EDITIONS
Asamiya

“বিঘটনৰ (Disruption) ফলত সাংগঠনিক গঠন-প্ৰণালীয়েই সলনি হৈ পৰিছে”- সুষমা ৰাজাগোপালন

18th Nov 2015
Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share

নতুন বা ষ্টাৰ্ট-আপ ব্যৱসায়ত পুঁজিৰ অভাৱ নহয়, কিন্তু সেই পুঁজিক উদ্যোগীসকলে উত্‍পাদনলৈ কেনেদৰে পৰিণত কৰিব পাৰে সেইয়া এক গুৰুত্বপূৰ্ণ কথা । এই মন্তব্য আই.টি.চি. ইনফ’টেকৰ পৰিচালন সঞ্চালক আৰু মূখ্য কাৰ্যবাহী বিষয়া সুষমা ৰাজাগোপালনৰ।

ষ্টাৰ্ট-আপ কোম্পানীবিলাকক প্ৰাৰম্ভিক বিকাশৰ সময়খিনিত এক শক্তিশালী পৰিবেশৰ প্ৰয়োজন হয় যাতে নতুনত্বই পোখা মেলিব পাৰে । লগতে দৰকাৰ হয় বিনিয়োগকাৰী আৰু বিভিন্ন সেৱা প্ৰদানকাৰীৰ সমৰ্থন। টেকস্পাৰ্কৰ ষষ্ঠ অধিবেশনত দিয়া ভাষণত ৰাজাগোপালনে কয়, “যদি 20-25 বছৰ পিছলৈ আমি কেনেদৰে IT সেৱালৈ আহিলোঁ সেইয়া উভতি চাওঁ, তেন্তে দেখা যাব যে সেইয়া ঘটিছিল ভাৰতত প্ৰচুৰ প্ৰতিভা থকাৰ কাৰণে। যদি একেখিনি প্ৰতিভাকেই উৎসাহ দিয়া হয়, তেন্তে এক শক্তিশালী পৰিবেশৰ সৃষ্টি কৰি সমগ্ৰ বিশ্বতেই নতুনত্ব অনাত ই সহায় কৰিব ।”

image


সকলোতে বিঘটন ঘটিব ধৰিছে

চকু চাঁট মাৰি যোৱা পৰিসংখ্যা কিছুমান ইন্টাৰনেটত দেখিবলৈ পোৱা যায়। প্ৰতিদিনেই ২.৬৭ বিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আৰু ৪ বিলিয়ন ইউটিউব ডাউনলোডৰ পৰিসংখ্যাৰ পিছত আজিৰ যুগৰ কি ধৰণৰ বিঘটন ঘটিব ধৰিছে কল্পনা কৰকচোন। লেণ্ডলাইন ফোন ব্যৱহাৰকাৰীৰ সংখ্যা এক নিযুত হ’বলৈ প্ৰায় সোতৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল, কিন্তু সেই সংখ্যা চুবলৈ WhatsAppৰ লাগিল এবছৰতকৈও কম সময়।

সুষমাই কয়, “আজিৰ লোকসকল বৰ্দ্ধিত হাৰত সংযুক্ত (connected) হ’বলৈ ধৰিছে আৰু এবাৰ সংযুক্ত হোৱাৰ পিছত আপুনি কি ধৰণেৰে কি কিনিব, বিক্ৰী কৰিব বা বাৰ্তা সৰবৰাহ কৰিব সেইবিষয়ে পুনৰ এবাৰ কল্পনা কৰিবলৈ বা ভাবি চাবলৈ সুযোগ লাভ কৰে। মই মোৰ পিতৃ-মাতৃৰ সতে ফে’চবুকৰ জৰিয়তে যোগাযোগ ৰাখোঁ; তেওঁলোকৰ বয়স আশী, কিন্তু তেওঁলোকে ইয়াৰ ব্যৱহাৰ সুন্দৰকৈ কৰিব জানে। গতিকে মই আশা কৰোঁ যে বিশ্বৰ অন্য লোকসকলেও প্ৰযুক্তিক আকোঁৱালি ল’ব আৰু সমান্তৰালভাবে সকলোখিনি সলনি হ’ব। বিঘটন হৈছে কেনেদৰে আমি সম্পৰ্ক ৰাখোঁ, নিযুক্ত হওঁ, পৰিচালনা কৰোঁ, পুন:উদ্ভাৱন বা পুন:কল্পনা কৰোঁ - এই কথাবোৰৰ ভিত্তিত আপুনি কেনেদৰে আপোনাৰ প্ৰতিষ্ঠানৰ মৌলিক নীতিসমূহ সলনি কৰিছে।

বিঘটনৰ সৌন্দৰ্য এই যে ই দুজন ব্যক্তিৰ মাজৰ দূৰত্ব কম কৰি পেলায়, দক্ষতা বৃদ্ধি কৰে আৰু নতুন অভিজ্ঞতা প্ৰদান কৰে। সুষমাই ডাঠি কয় যে Ola, Uber নাইবা Yellow Pages ৰ ক্ষেত্ৰত লক্ষ্য প্ৰাপ্তি সম্ভৱ হ’লউদ্যোগী আৰু তেওঁলোকৰ সক্ৰিয় নতুন অৱদানসমূহৰ বাবে । এই শতিকাৰ কৰ্মীসকলৰ কান্ধতে এই গুৰুদায়িত্ব আহি পৰিছে, যাৰ ভিতৰত ৭০ শতাংশ লোকেই নিজাববীয়াকৈ কিবা এটা কৰিব বিচাৰে।

কৰ্মচাৰীৰ মাজত বাণিজ্যিক উদ্দীপনা জগাই তোলা

ITC Infotechত সহস্ৰ কৰ্মচাৰীয়ে কাম কৰে। কোম্পানীটোৱে কৰ্মচাৰীসকলক নিজস্ব উদ্যোগ আৰম্ভ কৰাবলৈ বাণিজ্যিক উদ্দীপনা যোগাই যাবলৈ ঠিৰাং কৰিছে। আজিৰ দিনত প্ৰায় আটাইবোৰ বৃহত্‍ সংগঠনৰে ষ্টাৰ্ট-আপ উদ্যোগত ( নতুনকৈ স্থাপিত উদ্যোগ ) বিনিয়োগ কৰাৰ তথা সঁহাৰি দিয়াৰ ক্ষমতা আৰু ইচ্ছা আছে।

সুষমাৰ মতে, নতুন ব্যৱসায় আৰম্ভ কৰিব খোজা ব্যক্তিৰ বাবে অদূৰ ভৱিষ্যতে কোনোধৰণৰ বিনিয়োগৰ অভাৱ নঘটিব; যিহেতু ভেঞ্চাৰ কেপিটেলিষ্ট আৰু এঞ্জেল ইনভেষ্টৰসকলে ষ্টাৰ্ট-আপবিলাকত ব্যক্তিগত ইকুইটি ফাণ্ডকো চেৰাই গৈ ধন বিনিয়োগ কৰাৰ সম্ভাৱনা আছে।


সুষমাই ইয়াৰ লগতে এই কথাতো গুৰুত্ব আৰোপ কৰে যে অনেক কোম্পানীয়ে এই বিনিয়োগৰ সুবিধা লাভ নকৰিব কাৰণ আজিৰ পৃথিৱীক ধনৰ উপৰঞ্চিও বহু কিবাকিবি লাগে। ষ্টাৰ্ট-আপক সহায় কৰিবলৈ সামগ্ৰিকভাৱে শক্তিশালী পৰিবেশ নিৰ্মাণ কৰিবৰ প্ৰয়োজন আছে। হেকাথ’নৰ (Hackathon) সংখ্যা ভৱিষ্যতে বাঢ়ি গৈ থাকিব, কিন্তু তাক সঠিকভাবে উত্তোলিত কৰি ব্যৱহাৰ কৰিব পৰাটোহে ডাঙৰ কথা।

“আই.টি.চি. ইনফ’টেকৰ প্ৰতিটো হেকাথ’নতে আমি ছয়ৰ পৰা আঠটা ভাল আইডিয়া বাছনি কৰি উলিয়াম। আমি ধন বিনিয়োগ নকৰোঁ, কিন্তু আমি তেওঁলোকে কেনেদৰে আইডিয়াবিলাক বজাৰলৈ লৈ যাব পাৰিব, সেই বিষয়ে সমৰ্থ কৰি তুলিম। ইতিহাসৰ অনুসৰি, ডাঙৰ কৰ্প'ৰেটবিলাকেই ষ্টাৰ্ট-আপসমূহ আৱিষ্কাৰ কৰি তাক মানুহৰ মাজলৈ আনিছিল। এক সুস্থ পৰিবেশৰ বাবে প্ৰয়োজনীয় তিনিটা কথা হ’ল: নিৰ্মাতাসকলৰ মাজত সম্পূৰ্ণ স্পষ্টতা, আইডিয়া একোটাক বাণিজ্যিক পৰ্যায়লৈ নিব পৰাৰ ক্ষমতা আৰু এক শক্তিশালী বিক্ৰয় সংগঠন গঠন কৰি তোলা।”- সুষমাই কয়।

টেকস্পাৰ্ক 2015 ৰ স্পনছ’ৰ সকল- ছেকীয়া কেপিটেল, আই চি আই চি আই বেংক, মানি অন মবাইল, মাইক্ৰচফট, ছিগনেল হিল, আই বি এম ব্লুমিক্স, পি ডব্লিউ চি, এটম টেক, টীমচেট, কৰ্ণাটক চৰকাৰ, ইনটেল, ৰেবলাৰ, ডেইলীহান্ট, ৰেভেৰি, লজিনেক্সট আৰু পেইুবিজ; পাৰ্টনাৰসকল- ডাফ এণ্ড ফেল্পছ, টেক্সমন্ত্ৰা, ডাইনআউট, এক্স’টেল, ৩৬০ৰাইড, য়োগা বাৰ, চয় পইণ্ট, জি ডব্লিউচি আৰু মীডিয়া পাৰ্টনাৰসকল- টিভি নাইন, ফৰচুন ইন্ডিয়া, ৰেড এফ এম আৰু ডেক্কান হেৰল্ড।

লেখক- অপৰাজিতা চৌধুৰী

অনুবাদ- শান্তনু চাংমাই

Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share
Report an issue
Authors

Related Tags