EDITIONS
Asamiya

আধুনিকতাৰ মাজত এক মুক্ত প্ৰাণ : বৈপৰীত্যৰ সমাহাৰ শিৱিকা সিনহা

মূল- ৰাখী চক্ৰৱৰ্তী

20th Oct 2016
Add to
Shares
10
Comments
Share This
Add to
Shares
10
Comments
Share

এই কাহিনীটো টানিস্কে স্পনচৰ কৰা মিয়া উইমেন ছিৰিজ (Mia Women Series)ৰ অন্তৰ্গত য'ত আমি সাহসী আৰু উদ্যমী মহিলাসকলৰ বৰ্ণিল কাহিনী উপস্থাপন কৰোঁ । (প্ৰকাশিত সকলো প'ষ্টৰ ওপৰত হাৰ ষ্টৰীৰ সম্পুৰ্ণ সম্পাদকীয় নিয়ন্ত্ৰণ আছে । )

শিৱিকা সিনহাৰ কাব্যোপম নামটোৰ এটা সুন্দৰ অৰ্থ আছে- পালকী। ‘কোনো উদ্দেশ্য নোহোৱাকৈয়ে এই নাম দিয়া হৈছিল আৰু ক’বলৈ গ’লে এই অৰ্থ মোৰ সৈতে অকণো খাপ নাখায়। মাত্ৰ মই ভালপোৱা কথাটো হৈছে যে নামটো শিৱ আৰু সৃষ্টিৰ শক্তিৰ সৈতে জড়িত’, তেওঁ ক’লে। এই আলোচনাই বিশ্লেষণ কৰি দেখুৱাইছিল যে কেনেদৰে তেওঁ কম বয়সতে এই বাংময় জ্ঞানৰ জগতত প্ৰৱেশ কৰিলে। তেওঁ কৰ্প’ৰেট কেৰিয়াৰত আগুৱাই যাব পাৰিলেহেঁতেন, য’ত তেওঁ বৃহৎ ফেশ্বন ব্ৰেণ্ডৰ ডিজিটেল মাৰ্কেটাৰৰ ৰূপত কাম কৰিছিল, এয়াই সৃষ্টিশীলতা আৰু তেওঁৰ জীৱনত কলাত্মক প্ৰকাশৰ প্ৰভাৱ অপৰিসীম। এক অপূৰ্ণতাক লৈ সন্তুষ্ট শিৱিকাই ক’লে তেওঁৰ যাযাবৰী শৈশৱ, কলাৰ প্ৰতি ভালপোৱা আৰু আচৰিত আচৰিত লগা সকলো কথা।


image


মই ডাঙৰ-দীঘল হৈছো অতি আন্তৰ্জাতিকভাৱে। সেই সময়ত মই ইয়াকেই সাধাৰণ বুলি ভাবিছিলো কিয়নো মই যিবোৰ ল’ৰা-ছোৱালীক লগ পাইছিলো তেওঁলোকৰ শৈশৱো একে ধৰণৰেই আছিল।

এতিয়া মই অনুভৱ কৰিব পাৰিছো যে দ্ৰুত স্থানান্তৰণে মোক মানৱীয়তাৰ সঁচা অনুভূতি প্ৰদান কৰিছিল। মই বুজিব পাৰিছিলো সেই অন্তৰায়সমূহ অত্যুক্তি মাত্ৰ যিয়ে মানুহৰ মাজৰ বিভাজন আনে।

আফ্ৰিকাত থকাৰ সময়ত মই যিসকল বন্ধু-বান্ধৱীক লগ পাইছিলো তেওঁলোকৰ অনুপ্ৰেৰণা, তেওঁলোকৰ আশা-সপোন অথবা তেওঁলোকক জীৱনৰ ৰঙৰ সৈতে ভিয়েটনাম অথবা বাংলাদেশ, ভাৰত অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহৰ মিল আছে। মই ভাৰতৰপৰা গৈছিলো দুবছৰ বয়সতে। মই শৈশৱ পাৰ কৰিছিলো নাইজেৰিয়া, জিম্বাব’ৱে, ভিয়েটনাম আৰু বাংলাদেশত। মই পুনৰ ভাৰতলৈ উভতি আহিলো আৰু হিমালয়ৰ এখন ব’ৰ্ডিং স্কুলত শিক্ষা আৰম্ভ কৰিলো আৰু ইয়াৰ দুবছৰ পিছত নিউয়ৰ্কলৈ গৈ মানহাট্টানভিল কলেজত নাম লগালো প্ৰাক্-স্নাতক শিক্ষাৰ বাবে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মই নিউয়ৰ্ক চিটীৰ মানহাট্টানত এবছৰৰ বাবে পেছাদাৰী নৃত্যশিল্পীৰ ৰূপত কাম কৰিছিলো। ইয়াৰ পিছতে মই গ্ৰেড স্কুলৰ বাবে চিকাগোৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটীলৈ গ’লো। নিউয়ৰ্কলৈ অহাৰ আগতে মই কিছুদিনৰ বাবে কলৰাডোত কাম কৰিছিলো।

