ৰং আৰু ৰেখাৰে অসমক ৰাষ্ট্ৰীয় স্তৰত উজলাই তুলিছে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ৰাতুলে

ৰং আৰু ৰেখাৰে অসমক ৰাষ্ট্ৰীয় স্তৰত উজলাই তুলিছে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ৰাতুলে

Wednesday April 27, 2016,

3 min Read

ৰং আৰু ৰেখাৰ সৈতে খেলা কৰা ভাৰতৰ উদীয়মান শিল্পীসকলৰ বাবে সম্প্ৰতি উৎসুকতাৰ কেন্দ্ৰবিন্দু প্ৰফুল্লা দাহানুকাৰ আৰ্ট ফাউণ্ডেচন। মহাৰাষ্ট্ৰৰ চিত্ৰশিল্প আৰু ধ্ৰুপদী সংগীতৰ বৰেণ্য শিল্পীৰূপে চিনাকি প্ৰফুল্লা দাহানুকাৰৰ স্মৃতিত ২০১৫ চনৰপৰা আৰম্ভ কৰা হৈছে উদীয়মান শিল্পীৰ বঁটা। মুম্বাইৰ প্ৰফুল্লা দাহানুকাৰ আৰ্ট ফাউণ্ডেচনৰ তত্বাৱধানত এই বঁটা প্ৰদান কৰা হয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক।

ক্ৰমাগতভাৱে প্ৰথম দুয়োটা বছৰতে প্ৰফুল্লা দাহানুকাৰ উদীয়মান শিল্পীৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ ৰাতুল দাসে। ২০১৫ চনত প্ৰথমবাৰ ‘প্ৰফুল্লা দাহানুকাৰ উদীয়মান শিল্পী বঁটা’ত ৰাজ্যিক শাখাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে ৰাতুল দাসে। ‘এমেজিং মোমেণ্টছ অব্ এ বাৰ্ড’ শীৰ্ষক পেইণ্টিঙৰ বাবে প্ৰফুল্লা দাহানুকাৰ বঁটা লাভ কৰিছে ৰাতুল দাসে।

Amazing Moments Of A Bird (Oil on canvas, 30 cm  ×  40 cm) 

Amazing Moments Of A Bird (Oil on canvas, 30 cm × 40 cm) 


দ্বিতীয় বৰ্ষতো প্ৰফুল্লা দাহানুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৰাতুল দাসে। ‘বিউটী অব্ ৰাইটিং’ শীৰ্ষক পেইণ্টিংখনৰ বাবে ২০১৬ চনত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। সম্প্ৰতি শিলচৰত থকা অসম বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাত অধ্যয়নৰত ৰাতুল দাসে অধ্যয়নৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে চিত্ৰকৰ্ম। লুইত চলিহাৰ আলোকচিত্ৰক আৰ্হি হিচাপে লৈ তেওঁ অঁকা ’লাইফ’ শীৰ্ষক পেইণ্টিংখনেও সঁহাৰি লাভ কৰিছে।

চিত্ৰশিল্পৰ সৈতে তেওঁ একান্তভাৱে জড়িত হৈ পৰা কাহিনীটোও নিতান্তই আমোদজনক। কাহিনীটো এনেধৰণৰ, এবাৰ তেওঁৰ প্ৰতিবেশী পৰিয়াল এটাই নিজৰ ড্ৰয়িংৰূমটো এখন পেইণ্টিঙেৰে সজোৱাৰ পৰিকল্পনা কৰিলে। লগে লগে চলিল শিল্পীৰ সন্ধান। কিন্তু ড্ৰয়িংৰূম শুৱনি কৰিবলৈ কোনো পেইণ্টিঙেই তেওঁলোকে নিৰ্বাচন কৰিব পৰা নাই। এনে অৱস্থাত সাধাৰণভাৱে ৰাতুললৈ প্ৰস্তাৱ আহিল। লগে লগে প্ৰস্তাৱটো গ্ৰহণো কৰিলে তেওঁ। কিন্তু কথাটো হ’ল তেতিয়ালৈ তেওঁ অইল পেইণ্টিঙত ভালকৈ হাতেই দিয়া নাই। তথাপি যি হয় হওঁক বুলিয়েই তেওঁ আৰম্ভ কৰিলে কামটো। ইয়াৰ ফলশ্ৰুতিতেই সৃষ্টি হ’ল ‘ৱাণ্ডাৰফুল বিউটী অব্ মিছিগান‘।
Wonderful Beauty of Michigan (Oil on canvas: 60 cm ×  90 cm)

Wonderful Beauty of Michigan (Oil on canvas: 60 cm × 90 cm)


