আকাংক্ষাৰ ডেউকা আৰু প্ৰাৰ্থনা:যি আছিল মালতি ভোজৱানীৰ উদ্যোগশীলতাৰ যাত্ৰাৰ আৰম্ভণী

মূল- প্ৰীতি চামিকুট্টি

আকাংক্ষাৰ ডেউকা আৰু প্ৰাৰ্থনা:যি আছিল মালতি ভোজৱানীৰ উদ্যোগশীলতাৰ যাত্ৰাৰ আৰম্ভণী

Thursday October 20, 2016,

4 min Read


মালতি ভোজৱানী। প্ৰেৰণাৰ অন্য নাম। জীৱনৰ আলোকোজ্জল দিশটো জুমি চাবলৈ আনক প্ৰেৰণা আৰু তাত্ত্বিক প্ৰশিক্ষণ দি জীৱনৰ কঠিন মুহুৰ্ত আৰু দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰিবলৈ শিকোৱা এগৰাকী মহিলা। আনক জীৱন জয়ৰ সাহস আৰু প্ৰেৰণা দিয়া এক সত্বাৰ উদাহৰণ মালতি ভোজৱানী।

image


আজি HerStoryএ এইগৰাকী সাহসী মহিলাৰ জীৱনত এভুমুকি মাৰিবলৈ যত্ন কৰিছো।

ব্যক্তিগত জীৱনৰ সকলো দুৰ্ভাগ্যৰ পৰা মুক্তি

মালতিয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল ইন্দোনেছিয়াত এগৰাকী ইংৰাজী শিক্ষয়িত্ৰী হিচাপে। সমান্তৰালভাবে তেওঁ ফেশ্চন ডিজাইনিং আৰু জেম'ল'জীৰ অধ্যয়ন অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত তেওঁ অষ্ট্ৰেলীয়াত তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায়ত নিজকে নিয়োজিত কৰে। কম বয়সতে বৈবাহিক জীৱন আৰম্ভ কৰা মালতিয়ে এটা সাধাৰণ জীৱন কল্পনা কৰাছিল। কিন্তু নিয়তিৰ ইচ্ছা অনুসৰি ২৬বছৰ বয়সতে এগৰাকী কন্যাৰ দায়িত্বৰে সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত মালতিৰ জীৱনে ল'লে অন্য গতিপথ।

“মই মোৰ ব্যক্তিগত উত্তৰণৰ বাট দেখিছিলো টনি ৰবিনছৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পিছত। তাত আনকি আমি জ্বলন্ত এঙাৰৰ ওপৰেৰেও খোজ কাঢ়িছিলো। তদুপৰি মই এক সংহত LGAT (Large Group Awareness Training)তো অংশ লৈছিলো। তেতিয়াৰে পৰা মই নিজকে এগৰাকী ভুক্তভোগী জ্ঞান কৰাৰ যি মানসিকতা,তাৰ পৰা মুক্তি লাভ কৰিলো আৰু নিজৰ দায়িত্ব গ্ৰহণৰ মানসিকতা মোৰ গঢ়ি উঠিল। ইয়াৰ ওপৰিও মই এগৰাকী প্ৰশিক্ষকৰ ভূমিকাও পালন কৰিছিলো। যিয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল।” মালতিয়ে কয়।

পৰৱৰ্তী সময়ত মালতিয়ে আন্ত:ৰাষ্ট্ৰীয় প্ৰশিক্ষক ফেডাৰশ্বনত পঞ্জিভূত হয় আৰু এগৰাকী জীৱনদীক্ষাৰ শিক্ষকৰ প্ৰশিক্ষণ লাভ কৰে। যদিও তেওঁ এগৰাকী উদ্যোগী হ’ব বিচাৰিছিল,তথাপিও সেই বাট বহু নিলগত আছিল তেওঁৰ বাবে। তেওঁ বজাৰ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ আছিল। প্ৰায় চাৰি বছৰ মালিতয়ে আৰ্থিক অনাটন আৰু ব্যক্তিগত সমস্যাৰ সৈতে যুঁজ দিব লগীয়া হৈছিল।“বহুতেই মোক এটা চাকৰিত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল কিন্তু আজিহে মই অনুভৱ কৰিছো, মই মোৰ সিদ্ধান্তত অটল থাকি ঠিকেই কৰিছিলো” মালতিয়ে কয়।

কেৱল দৃঢ মানসিকতা আৰু ঈশ্বৰৰ ওপৰত থকা বিশ্বাসে মালতিক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। তেওঁ তেওঁৰ সকলো অভিজ্ঞতা লিখিছে তেওঁৰ ‘7 Recovery Steps to Get Over A Break Up’ নামৰ প্ৰৱন্ধটোত। নিজৰ প্ৰতি থকা পুতৌৰ পৰা মুক্তি আৰু জীৱনৰ ওপৰত অহা নিয়ন্ত্ৰণে মালতিক আজি কৰি তুলিছে আনৰ বাবে এক প্ৰেৰণাৰ উৎস।“মই যথেষ্ট শকত আছিলো।” বৰ্তমান দেহত এক আউন্সও অতিৰিক্ত মেদ নথকা মালতিয়ে কয় “মই বুজি উঠিছিলো যে মোৰ সুখ আৰু আনন্দ আহিব মোৰ নিজৰ ভিতৰৰ পৰা,কোনো বাহ্যিক শক্তি বা ব্যক্তিয়ে মোক সুখ দিব নোৱাৰে।” “মই ক্ৰমে নিজৰ প্ৰেমত পৰিবলৈ শিকি গৈছিলো।মই মোৰ সমস্ত ধ্যান আৰু মোৰ সামৰ্থ মোৰ ব্যৱসায়ত নিমগ্ন কৰিছিলো।” মালতিয়ে কয়।


image


এক উদ্যোগশীল যাত্ৰা

সময় বাগৰাৰ লগে লগে মালতিয়ে প্ৰায় ৫০০তকৈও অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰে আৰু জীৱনটোক অন্যধৰণে চাবলৈ অনুপ্ৰেৰণা যোগায়। মালতিৰ সংস্থা Multi Coaching International এ বিভিন্ন কৰ্মশালা,প্ৰশিক্ষণ শিবিৰ আৰু সামুহিক প্ৰশিক্ষণ পৰ্ব আয়োজন কৰাৰ উপৰিও ব্যক্তিগত পৰামৰ্শৰ ব্যৱস্থাও কৰে। বিভিন্ন প্ৰশিক্ষণ শিবিৰৰ লগতে মালতিয়ে থাইলেণ্ডত মাইক্ৰছফ্টৰ শীৰ্ষ বিষয়াসকলৰ বাবে এদিনীয়া কৰ্মশালাৰো আয়োজন কৰিছিল। "কেতিয়াও ক'ৰ্প'ৰেট চেক্টৰত কাম নকৰা সত্বেও মই তেওঁলোকৰ মানসিকতাৰ লগত নিজকে সংযুক্ত কৰিবলৈ সক্ষম হৈছিলো আৰু কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক এক যুগমীয়া পৰিবৰ্তনৰ দিশ দেখুৱাবলৈ সক্ষম হৈছিলো। "এই কৰ্মশালা সন্দৰ্ভত মালতিয়ে কয়।

মালতিয়ে লিখি উলিয়াইছে দুখনকৈ গ্ৰন্থ। ইয়াৰে ভিতৰত‘Don’t Think of a Blue Ball’শীৰ্ষক গ্ৰন্থই আন্তৰাষ্ট্ৰীয় সমাদৰ লাভ কৰাৰ লগতে ইন্দোনেছিয়াৰ ভাষালৈ অনুদিতও হৈছে। আনখন গ্ৰন্থ‘Thankfulness Appreciation Gratitude’ এতিয়া পুনৰ মুদ্ৰণৰ পথত। মালতিয়ে সমাগত সময়ত কেইবাখনো এইধৰণৰ গ্ৰন্থ লিখি প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। মালতিৰ নিজৰ এক ৱেবচাইট আৰু এটা YouTube চেনেলো ও আছে,যাৰ জৰিয়তে তেওঁ আৰু অধিক লোকৰ কাষ চপাৰ প্ৰয়াস কৰে।

“মই বৃহত ক'ৰ্প'ৰেট গোষ্ঠীৰ পৰা উদ্যোগী,গৃহিণী,শিল্পী আদি সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে কাম কৰি আছো। Ontological coachingৰ দ্বাৰা আমি এজন লোকক নিজৰ সত্বাৰ সৈতে পৰিচয় কৰাই দি জীৱনৰ প্ৰাপ্তিৰ জ্ঞানৰ উন্মেষ ঘটোৱাত সহায় কৰোঁ। ব্যক্তিসত্বাৰ অভ্যন্তৰত আমি আকাংক্ষা আৰু প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সকলো একে। আমি বিচৰা ব্যক্তিজন হৈ উঠিবলৈ নতুন নতুন অভ্যাস গঢি তুলিব লগীয়া হয়। ইয়েই উন্মেষ ঘটায় মানৱ সত্বাৰ প্ৰকৃত সত্যৰ। ” মালতিয়ে কয়।

