EDITIONS
Asamiya

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান

Team Asamiya
8th Nov 2015
Add to
Shares
7
Comments
Share This
Add to
Shares
7
Comments
Share

অভিজিতা কুলশ্ৰেষ্ঠ, জেম এষ্ট্ৰ’ ইউনিভাৰ্ছৰ সঞ্চালক আৰু জ্যেষ্ঠ এষ্ট্ৰ’-জেম’লজিষ্ট অভিজিতা হৈছে এগৰাকী অসাধাৰণ মহিলা। এক শ্বাশ্বত শৈশৱৰপৰা বৈচিত্ৰ্যপূৰ্ণ পেছাৰ অন্তত তেওঁ বিচাৰি পালে জ্যোতিষ আৰু জেম থেৰাপিৰ সেই আহ্বান।

এগৰাকী পূৰ্ণাংগ বিদ্বান আৰু প্ৰত্যায়িত এন এল পি পেছাদাৰী, স্বল্পভাষী অভিজিতাই আহৰণ কৰিছে তাৰকা, গ্ৰহ, মুকুতা আৰু মানুহৰ সহজাত চৰিত্ৰৰ জ্ঞান, যাতে কোনো ব্যক্তিক অদ্বিতীয়ভাৱে তেওঁ সমাধান দিব পাৰে।

লেখক হিচাপে তেওঁৰ পৰিসৰ অতি ব্যাপ্ত আৰু প্ৰচাৰ মাধ্যমৰ কেইবাটাও নামজ্বলা প্ৰতিষ্ঠান যেনে বেনেট এণ্ড ক’লমেন, আৰ কে স্বামী বি বি ডি অ’ আৰু এম আই চি এত তেওঁ কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ জি আই এৰ এ জে পিৰ দ্বাৰা প্ৰত্যায়িত আৰু পি জি এ (প্লেনেটাৰী জেম’লজিষ্ট এছ’চিয়েচন, থাইলেণ্ড) প্ৰমাণিত প্লেনেটাৰী জেম উপদেষ্টা।

তেওঁৰ জীৱন, যাত্ৰা আৰু জ্ঞান হৈছে উপদেশৰ অমল উৎস, কেনেকৈ জীয়াই থকাৰ কলাত শ্ৰেষ্ঠ হ’ব পাৰি। নিজৰ ভাষাত, তেওঁৰ জীৱনটো:

মই ডাঙৰ-দীঘল হৈছিলোঁ পাহাৰত। সেয়া আছিল অৰণ্য। শীতৰ বন্ধত আন সকলো শিশু গৰম ঠাইত থকা ককাক-আইতাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। কাছাউলী অত্যন্ত শীতল স্থান। মই মোৰ নিজৰ কামত ব্যস্ত আছিলোঁ। কোনো প্ৰতিবেশী নাই, কোনো বন্ধু-বান্ধৱ নাই, চাৰিওফালে মাথোঁ কিছু বন্য পৰিৱেশ। কাছাউলী এখন সৰু ঠাই, একেঠাইতে থকা কেইটামান অট্টালিকাক চিনাকি দিয়া হৈছিল চহৰৰ। মই গোটেই দিনটো অৰণ্যত ঘূৰি ফুৰিছিলো, বনৰীয়া ফল খাইছিলো। সাধাৰণ দৃষ্টিত এই আটাইবোৰ আছিল আচহুৱা। আজি যদি মোক সেয়া পুনৰাবৃত্তি কৰিবলৈ কোৱা হয়, তেন্তে সাপকে ধৰি বনৰ অনেককে ভয় কৰিম। কিন্তু সেই সময়ছোৱাৰ মই এক বেলেগ জগতত বাস কৰিছিলো।

image


মই উচ্চশিক্ষাৰ বাবে চণ্ডিগড়লৈ আহিলো আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰপৰা গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলো। ইয়াৰ পিছতে মই সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিলো। মই তেতিয়া কম বয়সীয়া আছিলো, দুচকুত আদৰ্শ আছিল আৰু গোটেই পৃথিৱীখনকে সলনি কৰি দিব বিচাৰিছিলো।

সেই সময়ছোৱাতে কাছাউলীৰ সেই সুপ্ত পাহাৰখন কঁপি উঠিছিল ভয়াৱহ অপৰাধৰ ঘটনাত। অৱলীলাক্ৰমে, সেই ঠাইত নিযুক্ত একমাত্ৰ বাতৰিদাতা আছিলো মই (যদিও মোৰ চাকৰি আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা নাছিল)। মোৰ সম্পাদকে কেতিয়াও নেতিবাচক উত্তৰ নিবিচাৰিছিল আৰু মোক বাতৰিটো পৰিৱেশন কৰিবলৈ নিৰ্দেশ দিলে। বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ হ’ল। এনেদৰে বৃহৎ বাতৰিৰে মোৰ কেৰিয়াৰ আৰম্ভ হ’ল, অৱশ্যে আকস্মিকভাৱে শেষো হ’ল।

মহাবিদ্যালয়ত আমাক সকলোবোৰ সাধুকথা শুনোৱা হৈছিল যে কিমান মহৎ এই পেছাটো আৰু সমাজৰ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে গণতন্ত্ৰৰ দাৰোৱানৰূপে কেনেকৈ কাম কৰে। মই ইমান আশাহত হৈ নপৰিলো হেঁতেন আৰু ফেণ্টাচীৰ পৰিৱৰ্তে সত্যৰ মুখামুখি হ’বলৈ শিক্ষাই মোক সাজু কৰি তুলিছিল।

মই শিক্ষাগ্ৰহণৰ প্ৰতি সদায় উন্মুখ হৈ থাকোঁ। মই এক শৈক্ষিক পৰিৱেশ গঢ় দি লৈছো। গতিকে মই এম আই চি এত যোগদান কৰিলো আৰু সংযোগ গৱেষণাৰ অধ্যাপকক সহায় কৰিবলৈ আৰম্ভ কৰিলো। মই গোটেই ভাৰতৰ বিদ্বান লোকসকলৰ সৈতে যোগাযোগ কৰিছিলো, ভ্ৰমণ কৰিছিলো আৰু নতুন দিগন্তৰ সন্ধান দিব পৰা দেশৰ বিভিন্ন প্ৰান্তৰ উজ্জ্বলতম নক্ষত্ৰৰপৰা ধাৰণা গ্ৰহণ কৰিছিলোঁ। সমান্তৰালভাৱে ময়ো পাঠদান কৰিবলৈ আৰম্ভ কৰিলো।

সেয়া আছিল ভয়াৱহ অভিজ্ঞতা, কিয়নো তেতিয়া মোৰ বয়স আছিল ২৪ বছৰ আৰু শ্ৰেণীকোঠাত আটাইতকৈ বয়সীয়াল ছাত্ৰজন আছিল ২৮ বছৰীয়া। কিন্তু নিজকে প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশলৈ লৈ যোৱাটো হৈছে আগুৱাই যোৱাৰ প্ৰকৃত পথ।

এম আই চি এৰ সেই সময়ছোৱা প্ৰতিদিনেই মই মনত পেলাওঁ, কিন্তু সেই সময় অতীত হ’ল। মই বিবাহপাশত আৱদ্ধ হ’লো আৰু আৰু এটা নতুন জীৱনৰ সংকল্পৰে বাংগালোৰলৈ যাত্ৰা কৰিলো। সেয়া প্ৰেম বিবাহ আছিল। কিন্তু মোৰ বাবে বিবাহৰ প্ৰস্তৰ কঠিনতা প্ৰদান কৰা উপাদানেই হৈছে সন্মান। এয়া হৈছে সমান সহযোগিতাৰ বিষয় আৰু যদিহে মানুহ হিচাপে আপুনি আপোনাৰ সহযোগীক সঁচাকৈ সন্মান প্ৰদান কৰিব নোৱাৰে, তেন্তে কোনো প্ৰত্যাশিত পৰিৱৰ্তন আশা কৰিব নোৱাৰি।

বিয়াৰ এবছৰৰ ভিতৰতে মোৰ সন্তানৰ জন্ম হৈছিল। মই পূৰ্ণকালীন কাম পৰিহাৰ কৰিলো, কিয়নো নতুনকৈ মাতৃত্ব লাভ কৰাটো ইমান সহজ কথা নহয়। মই আলোচনীৰ বাবে লেখা-মেলা অব্যাহত ৰাখিলো। সমান্তৰালভাৱে ফ্ৰিলান্সিং, আন্তৰ্জাতিক আলোচনীত লেখা-মেলা আৰু কপীৰাইটিঙো চলি থাকিল। মই সেই সময়খিনিকো ধন্যবাদ দিব বিচাৰো কিয়নো এই সময়ছোৱাই বিভিন্ন বিকল্প উন্মোচন কৰি দিছিল আৰু মই বুজি উঠিছিলো যে লেখা-মেলা কৰাটো সঁচা সপোন। সাংবাদিকতাৰ জাহাজৰ লংগৰ পেলাই মই আৰম্ভ কৰিলো জ্যোতিষৰ নতুন পূৰ্ণকালীন পেছা। এখন কিতাপত সকলোবোৰ কথা সন্নিৱিষ্ট কৰাৰ ইচ্ছা আছে মোৰ। যদিও জীৱনে মোক ব্যস্ত কৰি ৰাখে, মই এদিন লিখিমেই।