মই ডাঙৰ হোৱাৰ সমান্তৰালভাৱে বহুতো পেছাৰ কথা ভাবিছিলো। কিন্তু মই আটাইতকৈ ভালপোৱা পেছাটো আছিল পেছাদাৰী নৃত্যশিল্পীৰ। মোক কল্পনা আছিল মই এখন মঞ্চত থিয় হ’ম, তাৰ পিছত নৃত্য পৰিৱেশন কৰিম। মঞ্চৰ সন্মুখত থাকিব শ শ বিমুগ্ধ দৰ্শক। মোৰ সেই অনুভূতি আজিও সজীৱ হৈ আছে আৰু সেইবাবেই মই মাৰ্কেটিঙত আছো। ই মোক মানুহৰ সন্মুখত প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ দিয়ে। গতিকে মই জানোঁ মই তেনেকুৱাই কিবা এটা কৰিব লাগিব, কিন্তু মই নাজানো কিদৰে কামটো শেষ কৰিম।

মোৰ প্ৰাক স্নাতক ডিগ্ৰীৰ সময়ত মই ফাইন আৰ্ট শিকিছিলো। মই পোনপটীয়াভাৱে তাৰপৰাই স্নাতকোত্তৰ কৰাৰ কথা ভাবিছিলো। কিন্তু মোৰ নামভৰ্তি এবছৰলৈ ৰৈ গ’ল আৰু সেই সপোন স্তিমিত হৈ ৰ’ল। নিউয়ৰ্ক চিটীত মই এবছৰৰ বাবে পেছাদাৰী নৃত্যশিল্পীৰ ৰূপত কাম কৰিছিলো। সেই সময়ত সকলোৱে ভাবিছিল মই আচহুৱা। কিন্তু মই হৃদয়েৰে বিশ্বাস কৰোঁ, যদিহে ব্যস্ততা নথকা সেই বয়সতে নকৰিলোহেতেন তেন্তে মই কেতিয়াও কৰিব নোৱাৰিলোহেতেন।

মোৰ বৰ্তমানৰ চাকৰি কৰোঁ ইণ্টাৰমিক্সত। ইয়াত বিভিন্ন ব্ৰেণ্ডক তেওঁলোকৰ বিক্ৰী বৃদ্ধিৰ বাবে সহায় কৰাৰ লগতে ডিজিটেল প্ৰযুক্তিৰে তেওঁলোকৰ ব্ৰেণ্ডিং উন্নত কৰিব লাগে। মই বিশেষভাৱে হাই ফেশ্বন ব্ৰেণ্ডসমূহৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখোঁ। ইয়াত আছে যথেষ্ট সৃষ্টিশীলতা, কৌশলপূৰ্ণভাৱে চিন্তা, সমান্তৰালভাৱে লৈ আহিব পাৰি নতুন ধাৰণা। একে সময়তে ই হৈছে বিশ্লেষণাত্মক আৰু সাংখ্যিক। মই ইয়াক ভালপাওঁ কাৰণ উভয় জগততে ই সৰ্বোত্কৃষ্ট, সোঁ মগজু আৰু বাওঁ মগজুৱে ইয়াত একে সময়তে কাম কৰিব লাগে। নিউয়ৰ্ক চিটীত ফেশ্বন হৈছে দ্ৰুততম প্ৰসাৰিত উদ্যোগ। ইয়াৰ সৈতে ডিজিটেল প্ৰযুক্তি আৰু নব্য মাধ্যমৰ সংযোজন, ইমানেই মোৰ পেছাৰ দ্ৰুতি।

মোৰ পেছাই যিদৰে গত লৈছে তাক লৈ মই সুখী। অতি কম সময়ৰ ভিতৰতে মই বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। যেতিয়াই মোৰ মাৰ্কেটিঙক লৈ আগ্ৰহ আৰম্ভ হ’ল তেতিয়া ইয়াৰ সৈতে জড়িত সকলোতেই মই শিক্ষানবিচৰূপে কাম কৰিবলৈ আৰম্ভ কৰিলে, সেয়া আছিল আলোচনী প্ৰকাশনৰপৰা ইউনিচেফৰ উপাৰ্জনবিহীন কামলৈ। মই পৰামৰ্শদাতাৰূপে সেৱা প্ৰদান কৰিছিলো আৰু হাই ফেশ্বনৰ সৈতে কাম কৰিছিলো। এতিয়া মই খুচুৰা বিক্ৰী পৰ্যবেক্ষণ কৰোঁ। মাৰ্কেটিঙৰ কামৰ বাহিৰে মই এগৰাকী শিল্পী। মই এগৰাকী পেছাদাৰী নৃত্যশিল্পী। গতিকে মোৰ অভিজ্ঞতাত বৈচিত্ৰ্যও আছে।


image


জখলা বগোৱাৰ কৌশল হিছাপে মই ক’ম ২০ বছৰ বয়সৰ সময়ছোৱাত অতি কষ্টেৰে কাম কৰক। প্ৰত্যাহ্বান গ্ৰহণ কৰক। অনুসন্ধিৎসু হওঁক। ষ্টিভ জবছে কৈছিল, ‘ভোকাতুৰ হৈ থাকক।’ শিকি থাকক। প্ৰশ্ন কৰক। যিমান পাৰে সিমান মানুহৰ সৈতে কথা পাতক।

সামাজিক মূলধনক কেতিয়াও অৱজ্ঞা নকৰিব। ২০ বছৰ বয়সত যিবোৰ কৰিব, তাৰ প্ৰতিফল পাঁচ-দহ বছৰৰ ভিতৰত লাভ কৰিব। আপুনি যিয়েই পাব নিবিচাৰে, সেই ধাৰণা যিমানেই আচহুৱা নহওক কিয়। যদিহে আপুনি নকৰে, তেন্তে খেদ প্ৰকাশ কৰিব লাগিব।

একেই সিদ্ধান্ত ৩০ অথবা ৪০ বছৰ বয়সত লোৱাটো অধিক কঠিন হৈ পৰিব। মোৰ সিদ্ধান্ত আছিল মই এবছৰ বিৰতি ল’ম আৰু পেছাদাৰী নৃত্যশিল্পী হ’ম, সেই সিদ্ধান্ত যদিহে ২০ বছৰ বয়সত নল’লোহেতেন তেন্তে মই পিছত ইয়াক সম্ভৱপৰ কৰি তুলিব নোৱাৰিলোহেতেন।

মোৰ উচ্চাকাংক্ষাৰ আঁৰত আছিল ধাৰণাবোৰক ৰূপ দিয়াৰ সুযোগ। আধুনিক সমাজত মাৰ্কেটিং হৈছে অতি শক্তিশালী আহিলা আৰু প্ৰজন্মৰ সংস্কৃতি আৰু ধাৰণাৰ ওপৰত ইয়াত অপৰিসীম প্ৰভাৱ আছে। মোৰ উচ্চাকাংক্ষাৰ আন উৎস, যি কেৱল মোৰ পেছাৰ সৈতেই জড়িত নহয়, সেয়া হৈছে সম্পূৰ্ণ সম্ভাৱনীয়তা আহৰণ কৰা। মই প্ৰতিদিনে শুই উঠাৰ লগে লগে যিমান পাৰোঁ সিমান তীক্ষ্ণ হ’ব বিচাৰোঁ, সম্ভাৱ্য সৰ্বাধিক আত্মবিশ্বাসী হ’ব বিচাৰোঁ।

এই বছৰ মোৰ লক্ষ্য হৈছে ব্ৰেণ্ডৰ উত্তৰণ আৰু উপাৰ্জন বৃদ্ধি কৰা। এই লক্ষ্যৰ ক্ষেত্ৰত মই যথেষ্ট অগ্ৰগতিও লাভ কৰিছো। গতিকে মই যথেষ্ট আহ্লাদিত হৈ আছো। কামৰ মাধ্যমেৰে জনতাৰ জীৱনৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈ মই অন্য লক্ষ্যও নিৰ্ধাৰণ কৰিছো।

মই ফেশ্বনৰ বাণিজ্যিক দিশটোহে নিৰ্বাচন কৰি লোৱাৰ কাৰণ হ’ল মই সেই দিশটোৰ প্ৰতি আগ্ৰহী আছিলো কিন্তু প্ৰাৰম্ভিকভাৱে ফেশ্বনক লৈ মোৰ আগ্ৰহ নাছিল। কিন্তু বিগত বছৰবোৰত মই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছো মহিলাৰ দৈনন্দিত জীৱনত প্ৰভাৱ বিস্তাৰ কৰা ফেশ্বন উদ্যোগত মোৰ কামৰ বাবে। মই ভাবোঁ ফেশ্বন আৰু মহিলা সমান্তৰালভাৱে আগুৱাব পাৰে কিয়নো ই মহিলাৰ বাবে অস্ত্ৰৰ অন্য ৰূপ। এয়া প্ৰতিদিনে যুদ্ধলৈ যোৱা আৰু যুদ্ধৰ সাজ আৰু তৰোৱাল খাপত ভৰাই লোৱাৰ দৰেই কথা। আপুনি ৰণত জিকিবলৈ পোছাক পৰিধান কৰে! আপুনি বিশেষ দিনটোৰ বাবে পোছাক পৰিধান কৰে, দিনটোত আপুনি কি কি কাম কৰিব বিচাৰিব বা কেনেকৈ কৰিব বিচাৰিব সেই অনুসৰি। দিনটো আপুনি কেনেদৰে পাৰ কৰিব তাৰ ওপৰত প্ৰভাৱ থাকিব।

মোৰ ব্যক্তিগত শৈলী বিগত বছৰবোৰত সলনি হৈছে। এতিয়া মোৰ কামৰ শৈলী হৈছে পৰিপাটীতা আৰু হুৰমুৰ নকৰাটো। মই সাধাৰণতে পচন্দ কৰোঁ শ্বীথ ড্ৰেছ আৰু হিল। অথবা ভাল পেণ্টৰ সৈতে চিলোৱা জেকেট আৰু এটা শ্বাৰ্ট। এয়া পৰিপাটিকৈ চিলোৱা, সৰল আৰু মাৰ্জিত। সপ্তাহান্তিকত মই আনন্দ কৰিবলৈ ভালপাওঁ, ৰঙৰ সৈতে খেলি, ফেশ্বনৰ সৈতে খেলি ভালপাওঁ।

মই পৰিধান কৰা অলংকাৰৰ পৰিমাণো সীমিত। মই ভাবো যিকোনো পোচাকৰ সৈতে এটা হাতঘড়ী পিন্ধিব পাৰি। মই পোচাকৰ সৈতে এজোৰ সাধাৰণ ইয়েৰ ৰিং পৰিধান কৰোঁ। মই ষ্ট্ৰং লাইন আৰু জ্যামিতিক আকৃতি ভালপাওঁ। ৰঙীন অলংকাৰ মোৰ ভাল লাগে।

মুকুতাৰ ভিতৰত মই চন্দ্ৰকান্তমণি ভালপাওঁ। ইয়াৰ ৰং আৰু জটিলতাবোৰ মোৰ প্ৰিয়।

মই যেতিয়া চাকৰিত নিয়োজিত নাছিলো, তেতিয়া মই বিভিন্ন সৃষ্টিমূলক কামত নিয়োজিত আছিলো। মই এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। মই বহুতো পেইণ্টিং কৰিছো। মই এগৰাকী উৎসুক ফটোগ্ৰাফাৰ। মই জীৱনৰ বহুবছৰ নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছো। যদিও মই দুৰ্ঘটনাৰ পিছত পেছা হিচাপে বাদ দিছো, তথাপি এতিয়াও নৃত্যৰ প্ৰতি মোৰ উৎসুকতা আছে। মই ব্লগ লিখিও ভালপাওঁ।

