নতুন বস্তু সৃষ্টিৰ প্ৰতি থকা আগ্ৰহেই শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ সফলতাৰ মূল

নতুন বস্তু সৃষ্টিৰ প্ৰতি থকা আগ্ৰহেই শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ সফলতাৰ মূল

Friday November 06, 2015,

4 min Read

“মই নতুন বস্তু তৈয়াৰ কৰি ভাল পাওঁ । অভিযান্ত্ৰিক শিক্ষাৰ সময়ত আহৰণ কৰা প্ৰতিটো বিষয়ৰ জ্ঞানেই আছিল মোৰ বাবে আগ্ৰহৰ বিষয় ।” এয়া হ’ল আমেগি নামৰ এটা বিজ্ঞাপন ভিত্তিক কাৰিকৰী সংস্থাৰ সহ-প্ৰতিষ্ঠাতা শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ মনৰ কথা। তামিলনাডুৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা এগৰাকী মহিলা শ্ৰীবিদ্যা। সৰুকালৰ পৰা নতুন বস্তুৰ প্ৰতি তেওঁৰ আছিল এক বুজাব নোৱাৰা আগ্ৰহ । তামিলনাডুৰ কইম্বাটুৰত এটা শিক্ষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰীবিদ্যাই চৰকাৰী স্কুলৰ পৰা তামিল ভাষাতেই প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰে আৰু মাধমিক শিক্ষা গ্ৰহণ কৰে ইংৰাজী মাধ্যমত । শ্ৰীবিদ্যাই কয় যে ইংৰাজী মাধ্যমত প্ৰথমে তেঁওৰ অসুবিধা হৈছিল যদিও পৰবৰ্তী পয্যায়ত একাদশ-দ্বাদশ শ্ৰেণীলৈ তেওঁ ইংৰাজী ভাষাটো নিজৰ দখললৈ আনে।

কইম্বাটুৰৰ গৱৰ্মেন্ট কলেজ অৱ টেকনলজীৰ পৰা কম্পিউটাৰ ছাইন্সত বি-টেক ডিগ্ৰীধাৰী শ্ৰীবিদ্যাই কব খোজে যে কলেজৰ সময়ছোৱা তেওঁৰ বাবে আছিল মূলতঃ নিজে শিক্ষা গ্ৰহন কৰাৰ দৰে । এই সময়ছোৱাত শ্ৰীবিদ্যাই ছফ্টৱেৰ প্ৰগ্ৰামিঙ, অপাৰেটিং চিষ্টেমছ্, ডাটা ষ্ট্ৰাকচাৰ আদি সকলোবোৰ বিষয় উপভোগ কৰিছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ টেক্সাছ ইন্সট্ৰুমেন্টছত চাকৰি জীৱন আৰম্ভ কৰে । চাকৰিত সোমাবৰ সময়ত কৰ্মক্ষেত্ৰত ব্যৱহাৰ হ’বলগীয়া প্ৰযুক্তিৰ কথা শুনিয়েই শ্ৰীবিদ্যা ৰোমাঞ্চিত হৈ পৰিছিল । “১৯৯৬ চনত মই প্ৰথম ৬ হাজাৰ টকাৰ বেতন লাভ কৰিছিলোঁ। তেতিয়া ভাৱ হৈছিল এয়া বহুত টকা, ” শ্ৰীবিদ্যাৰ মন্তব্য ।

নতুন কথা জানিবলৈ থকা ইচ্ছাশক্তিৰ বলতেই আমেগি নামৰ এটা বিজ্ঞাপন ভিত্তিক কাৰিকৰী সংস্থাৰ সহ-প্ৰতিষ্ঠাতাৰূপে উদ্যোগশীলতাৰ জগতখনত খোজ পেলাবলৈ সক্ষম হোৱা শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ লক্ষ্য হ’ল এটাই আৰু সেয়া হৈছে অভিযান্ত্ৰিক শিক্ষাৰ জৰিয়তে লাভ কৰা শিক্ষাৰ জৰিয়তে সকলো বস্তুকেই গতিশীলতা প্ৰদান কৰা।

image


ছফ্টৱেৰৰ আৰ্হি প্ৰস্তুতকৰণৰ পৰা নিজৰ উদ্যোগ স্থাপনলৈ

টেক্সাছ ইন্সট্ৰুমেন্টছত চাকৰি জীৱনৰ পাতনি মেলি শ্ৰীবিদ্যা শ্ৰীনিবাসন আৰু তেঁওৰ দুগৰাকী বন্ধুৱে বৈদ্যুতিন আৰু স্বয়ংক্ৰীয় ক্ষেত্ৰত যথেষ্ঠ পৰিমাণৰ ছফ্টৱেৰৰ আৰ্হি প্ৰস্তুত কৰে। এই ছফ্টৱেৰৰ আৰ্হি প্ৰস্তুত কৰি থকা সময়তে বজাৰত ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি শ্ৰীবিদ্যাৰ উদ্যোগশীল মনলৈ আহিল নিজৰ নামত এটা কোম্পানী খোলাৰ চিন্তা।