মই সদায়েই নিউৰ’ লিংগুইষ্টিকছ প্ৰগ্ৰেমিং ভাল পাইছিলো। ই এক বিজ্ঞান কিন্তু কলা আৰু সংযোগৰ প্ৰতিটো দিশৰ সৈতে অংগাংগীভাৱে জড়িত আৰু মানুহৰ জটিলতালৈ জুমি চোৱা এখন খিৰিকি।

মাতৃত্বৰ ব্যস্ততাৰপৰা আঁহৰি পাই মই এন এল পিত পুনৰ অধ্যয়ন আৰম্ভ কৰিলো আৰু জ্ঞান আহৰণ কৰি অনাবিল আনন্দ লাভ কৰিলো। এতিয়া মই এন এল পিৰপৰা স্নাতকোত্তৰ পাঠ আৰম্ভ কৰিবলৈ আশা কৰিছো, অৱশ্যে আকৌ অপেক্ষা কৰিব লাগিব। এতিয়া মোক জ্যোতিষে মোক হাতবাউলি মাতিছে।

মই যেতিয়া প্ৰাৰম্ভিকভাৱে ধেমেলীয়াকৈ জ্যোতিষ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিলো, দেখিলো মোক কাষলৈ অহা প্ৰথমজন ব্যক্তিৰ ক্ষেত্ৰতেই পৰিৱৰ্তন দেখিবলৈ পালো। জ্যোতিষৰ মাধ্যমেৰে, প্ৰতিবাৰতে একোজনকৈ ব্যক্তিক পৰামৰ্শ দি মই জনতাৰ মাজত অৰ্থৱহ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ’লোঁ। এই পেছাত গ্লেমাৰ দেখা নিদিব পাৰে কিন্তু অসীম সন্তুষ্টি আৰু সমৃদ্ধি আছে। মোৰ ওচৰলৈ গ্ৰাহক আহে উদ্বিগ্নতাই কোঙা কৰা অৱস্থাত আৰু পৰৱৰ্তী অৱস্থাত সম্পূৰ্ণৰূপে সলনি হৈ পৰে। এই আশ্বৰ্যৰ সাক্ষী হ’বলৈয়ে মই এই পেছাটোৰ সৈতে আছোঁ। সমগ্ৰ পৃথিৱীৰ পৰিৱৰ্তন যিমান প্ৰয়োজন, প্ৰতিবাৰেই লগ পোৱা ব্যক্তিবিশেষৰ পৰিৱৰ্তনো সমানেই প্ৰয়োজনীয়।

জ্যোতিষ অন্ধবিশ্বাস নহয়, ই হৈছে তীক্ষ্ণ আৰু জটিল বিজ্ঞান যাৰ ওচৰত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। মোৰ গুৰুৱে কৈছিল,

image


জ্যোতিষী সদায় শুদ্ধ নহ’ব পাৰে। কিন্তু জ্যোতিষ সদায় শুদ্ধ।

মই কেতিয়াবা কোনো আগন্তুকৰ সৈতে কথা কটাকটিত লিপ্ত হ’বলগীয়া হয়, যদিহে তেওঁলোক সন্দেহপৰায়ণ হয় নাইবা জ্যোতিষত বিশ্বাস নাথাকে, তেওঁলোকক জোৰকৈ আহিবলৈ বাধ্য কৰোৱা হৈছে। মই তেওঁলোকৰ সৈতে কাম নকৰো। মই আগন্তুকৰ দাবী অনুসৰি সন্তুষ্ট কৰিবলৈ ইয়াত নাই। মই আছোঁ মাত্ৰ জ্যোতিষ বিদ্যাৰ সেৱা কৰিবলৈ। মোৰ বাবে ই পৱিত্ৰ আৰু বিশ্বাস নকৰা কোনো ব্যক্তিৰ ওচৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰি ইয়াক অৱনমিত কৰিব নোখোজোঁ।

জ্যোতিষ আৰু প্লেনেটাৰী জেম থেৰাপী হৈছে আমাৰ প্ৰাচীনত ভাৰতীয় জ্ঞানৰ এটা অংশ যি পৌৰাণিক বেদৰ যুগৰপৰা আহি আহি আধুনিক বস্তুবাদী পৃথিৱীত হেৰাই গ’ল। ৰুবী, পান্না আৰু নীলকান্তমণি বিশ্বৰ আটাইতকৈ বৃহৎ মুকুতাৰূপে পৰিচিত।

ৰুবী হৈছে সূৰ্যৰ মুক্তা, উচ্চ কৰ্তৃত্বশীল পদবীত থকাসকলৰ বাবে ই অতি ফলদায়ক মুকুতা। চিকিত্সক আৰু কৰ্প’ৰেট নেতৃত্ববহনকাৰীসকলৰ বাবেও ই ভাল মুকুতা। সৃষ্টিশীল আৰু কলাত্মক ব্যক্তিত্বৰ অধিকাৰীসকলৰ বাবে ফলদায়ক হৈছে পান্না। হালধীয়া পান্না হৈছে বৃহস্পতিৰ মুকুতা আৰু ব্যক্তিগতভাৱে মই এই মুকুতা ভালপাওঁ। এইটোৱেই হৈছে মই ধাৰণ কৰা প্ৰথম মুকুতা।

আপোনাক যিয়ে আপোনাৰ পৰিচয় প্ৰদান কৰে সেয়া হৈছে আপোনাৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ যি। মই মোৰ বাবে কাপোৰ পৰিধান কৰোঁ, মোৰ মন ভাল লগা যিকোনো পোচাক। সৌন্দৰ্যৰ দিশৰপৰা শাৰীক কাৰো সৈতে তুলনা কৰিব নোৱাৰি। কিন্তু আৰামৰ দিশৰপৰা জিনছ আৰু শ্বাৰ্টৰ দৰে ভাল আৰু নাই। বহু মানুহে আপোনাৰ বাহ্যিকতাৰ সৈতে আপোনাৰ আধ্যাত্মিকতাৰ তুলনা কৰে। বিশেষকৈ মোৰ পেছাত যদি মই প্ৰচলিত নিয়ম ভাঙি ওলাই যাওঁ তেন্তে ইয়াত দ্বিধাৰ সৃষ্টি হয়। কিন্তু আপোনাৰ ডি এন এত যি আছে সেয়াই সঁচা, আপোনাৰ প্ৰয়োজনীয় পোচাক।

মই বিশ্বাস কৰোঁ জ্যোতিষে জীৱন সলনি কৰি দিব পাৰে। মোৰ কামৰ মাধ্যমেৰে মই বিভিন্নজনক বিভিন্ন পৰ্যায়ত দেখা পাইছোঁ। মই তেওঁলোকৰ সন্তোষ আৰু দুখ দেখিছো। তেওঁলোকৰ ভুলৰপৰাও বহু কথা শিকিব পাৰিছো।

নিজক কোনো ধাৰণাৰ ওচৰত বিক্ৰী নকৰিব। আপোনাক সম্পৰ্কৰ ওচৰত বিক্ৰী নকৰিব। আপুনি আপোনাৰ প্ৰতি সত্য হ’ব লাগিব। আপুনি নিজৰ এটা অংশ পৱিত্ৰ কৰি ৰাখিব লাগিব আৰু প্ৰতিদিনেই প্ৰাৰ্থনা কৰক। সেই নিভৃত কোণ হ’ব লাগিব শক্তিশালী আৰু কঠিন।

কোনো সম্বন্ধই কাম কৰকেই বা নকৰক, ইয়াৰ নিভৃত স্থান সদায় স্পৰ্শহীন হৈ থাকিব লাগে। এয়া কৰক আৰু ই আপোনাৰ শক্তিৰ আধাৰ হ’ব। কিন্তু আপুনি ইয়াৰ প্ৰতিপালন কৰিব লাগিব। ৰাজহাড় পোন কৰক, নিজৰ দুভৰিত থিয় দিয়ক আৰু নিজৰ সৈতে চিৰদিনৰ বাবে সন্তুষ্ট হওঁক।

Add to
Shares
7
Comments
Share This
Add to
Shares
7
Comments
Share
Report an issue
Authors

Related Tags