Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
ADVERTISEMENT
Advertise with us

গুলাবী গেং আৰ্ট প্ৰজেক্টঃ শিল্পৰ জৰিয়তে এক আন্দোলন

মূল- এছ এইজাজ

গুলাবী গেং আৰ্ট প্ৰজেক্টঃ শিল্পৰ জৰিয়তে এক আন্দোলন

Thursday October 20, 2016 , 6 min Read

নাৰী সবলীকৰণৰ বাবে শিল্পৰ এক অভিনৱ যাত্ৰা

ভাৰত এখন বৈচিত্ৰময় দেশ। আন বহু দেশতকৈ ভাৰতে বহু আগতেই লাভ কৰাছিল এগৰাকী মহিলা প্ৰধানমন্ত্ৰী। চহৰাঞ্চলত কৰ্মক্ষেত্ৰত পুৰুষৰ সৈতে নাৰী সমানে সমানে আগবাঢ়ি গৈছে। কিন্তু একেটা সময়তে দেশৰ ভিন্ন প্ৰান্তৰ পৰা কণ্যা ভ্ৰূণ হত্যা, ধৰ্ষণ, নাৰী নিৰ্যাতন, যৌতুকৰ বাবে বোৱাৰী হত্যাৰ খবৰ আহে প্ৰতি দিনে। এইখন দেশত এফালে নাৰীক দেৱী মানি পূজা কৰা হয়, আনফালে নাৰীয়েই নিৰ্যাতিতা হয় প্ৰতিদিনে। এই বৈষম্য আঁতৰাবলৈ প্ৰতি গৰাকী নাৰীৰ মাজতে হয়তো থাকে এক সুপ্ত বাসনা। সমাজৰ বাধ্য বাধকতাৰ বাবে বহুতৰে সুপ্ত বাসনা বাস্তৱত পৰিণত হৈ নুঠেগৈ। কিন্তু সেই বাসনা প্ৰতিফলিত হ’ব পাৰে এখন ছবিৰে, এটা ৰেখাঙ্কনৰ দ্বাৰা বা যিকোনো শিল্পৰ জড়িয়তে। এইদৰেই সকলোকে নিজৰ অভিব্যক্তি প্ৰকাশৰ বাবে এক মুকলি মঞ্চ দিছে গুলাবী গেং আৰ্ট প্ৰজেক্টে।

অৰুণা চন্দ্ৰশেখৰ

অৰুণা চন্দ্ৰশেখৰ


একোগৰাকী সাহসী নাৰীয়ে সময়ে সময়ে নাৰীক সমাজত সম মযাৰ্দা দিবলৈ চেষ্টা কৰি আহিছে। তেনে এগৰাকী নাৰী সম্পত পাল। উত্তৰ প্ৰদেশৰ বুণ্ডেলখণ্ডৰ সম্পত পালে নাৰী অধিকাৰৰ বাবে যুঁজ দিবলৈ গঠন কৰিছিল গুলাবী গেং। গোলাপী ৰঙৰ শাৰী পৰিহিতা এদল নাৰী সেনা। নাৰী নিৰ্যাতনৰে জড়িত সকলৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠে গুলাবী গেঙৰ লাঠী। গুলাবী গেঙে নিবিচাৰে কোনো নাৰীয়ে নিৰৱে নিৰ্যাতন সহ্য কৰিব লগীয়া হওক। সম্পত পালৰ এই সাহসী কাহিনীৰে নৰৱেত বাস কৰা নিষ্ঠা জৈন নামৰ এগৰাকী প্ৰবাসী ভাৰতীয় মহিলাই গুলাবী গেং নামেৰেই এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। ডুবাইত ২০১২ চনৰ ১৪ ডিচেম্বৰত মুক্তি পোৱা তথ্যচিত্ৰ খন ভাৰতত মুক্তি পায় ২০১৪ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত। তথ্যচিত্ৰ খনত প্ৰতিফলিত হয়, সম্পত পাল তথা গুলাবী গেঙৰ সংগ্ৰামৰ কাহিনী। তথ্যচিত্ৰখনে লাভ কৰিলে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা। কিন্তু যি সকল নাৰীয়ে এই তথ্যচিত্ৰখন চোৱাৰ প্ৰয়োজন আছিল, তেওঁলোক যেন বঞ্চিত হ’ল তথ্যচিত্ৰখনে দিব বিচৰা বা্ৰ্তাৰ পৰা। এই কথাটোৱে বৰকৈ আমনি দিলে ৰিচাইকলৱালা লেবৰ ৰুচি ভিমানীক। মনলৈ আহিল বাংগালুৰুৰ শিল্পী ছিল’ শিৱ ছুলেইমানৰ ফিয়েৰলেচ কালেকটিভৰ কথা।

২০১২ চনৰ ১৬ ডিচেম্বৰ। এই দিনটো সমগ্ৰ ভাৰতৰ বাবেই এক লজ্জাজনক দিন। সেই দিনাই সংঘটিত হৈছিল দেশ কপোঁৱা নিৰ্ভয়া ধৰ্ষণ কাণ্ড। ঘটনাৰ প্ৰতিবাদ হৈছিল দেশজুৰি। সেইসময়তে বাংগালুৰুৰ শিল্পী ছিল’ শিৱ ছুলেইমানে নিজৰ ধৰণে আৰম্ভ কৰিলে এক অভিযান। বিভিন্ন স্থানত আঁৰিলে কিছুমান পোষ্টাৰ। পোষ্টাৰ সমূহৰ থীম “ফিয়েৰলেছ”, ভয়হীন। শিল্পী গৰাকীয়ে ফেমিনিজিম বা নাৰীবাদক মানৱতাবাদ হিছাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলালে শিল্পৰ যোগেদি। কলাই অতিজৰে পৰা এটা শক্তিশালী মাধ্যম হিচাপে পৰিচয় দি আহিছে। সাহিত্যই কৰিব নোৱাৰা কাম কৰি আহিছে কলাই। প্ৰথমে ছিল’ শিৱই নিজৰেই পোষ্টাৰ বনাইছিল। প্ৰকাশ কৰিছিল সৰু সৰু কথা - বাহিৰলৈ নোলাবা, ময়ে তোমাক ঘৰত থৈ আহিমগৈ, আজি ইয়াতে নাথাকানো কিয়, এনেধৰণৰ কথা যিবোৰ সাধাৰণতে মহিলাক কৈ হৰণ কৰা হয় মহিলাৰ স্বাধীনতা। আৰু এই পোষ্টাৰ সমূহ আন ডিজাইনাৰকো ব্যৱহাৰ কৰি প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছিল। ছিল’ শিৱৰ আহ্বানলৈ সঁহাৰি দিছিল বহু ডিজাইনাৰে। প্ৰসাৰিত হৈছিল “ফিয়েৰলেছ”ৰ অভিযান।

image


এতিয়া ৰিচাইকলৱালা লেবৰ ৰুচি ভিমানী আৰু ফিয়েৰলেছ কালেকটিভছৰ যুটীয়া প্ৰকল্প গুলাবী গেং আৰ্ট প্ৰজেক্ট। আৰ্ট আৰু চিনেমাৰ উমৈহতীয়া যুঁজ নাৰীৰ “অক্ষমতা আৰু পিছপৰি থাকিব বিচৰা মনোবৃত্তি”ৰ বিৰুদ্ধে।

নিষ্ঠা জৈনৰ গুলাবী গেং তথ্যচিত্ৰ খন প্ৰসাৰত সহায় কৰিবলৈ খুবেই উৎসুক হৈ পৰিছিল ৰিচাইকলৱালা লেবৰ ৰুচি ভিমানী। সাধাৰতে চিনেমা এখন মানুহে গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়, সেয়ে গুলাবী গেঙৰ বাৰ্তা প্ৰসাৰিত কৰিবলৈ পাই এতিয়া খুবেই সুখী ৰুচি ভিমানী। একেদৰে ফিয়েৰলেচ কালেকটিভছৰ আৰ্থী পাৰ্থসাৰথীৰ বাবেও বলীউডৰ মছলা চিনেমাৰ পৰিবৰ্তে সমাজত এক বাৰ্তা দিব বিছৰা গুলাবী গেঙৰ এক্টিভিজিমৰ সৈতে ফিয়েৰলেচ কালেকটিভছৰ আৰ্টৰ যুগলবন্দী এক বিষ্ময়কৰ যাত্ৰা। এটাই লক্ষ্য প্ৰকল্পটো অধিক মানুহৰ ওচৰলৈ লৈ যোৱা। শিল্পী ছিল’ শিৱও খুবেই উৎসাহী গুলাবী গেং আৰ্ট প্ৰজেক্টকলৈ।

বাৰাণসীত ফিয়েৰলেছ

বাৰাণসীত ফিয়েৰলেছ


গুলাবী গেং তথ্যচিত্ৰ খনৰ দ্বাৰা অনুপ্ৰাণিত গুলাবী গেং আৰ্ট প্ৰজেক্ট এখন মুকলি মঞ্চ। ইয়াৰ যোগেদি যি কোনো ব্যক্তিয়ে বিভিন্ন ধৰণৰ শিল্পকলাৰ জড়িয়তে নাৰী সৱলীকৰণৰ বাবে নিজৰ অভিমত ব্যক্ত কৰিব পাৰে। সেয়া হ’ব পাৰে ইলাষ্ট্ৰেচন, পেইন্টিং, ফ’টগ্ৰাফ বা এটা কবিতাও হ’ব পাৰে। আৰু এই শিল্পৰ যোগেদি প্ৰকাশ কৰা অভিমত সমূহ বিভিন্ন প্লেটফৰ্মৰ যোগেদি প্ৰচাৰ কৰা হ’য়। অনলাইন যোগে বিভিন্ন ব্লগত, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ জড়িয়তে প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন চহৰত দেৱাল আৰু স্তম্ভত শ্লোগান লিখা, পেইন্টিং অঁকাৰ প্ৰয়াস কৰা হৈছে। গুলাবী গেঙ তথ্যচিত্ৰ খনৰ নতুন সংস্কৰণৰ ডিভিডিৰ কভাৰতো প্ৰিন্ট কৰা হয় বিভিন্ন জনে দিয়া শিল্পকৰ্মৰ কলাজ।

দেশৰ ভিন্ন প্ৰান্তৰ পুৰুষ মহিলাৰ চিন্তা ভাৱনা, সহযোগিতাৰে গঢ়লৈ উঠিছে এই প্ৰকল্প। দীৰ্ঘম্যাদী এক লক্ষ্যৰে শিল্পৰ জড়িয়তে নিজৰ মন্তব্য প্ৰকাশ কৰি ভিন্ন প্ৰান্তৰ বহু লোকে গুৰুত্ব সহকাৰে কাম কৰি গৈছে গুলাবী গেং আৰ্ট প্ৰজেক্টৰ বাবে। আৰ্থী পা্ৰ্থসাৰথীয়ে জানে এই প্ৰকল্পটোৰ পৰা কিমান বৃহৎ প্ৰভাৱ পৰিব পাৰে।

পুণিতা শুক্লা ৰায়

পুণিতা শুক্লা ৰায়


ফিয়েৰলেছ কালেক্টিভিছ আৰম্ভ হৈছিল পোষ্টাৰেৰে । ব্যক্তিগত ভাবে ভয়হীন বুলিলে যি মনলৈ আহে সেই ভাৱ প্ৰতিফলন ঘটোৱা পোষ্টাৰেৰে। পোষ্টাৰ সমূহ প্ৰদৰ্শণ কৰা হৈছিল ৰাজহুৱা স্থানত। পৰবৰ্তী সময়ত ৰাজহুৱা স্থানত বিভিন্ন শিল্প কলাৰ জড়িয়তে প্ৰসাৰ হৈছিল ফিয়েৰলেছ কালেক্টিভিছৰ অভিযান। ফিয়েৰলেছ কালেক্টিভিছে বাংগালুৰু, আহমেদাবাদ, মুম্বাইত মুৰেল উপস্থাপন কৰিছিল। কোনো স্থানত এটা প্ৰদৰ্শনৰ বাবে সেই স্থানৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সৈতে আলোচনা কৰি নতুন নতুন ধাৰণাৰো অৱতাৰণা কৰা হৈছিল। ভিজুৱেল মেডিয়ামটোৱেই মানুহৰ ওচৰ চপা বা প্ৰভাব পেলাব পৰা আটাইতকৈ সহজ মাধ্যম। আৰু তাৰ যেন পুৰা মাত্ৰাই সুবিধা লৈছিল ফিয়েৰলেছ কালেক্টিভিছে।

বিশেষ চৰ্চা লাভ কৰা গুলাবী গেং আৰ্ট প্ৰজেক্টৰ এটা বিষয় হ’ল- মানৱতা ফেমিনিজিমৰ উৰ্ধত। বাছত মহিলাৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত গুলাবী গেং আৰ্ট প্ৰজেক্টৰ এক স্পৰ্শকাতৰ বাৰ্তা আছিল এনেধৰণৰ- মহিলাৰ বাবে সংৰক্ষিত আসন আন কিছুমান লোকৰ বাবে বেছি প্ৰয়োজন। ফেমিনিজিম আৰু শিল্পৰ মাজত বহু সাদৃশ্য আছে। সেইবাবে বহুতে গুলাবী গেং আৰ্ট প্ৰজেক্ট ফেমিনিজমৰ সৈতে ৰিজনি কৰিব বিচাৰে। এই সম্পৰ্কত ৰুচি ভিমানীৰ মন্তব্য এনেধৰণৰ-“মই নিজকে ফেমিনিষ্ট বা নৰীবাদী বুলি নাভাবোঁ। আচলতে এই সম্পৰ্কত নাভাবোঁৱেই। শিল্পই কেতিয়াও মানৱতাক অৱমাননা নকৰে কাৰণ ফেমিনিজিমো মানৱতাই।” আনহাতে আৰ্থী পা্ৰ্থসাৰথীয়ে ভাবে- “পৰিভাষাৰ দিশৰ পৰা ফেমিনিজিম মহিলাৰ সম অধিকাৰৰ বাবে এক আন্দোলন। কিন্তু পুৰুষক ঘৃণা কৰা ফেমিনিজিম এক বক্ৰোক্তি মাত্ৰ। এয়া কোৱা কথাহে । তেনে ফেমিনিষ্ট ক’তো নাই।”

কল্যাণী গণপথী

কল্যাণী গণপথী


গুলাবী গেং আৰ্ট প্ৰজেক্টৰ প্ৰতি সহাঁৰি প্ৰতি দিনে বৃদ্ধি পাইছে। আশ্চৰ্যকৰ ভাবে এই শিল্প প্ৰকল্প সীমাবদ্ধ হৈ থকা নাই কেৱল শিল্পীৰ মাজত। শিল্পৰ সৈতে জড়িত নথকা সকলো গুলাবী গেং আৰ্ট প্ৰজেক্টত বিভিন্ন শিল্পৰে সাঙোৰ খাই পৰিছে। গুলাবী গেং আৰ্ট প্ৰজেক্টৰ বহু পোষ্টাৰ নিজকে শিল্পী বুলি নভবা লোকে কৰা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ব্ৰিটেইন আৰু অষ্ট্ৰ্লিয়াৰ শিল্পীৰ সঁহাৰি পাইছে গুলাবী গেং আৰ্ট প্ৰজেক্টে। ইন্টাৰনেটৰ সৈতে চিনাকী নথকা বহুলোক বিশেষ ভাবে লাভান্বিত হৈছে এই প্ৰকল্পৰ পৰা। তেওঁলোকৰ শিল্পও প্ৰচাৰ হৈছে ইন্টাৰনেটৰ জড়িয়তে। শিল্পী ছি’লই এই প্ৰকল্পটো কৰিছিল মুম্বাইৰ মাছমৰীয়া ক’লিৱাৰা সম্প্ৰদায়ৰ মাজত। শ্ৰেণী, সম্প্ৰদায়, লিংগ বিভেদৰ পৰিধি ভাঙি আগবাঢ়ি যোৱাৰ ক্ষমতা আছে শিল্পৰ। এতিয়া গুলাবী গেং আৰ্ট প্ৰজেক্টকো কেৱল চহৰতে আবদ্ধ নাৰাখি অন্যান্য ভিতৰুৱা অঞ্চললৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে।

প্ৰকল্পটোৰ ফেচবুক এলবাম চালে দেখা যায় বিভিন্নজনে ভয়হীনতা আৰু ফেমিনিজিম নিজে উপলদ্ধি কৰা ধৰণে উপস্থাপন কৰিছে। এই প্ৰকল্পটোৰ জড়িয়তে বহু শিল্পীয়ে ইজনে সিজনক ব্যক্তিগত ভাবে লগ পাইছে। বহু শিল্পী ছিল’ শিৱ ছুলেইমানৰ সৈতে বিভিন্ন চহৰত মুৰেল বনাবলৈ আগ্ৰহী হৈ পৰিছে।

সমিধা গুণজল

সমিধা গুণজল


গুলাবী গেং আৰ্ট প্ৰজেক্টৰ সফলতাত উৎসাহী হৈ পৰিছে ৰুচি ভিমানী। “এখন তথ্যচিত্ৰৰ পৰা অনুপ্ৰেৰণা পাই শিল্পৰ সৃষ্টি হোৱাটোৱে মোক খুবেই ৰোমাঞ্চিত কৰি তুলিছে। মই বিচাৰোঁ আৰু বহু মানুহ এই আন্দোলনৰ সৈতে জড়িত হৈ পৰক। সদ্ব্যৱহাৰ কৰক এই প্লেটফৰ্মৰ।”- ৰুচি ভিমানী।

image


“আমি আশা কৰোঁ মহিলাৰ অধিকাৰ, ফেমিনিজিম আদি বিষয় সমূহ শিল্পৰ জড়িয়তে আমি মানুহৰ অধিক ওচৰ চপাই নিব পাৰিম।”- আৰ্থী পাৰ্থসাৰথিৰ মন্তব্য এয়া।