বংগৰ বাবু পালে অকলেই যুঁজিছে চীনৰ বিৰুদ্ধে
মূল- তন্ময় মূখাৰ্জী
কেইবাবছৰৰ পাৰিবাৰিক লোৰ ব্যৱসায়। তথাপি লোহা-লক্কৰৰ শব্দই আকৰ্ষণ কৰা নাছিল শিশু মনক। ল’ৰালিৰপৰাই আলোকৰ আহ্বানক উপেক্ষা কৰিব পৰা নাই। পোহৰৰ যাদু দেখুৱাবলৈ নিজৰ ধৰণেৰে কিবা এটা কৰিবলৈ মন আছিল যদিও মূলধনৰ প্ৰশ্নই চিন্তিত কৰি তুলিছিল। ১০ হাজাৰ টকা লৈ আগুৱাই আহিছিল বায়েক। কাষত পাইছিল প্ৰতিবেশী অশোক কুণ্ডুক। হাতত ধৰি কাম শিকাইছিল শ্ৰীধৰ দাসে। তাৰ পিছৰখিনি ইতিহাস। চন্দননগৰৰ ছুপ্ৰীম পাল এতিয়া পশ্চিমবংগত আটাইতকৈ ডাঙৰ পোহৰৰ শিল্পী। দেশৰ অন্যতম প্ৰসিদ্ধ। ছুপ্ৰীম নামটো কেৱল প্ৰমাণপত্ৰসমূহত আৱদ্ধ, বাবু পাল নামেৰেই তেওঁ পৰিচিত। ১০ হাজাৰ টকা পুঁজিৰপৰা এতিয়া কেইবাকোটি টকাৰ ব্যৱসায় বাবু পালৰ। দেশ জয় কৰি ডুবাই শ্বপিং ফেষ্টিভেলতো তেওঁৰ সমানেই খ্যাতি।
বৰদিনৰপৰা পহিলা জানুৱাৰীলৈ পাৰ্কষ্ট্ৰীটত আলোকৰ ঝৰ্ণা, হিডকো অথবা ইক’পাৰ্কত আলোকৰ অভিনৱত্ব। চহৰখন ৰঙীন কৰাৰ সমান্তৰালভাৱে দুৰ্গাপূজাত শ্ৰীভূমি, একডালিয়া, কলেজ স্কোৱাৰৰ দৰে স্থানত আলোকৰ যাদুৰ পিছত এটাই মাথোঁ নাম, পাল ইলেক্ট্ৰিক। চন্দননগৰৰ এই আলোকশিল্পীৰ হাতৰ যাদুৱে মুগ্ধ কৰি তুলিছিল চীনৰ উপৰাষ্ট্ৰপতিকো। শেহতীয়াকৈ ৰাজাৰহাটৰ ইক’পাৰ্ক আলোকিত সাজেৰে সজোৱাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল পাল ইলেক্ট্ৰিকৰ কৰ্ণধাৰ বাবু পালৰ ওপৰত। তাত তেওঁৰ সংস্থাই নিৰ্মাণ কৰা ড্ৰেগন খোদ চীনৰ উপৰাষ্ট্ৰপতিয়ে পচন্দ কৰাটো বাবু পালৰ বাবে অন্য তৃপ্তি। অন্য সামগ্ৰীৰ দৰে আলোকসজ্জাৰ বজাৰতো চীনৰ অনুপ্ৰৱেশ ঘটিছে। তাত চীনৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নিজৰ ধৰণেৰে যুঁজ দিছে বাবু পালে। এইক্ষেত্ৰত তেওঁৰ ইউ এছ পি হৈছে টু-ইন-ৱান আলোক। অৰ্থাৎ এল ই ডিৰ ওপৰত কেপ স্থাপন কৰি তাৰ মাজত টুনি লাইট। এনেদৰে একেটা উৎসতে পোহৰৰ দুই ধৰণৰ ৰূপ দেশৰ আৰু কোনেও কৰিব নোৱাৰে। বাবু পালৰ ভাষাৰে, ‘এল ই ডিৰ বাবে পৰিৱেশ ৰক্ষা হ’ল আৰু টুনি ব্যৱহাৰ কৰি চন্দনগৰৰ স্বকীয়তাও অক্ষুণ্ণ থাকিল। টুনিৰ পোহৰৰ যি স্নিগ্ধতা আছে সেয়া ক’তো পোৱা নাযায়। য’লৈকে যাওঁ তাতেই এল ই ডি নহয়, টুনিৰ কথাহে সকলোৱে সোধে। অত্যন্ত কৌতুহল আছে এই আলোক সন্দৰ্ভত।’
বংগৰ টুনিৰ আগ্ৰহে কোন ঠাইলৈ লৈ যাব পাৰে তাকেই প্ৰমাণ কৰি ১৯৯৯ চনত বাবু পাল উপস্থিত হৈছিল বিদেশৰ মাটিত। সেই সময়ত ডুবাইত চলি আছিল শ্বপিং ফেষ্টিভেল। সংযুক্ত আৰৱ আমীৰশ্বাহীৰ এই চহৰৰ এই উৎসৱত ৪০ ফুটৰ দুৰ্গ নিৰ্মাণ কৰিছিল বাবু পালে। কেইবা কিলোমিটাৰজুৰি শ্বপিং ফেষ্টিভেল চলিলেও আলোকৰ অভিনৱত্বৰে দৰ্শকৰ মন জয় কৰিছিল বাবু পালে। কৌতুহল নিৰসন কৰিবলৈ খোদ ডুবাইৰ ৰজাই আহি সুধিছিল স্ৰষ্টা কোন। কেইবছৰমান আগতে ৰাছিয়াৰ মস্কোৰপৰা কিছু আঁতৰত এটা ৰাধাকৃষ্ণ মন্দিৰ সজোৱাৰ দায়িত্ব পৰিছিল বাবু পালৰ ওপৰত। এবাৰ মুম্বাইলৈ গণেশ পূজাৰ কাম কৰিবলৈ গৈ অন্য ধৰণৰ অভিজ্ঞতা হৈছিল বাবু পালৰ। সিদ্ধিদাতাৰ পূজাত পাল ইলেক্ট্ৰিকৰ নৈপুণ্য দেখি বহুতো উৎসাহীয়ে কিনি নিব বিচাৰিছিল আলোকসজ্জাৰ সা-সৰঞ্জাম। কিন্তু স্ৰষ্টাই নিবিচাপে সৃষ্টি হস্তান্তৰিত হওক। কেৱল মহাৰাষ্ট্ৰই নহয়, গুজৰাট, ওড়িষা, ৰাজস্থান, দিল্লীতো নাম আছে চন্দননগৰৰ আলোক শিল্পৰ।
সাফল্যৰ মধ্যাকাশত থাকিলেও আৰম্ভণি কিন্তু ইমান মসৃণ নাছিল। ১৯৮৮ চনত লোৰ প্ৰতিষ্ঠিত পাৰিবাৰিক ব্যৱসায় বাদ দি যেতিয়া আলোকৰ ব্যৱসায়ত ভৰি দিলে, তেতিয়া পুঁজি বুলিবলৈ মাথোঁ আছিল মনৰ জোৰ। আলোকৰ প্ৰতি ভাতৃৰ দুৰ্নিবাৰ টান দেখি বায়েক সুমিত্ৰা কুণ্ডুচৌধুৰীয়ে ১০ হাজাৰ টকা দিছিল। লগত পাইছিল পাৰিবাৰিক ঘনিষ্ঠ অশোক কুণ্ডুক। চন্দননগৰৰ আলোকৰ পুৰোধা শ্ৰীধৰ দাসৰপৰা হাতত ধৰি শিকিছিল কাম। সেই শিক্ষাই তেওঁক আক্ষৰিক অৰ্থতে আলোকিত কৰি তুলিছে। মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰৰ লাউঞ্জত বাবু পালৰ আলোকৰ অভিনৱত্বৰে স্থান পাইছে দুৰ্গা মূৰ্তিয়ে। কামৰ স্বীকৃতিৰে তেওঁ যিমানেই আনন্দিত, সমান্তৰালভাৱে আলোকৰ বজাৰত চীনৰ আগ্ৰাসন কিছু পৰিমাণে ৰোধ কৰিও অন্য আনন্দ লাভ কৰে।
বাবু পালৰ মতে এইবাৰ দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা আৰু জগদ্ধাত্ৰী পূজাত প্ৰায় ৫০০ কোটি টকাৰ কাম হৈছে। মাত্ৰ পূজা নহয়, গোটেই বছৰটোত বিভিন্ন ধৰণৰ আলোকৰ কামত ব্যস্ত থাকে পাল ইলেক্ট্ৰিকৰ ৪৪জন কৰ্মী। এই টীমৱৰ্কেই তেওঁলোকৰ সাফল্যৰ কাৰণ। ব্যৱসায় আৰু বৃদ্ধি কৰিবলৈ অনলাইনলৈও আহিব বিচাৰে পাল ইলেক্ট্ৰিক। চন্দননগৰৰ বৰচাপাতলাৰ বাসিন্দা বাবু পালে নিজেই কাম কৰি অৱৰুদ্ধ হৈ পৰিব নিবিচাৰে। নতুন প্ৰজন্মৰ যিসকলে বিচাৰে, তেওঁলোককো প্ৰশিক্ষণ দিয়ে তেওঁ।