এই চিন্তাৰ ফচলৰূপেই ১৯৯৮ চনত টেক্সাছ ইন্সট্ৰুমেন্টছৰ চাকৰি ত্যাগ কৰি শ্ৰীবিদ্যা আৰু তেওঁৰ দুগৰাকী বন্ধুৱে মিলি ইমপালছছফ্ট নামৰ ছফ্টৱেৰ নিৰ্মানকাৰী এটা কোম্পানী আৰম্ভ কৰে। বজাৰত কেইটামান নতুন ছফ্টৱেৰ মুকলি কৰি দিয়াৰ পাছত শ্ৰীবিদ্যা শ্ৰীনিবাসনে ব্লুটুথ প্ৰটোকল স্টেক নিৰ্মাণত গুৰুত্ব দিয়ে। ব্লুটুথ প্ৰটোকল স্টেক নিৰ্মাণৰ বাবেই শ্ৰীবিদ্যা শ্ৰীনিবাসনসহ ইমপালছছফ্টৰ কৰ্মীসকলে যথেষ্ঠ পৰিশ্ৰম কৰিবলগীয়া হয়।

শ্ৰীবিদ্যাই পৰবৰ্তী সময়ত মনত পেলাই কয় যে ইমপালছছফ্টৰ সৈতে জড়িত হৈ থকাৰ মুহূৰ্তবোৰ আছিল তেওঁৰ বাবে অভিজ্ঞতাপূৰ্ণ। কিয়নো এই সময়ছোৱাতেই শ্ৰীবিদ্যা শ্ৰীনিবাসনে কাৰিকৰী দিশসমূহৰ লগতে ব্যৱসায়িক আৰ্হি প্ৰস্তুতকৰণ, লক্ষ্য ভিত্তিক তথা বজাৰৰ চাহিদালৈ গুৰুত্ব দি ছফ্টৱেৰ নিৰ্মাণ কৰা, কোম্পানীৰ কৰ্মীসকলৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন কৰা ইত্যাদি বিভিন্ন ক্ষেত্ৰত তেওঁ অভিজ্ঞতা লাভ কৰে। শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ কৰ্মনিষ্ঠা আৰু ইমপালছছফ্টৰ সফলতাৰ ফলস্বৰূপে ছনী এৰিকছন, মটোৰলা, ছিমেন তথা টেক্সাছ ইন্সট্ৰুমেন্টৰ গ্ৰাহকৰূপে কাম কৰা কোম্পানীটৌক ২০০৬ চনত নাছডাকৰ সূচীত থকা কোম্পানী এছআইআৰএফে ক্ৰয় কৰে।

শ্ৰীবিদ্যাৰ মতে ইমপালছছফট গঢ়ি তোলাৰ মাজেৰে তেওঁ প্ৰযুক্তিৰ লগতে ব্যৱসায়ৰ বিভিন্ন দিশ যেনে সমস্যা সমাধানত পাৰ্গত কাৰিকৰী গোট গঢ়ি তোলাৰ প্ৰয়োজনীয়তা, এটা উপযুক্ত ব্যৱসায়িক আৰ্হি প্ৰস্তুতকৰণ, আৰু বজাৰ দখল কৰিব পৰা প্ৰডাক্ট প্ৰস্তুতৰ সহায়ক হোৱাকৈ উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ আদি বিভিন্ন গুৰুত্বপুৰ্ণ কথা শিকিছে । “ইঞ্জিনীয়াৰিঙৰ সহায়ত যিকোনো সমস্যাৰ প্ৰযুক্তিগত সমাধান দিব পৰাটো সচাকৈয়ে যথেষ্ট ৰোমাঞ্চকৰ ।”

এগৰাকী উদ্যোগী সদায়েই উদ্যোগী

ইমপালছছফ্টৰ পাছত শ্ৰীবিদ্যা শ্ৰীনিবাসন আৰু তেওঁৰ সহকৰ্মীসকলৰ মন উচপিচাই আছিল নতুন কাম কৰিবলৈ । গতিকে তেওঁলোকে বিজ্ঞাপন ভিত্তিক কাৰিকৰী কোম্পানী আমেগী স্থাপন কৰাৰ সিদ্ধান্ত লয় আৰু ৩টা বিষয়ৰ ওপৰত গুৰুত্ব দিয়াৰ সংকল্প লয় -

(১) ভাৰতৰ বজাৰত দেশীয় কোম্পানী হিচাবে কাৰিকৰী সমাধান আগবঢ়োৱা। যদিও ইতিমধ্যে ইমপালছছফটৰ প্ৰডাক্তসমূহ বিদেশৰ বজাৰত উপলব্ধ আছিল, দেশীয় বজাৰৰ চহিদাক লৈ যথেষ্ট উৎসাহী আছিল শ্ৰীবিদ্যা ।

(২) ভাৰতীয় উদ্যোগত এক বৈপ্লবিক ধাৰাৰ সৃষ্টি কৰা।

(৩) ভাৰতভিত্তিক এক বৃহৎ গোলকীয় ব্যৱসায়িক সাম্ৰাজ্য স্থাপন কৰা।

প্ৰগতিশীল বৈদ্যুতিন মাধ্যমকেন্দ্ৰিক আমেগি আজি ভাৰতৰ লাখ লাখ দৰ্শকৰ মাজলৈ যাবলৈ সক্ষম হৈছে। “সেয়েহে আমি সম্পুৰ্ণ ত্ৰুতিবৰ্জিত আৰু চৌব্বিশ ঘণ্টাই কাম কৰিব পৰা সমাধান দিয়াৰ চেষ্টা অব্যাহত ৰাখোঁ, ” শ্ৰীবিদ্যাৰ মন্তব্য ।

image


মহিলা উদ্যোগী হিচাবে সম্মুখীন হোৱা অসুবিধা

মহিলা উদ্যোগী হিচাবে সম্মখীন হোৱা অসুবিধা সম্পৰ্কত শ্ৰীবিদ্যাৰ মন্তব্য, ‘আৰম্ভণিতে সম্মুখীন হোৱাৰ প্ৰধান সমাস্যা আছিল ব্যৱসায় আৰু পৰিয়ালৰ মাজত সময় বিতৰণ কৰা। একেটা সময়তে অধিক কাম কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ লগতে সততে সম্মুখীন হোৱা আন এটা সমস্যা আছিল ব্যৱসায়িক ক্ষেত্ৰত আন ব্যক্তিসকলে মোৰ গুৰুত্ব বুজি নোপোৱাতো, কিন্তু সময়ৰ লগে লগে সকলো সলনি হৈ যায।’ নিজৰ কাম আৰু সফলতাক লৈ শ্ৰীবিদ্যা এতিয়া যথেষ্ঠ সুখী। কঠিন সমস্যাৰ সমাধান কৰা তথা নতুনৰ সৃষ্টিয়ে শ্ৰীবিদ্যাক যথেষ্ঠ আনন্দিত কৰে। আমেগিক লৈ কৰা কামৰ লগতে নিজৰ পছন্দৰ কাম কৰিবলৈ পোৱা শ্ৰীবিদ্যাই নিজকে এগৰাকী খেলুৱৈৰ লগত তুলনা কৰে যি খেলপথাৰত সদায় নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিব পাৰে। তেওঁ কয়, “মই আমেগীৰ কামক লৈ গৰ্বিত আৰু তাতোকৈ গৰ্বিত মোৰ টীমক লৈ ।”

অভিয়ান্ত্ৰিক শিক্ষা তথা প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ থকা মহিলাসকললৈ শ্ৰীবিদ্যাৰ এটাই উপদেশ আৰু সেয়া হৈছে সদায় সাহসী হ’বা আৰু জীৱন ক্ষেত্ৰত পৰিয়াল বা চাকৰিৰ চাপৰ সম্মুখীন হৈ পৰাজয় স্বীকাৰ নকৰিবা। বহু মহিলাই পৰিয়াল, চাকৰি আৰু কামৰ হেঁচাত কেৰিয়াৰ বাদ দিয়ে । “ধৈৰ্য আৰু সাহসেৰে এই সমস্যাৰ সমাধান কৰিব পাৰি,” শ্ৰীবিদ্যাৰ মন্তব্য । তেওঁ কয়, “সকলো মহিলাই নিজক প্ৰশ্ন কৰিব লাগে- তুমি আজি যি হৈছা তাৰ কাৰণ কি, তুমি কি কৰি আছা আৰু তুমি কৰি থকা কামটোৱে তোমাক আনন্দ দিয়েনে ? যেতিয়া তুমি নিজে ভালপোৱা কামটো কৰিবা তেতিয়া ই কাম হৈ নাথাকে । ই হৈ পৰিব তোমাৰ জীৱন ।”