EDITIONS
Asamiya

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

পাৰম্পৰিক ভাৰতীয় পোছাক পিন্ধিও আপুনি লোলুপ দৃষ্টিৰ পৰা হাত সাৰিব নোৱাৰে ।

Team Asamiya
24th Nov 2016
Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share

বটে পথে মহিলাক অশালীন ব্যৱহাৰ এটা সদায় ঘটি থকা ঘটনা । একচন এইডৰ এটা সমীক্ষা মতে ভাৰতৰ ৭৯ শতাংশ মহিলা, থাইলেণ্ডৰ ৮৬ শতাংশ, ব্ৰাজিলৰ ৮৯ শতাংশ আৰু লণ্ডনৰ ৭৫ শতাংশ মহিলা ৰাজহুৱা স্থানত হাৰাশাস্তি অথবা হিংসাৰ সন্মূখিন হয় ।

চিন্থিয়া গ্ৰাণ্ট ব্ৰাউনে Street Harassment and the Informal Ghettoization of Women, (Harvard Law Review, Vol. 106, January 1993) শীৰ্ষক এক প্ৰৱন্ধত লিখিছিল, "এগৰাকী মহিলা বাটেৰে খোজ কাঢ়ি গৈ আছে । এজন অচিনাকী পুৰুষে এটা অশালীন ইঙ্গিত দিলে । মহিলাগকাৰকীয়ে হয় তাৰ প্ৰতিবাদ কৰিব নহয় তাক অৱজ্ঞা কৰি গৈ থাকিব । ই এক অতি গতানুগতিক ঘটনা প্ৰৱাহ । বছৰৰ প্ৰতিটো দিনতে এই ঘটনা সংঘটিত হয় । ওপৰে ওপৰে চালে ই এক অতি সাধাৰণ ঘটনা ।

অৰুণ প্ৰেমৰ ছৱি- দ্ৰৌপদীৰ বস্ত্ৰহৰণ দ্ৰৌপদী

অৰুণ প্ৰেমৰ ছৱি- দ্ৰৌপদীৰ বস্ত্ৰহৰণ দ্ৰৌপদী


ইতিমধ্যে এই বিষয়ে বহু কথা কোৱা হৈছে । বহু কথা লিখা হৈছে । বহু ভিডিঅ' নিৰ্মাণ কৰা হৈছে ইয়াক লৈ । শেহতীয়াকৈ মুম্বাইৰ তিনিজন ছবি নিৰ্মাতাই বনোৱা এটা ভিডিঅই বহুতৰে চকু থৰ কৰি দিব ।

কৃষ্ণণ, অন্বিতা আৰু আদিত্য

কৃষ্ণণ, অন্বিতা আৰু আদিত্য


আদিত্য সিং, অন্বিতা সুদৰ্শন আৰু কৃষ্ণণ খট্ৰাই মুম্বাইৰ বাটে-পথে মহিলাৰ প্ৰতি পুৰুষৰ লোলুপ চাৱনিৰ বিষয়টো বিশ্লেষণ কৰাৰ চেষ্টা চলাইছিল । ২৬ বছৰীয়া অন্বিতাই কয়, "আমি প্ৰথমে তেওঁলোকৰ প্ৰতি আক্ৰমণাত্মক লহৈ তেওঁলোকৰ দিশটো বুজিবলৈ যত্ন কৰিছিলো । কিন্তু সঁচাকৈ ক'বলৈ গলে তেওঁলোকৰ মনোভাৱ অবিশ্বাস্য ধৰণৰ ।"

ছৱি নিৰ্মাতকেইজনে অন্বিতা আৰু গুঞ্জনৰ ( পৰিবেশিকা) প্ৰতি অশালীন দৃষ্টি নিক্ষেপ কৰা পুৰুষ কিছুমানৰ সৈতে কথা পাতিছিল । এই পুৰুষকেইজনৰ মনত তেওঁলোকৰ ব্যৱহাৰক লৈ কোনো সংকোচ বা দ্বিধা নাই । তেওঁলোকে বৰঞ্চ নিৰ্লজ্জভাৱে এগৰাকী মহিলাৰ প্ৰতি লোলুপ দৃষ্টি দিয়াটোক অতি স্বাভাৱিক বুলি ভাবে । এই লোকসকলে এগৰাকী নাৰীক ফুলৰ পৰা তাজমহললৈকে বিভিন্ন বস্তুৰ সৈতে তুলনা কৰাৰ লগতে এগৰাকী সুন্দৰী মহিলাক হাৰাশাস্তি কৰাটো কোনো দোষণীয় কথা নহয় বুলি কোৱালৈকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওংলোকৰ দৃষ্টিত নাৰী এটা উপভোগ্য বস্তু । এটা কথা এই ভিডিঅ'টোত স্পষ্টভাৱে প্ৰকাশ পাইছে যে ভাৰতীয় পাৰম্পৰিক পোছাক পিন্ধিও হাৰাশাস্তিৰপৰা সাৰিব নোৱাৰে এগৰাকী মহিলা । 


অন্বিতাই কয়, "এই ভিডিঅটো সমাজৰ এখন দাপোনৰ বাহিৰে আন একো নহয় । এইখনেই আমাৰ পৃথিৱী । এই ভিডিঅ'টোৰ লক্ষ্য হৈছে এই বিষয়টোক এটা বিতৰ্ক হিচাপে উপস্থাপন কৰা । ইয়াক আমি কাৰ্পেটৰ তলত সুমুৱাই থৈ দিব নোৱাৰোঁ । আমি এই বিষয়টো সম্পৰ্কে কথা পাতিলেহে ইয়াৰ এটা সমাধান ওলাব ।"

আমাৰ সমাজৰ চিন্তাধাৰা সলনি হোৱাটো দৰকাৰী । একে ৰাতিতে ই নহয় । এই দিশত আবিৰত চৰ্চা আৰু পদক্ষেপেহে কিবা এটা সমাধান আনিব । 

মূল- তন্বী ডুবে

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ক'লা বগা টকাৰে মোডীৰ চমক

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share
Report an issue
Authors

Related Tags