মালতিৰ সপোন, ভাৰত আৰু আনকি বিদেশতো বিশেষজ্ঞ আৰু অভিজ্ঞ প্ৰশিক্ষকৰ সহায়েৰে বিভিন্ন লোকক(বিশেষকৈ মহিলাসকলক) নিজৰ আকাংক্ষিত জীৱন যাপনত সহায় কৰা। অচিৰেই মালতিয়ে বাংগালুৰুৰ ইন্দিৰানগৰত The Brain Spa নামেৰে তেওঁৰ জীৱনদীক্ষা আৰু ব্যক্তিগত উত্তৰণৰ এক প্ৰতিস্থান আৰম্ভ কৰিব। মালতিয়ে কয়,“মোক অপৰা উইনফ্ৰেই বহু অনুপ্ৰানিত কৰে। এই ক্ষেত্ৰখনত ভাৰতীয় গ্ৰাহক লাভ কৰাতো যঠেষ্ট প্ৰত্যাহ্বান মুলক। কাৰণ ভাৰতত এতিয়াও বহুতো ঋণাত্মক জনবিশ্বাস আছে। তাৰে সৰহ সংখ্যককে জীৱনদীক্ষা আৰু প্ৰশিক্ষণেৰে ভংগ কৰাৰ প্ৰয়োজন আছে। ভাৰতত জীৱনদীক্ষাৰ এজন প্ৰশিক্ষকৰ সহায় লোৱাতো এতিয়াও এটা অদ্ভুত ধাৰণা হিচাপে গণ্য কৰা হয়। এইক্ষেত্ৰত ডিজিটেল ক্ষেত্ৰখনে যঠেষ্ট সহায় কৰিব বুলি মই ভাবো। অনলাইন জগতখনে দুৰত্ব আৰু গোপনীয়তা প্ৰদান কৰে "ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে সহযোগী লাভ কৰাৰ ক্ষেত্ৰত মালতি এতিয়াও বহুদুৰ যাবলৈ বাকী। নিজৰ এই যাত্ৰাত মালতিৰ এই মুহুৰ্তত এগৰাকীয়েই অনুপ্ৰেৰণা আৰু সহযোগীতাৰ উৎস। তেওঁ হৈছে অষ্ট্ৰেলীয়াত প্ৰকাশন উদ্যোগৰ অধ্যয়ন কৰি থকা মালতিৰ ২২বছৰীয়া কন্যা।

ব্যক্তিগত জীৱনৰ প্ৰতিকুলতাক নেওচি সাফল্যৰ দিশলৈ মালতিৰ ৩টা পথ।

১. ভুল আৰু অনুতাপক পাহৰি যোৱা। আমি লাভ কৰা সামৰ্থ আৰু সজাগতাৰে আমি কৰিব পৰা সকলো ক্ষেত্ৰতে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিম। যি ঘটিল,সেয়া নঘটিব পাৰিলেহেতেন। যি তোমাক আঘাট দিলে ,তেৱো সময়ৰ তাগিদাত নিজৰ শ্ৰেষ্ঠত্ব দেখুৱালে।

২. সকলো কামতেই প্ৰচেষ্টা লাগিব। সহজে একো লাভ কৰিব নোৱাৰা। নিজক আৰু নিজৰ জীৱনযাত্ৰাক কাৰো সৈতে তুলনা নকৰিবা। সফলতা হৈছে এক ব্যতিক্ৰম পৰিঘটনা,সেয়ে নিজকে ব্যতিক্ৰমভাবে গঢি তোলা।

৩. নিজৰ মগজুৰ পৰা "মই সঠিক নহয়", "মই নোৱাৰোঁ","এই কাম বৰ কঠিন" আদি বাক্য মচি পেলোৱা। তাৰ ঠাইত "মই পাৰিম আৰু ময়েই পাৰিম" বাক্যশাৰী লিখি লোৱা। নিজৰ মাজত আত্মসন্মান জগাই লোৱা, যি আত্মসন্মানে এই সফলতা আৰু সক্ষমতাৰ বাণী তোমাক চিঞৰি চিঞৰি ক’ব।