EDITIONS
Asamiya

‘মোৰ জীৱনৰ প্ৰতিটো অভিজ্ঞতাই মোৰ ডিজাইনক প্ৰভাৱাম্বিত কৰে’ – পল্লৱী ফলী

9th Nov 2015
Add to
Shares
29
Comments
Share This
Add to
Shares
29
Comments
Share

‘‘এগৰাকী বিনিয়োগকাৰীৰ জীৱন প্ৰতিবন্ধকতাৰে পূৰ্ণ আৰু এইবোৰে আপোনাৰ দুৱাৰত প্ৰতিদিনে টুকুৰিয়ায়। এই দৈনিক প্ৰত্যাহ্বানসমূহ তদাৰক কৰাটো অতীৱ প্ৰয়োজনীয় যাতে আমি ডাঙৰ সমস্যা সম্পূৰ্ণৰূপে এৰাই চলিব পাৰোঁ,’’ পল্লৱী ফলে বুটিক জুৱেলাৰ্ছৰ প্ৰতিষ্ঠাপক পল্লৱী ফলেই এইদৰে কয়।

বাংগালুৰুত পল্লৱীৰ বুটিক এটা ডিজাইন ষ্টুডিঅ’ৰ দৰে য’ত তেওঁ আৰু তেওঁৰ দলটোৱে তেওঁলোকৰ নতুন আৰ্হিৰ ধাৰণাসমূহৰ আকাৰ দিয়ে।

তেওঁ আৰু তেওঁৰ দলটোৱে ক্লায়েণ্ট সকলৰ বাবে ডিজাইন প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় বি ২ বি প্ৰকল্প পৰিচালনাও কৰে। অতিৰিক্তভাৱে, ষ্টুডিঅ’টোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ জুৱেলাৰীৰ ডিজাইন কৰে।

image


যেতিয়া পল্লৱী কামৰ পৰা আঁতৰি থাকে তেতিয়া তেওঁ এন.আই.এফ.টি আৰু জি.আই.এত অতিথি অধ্যাপক হিচাপে কাম কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ডিজাইন মহাবিদ্যালয়সমূহৰ বাবে বিভিন্ন পাঠ্যক্ৰমো প্ৰস্তুত কৰিছে । ‘‘মই বিশ্বাস কৰোঁ যে ব্যৱসায়ৰ মূল শক্তি হ’ল ডিজাইন। মই গঢ় দিয়া পাঠ্যক্ৰমসমূহত, মই সৃজনীশীলতা আনিবলৈ আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।’’

গঠনমূলক বছৰসমূহ

৪ বছৰতে পল্লৱীয়ে ছবি আঁকি ভাল পাইছিল আৰু বহুতো প্ৰতিযোগিতাত জয় লাভ কৰিছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় মুহুৰ্তটো হ’ল তেওঁৰ পিতৃৰ ফালৰ আইতাক কৰ্কট ৰোগৰ কেম’থেৰাপীৰ ৰোগী হোৱাৰ স্বতেও পল্লবীৰ বিদ্যালয়লৈ আহিছিল। ‘‘তেওঁ মোৰ বঁটা সংগ্ৰহ কৰিছিল আৰু সেইটো অনুপ্ৰেৰণা আজিও মোৰ লগত আছে।’’

পল্লৱীয়ে নাইনিতালৰ শ্বেৰউড মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল য’ত তেওঁ নিজৰ কলাৰ প্ৰতি প্ৰেম আৱিস্কাৰ কৰিছিল। ‘‘আমি পাহাৰলৈ গৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছিলো আৰু মই কেৱল বহি বহি ছবি আঁকিবলৈ বিচাৰিছিলো। প্ৰকৃতি মোৰ আটাইতকৈ অনুপ্ৰেৰণাদায়ক আছিল।’’

তেওঁ নতুন দিল্লীৰ নেছনেল ইনিষ্টিটিউট অৱ ফেছন টেকন’লজী (এন.আই.এফ.টি)ৰ পৰা ১৯৯৭-২০০০ চনত স্নাতক ডিগ্ৰী লাভ কৰি টানিস্কত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ তাত প্ৰায় এক দশক আছিল।

ডিজাইনৰ বাবে অনুপ্ৰেৰণা

পল্লৱীয়ে অনুভৱ কৰে যে তেওঁৰ অভিজ্ঞতাসমূহ তেওঁৰ বাবে অনুপ্ৰেৰণা ।

মোৰ অভিজ্ঞতাসমূহে মোক শিকায় যে ডিজাইন হ'ল অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত আৰু আপোনাক প্ৰকৃততে কিহে প্ৰভাৱাম্বিত কৰিছে, তাৰ প্ৰতিফলন। গতিকে ডিজাইন এটা উৎস আৰু ফলাফল ।


তেওঁৰ বাবে এটা নতুন ডিজাইনৰ সংগ্ৰহ এটা নতুন আৰম্ভনি- ‘‘এটা নতুন বিশ্বত জগতৰ বিষয়ে অভিজ্ঞতা দিব, যিটোৱে ডিজাইনৰ দৃশ্যটো সঠিকভাৱে সৃষ্টি কৰে। সেয়ে মোৰ জীৱনৰ প্ৰতিটো অভিজ্ঞতাই মোৰ ডিজাইনৰ অনুপ্ৰেৰণা যোগায়। মই যাত্ৰা কৰিম আৰু নতুন সংস্কৃতিৰ অভিজ্ঞতা লৈ কলা চাব বিচৰাৰ লগতে ইতিহাস, প্ৰকৃতি অধ্যয়ন কৰি মোৰ জীৱনক বিকশিত কৰিব বিচাৰোঁ।’’

image


পল্লৱীৰ পদক্ষেপসমূহে ইতিমধ্যে সমাদৰ লাভ কৰিছে আৰু তেওঁ সুখ্যাত এন.আই.ডি. বিজনেজ ৱৰ্ল্ড ডিজাইন পুৰস্কাৰ লাভ কৰিছে। এই বঁটা তেওঁ ‘‘সৰ্বোত্তম আনুষংগিক আৰ্হিৰ’’ শিতানত আমৰা নামৰ সংগ্ৰহৰ বাবে লাভ কৰিছিল। এই সংগ্ৰহত বাবে পল্লৱীয়ে সমসাময়িক ভাৰতীয় মহিলাৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাইছে।

পল্লৱীয়ে বিশ্বাস কৰে যে কলা লিংগৰ দ্বাৰা নিৰ্ধাৰণ কৰিব নোৱাৰি ‘‘গুৰুত্বপূৰ্ণ বিষয়টো হ’ল আপোনাৰ কামটো জনাটো । অধিকাংশ ভাৰতীয় নগৰী য’ত আমি কাম কৰিছোঁ, মই এজন ব্যক্তিৰ প্ৰতি অপাৰ সন্মান দেখা পাওঁ যি এই কামটো জানে।’’

পল্লৱী অৰ্লেণ্ড’ অৰলানদিনীৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু বহুতো সময় তেওঁ ডিজাইন কৰা বিষয়সমূহৰ মাষ্টাৰ ক্ৰাফটমেনৰ সৈতে কাম কৰিবলৈ বহু সময় ব্যয় কৰে।

পৰিচালনা

পল্লৱীয়ে বিশ্বাস কৰে যে মহিলা হিচাপে কিছুমান সমস্যা থকাৰ লগতে, কিছুমান সুবিধাও আছে। প্ৰত্যাহ্বানসমূহৰ স্বতেও, তেওঁ লক্ষ্যত স্থিৰ হৈ থকা আৰু প্ৰতিজনৰ কল্যাণৰ বাবে সচেষ্ট হোৱাত গুৰুত্ব দিয়ে।

তেওঁৰ জীৱনত তিনিটা অভিন্ন উপাদান আছে। এটা হ’ল অবিৰাম বিশ্বাস- ‘বেয়া সময়. পাৰ হৈ যাব’ দ্বিতীয়টো হ’ল নিয়মানুবৰ্ত্তিতা। বৰ্ডিং বিদ্যালয়ত তেওঁ এই গুণ মজ্জাগত কৰি লৈছিল আৰু নিজৰ স্বাস্থ্য আৰু খাদ্য অভ্যাসৰ বাবে অতি সজাগ আছিল।

‘‘মোৰ পিতৃ ৬৩ বছৰ বয়সীয়া আৰু প্ৰতিদিনে এঘণ্টা দৌৰে, তেওঁ এজন মাৰাথান দৌৰবিদৰ দৰে। তেওঁ মোক কয়- ‘ তুমি প্ৰতিদিনে যিটো কাম সুশৃংখলভাৱে সদায়ে কৰা সেই কামটো যিকোনো সময়তে কৰি থাকিবা।’ মই তেওঁৰ জীৱন অনুপ্ৰেৰণাদায়ক বুলি অনুভৱ কৰোঁ।

তৃতীয়টো তেওঁৰ পৰিয়ালৰ আৰু অন্তৰংগ বন্ধুসকলৰ প্ৰতি থকা মৰম যিসকল তেওঁৰ সমৰ্থনৰ স্তম্ভ আছিল, ‘‘মোৰ স্বামী নেইল সদায়ে তাত আছিল। মই তেওঁৰ কৰ্মক সদায়ে প্ৰশংসা কৰোঁ আৰু তেওঁৰ সৰলতাক প্ৰশংসা কৰোঁ। মোৰ কন্যা নিয়া মোৰ অবিৰত অনুপ্ৰেৰণা আছিল, তেওঁ ষ্টুডিঅ’ত থাকি মোৰ ডিজাইন দলৰ অংশ বুলি কৈ ভাল পাইছিল। সপ্তাহানকত তেওঁ মোৰ সৈতে ষ্টুডিঅ’ত আছিল।’’ তেওঁ প্ৰতিদিনে উতফুল্লিত হয়, এইটো তেওঁৰ ডিজাইনৰ প্ৰতি অহেতুক প্ৰেম।

হাৰষ্টৰীয়ে পল্লৱীক লগ ধৰে আৰু আমাৰ বাৰ্তালাপৰ এয়া কিয়দংশ।


Add to
Shares
29
Comments
Share This
Add to
Shares
29
Comments
Share
Report an issue
Authors

Related Tags