EDITIONS
Asamiya

ঠেলাৰে মমবাতি বিক্ৰী কৰি ফুৰা দৃষ্টিহীন ভৱেশ ভাটিয়া এতিয়া কোটিপতি

Team YS Asamiya
30th Dec 2015
Add to
Shares
11
Comments
Share This
Add to
Shares
11
Comments
Share

ভৱেশ ভাটিয়া জন্মান্ধ নাছিল। ডাঙৰ দীঘল হোৱালৈ কিছু পৰিমাণে দৃষ্টিশক্তি আছিল ৰেটিনা মাস্কুলাৰ ডিটেৰিয়েশ্বন নামৰ এটা ৰোগত ভোগা ভৱেশ ভাটিয়াৰ। চিকিৎসকৰ পৰা ভৱেশে জানিছিল যে সময়ৰ লগে লগে দৃষ্টিশক্তি এদিন সম্পূৰ্ণকৈ হেৰুৱাই পেলাব। ভৱেশৰ বয়স তেতিয়া ২৩ বছৰ, অনাগত অনিশ্চয়তাৰে ভৰা ভৱিষ্যতৰ বাবে কোনো প্ৰস্তুতিয়েই নাছিল ভৱেশৰ আৰু তেতিয়াই সম্পূৰ্ণকৈ হেৰুৱাই পেলালে দৃষ্টিশক্তি।

সেই সময়ত ভৱেশে এখন হোটেলত মেনেজাৰ হিচাপে কাম কৰি কৰ্কট ৰোগত আক্ৰান্ত মাতৃক চিকিৎসাৰ বাবে ধন সঞ্চয় কৰিছিল। সন্তান হিচাপে মাতৃক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাৰ দায়িত্বৰ লগতে জড়িত হৈ আছিল ভৱেশৰ ভৱিষ্যতৰ কথা।

৪৫ বছৰীয়া ভৱেশে এতিয়াও মনত পেলায় সেই দিনবোৰ

“বিদ্যালয়ত মোক লগৰ ল’ৰাই খুব জোকাইছিল। আৰু এদিন অতিমাত্ৰ আমনি পাই ঘৰত আহি মাক কৈছিলো –কাইলৈৰ পৰা আৰু মই স্কুললৈ নাযাও। সকলোৱে লগ হৈ মোক অন্ধ ল’ৰা অন্ধ ল’ৰা বুলি ইতিকিং কৰে। মায়ে মোৰ কথা মানি লোৱাৰ পৰিবৰ্তে মোৰ মূৰত হাত বুলাই মোৰ বুজালে কোনো ল’ৰাই বেয়া নহয়। তেওঁলোকে তোমাৰ বন্ধু হ’ব খোজে, কিন্তু তুমি তেওঁলোকতকৈ বেলেগ বাবে তোমাৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবেই তোমাক জোকায়। মই নোৱাৰাতহে মাৰ কথা বিশ্বাস কৰিছিলো। পাছদিনা লগৰ ল’ৰাহতেঁ মোক জোকাই থকা স্বত্বেও মই তেওঁলোকক বন্ধুত্বৰ প্ৰস্তাৱ দিছিলো। আৰু তেওঁলোক মোৰ আজীৱন বন্ধু হৈ থাকিল।”

“জীৱন যুঁজৰ আৰম্ভণিৰ সময়চোৱাত মোৰ ব্যৱসায়িক সিদ্ধান্তৰ আঁৰতো আছিল মা। দাৰিদ্ৰ আৰু কম দৃষ্টি শক্তিৰ বাবে বহু প্ৰত্যাহ্বান আহিছিল কিন্তু মাৰ বিবেকৰ বাবেই মই শুদ্ধ সিদ্ধান্ত ল’ব পাৰিছিলো।”

সেইবাবেই মাতৃৰ বিয়োগৰ আশংকাৰ মাজতে দৃষ্টিশক্তি হেৰুৱাই পেলোৱাটো ভৱেশৰ বাবে আছিল নিৰ্মম আঘাত। চাকৰিৰ পৰাও উলিয়াই দিয়া হৈছিল ভৱেশক। পিতৃৰ যি সঞ্চয় আছিল সেয়া মাতৃৰ চিকিৎসাৰ নামত ইতিমধ্যেই শেষ হৈছে। চাকৰিৰ সম্ভাৱনাও নথকা সেই নিৰাশাৰ দিনবোৰতে চিকিৎসাৰ অভাৱত এদিন মৃত্যু হ’ল ভৱেশৰ মাতৃৰ।

ভৱেশৰ মাতৃৰ অবিহনে প্ৰথমে পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল। ভৱেশক শিক্ষিত কৰি তোলাৰ আঁৰত সম্পূৰ্ণ হাত আছিল মাতৃৰ। ব্লেক বৰ্ডত লিখা খিনিও চকুৰে মনিব নোৱাৰা ভৱেশক সৰুৰে পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে মাকে নিজে পঢ়ি দি সহায় কৰি দিছিল। কেৱল সেয়াই নহয় ভৱেশৰ অস্তিত্ব ৰক্ষাৰ বাবে অশেষ পৰিশ্ৰমো কৰিছিল মাতৃয়ে।

image


কিন্তু ভৱেশে কাম কৰা আৰম্ভ কৰোতেই মাতৃৰ বিয়োগৰ ঘটনাটো খুবেই অন্যায় যেন অনুভৱ হৈছিল ভৱেশৰ। মাতৃৰ বাবেই নিজকে সফল কৰিবলৈ বদ্ধপৰিকৰ হ’ল ভৱেশ।

মাতৃ, দৃষ্টিশক্তি আৰু চাকৰি হেৰুৱাই ভাগি পৰাৰ সময়চোৱাত ভৱেশক প্ৰেৰণা দিছিল মাকৰ এষাৰ কথাই। ভৱেশক মাকে কৈছিল-“পৃথিৱী খন নেদেখা হ’লি কি হ’ল, এনেকুৱা এটা কাম কৰ, যাতে পৃথিৱীয়ে তোক চায়”। মাকৰ সেই অমোঘ বাণী সৰোগত কৰিয়েই ভৱেশ শোকৰ সাগৰত ডুব যোৱাৰ পৰিবৰ্তে মাকে কৈ যোৱা সেই “কিবা” টোৰ সন্ধানত ব্ৰতী হ’ল।

“সৰুৰে পৰাই নিজ হাতেৰে কিবা গঢ় দিয়াত মোৰ চখ আছিল।চিলা বনাইছিলো, মাটিৰ বিভিন্ন খেলা সামগ্ৰী, সৰু সৰু মূৰ্তি আদি বনাই ভাল পাইছিলো। মই মমবাটি বনোৱাৰ কথা ভাবিলো কাৰণ মমৰ আকাৰ আৰু গোন্ধৰ সংবেদন মোৰ আছিল। তাকেই কামত লগোৱাৰ কথা ভাবিছিলো। কিন্তু প্ৰধান কাৰণ হিচাপে ক’ব লাগিব জ্যোতিৰ প্ৰতি থকা মোৰ দুৰ্বলতা।”

গলিত মমৰ টুকুৰাৰ বাহিৰে মম নিৰ্মাণৰ কোনো উপকৰণ নথকাৰ বাবে ভৱেশে ভাবি পোৱা নাছিল আচলতে কামটো আৰম্ভ কৰিব কেনেকৈ।

“১৯৯৯ চনত মই মুম্বাইৰ ‘নেচনেল এছ’ছিয়েছন অৱ ব্লাইন্ড’ৰ পৰা প্ৰশিক্ষণ ল’লো। তাত তেওঁলোকে বগা মমৱাটি কেনেকৈ প্ৰস্তুত কৰে তাৰ প্ৰশিক্ষণ দিলে। মই ৰং গোন্ধ আৰু আকাৰৰ সৈতে খেলিব খুজিছিলো কিন্তু সেয়া মোৰ বাজেটৰ বাহিৰত আছিল।”- সেই দিনবোৰৰ কথা মনত পেলালে ভৱেশে।

সেই বাবেই ভৱেশে ওৰে ৰাতি মম প্ৰস্তুত কৰি মহাবালেশ্বৰৰ স্থানীয় বজাৰৰ এচুকত ঠেলাৰে নি বেচিছিল।

“ঠেলাখন আছিল মোৰ এজন বন্ধুৰ। ঠেলাৰ ভাৰাৰ নামত প্ৰতিদিনে তেওঁক পঞ্চাশ টকা দিছিলো আৰু পিছদিনাৰ বস্তু কিনিবৰ বাবে আছুতীয়াকৈ ৰাখিছিলো পচিঁছ টকা।”

তেতিয়া এটোৱেই আছিল জীয়াই থকাৰ একমাত্ৰ অৱলম্বন।“কিন্তু মই যিটো কৰিবলৈ বিচাৰিছিলো সেই কামটোতো কৰিব পাৰিছো”- জীৱনৰ সেই সংগ্ৰামৰ দিন বোৰৰ কথা এনেদৰেই ক’লে ভৱেশে।

ভাগ্যৰ চকৰি

image


আৰু এদিন অপ্ৰত্যাশিত ভাবে সলনি হ’ল দিনবোৰ। ভৱেশে ঠেলা গাড়ীত মম বেচি থকাৰ সময়তে এদিন এগৰাকী যুৱতী মমবাটি কিনিবলৈ আহিল। ভৱেশৰ সৌম্য ব্যৱহাৰ আৰু জীৱন্ত হাঁহিটোৰ মোহত বন্দী হ’ল যুৱতীগৰাকী। তাৰ পিছত বহু সময় ধৰি ভৱেশৰে বাৰ্তালাপ প্ৰত্যাহিকতাত পৰিণত হ’ল। সেয়া যেন প্ৰথম দৃষ্টিতে হোৱা প্ৰেমতকৈও উৰ্ধত দুই আত্মাৰহে মিলন আছিল।

যুৱতী গৰাকীৰ নাম আছিল নীতা। নীতা ভৱেশে বিয়া পতাৰ সিদ্ধান্ত ল’লে। কিন্তু ভৱেশৰ দৰে দৰিদ্ৰ দৃষ্টিহীন মমবাটি বেচা ল’ৰা এটালৈ বিয়া হোৱাৰ কথালৈ ঘৰৰ বিৰোধিতাৰ সন্মুখীন হ’ল নীতা। কিন্তু নীতাই নিজৰ সিদ্ধান্তৰ সাল সলনি নকৰি মহাবালেশ্বৰৰ পাহাৰীয়া অঞ্চলৰ এটা সৰু ঘৰত যুগ্ম জীৱন আৰম্ভ কৰিলে।

নীতা খুবেই আশাবাদী আছিল। ভৱেশৰ নতুন বাচন বৰ্তন কিনাৰ সামৰ্থ নাছিল। সেইবাবে একেটা বাচনতে ভৱেশে মম গলাইছিল আৰু নীতাই আহাৰ ৰান্ধিছিল। কিন্তু তাকলৈ দুখ নাছিল নীতাৰ। নীতাই স্বামীৰ মমবাতি বেচিবলৈ চহৰলৈ যাব পৰাকৈ এখন মটৰ চাইকেল কিনিলে। পৰিস্থিতি আৰু ভাললৈ অহাত নীতাই গাড়ী চলীবলৈও শিকিলে যাতে অধিক পৰিমাণৰ মমবাটি বিক্ৰীৰ বাবে নিব পৰা যায়। সেই দিনবোৰৰ কথা মনত পেলাই ভৱেশে হাঁহি হাঁহি ক’লে- “তাই মোৰ জীৱন পোহৰাই পেলালে।”

জীৱন যুঁজ

নীতা ভৱেশৰ জীৱনলৈ অহাৰ পিছত যেন ভৱেশৰ জীৱন যুদ্ধৰ বোজা বহু খিনি পাতলিছিল। কাৰণ জীৱন যুঁজৰ বোজা কঢ়িয়াবলৈ আছিল এগৰাকী সংগীনীও।

“এজন দৃষ্টিহীন লোক নিজৰ ভৰিত থিয় হোৱাটো যেন স্বীকাৰ কৰি ল’ব পৰা নাছিল বহু লোকে। এবাৰ কেইজনমান দুস্কৃতিকাৰীয়ে ঠেলাক থকা মোৰ চব মমবাটি এটা নলালৈ দলিয়াই পেলাই দিলে। য’তে সহায়ৰ বাবে হাত পাতিলো সকলোৱে অন্ধ বুলি মোকেই উপলুঙা কৰিলে। মই সহায়ৰ বাবে পেছাদাৰী মম নিৰ্মাণ কাৰী প্ৰতিষ্ঠানৰো কাষ চাপিলো, কিন্তু কোনোৱে মোক সহায় নকৰিলে।”

ঋণ সমন্ধীয় আবেদনো পোন চাতেই নাকচ হ’ল। মমবাটি নিৰ্মাণৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰিলেও সেই সময়ত ভৱেশে পাইছিল কেৱল গালি গলাজ।

সেইবাবেই পত্নীৰ সৈতে শ্বপিং মললৈ গৈ বিভিন্ন প্ৰকাৰৰ দামী মমবাটি চুই চাই অনুভৱ কৰি নিজৰ সৃজনশীল প্ৰতিভাৰে অধিক প্ৰকাৰৰ মমবাটি প্ৰস্তুত কৰি গ’ল ভৱেশে। ভৱেশৰ জীৱনৰ আন এক টাৰ্নিং পইন্ট হ’ল সতাৰা বেংকৰ পোন্ধৰ হাজাৰ টকাৰ ঋণটো। দৃষ্টিহীন লোকৰ বাবে বেংকটোৰ এক বিশেষ যোজনাৰ অধীনত পোৱা পোন্ধৰ হাজাৰ টকাৰে ভৱেশে পোন্ধৰ কিলোগ্ৰাম মম আৰু এখন ঠেলা কিনিলে। তাৰ সহায়তে ভৱেশে নিজৰ ব্যৱসায়টো কেইবা কোটি টকীয়া ব্যৱসায়লৈ পৰিণত কৰিলে, যাৰ দেশ বিদেশৰ বহু প্ৰতিষ্ঠিত কৰ্প'ৰেট গ্ৰাহক আৰু দুশৰো অধিক কৰ্মচাৰী আছে। লক্ষণীয় ভাবে সকলো কৰ্মচাৰীয়ে দৃষ্টিৰ অসুবিধাত ভোগা।

সফলতাৰ ৰহস্য

“এতিয়া অতীতলৈ উভটি চালে উপলব্ধি কৰোঁ, মই ঋণ বিচাৰোতে যিসকল লোকে মোক নিৰাশ কৰিছিল, তেওঁলোকে বৰ নিৰ্দয় ভাবে ব্যৱসায় কৰে, সকলোৱে মগজুৰে সিদ্ধান্ত লয় হৃদয়েৰে নহয়। মই অনুভৱ কৰোঁ, ব্যৱসায়ত সফল হোৱাৰ একমাত্ৰ উপায় হ’ল হৃদয়েৰে চিন্তা কৰা। ইয়াত সময় লাগিব- বহু সময়। কিন্তু আপুনি যদি আপোনাৰ হৃদয়ে কোৱাৰ দৰেই আগবাঢ়িছে তেতিয়া হ’লে আপোনাৰ লক্ষ্য সুনিশ্চিত। আপুনি লক্ষ্যত উপনীত হ’বই।”

এসময়ত ভৱেশে পিছ দিনা মমবাটি প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় পঁচিছ টকা আছুতীয়াকৈ থৈ দিছিল। আজি ছানলাইট কেন্ডেলছে ৯০০০ বিভিন্ন প্ৰকাৰৰ বগা, সুগন্ধি আৰু শুগন্ধি চিকিৎসাৰ (এৰ'মা থেৰাপী ) মমবাটি প্ৰস্তুতৰ বাবে প্ৰতিদিনে পঁচিছ টন মমৰ ব্যৱহাৰ কৰে। ভৱেশে এতিয়া মম ক্ৰয় কৰে যুক্তৰাজ্যৰ পৰা। আজি ভৱেশৰ মুখ্য গ্ৰাহকৰ তালিকাত আছে ৰিলায়েম্স ইণ্ডাষ্ট্ৰীজ, ৰেনবেক্সী, বিগ বাজাৰ, নৰোডা ইণ্ডাষ্ট্ৰীজ, ৰ'টাৰী ক্লাব আদি।

image


ছানৰাইজ কেণ্ডেলত দৃষ্টিহীন কৰ্মচাৰীক নিয়োগ কৰাৰ বিষয়ে ভৱেশে কয়- “ আমি দৃষ্টিহীন লোকক নিজে উপলব্ধি কৰি কাম শিকিবলৈ দিও যাতে তেওঁলোকে কেতিয়াবা নিজৰ ব্যৱসায়ো আৰম্ভ কৰিব পাৰে।” ভৱেশে কোম্পানীৰ সৃজনীমুলক কাম কাজৰ চোৱাচিটা কৰাৰ পৰিবৰ্তে প্ৰশাসনিক কাম কাজ বোৰ চোৱা চিতা কৰে নীতাই। নীতা স্বাৱলম্বনৰ বাবে ছোৱালীক প্ৰশিক্ষণো দিয়ে।

খেলুবৈ ভৱেশ

সকলোৱে ভাবিব কেইবা কোটি টকীয়া ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ, বিশেষকৈ ভৱেশৰ দৰে দৃষ্টিহীন লোক এজনে সকলো প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলৈ সম্পূৰ্ণ সময় দিবলগীয়া হৈছে। কিন্তু ভৱেশ এজন ভাল খেলুৱৈও। আৰু নিজৰ ক্ষমতা অটুট ৰাখিবৰ বাবে পেছাদাৰী খেলুৱৈৰ দৰে যথেষ্ট সময়ো দিয়ে ভৱেশে।

এই সন্দৰ্ভত ভবেশে কয়-“মই সৰুৰে পৰাই খেলা ধুলাত ভাল আছিলো। মানুহৰ বদ্ধমূল ধাৰণাৰ বিপৰীতে মই কওঁ দৃষ্টিহীনতা শাৰিৰীক দুৰ্বলতা নহয়। মই এজন খেলুৱৈ হিচাপে গৰ্বিত”। ছানৰাইজ কেণ্ডেলছ প্ৰতিষ্ঠাৰ সময়ত দীৰ্ঘদিন ধৰি ভৱেশ খেলাধুলাৰ পৰা আঁতৰত আছিল যদিও প্ৰতিষ্ঠানটোৰ এটা গতি লগাৰ পিছত ভৱেশে আকৌ নিয়মিত সময় দিয়ে প্ৰশিক্ষণত।

“মমবাটিৰ ব্যৱসায়টো সুস্থিৰ হোৱাৰ পিছত মই আকৌ খেলাধুলাৰ (ছটপুট, ডিস্কাছ আৰু জেৱলিন) অনুশীলন আৰম্ভ কৰি দিলো। পেৰা অলিম্পিকত এতিয়ালৈকে মই ১০৯ টা মেডেল পাইছো। এতিয়াও মই প্ৰতিদিনে শাৰিৰীক ব্যায়াম কৰোঁ, কেইবা কিলোমিটাৰ দৌৰোঁ আৰু কাৰখানত থকা জিমৰ পুৰা সদব্যৱহাৰ কৰোঁ। দৌৰাৰ বাবে মোৰ পত্নীয়ে ১৫ ফুট দীঘল এডাল ৰচিৰ এটা মুৰ মোৰ হাতত দি আনটো মুৰ নিজে লৈ আগে আগে দৌৰে”।

সপোন লক্ষ্য আৰু ভৱিষ্যত

ভৱেশ এতিয়া ২০১৬ চনত ব্ৰাজিলত হ’ব লগীয়া পেৰা অলিম্পিকৰ বাবে প্ৰস্তুতিত ব্যস্ত। আৰু এটা বিশ্বাভিলেখ গঢ়িবলৈ সংকল্পবদ্ধ ভৱেশ। বিশ্বৰ আটাইতকৈ ওখ ২১ মিটাৰ মমবাটি নিৰ্মাণৰ অভিলেখ জাৰ্মাণীৰ নামত আছে। ভৱেশৰ পৰিকল্পনা তাতকৈও অধিক উচ্চতাৰ মমবাটি নিৰ্মাণ কৰা। “যোৱা এপ্ৰিলত আমি এটা নতুন পৰিকল্পনা লৈছো। শ্ৰী নৰেন্দ্ৰ মোডী, অমিতাভ বচ্ছন, শচীন টেণ্ডুলকাৰকে ধৰি আৰু পঁচিছ জন ব্যক্তিৰ মমৰ মুৰ্তি নি্ৰ্মাণ কৰা।”- নিজৰ পৰিকল্পনাৰ কথা এনেদৰে ক’লে ভৱেশে।

লগতে নিজৰ লক্ষত উপনীত হব নোৱাৰা পৰ্যন্ত সন্তুষ্টি বিচাৰি নাপাব বুলিও উল্লেখ কৰে ভৱেশে।

“মোৰ কেইবাটাও সপোন আছে, অনেক লক্ষ্য আছে। মই মাউন্ট এভাৰেষ্ট বগোৱা প্ৰথমজন দৃষ্টিহীন ব্যক্তি হ’ব খোজোঁ। মোৰ দেশৰ বাবে ব্ৰাজিলত হ’ব লগীয়া পেৰা অলিম্পিকত সোনৰ পদক অৰ্জন কৰিব খোজো। কিন্তু সকলোতকৈ আগত মই সুনিশ্শ্চিত কৰিব বিচাৰো দৃষ্টিহীন সকলো ভাৰতীয় নিজৰ ভৰিৰ ওপৰত ঠিয় হওক”।

মূলঃ ৰাজ বল্লভ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

Add to
Shares
11
Comments
Share This
Add to
Shares
11
Comments
Share
Report an issue
Authors

Related Tags