সামাজিক উদ্যমিতাৰ ক্ষেত্ৰত ছাত্ৰ উদ্যমীৰ বাবে এটা আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ হৈছে হাল্ট প্ৰাইজ । ইউৰোপৰ আগশাৰীৰ সামজিক উদ্যমী বাৰ্টিল হাল্টৰ পৃষ্ঠপোষকতাত এই পুৰষ্কাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক সামাজিক উদ্যমিতাৰ ক্ষেত্ৰত উদগনি যোগাবলৈ প্ৰৱৰ্তন কৰা হৈছিল । বিশ্বৰ শীৰ্ষ ২০ টা প্ৰতিষ্ঠানৰ অন্যতম হাল্ট বিজনেছ স্কুলৰ এজন ছাত্ৰ আহমেদ আকছাৰৰ চিন্তা প্ৰসূত এই পুৰষ্কাৰ মূল্য ১ মিলিয়ন মাৰ্কিন ডলাৰ ।
হাল্ট প্ৰাইজৰ ভাৰতীয় সংস্কৰণ হৈছে হাল্ট প্ৰাইজ ইণ্ডিয়া । ইয়াত ভাৰতৰ বিভিন্ন শিক্ষানুস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিব পাৰিব । প্ৰ-পত্ৰ পূৰণ কৰাৰ শেষ দিন ৩১ আগষ্ট ।
ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে হাল্ট প্ৰাইজৰ উত্তৰ পূবৰ এম্বেছেডৰ ৰাজীৱ গুপ্তাৰ সৈতে [email protected] ই-মেইলত অথবা ৯৮১০০৮৬৯৬৩ নম্বৰত যোগাযোগ কৰিব পাৰিব ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত
বেংকৰ চাকৰি বাদ দি সমাজ সেৱা আৰম্ভ কৰিছিল পি আৰ বিকাশে
ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন