বস্তি অঞ্চলৰ শিশুৱে চলোৱা এখন বাতৰি কাকত

বস্তি অঞ্চলৰ শিশুৱে চলোৱা এখন বাতৰি কাকত

Thursday August 18, 2016,

2 min Read

দিল্লী আৰু কাষৰীয়া অঞ্চল সমূহৰ বস্তি অঞ্চলৰ শিশুৰ দ্বাৰা পৰিচালিত এখন বাতৰি কাকত হৈছে 'বালকনামা' । আঠ পৃষ্ঠাৰ এই কাকতখনত পথৰ শিশুৰ জীৱন, শিশু শ্ৰমিক, শিশুৰ ওপৰত যৌন শোষণ, আৰক্ষীৰ অাতিশ্য আদি বিষয়ৰ লগতে যোগাত্মক কাহিনীও প্ৰকাশ হয় । 

Image : Al Jazeera

"যদি কোনো বলীউড তাৰকাৰ কুকুৰ এটাই দুখ পালে সি ব্ৰেকিং নিউজ হয় আৰু সকলো বাতৰি কাকত আৰু চেনেলে তাক লৈ বাতৰি পৰিবেশন কৰে । কিন্তু যদি পথৰ শিশু এটা ৰেলৱে প্লেটফৰ্মত নিহত হয় অথবা দুৰ্ঘটনাত পতিত হয় তেনেহলে কোনেও গুৰুত্ব নিদিয়ে, " বালকনামাৰ সাংবাদিক বিকাশ কুমাৰে অল জজীৰাক এইদৰে কয় । বিকাশে এসময়ত আবৰ্জনা বুটলি জীৱিকা নিৰ্বহ কৰিছিল আৰু তেঁ আছিল নিচাসক্ত । কিন্তু তেওঁ এতিয়া এচা জীৱন বিচাৰি পাইছে । 

দিল্লীত বালকনামাৰ ১৪ জন সাংবাদিক আছে । ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু হাৰিয়ানাৰো সাংবাদিক আছে ।৫,৫০০ কপি প্ৰচলন থকা এই কাকতখন চেতনা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে প্ৰকাশ কৰে । অৱশ্যে বিজ্ঞাপন আৰু চৰকাৰী সহায়ৰ বাবে এতিয়াও যুঁজিবলগীয়া হৈছে । 

Image : Al Jazeera

এই কাকতখনৰ সম্পাদক হৈছে চান্দনী । এসময়ত তেওঁ পথত আৱৰ্জনা বুটলি আৰু নাচ-গন কৰি জীৱিকা নিৰ্বহ কৰিছিল । তেওং ইণ্ডিয়া টুডেক কয়, মই এই কাকতখনৰ সম্পাদনা কৰিবলৈ পাই গোৰৱান্বিত । শৈশৱ হেৰুউৱা, ভোকাতুৰ, ভিক্ষা মাগিবলৈ বাধ্য, শোষিত শিশুবোৰৰ বিষয়ে আমি লিখো আৰু তেওঁলোকৰ সমস্যাৰ ওপৰত আলোকপাত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সামাজিক বাধা স্বত্বেও সাক্ষীয়ে ৰচিলে ইতিহাস

গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল

পথৰ শিশুৱে পাব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ

আজিও কাৰ্যক্ষম ভাৰতৰ প্ৰথমটো এলিভেটৰ