ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ ৰজনী পণ্ডিত

ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ ৰজনী পণ্ডিত

Wednesday June 14, 2017,

2 min Read

মহিলা শাৰ্লক হ'মছ বা ভাৰতৰ শাৰ্লক বুলি জনাজাত ৰজনী পণ্ডিত হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ । ৫১ বছৰীয়া ৰজনীয়ে অৱশ্যে এই পেছাটো জানি বুজি বাছি লোৱা নাছিল । আনকি প্ৰথম কেছটো সমাধান কৰিবৰ সময়তো তেওঁ নিজেই জনা নাছিল চোৰাংচোৱা মানে কি । 

কলেজত থকাৰ সময়ত তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ এগৰাকী বান্ধৱীৰ চালচলন সন্দেহজনক আৰু উৰহী গছৰ ওৰ পাবলৈ তেওঁ চেষ্টা আৰম্ভ কৰিছিল । এদিন তেওঁ আৱিষ্কাৰ কৰিছিল যে তেওঁৰ বান্ধৱী গৰাকী বিপদত পৰিছে । তেওঁক সহায় কৰিবলৈ বান্ধৱী গৰাকীৰ পিতৃ মাতৃক তেওঁ কথাটো অৱগত কৰিছিল । তেওঁ কয়,

মই মোৰ বান্ধৱী গৰাকীৰ পিতৃ মাতৃক কথাটো ক'লো । কিন্তু তেওঁলোকে কথাটো বিশ্বাস কৰা নাছিল । তেতিয়া মই বান্ধৱী গৰাকীৰ কিছুমান ফটো গোপনে লৈ তেওঁৰ পিতৃক দেখুৱালো । তেওঁ ক'লে, "তুমি এজনা গুপ্তচৰ কিন্তু তুমি তাইক ৰক্ষা কৰিলা।" সেই সময়ত মই নাজানিছিলো গুপ্তচৰ মানে কি । 

এয়াই আছিল তেওঁৰ তিনি দশক জোৰা প্ৰাইভেট ডিটেক্টিভৰ কেৰিয়াৰৰ আৰম্ভণী । কিন্তু ইমান বছৰে তেওঁ অনুজ্ঞাপত্ৰ অবিহনেই কাম কৰিব লগীয়া হৈছিল । কিন্তু কিছুমান হাই- প্ৰফাইল আৰু বিপজ্জনক কেছ সমাধান কৰাৰ ক্ষেত্ৰত ই তেওঁৰ বাবে বাধা হৈ পৰা নাছিল । 

Image: (L) – Times of India; (R) – iDiva

Image: (L) – Times of India; (R) – iDiva


২০০৭ চনত ৰাজ্যসভাত প্ৰাইভেট ডিটেক্টিভ এজেন্সিজ (ৰেগুলেছন) বিধেয়ক ৰাজ্যসভাত উপস্থাপন কৰা হৈছিল যদিও এটা দশক ধৰি ই তেনেকৈয়ে পৰি আছে । ভাৰত চৰকাৰে ব্যক্তিগত তদন্তকাৰীক স্বীকৃতি আজিকোপতি স্বীকৃতি দিয়া নাই আৰু সেইবাবেই তেওঁলোকক নিয়ন্ত্ৰিত কৰিবলৈ কোনো আইন নাই । ইয়াৰ ফলতেই ভাৰতত প্ৰইভেট ডিটেক্টিভ হোৱাটো সহজ নহয়। বিশেষকৈ মহিলাৰ বাবে ।

তদন্তৰ খাতিৰত আমি বহুধৰণৰ কাম কৰিবলগীয়া হয় । যেনে কাৰোবাক অনুসৰণ কৰা, অথবা গোপনে কাৰোবৰা কথা শুনি থকা আদি আৰু এইবোৰ কৰিবলৈ গৈ আৰক্ষীৰ হাতত পৰাৰো সম্ভাৱনা থাকে । আৰক্ষীয়ে প্ৰায়ে ব্যক্তিগত তদন্তকাৰীক ভাবুকি বুলি ভাবে আৰু হাৰাশাস্তি কৰে । যদি ইয়াৰ বাবে এখন আইন থাকে আৰু অনুজ্ঞপত্ৰৰ ব্যৱস্থা কৰা হয় তনেহলে আমি এনেকুৱা সমস্যাৰ সন্মূখিন হ'ব নেলাগিব । অনুজ্ঞাপত্ৰ থাকিলে আমি মবাইল ট্ৰেকিং অথবা আন ট্ৰেকিং ব্যৱস্থা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সহায়ক হ'ব ।

শেহতীয়াকৈ বিভিন্ন ডিটেক্টিভ এজন্সী দ্ৰুত গতিত বাঢ়ি গৈছে আৰু বহুতো বিদেশী সংস্থাও ইয়াত জড়িত হৈ পৰিছে । এছচিয়েছন অৱ প্ৰইভেট ডিটেক্টিভছ ইন ইণ্ডিয়াৰ সভাপতি কুঁৱৰ বিক্ৰম সিঙৰ মতে এই সংস্থাবোৰক নিয়ন্ত্ৰণৰ বাবে এখন আইন অতিকে প্ৰয়োজনীয় হৈ পৰিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল

আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি