সৰু প্ৰত্যাহ্বানে জীৱনৰ দিশ সলনি কৰিব পাৰে : সুষমা বাৰলিয়া

মূল- আদিত্য ভুষণ দ্বিবেদী

সৰু প্ৰত্যাহ্বানে জীৱনৰ দিশ সলনি কৰিব পাৰে : সুষমা বাৰলিয়া

Thursday October 20, 2016,

3 min Read

নাৰী স্বাৱলম্বৱনৰ আন এটা নাম সুষমা বাৰলিয়া।Apeejay Stya Group ৰ সভাপতি সুষমা বাৰলিয়াই ব্যৱসায়ৰ দিশত এগৰাকী স্বাৱলম্বী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে বহু মহিলাক স্বাৱলম্বীতাৰ পথ দেখুৱাইছে। পুৰুষ প্ৰধান সমাজখনত লিঙ্গ বৈষম্যৰ প্ৰাচীৰ খন নেওচি এগৰাকী সফল ব্যতিক্ৰমী মহিলা ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে সুষমাই ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা শেহতীয়াকৈ Outstanding Business Women বঁটা লাভ কৰে।তেওঁৰ তত্বাৱধানত চলা Apeejay Stya Group এ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ফাৰ্মাচিউটিকেল এণ্ড কেমিকেল,ৰিয়েল ইষ্টেট এণ্ড ডেভেলপমেন্ট,ইন্টাৰনেশ্যনেল ট্ৰেডিঙ এণ্ড বিজনেছ,ইনফৰমেশ্যন টেকনলজী, পাবলিচিটি এণ্ড মিডিয়া আদি অন্যান্য ক্ষেত্ৰত কাম কৰি আছে। কৰ্মক্ষেত্ৰত মহিলা সকলক স্বাৱলম্বী কৰিবলৈ সুষমাই তেওঁলোকক বিভিন্ন ধৰণেৰে অনুপ্ৰাণিত কৰি আহিছে। যিসকল মহিলাৰ Full Time কাম কৰাৰ অসুবিধা, তেওঁলোকক Part time কামৰ সুবিধা কৰাৰ লগতে বাহিৰলৈ গৈ কাম কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱা মহিলা সকলক ঘৰৰ পৰা কাম কৰাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে সুষমা বাৰলিয়াই।১৯৯৫ চনত সুষমাই ডেনমাৰ্কত আয়োজিত US World Social Summit ত "Role of Women at The work place " শীৰ্ষক বিষয়ত ভাষণ দিবলৈ নিমন্ত্ৰিত হৈছিল।

ব্যক্তিগত জীৱনত সুষমাই সৰুৰে পৰাই যথেষ্ঠ স্বাধীনতা লাভ কৰিছিল।শৈশৱত সুষমাৰ পিতৃয়ে স্কুল ছুটীৰ পিছত নিজৰ কৰ্মস্থানলৈ সুষমাক লৈ গৈছিল। তেতিয়াৰে পৰা সুষমা ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত হৈছিল।মানুহৰ প্ৰতি নিষ্ঠাবান আৰু সহানুভূতিশীল হবলৈ দেউতাকে তেওঁক শিক্ষা দিছিল।আৰু জীৱনত সম্পদ গঢ়িবলৈ ব্যৱসায় এক উত্তম পথ বুলিও দেউতাকে সুষমাক বুজাইছিল।'মোৰ দেউতা আছিল মুক্তিযুঁজাৰু। মানুহক সহায় কৰিবলৈ তেওঁ আমাক অনুপ্ৰাণিত কৰিছিল।শিক্ষাৰ ওপৰত তেওঁ অধিক গুৰুত্ব আৰুপ কৰিছিল।তেওঁ প্ৰায়ে কৈছিল যে মানুহৰ কাৰণে সম্পদ সৃষ্টি কৰিব পৰা সুন্দৰ পথ হল ব্যৱসায়।' পিতৃৰ এনে শিক্ষাই সুষমাক জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল।সেয়ে সুষমাই বিফলতাক কেতিয়াও ভয় নকৰিছিল।

image


শৈশৱত ঘটা এক ঘটনাই সুষমাৰ কুমলীয়া মনটোত সাঁচ বহুৱাইছিল।১৯৭১ চনৰ যুদ্ধৰ সময়ৰ কথা।কলকাতাত এবাৰ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাওঁতে কাষৰীয়া ঠাইত বোমা বিস্ফোৰণ হোৱাত সুষমা অতি আতংকিত হৈ পৰিছিল।সেইসময়ত সুষমাক সাহস দিবলৈ দেউতাকে এষাৰ অতি গভীৰ অৰ্থপূৰ্ণ কথা কৈছিল যে জীৱনত সকলো এদিন মৰিবই লাগিব।কিন্তু সেইবুলি মৃত্যুৰ কথা ভাবি বা মৃত্যুলৈ ভয় কৰি মৰণৰ আগত জীয়াই থাকি মৰা উচিত নহয়।এই কথাষাৰে সুষমাৰ মনত গভীৰভাৱে ক্ৰিয়া কৰিছিল।

বাধাৰ প্ৰাচীৰ নেওচি

কিন্তু বিয়াৰ পিছত স্বামীৰ ঘৰখনত সুষমাই মুখামুখি হবলগীয়া হৈছিল এক অন্য পৰিবেশৰ।কিয়নো স্বামীৰ ঘৰত কোনো মহিলাই ঘৰৰ বাহিৰত কাম কৰা নাছিল আৰু এই কথাক সহজ ভাৱে লোৱা নাছিল।প্ৰথম অৱস্থাত স্বামীৰ অফিচত কাম কৰাটো সুষমাৰ স্বামীয়ে সহজভাৱে লোৱা নাছিল। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল সুষমাৰ শাহুৱেক। শাহুৱেকে সুষমাক স্বমীৰ ব্যৱসায়ত সহযোগ কৰা কথাটোত অনুপ্ৰেৰণা যোগাইছিল।শিক্ষিতা নাৰী এগৰাকীৰ নিজ ইচ্ছা মতে কৰ্ম কৰাৰ অধিকাৰ থাকে বুলি তেওঁ নিজে বিশ্বাস কৰিছিল।"তুমি যদি এগৰাকী শিক্ষিতা নাৰীক বিয়া কৰোৱা, তেন্তে তেওঁৰ স্বাধীনতাত হস্তক্ষেপ নকৰি তেওঁক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰা।তুমি তেওঁক ঘৰত সুমুৱাই ৰাখিব নোৱাৰা।" শাহুৱেকৰ এনে চিন্তাধাৰাই সুষমাৰ কৰ্মক্ষেত্ৰত অহা বাধাবোৰ অতিক্ৰম কৰিবলৈ সাহস দিছিল।

এগৰাকী স্বাৱলম্বী মহিলা হৈও ঘৰখন সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষত্ৰত অনীহা প্ৰকাশ নকৰিছিল সুষমাই। কৰ্মক্ষেত্ৰৰ হেঁচাৰ মাজতে সন্তানৰ পঢ়া-শুনাত সমানে গুৰুত্ব দিছিল ।এগৰাকী মহিলাৰ বাবে কৰ্মক্ষেত্ৰ আৰু গৃহস্থী, একেলগে পৰিচালনা কৰাতো এক প্ৰত্যাহ্বান। সুষমাৰ নিজৰ ভাষাৰে- এই যাত্ৰাত সংঘাত আৰু সফলতা দুয়োটাই আছে। কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গলে জীৱনৰ যিকোনো ক্ষেত্ৰতে সফল হব পাৰি।' সুষমা বাৰলিয়াৰ জীৱন সংগ্ৰাম আৰু সফলতা,সকলো নাৰীৰ বাবে অনুপ্ৰেৰণাদায়ক।

সুষমা বাৰলিয়াৰ মতে সফলতা লাভ কৰিবলৈ হলে তিনিটা কথা গুৰুত্ব দিব লাগে-

১)নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু নিজৰ আত্মাৰ কথা শুনা।

২)ধনৰ দ্বাৰা পৰিচালিত নহবা,আঁচনি তৈয়াৰ কৰা আৰু ব্যৱসায়ৰ কৌশল আয়ত্ব কৰা,ধনে তোমাক অনুসৰণ কৰিব।

৩)জটিল সময় সদায় নাথাকে;যিসকলে কিবা এটা কামত সফলতা লাভ নকৰে তেওঁলোকে অতি সোনকালে ধৈৰ্য এৰি দিয়ে।