অসমৰ সাংস্কৃতিক ইতিহাসৰ বহু অকথিত কাহিনীৰে উমানন্দ দুৱৰাৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়
" ক জয়মতী গিৰিয়েৰৰ কথা , ক'ত আছে গদাপানি"
গ্ৰামোফোনত বাজি আছে " জয়মতী" নাটৰ কিছু অংশ । লালুক সোলাৰ উদাত্ত মাতে আমাক আমাক যিমান মন্ত্ৰমুগ্ধ কৰিছিল, তাতোকৈ বিস্ময়াৱিষ্ট হৈছিলো ৰেকৰ্ডখনৰ বেটুপাতখন পঢ়ি । বৰবৰ হৰফৰে তাত লিখা আছে জয়মতী নাট , চন ১৯৩৬ । অভিনেতা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা,যৌৱনেশ্বৰি দাস, ফণী শৰ্মা আদি । এটা অনামি আনন্দত তৃপ্ত হৈ পৰিছিল মন প্ৰাণ ।
আমাৰ দৰে একেই অনুভূতিৰে আন্দোলিত হ'ব আপোনাৰ অন্তৰো, যদিহে আপুনি এবাৰ আহে উমানন্দ দুৱৰাই স্থাপন কৰা মৰান শান্তিপুৰস্থিত "গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় "লৈ । উল্লেখযোগ্য যে সমগ্ৰ দেশৰে এইটো এনেধৰণৰ তৃতীয় সংগ্ৰহালয়।
৫০০০ গ্ৰামোফোন ৰেকৰ্ড আৰু ২২ টা সক্ষম অৱস্থাত থকা গ্ৰামোফোনৰে ভাৰতৰ তৃতীয় এই গ্ৰামোফোন সংগ্ৰহালয়টো উমানন্দ দুৱৰাই গঢ়ি তুলিছে সম্পূৰ্ণ একক প্ৰচেষ্টাত । সুদীৰ্ঘ দহ বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু কৃচ্ছ্ৰসাধনৰ ফচল তেওঁৰ এই সংগ্ৰহালয়টো । ১৯৯৩চনৰ পৰা ২০০৩চনলৈ এই পৰিক্ৰমামত উমানন্দ দুৱৰা ঢপলিয়াই ফুৰিছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈ । উদ্দেশ্য ইতিমধ্যে পেলনীয়া সামগ্ৰীত পৰিণত হোৱা গ্ৰামোফোন আৰু ৰেকৰ্ড সমূহ সংগ্ৰহ কৰা । তদুপৰি সেই সমূহক মেৰামতি কৰি কাৰ্যক্ষম কৰাটোও অন্য এক প্ৰত্যাহ্বান আছিল ।
" কামটো আৰম্ভ কৰোতে ই যে এক সংগ্ৰহালয় হবগৈ মই ভবা নাছিলোঁ । মই গান খুব ভাল পাওঁ । তেতিয়া ৰেডিঅ'ৰ সোণালী যুগ । গান শুনাৰ একমাত্ৰ মাধ্যম আছিল ৰেডিঅ' । এতিয়াৰ দৰে ইমানবোৰ প্ৰযুক্তিগত সামগ্ৰী উপলব্ধ নাছিল । কেতিয়াবা ৰেডিঅ'ত পচন্দৰ গান এটা শুনিবলৈ বহুদিন অপেক্ষা কৰিব লাগে । গতিকে থিৰাং কৰিলো এই গান সমূহ ৰেডিঅ'ত শুনিবলৈ ৰৈ থকাতকৈ নিজে বিচাৰি আনিম।" উমানন্দ দুৱৰাই তেওঁৰ সংগ্ৰহালয়টোৰ সৃষ্টিৰ আৰঁৰ কাহিনী আমাক জনায় এইদৰে ।
প্ৰথমতে নিজৰ হেঁপাহ পুৰাবলৈ দুৱৰাই এই যাত্ৰাৰ আৰম্ভণি কৰিছিলে যদিও, পাছলৈ তেওঁৰ সংগ্ৰহ সমূহে তেওঁক কথাবোৰ অন্যধৰণে ভাবিবলৈ বাধ্য কৰায় । উমানন্দ দুৱৰাৰ ভাষাৰে "এই অধুনালুপ্ত সামগ্ৰীসমূহ সংগ্ৰহ কৰি থাকোঁতে মই এনে কিছুমান ৰেকৰ্ড আৰু তথ্য পালো যি সমূহৰ বিষয়ে আমি একোৱেই নাজানো অথবা ইতিহাসত অৱহেলিত । অথচ এই সমূহৰ জাতীয় জীৱনত সাংঘাতিক গুৰুত্ব আছে । আমাৰ ভৱিষ্যত প্ৰজন্মই নিজক চিনি পাবলৈ হলে এইবোৰ জনা উচিত । "