এতিয়ালৈ মই সন্মুখীন আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে পেছাদাৰী নৃত্যশিল্পী হিচাপে কাম কৰাৰ সময়ত ৰাজহাড়ত পোৱা আঘাতৰপৰা মুক্তি। চিকিৎসকে মোক কৈছে মই মুক্তভাৱে কেতিয়াও চলাফিৰা কৰিব নোৱাৰিব পাৰোঁ। মই লক্ষ্য নিৰ্ধাৰণ কৰিছিলো যে মই পুনৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিম আৰু সাধাৰণ জীৱন যাপন কৰিম। মোৰ ইচ্ছা শক্তি আছিল। ই মোক শৰীৰৰ ওপৰত মানসিক শক্তিৰ প্ৰভাৱৰ বিষয়ে যথেষ্ট শিকালে।

মই ভাবোঁ বিফলতা হৈছে মোৰ জীৱনৰ আটাইতকৈ ভাল পথ প্ৰদৰ্শক, কিয়নো মই বহুবাৰ বিফল হৈছো। মই বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আৰু মোৰ আৰামী বলয়ৰপৰা আঁতৰৰ বহুতো কাম কৰিছো, যিবোৰ মোৰ বাবে নতুন। সফলতা প্ৰাপ্তিৰ বাবে মই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছো, কেতিয়াবা মুৰ্খামীও কৰিছো। মোৰ সাফল্যই মোক বেছি কথা শিকোৱা নাই। নিশ্চিতভাৱে মই সফলতা উদযাপন কৰিছো, কিন্তু বিফলতাৰপৰা জ্ঞান আহৰণ কৰিছো। ৰাজহাড়ত আঘাত পোৱাৰ পিছত বহুদিনলৈ মই নাচিব পৰা নাছিলো আৰু সাধাৰণ জীৱন যাপন কৰাটোও টান হৈ পৰিছিল। সেয়া অতি কষ্টদায়ক আছিল। কিন্তু পিছলৈ মই বুজিলো ই মোক শিকালে বাচি থকা, শক্তি আৰু আশা। ইয়াৰ কিছুবছৰ পিছত মই পৰ্বতাৰোহণ কৰিলো, নৃত্য কৰিলো আৰু পুনৰ সক্ৰিয় হৈ উঠিলো।

যদিহে কনিষ্ঠসকলক মোৰ ফালৰপৰা উপদেশ পাৰোঁ, মই নিজকে বহুত ভাল পালোহেঁতেন। মই যেতিয়া বিষত কষ্ট পাইছিলো, তেতিয়া মই নিজৰ দেহৰ কথা শুনিলোহেতেন, জিৰনিৰ বাবে অধিক সময় ল’লোহেতেন, ফুৰিবলৈ গ’লোহেতেন। মই যেতিয়া ২০ বছৰীয়া আছিলো তেতিয়া বহুত কষ্ট কৰিছিলো। এতিয়াও মই অত্যন্ত কষ্ট কৰোঁ কিন্তু জিৰণি আৰু আনন্দৰ মাজত এক সমতুলতা ৰক্ষা কৰি চলিব বিচাৰোঁ।

মই অনুভৱ কৰিলোহেতেন যে ডাঙৰ ডাঙৰ পৰিকল্পনাবোৰ সৰু সৰু কথালৈ পৰিৱৰ্তিত হৈ পৰে। দৈনন্দিন ভাল অভ্যাসৰ অনুশীলনে মোক দীঘলীয়া পথেৰে আগুৱাই লৈ গৈছে।

সুখৰ আটাইতকৈ ডাঙৰ গোপনীয় সূত্ৰটো হৈছে নিজৰ প্ৰতি সত্য আৰু শুদ্ধ হোৱাটো তথা এনে এটা জীৱন যাপন কৰা যি আপোনাৰ প্ৰকৃত মানুজনক প্ৰতিনিধিত্ব কৰে। মই জানোঁ এই কথা কোৱাটো অতি সহজ, কিন্তু প্ৰকৃতাৰ্থত ৰূপায়ণ কৰাটো অতি কঠিন।

Add to
Shares
10
Comments
Share This
Add to
Shares
10
Comments
Share
Report an issue
Authors

Related Tags

Latest Stories

Sign up for our Daily Newsletter