অলিম্পিক পদক নিলাম কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ধন যোগাৰ কৰা এথলীটজন

অলিম্পিক পদক নিলাম কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ধন যোগাৰ কৰা এথলীটজন

Friday August 26, 2016,

2 min Read

অলিম্পিকত পদক জয় সকলো খেলুৱৈৰে সপোন । অলিম্পিকৰ এটা পদক আজীৱন সাঁচি ৰাখে অলিম্পিক পদক বিজেতাসকলে । কিন্তু তিনি বছৰীয়া কৰ্কট ৰোগী অলেক জিমানস্কিৰ চিকিৎসাৰ বাবে নিজৰ পদক নিলাম কৰি দিলে ৰিঅ' অলিম্পিকত ডিছকাছ থ্ৰ'ৰ ৰূপৰ পদক বিজয়ী পলেণ্ডৰ খেলুৱৈ পিঅ'টৰ মালাচস্কিয়ে । তেওঁৰ এই কাৰ্যক এক সঁচা অলিম্পিয়ানৰ আদৰ্শ আখ্যা দিছে বহুতেই । 

Images : Independent

শেহতীয়া জয়ৰ পাছত পিঅ'টৰে ফেচবুকত এটা ঘোষণা কৰিছিল, "ৰিঅ'ত মই সোণৰ বাবে যুঁজ কৰিছিলো । আজি মই সকলোকে আহ্বান জনাও- আহক আমি সকলোৱে সোণতকৈও মূল্যবান এটা বস্তুৰ কাৰণে যুঁজ দিও। সেয়া হৈছে এই শিশুটিৰ স্বাস্থ্য । যদি আপোনালোকে মোক সহায় কৰে তেনেহলে মোৰ ৰূপৰ পদকটো সোণতকৈও মূল্যবান হ'ব ।" 

পিঅ'টৰে ৮৪,০০০ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ পদকটোৰ বাবদ মাত্ৰ ১৯০০০ ডলাৰহে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত পলেণ্ডৰ ধনকুবেৰ ব্যৱসায়ী দম্পতি ডমিনিকা আৰু ছেবাষ্টিয়ান কুলজিকে শিশুটিৰ অস্ত্ৰোপচাৰৰ সমস্ত ব্যয় বহন কৰি পদকটো কিনিবলৈ সন্মত হয় ।

Image : Facebook

তিনি বছৰীয়া অলেক চকুৰ কৰ্কট ৰোগত ভূগি আছে । পিঅটৰৰ প্ৰচেষ্টাত তেওঁ এতিয়া নিউ য়ৰ্কত চিকিৎসা লাভ কৰিব পাৰিব । ৩৩ বছৰীয়া পিঅ'টৰে বিশ্বাস কৰে যে তেওঁৰ পদকটোৱে তেওঁৰ আলমাৰি শুৱনি কৰাতকৈ বহু গুৰুত্বপূৰ্ণ কাম কৰিছে । ২০০৮ চনৰ বেইজিং অলিম্পিকতো ৰূপৰ পদক লাভ কৰিছিল পিঅ'টৰে ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