EDITIONS
Asamiya

৬ বছৰীয়া মিনি ব্ৰুচ লী ৰিয়ুজি ইমা

Team Asamiya
26th Jun 2017
Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share

এটা শিশুৱে যেতিয়া কিবা এটা বস্তুত মনোযোগ দিয়ে সি তেতিয়া তাত সম্পূৰূপে নিমজ্জিত হৈ পৰে । এয়া স্বাভাবিক । কিন্তু কিছুমান শিশু তাতোকৈ আগবাঢ়ি যায় আৰু তাৰ আগ্ৰহৰ বস্তুটোক লৈ এনেকৈ মজি যায় যে সকলোকে আচৰিত কৰি দিয়ে । জাপানৰ ৰিয়ুজি ইমাই হৈছে এনে এটি শিশু যাৰ ব্ৰুচ লীৰ ছবিৰ প্ৰতি থকা আগ্ৰহে তাক ইমান কথা শিকালে যে বৰ্তমান তাৰ নিজৰেি অজস্ৰ অনুগামী ।

Image Source: L(FragHero); R(Pinterest)

Image Source: L(FragHero); R(Pinterest)


ৰিয়ুজি ইমাই মাত্ৰ ছবছৰীয়া এটি শিশু । কিন্তু এই বয়সতে ৰিয়ুজি হৈছে ছিক্স পেক এবছৰ অধিকাৰী । পাঁচ বছৰ বয়সতে ৰিয়ুজিয়ে নিজৰ ভিডিঅ'ৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । এই ভিডিঅ'বোৰত তেওঁক দেখা গৈছে ব্ৰুচ লীৰ ছবিৰ সমৰ কলাৰ জটিল পেচবোৰ প্ৰদৰ্শন কৰি থকা । ছচিয়েল মিডিয়াত তেওঁৰ বৰ্তমান প্ৰায় দুই লাখ অনুগামী আছে ।

Image Source: World Series Of Fighting

Image Source: World Series Of Fighting


তেওঁৰ প্ৰদৰ্শন দিনক দিনে উন্নত হৈ আহিছে । তেওঁৰ ব্ৰুচ লীৰ অনুকৰণ ইমানেই নিখুঁত যে বহুতেই তেওঁক ব্ৰুচ লীৰ পুনৰ জন্ম আখ্যা দিছে । তেওঁৰ পদ্ধতিবোৰ ইমানেই নিখুঁত যে তেওঁক সচাকৈয়ে এজন জিট কোৱান ডো যোদ্ধা যেন লাগে ।

Image Source: Drama Fever

Image Source: Drama Fever


মিনি লী নামেৰে জনপ্ৰিয় ৰুয়ুজিক তেওঁৰ পিতৃয়ে প্ৰশিক্ষণ দিয়ে । যিটো বয়সত বহুতেই যিকোনো খেল খেলিবলৈ টান পায় সেই সময়তে ৰিয়ুজিয়ে জিট কোৱান ডোত প্ৰৱল আত্মবিশ্বাস আৰু ব্যুৎপত্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । 

Image Source: The Whig

Image Source: The Whig


এই কম বয়সতে তেওঁ প্ৰদৰ্শন কৰা দক্ষতাই তেওঁৰ উজ্জল ভৱিষ্যৎ বহন কৰিছে ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাৰতীয় বেডমিন্টন তাৰকা কাডম্বি শ্ৰীকান্তে জয় কৰিলে অষ্ট্ৰেলিয়ান অপেন ছুপাৰ ছিৰিজ

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায় 

ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ ৰজনী পণ্ডিত

Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share
Report an issue
Authors

Related Tags