দুৱৰাই নিজৰ সংগ্ৰহসমূহক প্ৰথমবাৰ জনচক্ষুৰ সন্মুখলৈ আনে ২০০৩ চনত শংকৰদেৱ কলাক্ষেত্ৰত । তাত দৰ্শকৰ সঁহাৰিয়ে তেওঁক অভিভূত কৰি তোলে । তাৰ পাছৰ পৰ্যায়ৰ প্ৰতিটো প্ৰদৰ্শনীতো তেওঁ লাভ কৰে দৰ্শকৰ বিপুল সঁহাৰি । ইয়েই তেওঁক উৎসাহিত কৰে এটা স্থায়ী সংগ্ৰহালয় স্থাপন কৰিবলৈ । ২০০৭ চনত সংগ্ৰহালয়টোৰ স্থায়ী গৃহৰ শুভ উদ্বোধন কৰে বিশিষ্ট গায়িকা মনিষা হাজৰিকাই ।
বন্ধু সুব্ৰত ভট্টাচাৰ্য্যক আমনি কৰি কৰি গোটোৱা তিনি খন ৰেকৰ্ড আৰু এটা গ্ৰামোফোনৰ পৰা, আজিৰ এই বিশাল সংগ্ৰহেৰে অসমৰ সাংস্কৃতিক ইতিহাসৰ এক দলিল "গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়ে " পোৱা নাই কোনো চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠানৰ সাহায্য । অৱশ্যে তাৰ বাবে খেদো নাই তেখেতৰ । কিন্তু চিন্তিত এই সম্পদ সমূহৰ সংৰক্ষণক লৈহে । কাৰণ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে সংৰক্ষণ নকৰিলে কালৰ কুটিল গতিত এই সমূহ চিৰদিনলৈ লোপ পাব । উল্লেখযোগ্য যে অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশৰ মূল সুৰ পোৱা গৈছিল গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰাহলয়তে ।
ৰিজ'নেল মিউজিক কলেজৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Performing arts Dpt.ৰ Visiting Fellow হিচাবে কৰ্মৰত উমানন্দ দুৱৰাই এই পুৰণি গীত সমূহৰ কিছূসংখ্যক স্বৰলিপি সংগ্ৰহ কৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয় । তেওঁ কোৱাৰ দৰেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এক কীৰ্তি "জয়মতী"ৰ প্ৰথম বাণীবদ্ধ গ্ৰামোফোন ৰেকৰ্ড এদিন আকৌ হেৰাই যাব, যিদৰে হেৰাই গ'ল তাত জয়মতীৰ হৈ কণ্ঠ দিয়া "যৌৱনেশ্বৰী দাস" । এই সমূহক digital পদ্ধতিত সংৰক্ষণ কৰিবলৈ কোনোবা আগবাঢ়ি অহাটো অসমৰ জনসাধাৰণৰ বাবে শুভলক্ষণ হব ।
উমানন্দ দুৱৰাৰ এই আশা সোনকালে ফলৱতী হওঁক তাৰবাবে আমাৰ শুভেচ্ছা জনালোঁ ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই
ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন