ধঁপাতৰ বাবে প্ৰতি ৬ চেকেণ্ডত এজন লোকৰ মৃত্যু হয় ভাৰতত

ধঁপাতৰ বাবে প্ৰতি ৬ চেকেণ্ডত এজন লোকৰ মৃত্যু হয় ভাৰতত

Saturday July 15, 2017,

2 min Read

প্ৰতি বছৰে বিশ্বজুৰি ৬০ লাখ লোক ধঁপাতৰ বাবে মৃত্যুমূখত পৰে আৰু ইয়াৰে ৬ ভাগৰ এভাগ ভাৰতীয় । ২০৩০ চন পৰ্যন্ত ভাৰতত ধঁপাত সম্পৰ্কীয় মৃত্যুৰ সংখ্যা ৮০ লাখলৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে 

ধঁপাতৰ ব্যবহাৰ বৃদ্ধিৰ সৈতে যক্ষ্মাৰোগ, হৃদৰোগ, ব্ৰঙ্কাইটিছ, জনন ক্ষমতা হ্ৰাস আত্মহত্যা আনকি হত্যাৰ ঘটনা বৃদ্ধিৰো সম্পৰ্ক আছে ।

ভাৰতত প্ৰতি তিনিজন প্ৰাপ্তবয়স্কৰ ভিতৰত এজনে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে । দৰিদ্ৰ শ্ৰেণীৰ লোকে আটাইতকৈ বেছি সেৱন কৰে বিড়ি । ২০১১ চনৰ এটা সমীক্ষাৰ মতে বিড়িৰপৰাই প্ৰতি বছৰে ৫.৮ লাখ মৃত্যু ঘটে । 

Image source: India Spend

Image source: India Spend


ধঁপাতৰ মাৰাত্মক অপকাৰৰ কথা সকলোৱে জানিলেও ইয়াৰ ব্যৱহাৰ কিন্তু বাঢ়ি গৈয়েই আছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ কৰ্কট ৰোগীৰ ৩০ শতাংশই হৈছে ধঁপাতৰ বাবে কৰ্কটৰোগত আক্ৰাল্ত হয় । মূখৰ কৰ্কট ৰোগ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগেই হৈছে শীৰ্ষ দুবিধ কৰ্খট ৰোগ । কৰ্কট ৰোগৰ ফলত হোৱা ৪২ শতাংশ পুৰুষ আৰু ১৮.৩ শতাংশ মহিলাৰ মৃত্যৰ আঁৰত আছে ধঁপাত ।   

ধঁপাতত ব্যৱহৃত ৪,৮০০ ৰাসায়নিক সামগ্ৰীৰ ভিতৰত ৬৯ বিধেই হৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী । ধূমপানৰ ফলত সৃষ্টি হোৱা কাৰ্বন মনক্সাইড গেচ হিমগ্লবিনৰ লগত মিলি গৈ অক্সিজেনৰ পৰিমাণ কমাই তোলে । 

ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন, ৰাজহুৱা স্থানত ধূমপান আৰু অল্পবয়ষ্ক লোকক এইবোৰ সামগ্ৰী বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা থাকিলেও ধঁপাতজাতীয় সামগ্ৰীৰ অপকাৰিতা সম্পৰ্কে সজাগতা অনাৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ অন্যতম দুৰ্বল ৰাষ্ট্ৰ । ২০১২ চনত ১৯৮ খন দেশৰ ভিতৰত ভাৰতৰ স্থআন ১২৩ৰপৰা ১৩৬লৈ অৱনমিত হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

শ্বিলঙত জন্ম হৈছিল এটিএমৰ উদ্ভাৱকৰ

পথত ভিক্ষা মাগিবলৈ বাধ্য হোৱা গাজী জালালুদ্দিনে আজি ৫০০ শিশুক বিনামূলীয়া শিক্ষা দিয়ে

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে