰি অথবা আনন্দ কৰি সময় কটাইছিল সেই সময়ত ৰাজমোহন পিতৃৰ ব্যৱসায়ৰ কামত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । 

ৰাজমোহনক তেওঁৰ উদ্যোগপতি পিতৃয়ে কিছুমান বিপজ্জনক কামো কৰোৱাইছিল । তেওঁক কাজু কাৰখানাত শ্ৰমিকৰ লগত কাম কৰিবলৈ দিয়া হৈছিল । শ্ৰমিকসকলৰ দৰে পোছাক পিন্ধা, কাম কৰা তেওঁলোকৰ সৈতে খোৱা-বোৱা, মজিয়াত শোৱা সকলোবোৰ কৰিবলগীয়া হৈছিল । কোটিপতিৰ পুত্ৰ হোৱা স্বত্তেও আন শ্ৰমিকৰ দৰেই বস্তা ডাঙিবলগীয়াও হৈছিল । কাৰখানাৰ ভিতৰত বিপদো আছিল বহুত । 

এদিন কাৰখানাৰ মজিয়াত শুই থকা সময়ত তেওঁৰ কাষত ক'ৰবাৰপৰা এডাল সাপ আহি উপস্থিত হ'ল । ফেট তুলি খকা সাপ দেখি সকলোৱে বৰ ভয় খালে । সাপডালক বিৰক্ত নকৰাকৈ ৰাজমোহনক জগোৱা হ'ল । সাৰ পাই উঠি এই দৃশ্য দেখি যথেষ্ট বিব্ৰত হ'ল তেওঁ । তথাপি কোনোমতে সেই ঠাইৰপৰা আঁতৰ হৈ প্ৰাণ লৈ বাচিল ৰাজমোহন । এই ঘটনাৰ পিছতো কিন্তু তেওঁক পিতৃয়ে কাৰখানালৈ পঠাবলৈ নেৰিলে ।  

image


পিতৃৰ কঠোৰ নীতি নিয়মবোৰৰ তাৎপৰ্য বুজিবলৈ সময় লাগিছিল ৰাজমোহনক । তেওঁ কয়, 'দেউতাৰ উদ্দেশ্য বুজিবলৈ মোৰ সময় লাগিছিল । মই আচৰিত হৈছিলো যে স্কুললৈ মোক মাৰ্চিডিজ গাড়ীত পঠোৱা হয় অথচ মোক হাতখৰচ দিয়া নহয়। মোক টেনিছ খেলা অথবা পঞ্চতাৰকা হোটেলত থকাৰ অনুমতি দিয়া হয় অথচ বিলাসী কাপোৰ পিন্ধিবলৈ, আন ল'ৰাৰ দৰে পিকনিক যাবলৈ দিয়া নহয় । কাৰখানাৰ বিপজ্জনক পৰিবেশত মোক কাম কৰিবলৈ দিয়াৰ কাৰণো মই বুজা নাছিলো । কিন্তু পাছলৈ যেতিয়া মই নিজে ব্যৱসায় চম্ভালিবলৈ ধৰিলো তেতিয়া মই বুজি পালো কিয় মোক তেওঁ এইবোৰ কৰিবলৈ দিছিল । '

আনতকৈ বেলেগ ধৰণে ডাঙৰ হোৱা বাবেই তেওঁ সমনীয়াবোৰতকৈ বহু ক্ষেত্ৰত বেলেগ হৈ উঠিছিল । তেওঁ কয়, 'দশম শ্ৰেণীৰ ছুটীৰ সময়তে দেউতাই মোক ব্যৱসায়ৰ সৈতে জড়িত কৰোৱাইছিল । ফোন ৰিচিভ কৰাৰ ফলত মোৰ যথেষ্ট লাভ হৈছিল । মই মানুহৰ লগত কথা পাতিবলৈ শিকিলো । দেউতাৰ ব্যাৱসায়িক সভাবোৰত উপস্থিত থকাৰ বাবেই মই সৰুতেই শিকিলো যে আমাৰ পৰিয়ালতো কি কি ব্যৱসায়ৰ লগত জড়িত ।'

তেনেই কম বয়সতে তেওঁ শিকিছিল ব্যৱসায়ৰ সৰু-সুৰা খুটি নাটি সমূহ । পিতৃৰ কঠোৰ নিয়মে তেওঁক জাৱনত প্ৰাথমিকতা সমূহ নিশ্চিত কৰিবলৈ শিকাইছিল । তেওঁ কয়, 'যেতিয়া মই কাম আৰম্ভ কৰিলো তেতিয়া মোৰ প্ৰথম পদক্ষেপ আছিল যে মই মোৰ প্ৰাথমিকতাবোৰ সুনিশ্চিত কৰোঁ । অদৰকাৰী কামৰপৰা মই নিজকে দূৰত ৰাখিছিলো । দেউতাৰপৰা যিবোৰ কথা শিকিছিলো তাৰ ফলত মই সমনীয়ৰপৰা পৃথকেই নহয় তেওঁলোকৰপৰা আগবঢ়াও আছিলো । মই সৰুতে শিকা কথাবোৰ তেওঁলোকে বিশ বছৰ পিছতহে শিকিব পাৰিছিল । মই প্ৰত্যাহ্বানৰ সন্মূখিন হোৱা আৰু তাৰ মোকাবিলা কৰাটোেও শিকি পেলাইছিলো । ভাল দিন বেয়া দিন মই অতি সোনকালেই দেখিছিলো । ৩০ বছৰ বয়সত মই যি দেখিলো, শুনিলো সেইবোৰ দেখিবলৈ বা শুনিবলৈ মোৰ সমনীয়াবোৰক ৪০ বছৰ লাগিল । অৰ্থাৎ তেওঁলোকতকৈ মই ১০ বছৰ আগবঢ়া আছিলো ।' 

পিতৃয়ে দিয়া সংস্কাৰৰ বাবেই ৰাজমোহন সদায় চিগাৰেট, পাণ মছলা আদি সামগ্ৰীৰপৰা সদায় দূৰত থাকিল । তেওঁৰ চিন্তাধাৰাতো এক বিশেষত্ব আছিল । তেওঁৰ ভাষাত, 'আপুনি কোনটো কলমেৰে পৰীক্ষা দিছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, গুৰুত্বপূৰ্ণ হৈছে আপুনি পৰীক্ষত কেনেকৈ লিখিছে । আপুনি কি পিন্ধি টেনিছ খেলিছে তাতকৈ দৰকাৰী কথা হ'ল আপুলি প্ৰতিদ্বন্দীক কিদৰে হৰুৱাইছে । মই বহুত সৰুতেই বুজি উঠিছিলো যে দেখুউৱাটো ডাঙৰ কথা নহয়, আত্মসন্তুষ্টিহে ডাঙৰ কথা।' পিতৃৰ পৰা পোৱা শিক্ষাৰ বলতে তেওঁ সৰুৰে পৰাই ভাল বেয়াৰ বিচাৰ কৰিব জানিছিল । 

কঠোৰ প্ৰশিক্ষণৰ পাছত ৰাজমোহনক গধুৰ দায়িত্ব দিয়া হ'ল । তেওঁক উৰিষ্যাৰপৰা কেঁচা কাজু কিনাৰ দায়িত্ব দিয়া হ'ল । ইয়াক তেওঁ জীৱনৰ প্ৰথমটো প'ষ্টিং আখ্যা দিয়ে । কেৱল উৰিষ্যাই নহয় পশ্চিম বঙ্গলৈও তেওঁ যাবলগীয়া হ'ল । তেওঁ গাঁৱে গাঁৱে গৈ কৃষকক লগ ধৰি কাজু কিনাৰ কাম কৰিবলগীয়া হ'ল । সকলোকে সন্মান দিবলৈ তেওঁ শিকিছিল সেয়েহে কৃষক সকল তেওঁৰ ব্যৱহাৰত মুগ্ধ হ'ল । উৰিয়া অথবা বাংলা ভাষা নজনাকৈয়ে তেওঁ সেইসকল কৃষকৰ মাজত সোমাই পৰিল । 

এই যাত্ৰাই তেওঁক শিকালে ব্যৱসায়ৰ কেতবোৰ তৃণমূল পৰ্যায়ৰ কথা । তেওঁ দূৰ-দুৰণিৰ ব্যৱসায়ীৰ সৈতে সূ-সম্পৰ্ক বনাবলৈ সক্ষম হ'ল । তেওঁ অতি কম সময়তে উৰিষ্যাৰ কেইবাখনো জিলাত মাজত বিখ্যাত হৈ পৰিল । এই খ্যাতি কেনেধৰণৰ আছিল তাৰ উদাহৰণ দিবৰ বাবে এটা কথাই যথেষ্ট । যি স্থানত তেওঁ খেতিয়কসকলক লগ কৰিছিল সেই বাছ ষ্টপটোৰ নামেই হৈ পৰিল ৰাজমোহন জংছন । সেই দিনৰ কথা সুঁৱৰি তেওঁ কয়, 'সেই সময়ত গাঁৱৰ মূখিয়াল সকলে নিৰ্দ্ধাৰণ কৰিছিল খেতিয়কে কাক কাজু বেচিব । সেই কাৰণে প্ৰথমে মূখিয়াল সকলক বুজোৱা দৰকাৰ আছিল । চৰকাৰী নিয়মো ষথেষ্ট কঠোৰ আছিল । সৰুতেই মই শিকিছিলো ব্যৱসায়িক লেন-দেনৰ সময়ত মনুহৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগে । এই অভি়জ্ঞতা মোৰ কামত আহিল । কম সময়তে সকোলবোৰ কৃষক মোৰ লগলৈ আহিল । '

image


স্নাতক শিক্ষাৰ পাছতেই ৰাজমোহনক বিদেশলৈ পঠোৱা হ'ল । প্ৰথমে ব্ৰাজিললৈ গৈ তেওঁ আমেৰিকাৰ বৃহত্তম খাদ্য প্ৰতিস্থান নাবিস্কৰ কাৰখানাত কাম কৰিলে । ইয়াৰ পাছত তেওঁ ইংলেণ্ডলৈ গৈও কিছুদিন ব্যৱসায় কৰিলে । 

ব্ৰাজিলত থকা সময়তে বামপন্থী আদৰ্শৰে অনুপ্ৰাণিত হোৱা ৰাজমোহন দেশলৈ উভতি আহি পিতৃৰ সৈতে আদৰ্শগত সংঘাতত লিপ্ত হ'ল । তেওঁ ভাবিছিল যে তেওঁলোকৰ কাৰখানাত শ্ৰমিক সকলৰ পাৰিশ্ৰমিক বেছি হোৱা দৰকাৰ । তেওঁক নিজৰ বামপন্থী আদৰ্শৰ ব্যাৱহাৰিকতা প্ৰমাণ কৰিবলৈ পিতৃয়ে এটা ছফ্ট ড্ৰিংক কাৰখানাৰ দায়িত্ব দিলে । চৰ্ত দিলে যে ৪২ জন কৰ্মচাৰীয়ে কাম কৰা এই কাৰখানাত যদি তেওঁৰ বামপন্থী আদৰ্শ সফল হয় তেনেহলে কাৰখানাটো তেওঁ লাভ কৰিব অন্যথা তেওঁ পিতৃৰ কথামতে চলিব লাগিব ।  

নতুন উৎসাহেৰে তেওঁ কাম আৰম্ভ কৰিলে । এই কাৰখানটো যন্ত্ৰচালিত আছিল বাবে ইয়াত শ্ৰমিকৰ সংখ্যা কম আছিল । ৰাজমোহনে কাৰখানাৰ দায়িত্ব লৈয়েই কৰ্মচাৰীৰ সংখ্যা তিনিগুণ বঢ়াই দিলে আৰু অন্যান্য ক্ষেত্ৰতো বামপন্থী আদৰ্শৰ প্ৰয়োগ অব্যাহত ৰাখিলে । তেওঁ কৰ্মচাৰীসকলক ক'লে যে কাৰখানাৰ প্ৰকৃত ক্ষমতাৰ মাত্ৰ ৪২ শতাংশ কামহে এতিয়া হৈ আছে গতিকে দৰমহা দৈনিক ৭ টকাৰ পৰা ২১ চকা কৰি দিয়াৰ লগে লগে তেওঁলোকে কামো বৃদ্ধি কৰি ৬০ শতাংশ কৰিব লাগিব । ৬০ শতাংশ বৃদ্ধিৰ অৰ্থ আছিল ব্ৰেক-ইভেন অৰ্থাৎ হানিবিহীন ব্যৱসায় । কিন্তু ব্ৰেক-ইভেন অথবা কাম বৃদ্ধিৰ সলনি ফল ওলোটাহে হ'ল । কেৰেলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ওনম উপলক্ষে দৰমহা বৃদ্ধিৰ দাবী জনালে কৰ্মচাৰীসকলে । মাত্ৰ কেইদিনমান আগতেহে দৰমহা বঢোৱা হৈছিল বুলি এইবাৰ দৰমহা বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিলে ৰাজমোহনে । কিন্তু ইয়াকে লৈ সংঘাত সৃষ্টি হ'ল আৰু কৰ্মচাৰীসকলে ধৰ্মঘট ঘোষণা কৰিলে । আনকি একাংশই কাৰখানাত ধ্বংসকাৰ্যও সংঘটিত কৰিলে । এসময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি গ'ল আৰু পিতৃয়ে তেওঁক নিজৰ ওচৰলৈ মতাই নিলে । কিন্তু তেওঁক কোনো ধৰণৰ ককৰ্থনাও নকৰিলে অথবা আন একো কথাও নক'লে । 

ধৰ্মঘট অব্যাহত থকাৰ মাজতে কৰ্মচাৰীসকলৰ নেতাজনে ৰাজমোহনৰ পিতৃ জনাৰ্দন পিল্লাইৰ সৈতে আলোচনাৰ প্ৰস্তাৱ ৰাখিলে । এই আলোচনাত জনাৰ্দন পিল্লাইয়ে স্পষ্টভাৱে কৈ দিলে যে দৰমহা বঢ়োৱা সম্ভৱপৰ নহ'ব । এই আলোচনাত ৰাজমোহন উপস্থিত আছিল যদিও তেওঁ একো কোৱা নাছিল । আলোচনা নিষ্ফল হ'ল আৰু কৰ্মচাৰীৰ নেতাজন অসন্তুষ্ট হৈ ওলাই গুছি গ'ল । 

এই ঘটনাৰ কিছুদিনৰ পাছত পুনৰ আন্দোলনকাৰীসকলে আলোচনা কৰিবলৈ বিচাৰিলে । জনাৰ্দন পিল্লাই আলোচনাৰ বাবে সন্মত হ'ল । এইবাৰো ৰাজমোহন তাত উপস্থিত আছিল । জনাৰ্দন পিল্লাইয়ে আৰম্ভণীতেই ১০ হাজাৰ টকাৰ এটা বাণ্ডিল কৰ্মচাৰীৰ নেতাজনে দেখাকৈ টেবুলৰ ওপৰত থ'লে আৰু তেওঁক কলে যে দৰমহা বৃদ্ধি কোনোপধ্যেই সম্ভৱ নহ'ব আৰু সকলোৱে ১০ টকাত কাম কৰিব লাগিব । এই কথা শুনি আন্দোলনকাৰীৰ নেতাজনে ভয় খাই ক'লে যে এই প্ৰস্তাৱ লৈ গ'লে কৰ্মচাৰীসকলে তেওঁক শুদাই নেৰে । এইবাৰ টকাৰ বাণ্ডিলটো মেজৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিলে জনাৰ্দন পিল্লাইয়ে । ইমান সময়ে সেই টকাখিনিলৈ চাই থকা নেতাজনে এইবাৰ অনুৰোধ কৰিলে দৰমহা ১০ টকাতকৈ আৰু কিছু বঢ়াবলৈ আৰু অৱশেষত চাৰে পোন্ধৰ টকাত এই দৰ ঠিক হ'ল । হাতত টকাৰ বাণ্ডিল লৈ নেতাজন ওলাই গ'ল ।

এই সকলোবোৰ দেখি ৰাজমোহন আচৰিত হল । ব্যাৱহাৰিক জ্ঞান আৰু কিতাপৰ কথাৰ মাজৰ পাৰ্থক্য তেওঁ ইতিমধ্যে দেখিবলৈ পাইছিল । পৰৱৰ্তী দিনা ধৰ্মঘট শেষ হ'ল আৰু সকলো কামলৈ উভটিল । তেওঁ আচৰিত হ'ল যে কৰ্মচাৰীৰ নেতাজন সামুহিক স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থকলৈহে বেছি আগ্ৰহী । ৰাজমোহনে পুনৰবাৰ পিতৃৰপৰা এক ব্যাৱহাৰিক শিক্ষা পালে । তেওঁ বুজিলে যে অযোগ্যজনক কিবা এটা দিয়া, যোগ্যতাতকৈ অধিক দিয়া অথবা অসময়ত দিয়া বিপজ্জনক । 

পিতৃৰ বাহিৰেও আনৰপৰাও বহু কথা শিকিছিল ৰাজমোহনে । দেশে বিদেশে বিভিন্ন লোকক লগ কৰি বিভিন্ন কথা শিকাটোত তেওঁ গুৰুত্ব দিছিল । তেওঁ কয়, 'গোটেই জীৱন পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰাটো পিতৃৰ বাবে সম্ভৱ নহয় । সেয়ে মই বহতৰে পৰা শিক্ষা লোৱাৰ চেষ্টা কৰিছিলো । এতিয়াও কৰোঁ । '

পিছলৈ ৰাজমোহনে এনে দিনো দেখিলে যেতিয়া তেওঁৰ পিতৃ বিশাল লোকচানৰ সন্মূখিন হ'ল । আৰত আৰু ৰুছ দেশৰ মাজত এক সন্ধি স্বাক্ষৰিত হোৱাৰ কথা আছিল কিন্তু মূৰকত ই হৈ নুঠিলগৈ । ফলত ৰুছ দেশে জনাৰ্দন পিল্লাইৰ কাজু কিনিবলৈ অস্বীকাৰ কৰিলে । ফলত ৰুছ দেশলৈ ৰপ্তানি কৰিবৰ বাবে কিনা কাজু পেলনি গ'ল আৰু তেওঁলোক ব্যাপক লোকচানৰ সন্মূখিন হ'ল । এয়া আছিল ১৯৮২ৰ কথা ।

এইবোৰৰ মাজতে জনাৰ্দন পিল্লাইৰ হাৰ্ট এটেক হল । স্বাস্থ ভাগি পৰাৰ পলত তেওঁ ব্যৱসায় চাব নোৱৰা হ'ল । ১০ অযুত মাৰ্কিন ডলাৰৰ ঋণত পোত গ'ল জনাৰ্দন পিল্লাই। ১৮ বছৰীয়া ৰাজমোহনৰ ওপৰত দায়িত্ব পৰিল এই ঋণ আদায় দিয়াৰ ।

ইমান দিনে পিতৃৰ ছত্ৰ-ছায়াত কঠোৰ নীতি-নিয়মৰ মাজত ডাঙৰ হোৱা ৰাজমোহন মানসিক ৰূপে যথেষ্ট শক্তিশালী হৈ উঠিছিল । ব্যাৱসায়িক বুদ্ধিও তেওঁৰ প্ৰখৰ হৈ উঠিছিল । সকলো সমস্যাৰ মোকাবিলা কৰিবলৈ সাজু হ'ল ৰাজমোহন ।

ইতিমধ্য ইণ্ডিয়ান অভাৰচীজ বেংকে ঋণ অনাদায়ৰ গোচৰ তৰিছিল । অলপ অলপকৈ ঋণ আদায় দিবলৈ আৰম্ভ কৰিলে ৰাজমোহনে । বেংক বিষয়াসকলে অসন্তুষ্ট হৈ ক'লে যে এইদৰে কেতিয়াও ধাৰ মাৰিবলৈ সক্ষম নহ'ব তেওঁ । ৰাজমোহনে স্পষ্ট কৰি দিলে- হয় তেওঁৰ ওপৰত বিশ্বাস ৰাখক নহলে তেওঁৰ ব্যৱসায় বন্ধ কৰোৱাই দিয়ক । বোংকে তেওঁৰ ওপৰত আস্থা ৰাখিলে আৰু ৰাজমোহনে অলপ অলপকৈ ঋণ আদায় দিবলৈ আৰম্ভ কৰিলে । 

ৰাজমোহনৰ বাবে এয়া আছিল এক সংঘৰ্ষময় পৰিস্থিতি । ১৯৮৭ৰপৰা ২০০৭ পৰ্যন্ত তেওঁৰ সমস্ত মনোযোগ ব্যৱসায়ৰ লগতে ঋণ আদায়ত দিবলগীয়া হৈছিল । তেনেতে ঘটিল আন এক অঘটন । ৰাজমোহনৰ ককায়েক বিছকুট ব্যৱসায়ী আৰু 'বিছকিট কিং' নামেৰে জনাজাত ৰাজন পিল্লাইৰ বিৰুদ্ধে ছিংগাপুৰত এক অপৰাধমূলক গোচৰ ৰুজু হ'ল । ৰহস্যময় পৰিস্থিতিত তেওঁ আহি ভাৰত পালেহি যদিও তেওঁক গ্ৰেপ্তাৰ কৰি তিহাৰ জেললৈ পঠোৱা হ'ল আৰু তাতেই ৰহস্যজনকভাৱে তেওঁৰ মৃতু ঘটিল। এয়া আছিল ১৯৯৫ৰ ঘটনা । 

image


এই ঘটনাৰ পাছত সকলোৱে ধৰি ল'লে যে পিল্লাই পৰিয়াল আৰু এইদৰে মূখ ঠেকেচা খোৱাৰ পিছত উঠিব নোৱাৰিব । বহু পুৰণি ৰৰ্মচাৰীয়ে তেওঁলোকৰ কোম্পানী এৰি গুছি গ'ল । বন্ধু-বান্ধৱ আৰু আত্মীয়ও তেওঁলোকৰ কাষ নচপা হ'ল ।

কিন্তু ইমানৰ মাজতো কোনোপধ্যে হাৰ নামানি নিজৰ লক্ষ্য অভিমূখে গৈ থাকিল ৰাজমোহন । সকলো ঋণ আদায় দিয়াৰ লগতে অচিৰেই ব্যৱসায়ো পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ'ল তেওঁ । কেইবা বছৰজোৰা সংগ্ৰামৰ অন্তত তেওঁ নিজৰ পৰিয়ালৰ হেৰোৱা খ্যাতি ঘূৰাই আনিবলৈ সক্ষম হ'ল ।

ইণ্ডিয়ান অভাৰচীজ বেংকৰ ঋণ আদায় দিয়াৰ লগে লগে তেওঁ ঘূৰাই পালে তেওঁলোকৰ সম্পত্তিৰ সকলো কাগজ-পত্ৰ । আনকি এই ঋণ আদায় দিবলৈ ২৭ বছৰ ধৰি সংগ্ৰাম কৰি থকাৰ সময়ত তেওঁ নিজেও নাজনিছিল যে তেওঁলোকৰ সকলো সম্পত্তিৰ কাগজ-পত্ৰ বেংকত আছে । ইমানদিনে এই সম্পত্তিৰ মূল্যও বহুগুণ বাঢ়ি গৈছিল । ৰাতিটোৰ ভিতৰতে দেউলীয়া ব্যৱসায়ীৰপৰা পুনৰ কোটিপতিত পৰিণত হ'ল ৰাজমোহন পিল্লাই। 

ৰাজমোহন পিল্লাইয়ে কয়, 'একেদিনাই সকলোবোৰ সলনি হৈ যাব বুলি মই সপোনতো ভবা নাছিলো । এয়া আছিল মোৰ বাবে এক চমৎকাৰ । কিন্তু অচিৰেই মই বুজিছিলো যে এই চমৎকাৰৰ আঁৰত আছিল বহু বছৰজোৰা সংগ্ৰাম । মই মাত্ৰ কাম কৰি গৈছিলো আৰু এসময়ত তাৰ ফল পালো ।' 

নিজৰ সংঘৰ্ষময় জীৱনৰ কাহিনী সম্পৰ্কে ৰাজমোহনে কয়, 'পৰিস্থিতি সলনি হয় আৰু সলনি হোৱা পৰিস্থিতিৰ সৈতে বহু প্ৰত্যহ্বান আহে । প্ৰতিটো প্ৰত্যহ্বানেই নিজৰ সময়ৰ বৃহত্তম প্ৰত্যাহ্বান । মই বিশ্বাস কৰিছিলো যে প্ৰকৃতিয়ে যি সমস্যাৰ সৃষ্টি কৰে সেই সমস্যাৰ সমাধান প্ৰকৃতিয়েই দিব । মই মাত্ৰ সমস্যা সমাধনৰ এক মাধ্যম ।'

image


ৰাজমোহনক বিশ্বই দুটা কামৰ কাৰণে জানে। প্ৰথম- পিতৃৰ বৃহৎ ঋণ আদায় দিয়া, দ্বিতীয়- ককায়েকৰ মৃত্যুৰ পাছত পুনৰবাৰ ব্যাৱসায়িক সাম্ৰাজ্য পুনৰুজ্জীৱিত কৰা । তেওঁ কয়, 'মানুহে মোৰ মাত্ৰ দুটা সমস্যাৰ কথা জানে । তেওঁলোকে নাজীনে যে এই সমস্যা দুটা সমাধানৰ পথত মই আৰু বহুত সমস্যাৰ মূখামূখী হৈছো । হাজাৰবাৰ প্ৰত্যাহ্বানৰ সন্মূখিন হৈছে । সময়ে সময়ে মোৰ প্ৰথমিকতা সলনি হৈছে । কোটি টকাৰ ব্যৱসায়ৰ সলনি কেতিয়াবা মই মোৰ পত্নীৰ সৈতে সম্পৰ্ক অথবা মোৰ সন্তানত চিকিৎসা অথবা কোনো বন্ধুৰ সৈতে ভুল বুজাবুজি দূৰ কৰাৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছে । মানুহে ভাৱে মোৰ জীৱনলৈ মাত্ৰ দুবাৰেই সমস্যা আহিছে । প্ৰকৃততে সমস্যা প্ৰতিদিনেই আহে । '

আজিৰ তাৰিখত ৰাজমোহন পিল্লাই ভাৰতৰ আটাইতকৈ বিখ্যাত উদ্যোগপতিসকলৰ অন্যতম । তেওঁ বিট গ্ৰুপৰ অধ্যক্ষ আৰু তেওঁৰ ব্যৱসায় বিশ্বৰ বিভিন্ন প্ৰান্তৰত বিয়পি আছে । যিহেতু তিনি পুৰুষ ধৰি তেওঁৰ পৰিয়াল কাজু ব্যৱসায়ৰ লগত জড়িত আৰু কেওঁৰ লাভৰ সিংহভাগ কাজু ব্যৱসায়ৰপৰা আহে সেয়ে তেওঁক কাজু কিং নামে জনা যায় । অৱশ্যে বিটা গ্ৰুপ কাজুৰ উপৰিও অন্যান্য ব্যৱসায়ৰ সৈতেও জড়িত আৰু ইয়াৰ ব্যৱসায় বৰ্তমান ২ বিলিয়ন মাৰ্কিন ডলাৰৰ । ফুড প্ৰচেছিং, মেনুফেকচাৰিং, বিপণন আৰু বিতৰণ আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায় প্ৰসাৰিত । 

ৰাজমোহনৰ এক বিশেষত্ব হল যে তেওঁ বাহ্যিকতাত বিশ্বাস নকৰে, ধন-সম্পত্তিৰ অযথা প্ৰদৰ্শন নকৰে আৰু মানুহক সন্মান দিয়ে । যিকোনো পৰিস্থিতিত নিজকে শান্ত ৰখাটো তেওঁৰ এক বিশেষত্ব । তেওঁ কয়, 'এই কথাটো মই মোৰ দেউতাৰপৰা শিকিছো । সুখে-দুখে তেওঁৰ ব্যৱহাৰ একেই থাকিছিল আৰু পৰিস্থিতিৰ সৈতে তেওঁৰ ব্যৱহাৰ সলনি নহৈছিল । তেওঁ সদায় সৰল জীৱন-যাপন কৰিছিল ।'

আনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share
Report an issue
Authors

Related Tags

Latest Stories

Sign up for our Daily Newsletter