EDITIONS
Asamiya

ডোকৰাৰ সৌজন্যত দৰিয়াপুৰত অতীত হ’ল অভাৱৰ দিন

6th Jan 2016
Add to
Shares
3
Comments
Share This
Add to
Shares
3
Comments
Share

অন্যৰাজ্যৰ পৰা সেইখন ৰাজ্যলৈ আহিছিল তেওঁলোক।ইয়াৰ পিছত মাতৃভূমিৰ জীৱিকা তাতো আৰম্ভ কৰে।মমবাতি,ধূনা,পিতল আৰু কয়লাৰ ধোঁৱাৰ মাজত গঢ়ি উঠা অপৰূপ শিল্পকৰ্মই এলেকাটোৰ ভূমিপুত্ৰসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আগ্ৰহেৰে এই বৃত্তিক তেওঁলোকেও আঁকোৱালি লয়।এনেদৰেই বৰ্ধমানৰ দৰিয়াপুৰ গাওঁ পৰিচিত হৈ পৰে ডোকৰাগাঁও নামেৰে। হস্তশিল্পই আদিবাসী প্ৰভাৱিত গাওঁখনৰ অভাৱ বহুখিনি দূৰ কৰিবলৈ সক্ষম হয়।বহু প্ৰয়াসৰ ফলত ডোকৰাৰ এই অভিনৱ শিল্পই আধুনিক ৰূপ গ্ৰহণ কৰিছে।

image


হেমন্তকালৰ দৰেই উজ্জ্বল ঠাই দৰিয়াপুৰ।পথাৰত দো খাই ভৰি থকা ধানৰ থোকৰ দৃশ্যই সকলোৰে মন চুই যাব। নতুন ধানৰ অপূৰ্ব মাদকতাৰ দৰেই অনন্য ইয়াৰ বাসিন্দাৰ হস্তশিল্প।এই শিল্পীসকল হৈছে বৰ্ধমানৰ ডোকৰা শিল্পৰ অহংকাৰ।কেইটামান শতিকাৰ পূৰ্বে মধ্যপ্ৰদেশৰ কোনো ঠাইৰ পৰা আহি কেইজনমান ডোকৰা শিল্পী দৰিয়াপুৰত উপস্থিত হৈছিল।মমবাতি,ধূনা, ভিন্নধৰণৰ মাটি,পিতল,সৰিয়হৰ তেল আৰু কয়লাৰ ধোঁৱাৰ মাজত গঢ়ি উঠা তেওঁলোকৰ অপূৰ্ব হস্তশিল্পই স্থানীয় ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।ডোকৰাৰ এই বৃত্তি তেওঁলোকেও লাহে লাহে গ্ৰহণ কৰিছিল।কিন্তু প্ৰাচীন প্ৰথা আৰু অবৈজ্ঞানিক পদ্ধতিৰে শিল্পকৰ্ম চলাই নিয়া শিল্পীসকল ক্ৰমাৎ ৰোগাক্ৰান্ত হোৱা দেখা গৈছিল। প্ৰধানকৈ শিল্পীসকল হাওঁফাওঁৰ বিভিন্ন সমস্যাত ভুগিবলৈ লৈছিল।কোনো কোনো নিচাসক্ত হৈ উঠিছিল।শীৰ্ষত আৰোহণৰ সময়তে দেখা দিয়া এনেধৰণৰ প্ৰতিবন্ধকতাই হস্তশিল্পবিধৰ প্ৰতি বহুতৰে মোহভংগ কৰিছিল।বহুতেই আন বৃত্তিলৈ ঢাপলি মেলিছিল।

image


২০১৩বৰ্ষত এই শিল্পৰ পুনৰুজ্জীৱিতকৰৰ কাম আৰম্ভ হয়। এই বিষয়ত ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ,কুটিৰ আৰু মজলীয়া শিল্প আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সৈতে ইউনেস্ক’ৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।এই চুক্তিৰ অধীনত ৰাজ্যৰ ১০টা কুটিৰশিল্পক পুনৰ জীপাল কৰিবলৈ উদ্যোগ গ্ৰহণ কৰা হয়।এই কামৰ বাবে ইউনেস্ক’ই দায়িত্ব অৰ্পণ কৰে ৰাজ্যখনৰ বাংলা নাটক ডট কম নামৰ সংস্থাটোক। বেচৰকাৰী সংস্থাটোৰ প্ৰচেষ্টাত গঢ়ি উঠে দৰিয়াপুৰ ডোকৰা আৰ্টিছান কো-অপাৰেটিভ ইণ্ডাষ্ট্ৰিয়েল ছছাইটি লিমিটেড।খাদী বিভাগে এই ছছাইটিৰ বাবে নিজস্ব ভৱন নিৰ্মাণ কৰি দিছে।লগতে নিৰ্মাণ কৰা হৈছে ৰুৰেল ক্ৰাফট হাব।এনেদৰে মৃতপ্ৰায় শিল্পক পুনৰ জীয়াই তোলাৰ প্ৰয়াস চলে।

image


বৰ্তমান এই ছছাইটিৰ সৈতে জৰিত হৈ আছে ৪২টাকৈ পৰিয়াল।পুৰণি অবৈজ্ঞানিক প্ৰথাৰ ভাটীৰ পৰিৱৰ্তে ইয়াত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হৈছে দুটাকৈ বৃহদাকাৰৰ চুলা বা ভাটী।এনেদৰে দূষিত ধোঁৱাত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও হ্ৰাস পাইছে। প্ৰশাসনৰ তৎপৰতাত সমীপৰ আবাসীসকলেও বুজি উঠিছে যে এই শিল্পকৰ্মই তেওঁলোকক বহু কিবাকিবি দিব।

image


ওৰেদিনৰ কামৰ অন্তত হাতলৈ আহিছে শ্ৰমৰ ধন।সেইবাবে সুৰাৰ প্ৰতি আসক্তিও লাহে লাহে ইয়াত হ্ৰাস পাইছে।দৰিয়াপুৰৰ নাম অধিক জিলিকাবলৈ যে আৰু পৰিশ্ৰম কৰিব লাগিব সেয়া শিল্পীসকলে ভালদৰে বুজি উঠিছে।এই উদ্যোগৰ দ্বাৰা তেওঁলোকৰ চকু আৰু হাওঁফাওঁৰ সংক্ৰমণৰ সম্ভাৱনাও এতিয়া নোহোৱা হ’ল।সেইবাবেই এতিয়া দৰিয়াপুৰত নতুন উদ্যোগত কাম আৰম্ভ হৈছে।এসময়ত এই শিল্পলৈ পিঠি দিয়াসকলেও পুনৰ ঘুৰি আহিছে পুৰণি বৃত্তিলৈ।শিল্পীসকলক পৰামৰ্শ দিবলৈ বেচৰকাৰী সংস্থাটোৰ কৰ্মীসকল অনবৰতে দৰিয়াপুৰত থাকে।চৰকাৰী উদ্যোগত ডোকৰাৰ শিল্পীসকলৰ এই অভিনৱ শিল্পকৰ্ম আমেৰিকা যুক্তৰাষ্ট্ৰ,ইংলেণ্ড আদি ৰাষ্ট্ৰলৈও পঠিওৱা হৈছে।তদুপৰি দেশৰ দিল্লী,মুম্বাই,চেন্নাই,বাংগালুৰুৰ দৰে ডাঙৰ চহৰত অনুষ্ঠিত নানাধৰনৰ শিল্পমেলাত এই সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হয়।

image


বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ ওপৰিউ বৰ্তমান ডোকৰা শিল্পত মহিলাসকলৰ অলংকাৰো প্ৰস্তুত কৰা হয়।ইয়াৰ চাহিদা যথেষ্ট।শিল্পীসকলে যাতে উচিত মূল্য লাভ কৰে তাৰ প্ৰতিও চকু দিয়াৰ ব্যৱস্থা কৰা হৈছে।এফালে এই কামৰ প্ৰতি থকা স্পৃহা,আনফালে প্ৰশাসনীয় উদ্যোগ এই দুয়োটাৰ সংযোজনত দৰিয়াপুৰত এতিয়া স্বচ্ছলতাৰ পৰিৱেশ বিৰাজমান।আধুনিক প্ৰযুক্তি আৰু চিন্তাৰ আঙুলিত ধৰি ডোকৰাত এতিয়া দেখা দিছে নতুন পুৱাৰ হেঙুলিয়া সপোন।

মূল-তন্ময় মুখাৰ্জী

অনুবাদ-তুলিকা দেৱী

Add to
Shares
3
Comments
Share This
Add to
Shares
3
Comments
Share
Report an issue
Authors

Related Tags