‘শিল্পৰ সাধনাৰ বাবে এজন শিল্পীক লাগে মাথোঁ দুৰ্বাৰ ইচ্ছা। যিকোনো কঠিন কামৰ মাজতো শিল্পীসত্বাক জীয়াই ৰাখিব পাৰে শিল্পীয়ে। শিল্পৰ প্ৰতি একান্ত অনুৰাগে শিল্পীক ঢাপে ঢাপে আগুৱাই নিয়ে। আন্তৰিকভাৱে শিল্পী এজনক শিল্পৰ ওচৰলৈ লৈ যায়।’ য়’ৰ ষ্ট'ৰী অসমীয়াক ক’লে ৰাতুল দাসে।
Beauty Of Writing (Oil on canvas, 30 cm × 40 cm)

Beauty Of Writing (Oil on canvas, 30 cm × 40 cm)


ৰাতুল দাসে অধ্যয়ন অব্যাহত ৰাখিছে হাইপাৰ ৰিয়েলিজম (Hyper realism) সম্পৰ্কে। আমেৰিকা আৰু ইউৰোপত ১৯৭০ৰ দশকৰ আগভাগৰপৰা আৰম্ভ হোৱা চিত্ৰশিল্পৰ আপেক্ষিকভাৱে নতুন ধাৰা হাইপাৰ ৰিয়েলিজমৰ আকৰ্ষণ উপেক্ষা কৰিব নোৱাৰে তেওঁ। ওমৰ অৰ্টিজ, ডিয়েগ’ ফেজিঅ’ৰ দৰে হাইপাৰ ৰিয়েলিজমত ব্ৰতী শিল্পীৰ শিল্পকৰ্মৰ দৰে নিজকো প্ৰস্তুত কৰি তুলিবলৈ ৰাতুলেও অব্যাহত ৰাখিছে তেওঁৰ সাধনাৰ গতি। ইৰাকৰ হাইপাৰ ৰিয়েলিজম শিল্পী ইমান মালেকি তেওঁৰ অন্যতম প্ৰিয় শিল্পী। ইমান মালেকিৰ নিখুঁট ৰং আৰু ৰেখাই তেওঁৰ প্ৰতিমুহূৰ্ততে শিঁহৰিত কৰি তোলে। ইৰাকী শিল্পীগৰাকীয়ে অঁকা পেইণ্টিং প্ৰথম দৃষ্টিত কোনেও ক’ব নোৱাৰে যে তেওঁ সেয়া হাতেৰেই আঁকিছে। সন্দেহাতীতভাৱে হাইপাৰ ৰিয়েলিজমৰ নিখুঁটতাৰ সুন্দৰ উদাৰহণ ইমান মালেকি।

ইতিমধ্যেই উল্লেখ কৰিছো যে ৰাতুল দাস পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ। ইলেক্ট্ৰনিক্স আটাইতকৈ ভালপোৱা ৰাতুলে বহুতো মডেল প্ৰস্তুত কৰিছে। তেওঁৰ ইলেক্ট্ৰনিক্সৰ মডেলে প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে। গুৱাহাটী আইআইটিত অপটিকেল ছ’ছাইটী অব্ আমেৰিকাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশেষ প্ৰদৰ্শনীত তেওঁ প্ৰদৰ্শন কৰিছিল এটা অপট’ইলেক্ট্ৰনিক্স মডেল। অটোমেটিক ছ’লাৰ পেনেল কণ্ট্ৰ’ল শীৰ্ষক এই মডেলটোত দেখুওৱা হৈছিল বিশেষ চেঞ্চৰৰ সহায়ত কিদৰে ছ’লাৰ পেনেল এখন সূৰ্যৰ পোনপটীয়া পোহৰ পৰাকৈ ঘূৰাব পাৰি। ডঃ হৰ্নাণ্ডো গাৰ্ছিয়া তথা অখিলেশ লাখটকীয়াৰ দৰে মাৰ্কিন গৱেষকে তেওঁৰ এই মডেলক ভূয়সী প্ৰশংসা কৰে।

আজৰি সময়ত বাঁহী বায়ো ভাল পায় তেওঁ। ইতিমধ্যে ৰাতুলে আৰম্ভ কৰিছে নিজৰ ৱেবছাইট ratuldas.com। য়’ৰষ্টৰী অসমীয়াৰ ফালৰপৰাও শুভেচ্ছা জ্ঞাপন কৰিছো ৰাতুললৈ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

অসমীয়া কিতাপক চাইবাৰ জগতলৈ নিয়া উদ্যমী বিকাশ কলিতা

বলীউদত এজন উদীয়মান অসমীয়া- বিবেক কৰ

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা