EDITIONS
Asamiya

ধাৰলৈ লোৱা চিলাই মেচিনেৰে শ্বেতা ছোনীয়ে স্থাপন কৰিলে বিশাল ব্যৱসায়

21st Dec 2015
Add to
Shares
23
Comments
Share This
Add to
Shares
23
Comments
Share

কথাতে কয় মানুহে পাঙে, বিধাতাই ভাঙে। সকলোৰে মনত অঘটনৰ আশংকা থাকে,কিন্ত সকলোৱে তাক উপেক্ষা কৰে। কিন্ত হঠাৎ আপুনি কল্পনাও নকৰা কিবা এটা অঘটন ঘটিলে কি কৰিব? শ্বেতা ছোনীৰ কাহিনীটো শুনক।

গাৰ্হস্থ্য জীৱনক লৈ ভীষণ সুখী আছিল শ্বেতা ছোনী। এদিন হঠাৎ তেওঁৰ জীৱন সলনি হৈ গ’ল।তেওঁৰ স্বামীৰ হাৰ্ট এটেক হ’ল।ঘৰুৱা কাম-কাজ কৰিয়েই দিন কটোৱা শ্বেতাৰ মূৰত যেন সৰগ ভাগি পৰিল।এতিয়া কি হ’ব। জীৱনৰ সেই সন্ধিক্ষণত শ্বেতা ছোনীয়ে উদ্যমিতাৰ বাটত প্ৰথমটো খোজ দিলে।

image


২০১৩চনত শ্বেতাই অম্বৰ জয়পুৰ আৰম্ভ কৰিলে।শিশুৰ কাপোৰৰ ক্ষেত্ৰত তেওঁ বিপুল চাহিদাৰ উমান পাইছিল আৰু তাৰ সুযোগ লব বিচাৰিছিল।তেওঁ ভাৰতীয় হেণ্ড ব্লকেৰে পশ্চিমীয়া পোচাক প্ৰস্তুত কৰিছিল।তেওঁৰ ইণ্ডিয়ান লাইনত ছোৱালীৰ বাবে আছিল লেহেংগা চোলি আৰু ল’ৰাৰ বাবে কূৰ্তা-পায়জামা,নেহৰু জেকেট আৰু হাফপেণ্ট।এজন দৰ্জী আৰু জয়পুৰৰ এজন বন্ধুৰ পৰা ধাৰলৈ লোৱা চিলাই মেচিনেৰে শ্বেতাই কাম আৰম্ভ কৰিছিল।

‘ডেৰ বছৰ পিছত আৰু মোৰ তলত আঠ কৰ্মচাৰীয়ে কাম কৰে আৰু মোৰ আঠটা মেচিন আছে।আগন্তক দুবছৰত সংখ্যাটো ৫০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে। মই ফেচবুকৰ নিজা ‘পেইজ’ৰ পৰা আৰম্ভ কৰিছিলো আৰু আচৰিত কথা ফেচবুক ফ্ৰেণ্ডচসকলৰ পৰাই অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিলো।দুমাহ পিছত অষ্ট্ৰেলিয়ান কোম্পানী এটাই মোৰ কালেকচন দেখি প্ৰথমটো অৰ্ডাৰ দিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। এয়া ভীষণ উৎসাহজনক আছিল’- জনালে শ্বেতাই।

আত্মনিৰ্ভৰ নহবলৈ শ্বেতাৰ উচ্চাকাংক্ষাৰ অভাৱ নাছিল।উত্তৰ প্ৰদেশৰ সৰু চহৰ ছাহজাহামপুৰত তেওঁৰ জন্ম। পঢ়া-শুনাত ভাল হোৱাৰ উপৰি সৃষ্টিশীলো আছিল। কিন্ত নব্বৈ দশকত সৃজনীশীলতা আছিল এক বিলাস। পঢ়া-শুনা কৰি ডাক্তৰ ইঞ্জিনীয়াৰ বা প্ৰশাসনিক বিষয়া হোৱাতেই সকলোৱে জোৰ দিছিল।দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান অধ্যয়ন সম্পূৰ্ণ কৰি গৈছিল।তেওঁৰ গ্ৰেড তলতৈ নামি গৈছিল।তেওঁৰ সৃষ্টিশীলতাক কোনেও গুৰুত্বই নিদিলে,ৰিজাল্ট বেয়া হ’বলৈ ধৰিলে,অধ্যয়নৰ ৰুচি শেষ হৈ গ’ল আৰু আত্মবিশ্বাস ক্ৰমাৎ নোহোৱা হ’বলৈ ধৰিলে।তাৰ পিছত তেওঁ শাখা সলনি কৰিলে আৰু জয়পুৰৰ আইতাকৰ ঘৰত থাকি চাৰুকলাত স্নাতক ডিগ্ৰী লাভ কৰিলে।

‘জীৱনত কিবা হোৱা বা কৰাৰ ইচ্চা মই সম্পূৰ্ণ বিসৰ্জন দিছিলো আৰু আন বহু ভাৰতীয় ছোৱালীৰ দৰে বিয়াত বহিলো।প্ৰতিভা,সৃজনীশীলতা আদি শব্দ মই পাহৰি পেলালো’- ক’লে শ্বেতাই।

‘কোনো এক্সপ’জাৰ নথকা এখন সৰু চহৰ,কম বয়সতে বিয়া,ইণ্টাৰনেট নাছিল আৰু উদ্যমিতাৰ বিষয়ে মানুহে একো জনা নাছিল,কিবা এটা কৰাৰ সুযোগ সীমিত আছিল।আমি দেখা বা শুনাত কোনোবা আণ্টি বা মহিলাই বুটিক খোলাটোৱেই বহুত ডাঙৰ কথা আছিল।ছোৱালীৰ আশা-আকাংক্ষাতকৈ মাক-দেউতাকৰ বাবে বিয়া দিয়াটোৱেই বেছি গুৰুত্বপূৰ্ণ আছিল। এনে পৰিৱেশত ডাঙৰ-দীঘল হোৱা বাবে মইও ডাঙৰ হৈ নাৰীৰ কাম,কেৱল বিয়া হৈ বংশ বৃদ্ধি কৰাই বুলি জানিবলৈ বুলি ভাবিবলৈ আৰম্ভ কৰিছিলো।সেয়া মোৰ আটাইতকৈ ডাঙৰ অজ্ঞানতা আছিল’- স্বীকাৰোক্তি ছোনমৰ।

যিটো নিশা স্বামীৰ হাৰ্ট এটেক হ’ল সেই নিশা শ্বেতাৰ সুখৰ বেলুনটো ফুটি থাকিল, ভৱিষ্যতৰ হিচাব-নিকাচ আৰম্ভ হ’ল।স্বামীক তেওঁ হাস্পতাললৈ নিলে আৰু চিকিৎসকৰ চেষ্টাত প্ৰাণ ৰক্ষা পৰিল।শহুৰেকে গাড়ী চলাব নাজানিছিল আৰু তেওঁ নিজেও ভাল ড্ৰাইভাৰ নাছিল। গতিকে তেওঁ এক বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।সেই নিশাটোৰ কথা মনত পৰিলে আজিও তেওঁৰ চকু সেমেকি উঠে।

‘সেই ৫-৬ দিনৰ হাস্পতালৰ বাহিৰে-ভিতৰে আৰু ঘৰত আচম্বিতে মই বহুত সিদ্ধান্ত ল’বলগীয়া হ’ল।শাৰীৰিক আৰু মানসিকভাৱে মই ভাগি পৰিছিলো, কিন্ত সন্তান আৰু শহুৰৰ পৰিয়ালৰ আগত চকুপানী টোকা নাছিলো।’স্বামীৰ অসুস্থতাৰ বাবে দায়িত্ব লোৱাৰ বাহিৰে তেওঁৰ কোনো উপায় নাছিল যদিও পিছত তেওঁক ঘৰলৈ অনা হ’ল আৰু স্বাস্থ্যও পুনৰুদ্ধাৰ হ’ল। শ্বেতাই স্বামী,তেওঁৰ কাম আৰু ঘৰুৱা সকলো কাম-কাজত মনোনিৱেশ কৰিলে।

‘মই অনুভৱ কৰিলো যে কৰিবলৈ ইমান কাম আছে যে কঠিন পৰিস্থিতিটো মই এক শক্তিশালী ব্যক্তি হ’ব পাৰো।মাত্ৰ মই আত্মবিশ্বাস বজাই ৰাখিব লাগিব।’ জীৱনত প্ৰথম বাৰৰ বাবে শ্বেতাই উপলব্ধি কৰিলে তেওঁ আত্মনিৰ্ভৰ হব লাগিব। ‘মই ভাৱো নিজাকৈ কিবা এটা আৰম্ভ কৰিবলৈ নিজকে পতিয়ন নিওৱোটোৱেই মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। ইয়াৰ পিছত সকলো প্ৰত্যাহ্বানেই নগণ্য আছিল’- ক’লে শ্বেতাই।

জীৱনত তেওঁ বাহিৰত একো কাম কৰি পোৱা নাছিল।পইচাৰ বিষয়টো আছিল,কিন্ত আটাইতকৈ ডাঙৰ সমস্যাটো আছিল তেওঁৰ আত্মবিশ্বাসৰ অভাৱ। নিজৰ ওপৰত তেওঁৰ বিশ্বাস নাছিল।তৎসত্বেও তেওঁ আৰম্ভ কৰিলে আৰু লাহে-লাহে যেতিয়া তেওঁৰ ডিজাইন প্ৰশংসিত হ’বলৈ ধৰিলে তেওঁৰ আত্মবিশ্বাসো বাঢ়িবলৈ ল’লে আৰু উদ্যমো বাঢ়িল। মানুহে আপোনাক পিতা বা পতিৰ সলনি নিজৰ নামেৰে জানিব লাগে’-ক’লে শ্বেতাই।

‘সকলো নাৰীলৈ মোৰ পৰামৰ্শ,অন্তত এবাৰ হ’লেও চেষ্টা কৰক। চেষ্টা নকৰালৈ আপোনাৰ ভিতৰত কি আছে আপুনি গম নাপায়। মোৰ জীৱনলৈ দুৰ্যোগ নাহিলে মোৰ প্ৰতিভা,আকাংক্ষা আৰু আটাইতকৈ ডাঙৰ কথা মোৰ নিজা পৰিচয় সকলো অথলে গ’লহেঁতেন।

এই বাৰ্তাটোকে অধিক আগুৱাই শ্বেতাই কয়যে নাৰীৰ সম অধিকাৰৰ কথাটোৰ দুটা দিল আছে।নাৰী হিচাপে আমি আমাৰ জীৱনৰ পুৰুষ সকলকো সমানে সহায়-সহযোগো কৰিব লাগে।সেয়া লাগিলে পিতৃ, স্বামী বা পুত্ৰক যিয়ে নহওক আমি তেওঁলোকক মানসিক,শাৰীৰিক বা আৰ্থিক ভাৱে সংগ সহায় দিব লাগে।স্বামীৰ পৰা তেওঁ প্ৰেৰণা লাভ কৰে। সন্তান দুটিয়ে তেওঁ ডিজাইন কৰা কাপোৰ পিন্ধা দেখিলে শ্বেতাই গৰ্ব অনুভৱ কৰে।‘আপুনি ভাল পোৱা কামটো কৰিবলৈ পালে আপুনি সদায় উৎসাহিত অনুভৱ কৰিব।এয়া কেৱল এটা ফকৰা নহয়’- ক’লে শ্বেতাই।

তেওঁৰ ভাল লাগে তেওঁ অফিচলৈ যাব নালাগে আৰু ডিজাইনৰ সৈতে আপোচ কৰিব নালাগে।তেওঁৰ যি ভাল লাগে সেয়াই কৰে। গ্ৰাহকৰ প্ৰশংসাই তেওঁক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, কিন্ত তেতিয়াও তেওঁ অনুভৱ কৰে যে তেওঁ ডাঙৰ ডিজাইনাৰৰ বাবে বস্ত্ৰ তৈয়াৰ নকৰে।‘মই জানো মই সেইখিনি পামগৈ,কেতিয়া নাজানো.....কিন্ত এটা কথা জানো যে সেইখিনি পাম বুলি ভাৱিলে মই ইমান তলৰ পৰা আৰম্ভ নকৰিলোহেঁতেন’- ক’লে শ্বেতাই।

শ্বেতাই নিজৰ ডেউকা মেলিব বিচাৰে আৰু ওখলৈ উৰিব বিচাৰে কিন্ত তেওঁৰ সপোন সাধাৰণ। এই গৰাকী উদ্যমীয়ে ক’লে- ‘মই বিখ্যাত ডিজাইনাৰ হ’ব নিবিচাৰোঁ।নিবিচাৰোঁ মোৰ পোছাক মানুহে বহুত পইচা দি কিনক।মই কেৱল বিচাৰোঁ ভাৰত বা বিদেশৰ আটাইতকৈ বেছি ষ্টোৰত মোৰ কাপোৰ উচিত মূল্যত পোৱা হওক। মই বিচাৰোঁ বিদেশৰ সকলো শিশুৱে ভাৰতীয় ডিজাইনৰ কাপোৰ পিন্ধা। মই বিচাৰোঁ মোৰ ব্ৰেণ্ডটো গ্ল’বেল ব্ৰেণ্ড হওক।’

মূলঃ ছাহিল, 

অনুবাদঃ লুইত পাঠক


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


কেতবোৰ অন্যান্য কাহিনী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

শাৰীৰিক অক্ষমতাই সফল ক্ষুদ্ৰ উদ্যোগীত পৰিণত কৰিলে বাবুল মজুমদাৰক

চাৰ্টাৰ্ড একাউনটেন্ট হোৱা এজন চাহ দোকানীৰ কথা

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

Add to
Shares
23
Comments
Share This
Add to
Shares
23
Comments
Share
Report an issue
Authors

Related Tags