EDITIONS
Asamiya

১০ বছৰ বয়সতে পিতৃক হেৰুৱায়ো নিজৰ সপোন পুৰা কৰা শ্ৰব্যা এতিয়া ব্যস্ত সৰু চহৰত ডাঙৰ সপোনৰ বীজ সিচাঁত

Team YS Asamiya
12th Jan 2016
10+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে পুৰুষৰ আধিপত্য থকা এখন ক্ষেত্ৰত খোজ পেলোৱা এগৰাকী যুৱতী। এই গৰাকী যুৱতীয়ে প্ৰতিযোগিতাৰ নিগনি দৌৰৰ পৰা নিজকে আতৰাই বিচাৰি ল’লে নিজৰ এখন সুকীয়া জগত। আৰু এই সপোনৰ পম খেদি অন্ধ্ৰপ্ৰদেশৰ এখন সৰু চহৰত জন্ম গ্ৰহণ কৰা শ্ৰব্যাই দেশে বিদেশে ঘুৰি আকৌ উভটি গ’ল নিজৰ সৰু চহৰখনলৈ। নিজৰ চহৰ খনৰ পৰাই শ্ৰব্যা ব্ৰতী হ’ল ঔদ্যোগিক আৰু শিক্ষাৰ মাধ্যমেৰে সাধাৰণ মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন অনাৰ চেষ্টাত। প্ৰেছিডেন্সী কিডছ প্ৰী- স্কুলৰ প্ৰতিষ্ঠাপক হিচাপে শিক্ষাৰ্থী সকলক সপোন দেখুৱাৰ কামত ব্যস্ত শ্ৰব্যা। শিক্ষাৰ্থীৰ লগতে শিক্ষক সকলকো ইতিবাচৰ দৃষ্টিভংগীৰে জীৱনক চোৱাৰ প্ৰেৰণা দিয়াই যেন জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিল শ্ৰব্যাৰ।

নিজামাবাদৰ এটা মধ্যবিত্তীয় পৰিয়ালত ডাঙৰ দীঘল হোৱা শ্ৰব্যাই শিশু কালচোৱা পাৰ কৰিব লগীয়া হৈছিল এটা অসুৰক্ষিত পৰিবেশত। সেই বাবেই আত্মবিশ্বাসো যেন কিছু কম আছিল শ্ৰব্যাৰ। বাহিৰৰ পৃথিৱী খনৰ সৈতে সম্পৰ্ক হোৱাৰ পিছত শ্ৰব্যাৰ নিজকে নাদৰ ভেকুলী যেনহে অনুভৱ হ’ল। শ্ৰব্যাই নিজৰ মানসিক অৱস্থাৰ পৰিবৰ্তন অনাৰ চেষ্টা চলালে, যোগদান কৰিলে ৰাজস্থানৰ বিটছ পিলানী ইঞ্জিনীয়াৰিং ইনষ্টিটিউটত।

image


নতুন জগতখন শ্ৰব্যাৰ বাবে একেবাৰেই অচিনাকী আছিল। কিন্তু তাতেই শ্ৰব্যাই উপলব্ধি কৰিলে আনক পিছ পেলাই নিজে আগবাঢ়ি যোৱাই জীৱন নহয়, বৰঞ্চ সকলোৰে সৈতে খোজত খোজ মিলাই আগবাঢ়ি যোৱাটোহে জীৱনৰ উদ্দেশ্য হোৱা উচিত। শ্ৰব্যাই এই ইনষ্টিটিউটত থকাৰ সময়তে ‘সক্ষম’ নামেৰে এটা প্ৰকল্প আৰম্ভ কৰিলে। এই প্ৰকল্পৰ জৰিয়তে শ্ৰব্যাই গাৱৰ মহিলা সকলৰ জীৱন ধাৰণৰ মান কিছু উন্নতি ঘটোৱাৰ চেষ্টা কৰিছিল। মহিলা সকলক আৰ্থিক সিদ্ধান্ত নিজে ল’ব পৰাকৈ সক্ষম কৰাত জোৰ দিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে বিফল হৈছিল শ্ৰব্যাৰ প্ৰকল্পটো। কিন্তু এই প্ৰকল্পটোৰ জড়িয়তেই সাধাৰণ লোক সকলে নিজৰ সীমিত উপাৰ্জনেৰে সুন্দৰকৈ চলিবলৈ শিকিলে। ইয়াৰ পিছৰে পৰাই সামাজিক পৰিবৰ্তনৰ উদ্দেশ্যৰে শ্ৰব্যাই ল’লে এটা ব্যতিক্ৰমী পথ। ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত শ্ৰব্যাই অইলফিল্ড ছাৰ্ভিছেজ কোম্পানী, শ্লামবাৰ্জাৰ ফিল্ড ইঞ্জিনীয়াৰিঙত যোগদান কৰিলে। কোম্পানীটোত বিভিন্ন পদবীত পাঁচ খন দেশত মুঠ ছবছৰ কাম কৰিলে। ইয়াৰ সৈতে জড়িত হৈ থকা সময় চোৱাত শ্ৰব্যাই ৰাহি ধনেৰে ‘গ্ৰাছৰুট ফেল’শ্বিপ প্ৰগ্ৰাম’ নামেৰে এটা কাৰ্যসুচী আৰম্ভ কৰিলে। ইয়াৰ উদ্দেশ্য আছিল গাঁৱৰ যুৱ শক্তিক উদ্যমী কৰি তোলা। এইদৰে যুৱক সকলকৰ শিক্ষা আৰু উদ্যোগিক কৌশলৰ ওপৰত ধ্যান দি শ্ৰব্যাই মুঠ ৩২ টা আঁচনিত কাম কৰিলে। শ্লামবাৰ্জাৰ কোম্পানীৰ জড়িয়তেই শ্ৰব্যাই আলজেৰিয়া, ইউএছএ, কাটাৰ ডুবাই আৰু ভাৰতৰ তৈল ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতা সঞ্চয় কৰিলে। অৱশ্যে আনক উৎসাহিক কৰা শ্ৰব্যাই কিন্তু নিজে চাকৰিৰ ক্ষেত্ৰ খনত বৰ বেছি দিন কাম কৰি থাকিব নোৱাৰিলে।

“মহিলাই নিজৰ জীৱনত প্ৰত্যাহ্বানৰ মুখামুখি হ’লেই পিছ পৰি ৰব নালাগে। শাৰিৰীক পৰিশ্ৰমো কৰিব লাগিব। তেনে কৰিলেহে বাস্তৱ ক্ষেত্ৰত সন্মান লাভ কৰিব পাৰি। চাহাৰা মৰুভুমিৰ তৈল ক্ষেত্ৰত কষ্ট কৰি কাম কৰি থকাৰ সময়ত মোৰ মনত এই বিশ্বাস জাগি উঠিছিল। মাতৃ ভুমিৰ পৰা বহু নিলগত সুবিশাল মৰুভুমিৰ মাজত, য’ত দুই তিনিশ মাইলৰ ভিতৰত কোনো মহিলাই নাছিল, তাত মই পুৰুষৰ সৈতে সমানে কাম কৰি যোৱাটো মোৰ বাবেই আশ্চৰ্যকৰ কথা হৈ পৰিছিল ”-তৈল কোম্পানীত কাম কৰা দিনৰ অভিজ্ঞতাৰ কথা এনেদৰে ক’লে শ্ৰব্যাই।

শ্ৰব্যাৰ ভাষ্য অনুসৰি, এক আকস্মিক দূৰ্ঘটনাত পিতৃক হেৰুওৱাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। সেই সময়ত খুবেই সৰু আছিল শ্ৰব্যা।

“পিতৃৰ বিয়োগৰ পিছত এনে লাগিছিল যেন মোৰ শৰীৰৰে এটা অংশ কৰবাত হেৰাই গ’ল। ১০ বছৰ বয়সতে মই জীৱনৰ সকলো আকাংক্ষা এৰি দিছিলো। কোনো পথৰ সন্ধান পোৱা নাছিলো। ‘দেউতাৰ মৃত্যু এটা বেয়া সপোনহে আছিল’ পিছদিনা পুৱা সাৰ পাই উঠি এই কথাষাৰেই সত্য প্ৰমাণিত হওক- পৰবৰ্তী ৭ বছৰ মই এই আশাৰেই জীয়াই আছিলো”।– পিতৃ বিয়োগৰ অভিজ্ঞতা এনেদৰে বৰ্ণনা কৰিলে শ্ৰব্যাই।

image


এবাৰ কোম্পানীৰ ব্যৱসায়িক সংক্ৰান্তত কুৱালালামপুৰ গৈছিল শ্ৰব্যা। যাত্ৰাটোত ভবিষ্যতকলৈ শ্ৰব্যা খুবেই বিমৰ্ষ হৈ পৰিল। এই যাত্ৰাটোতেই আত্মবিশ্লেষণ কৰি শ্ৰব্যাই সুখ আৰু সন্তোষৰ অন্তৰ বুজি উঠিল। “সেই সময়ত মোৰ এনে লাগিল মোৰ ব্যক্তিগত আৰু বৃত্তিগত জীৱনত সকলো থাকিও মই যেন সন্তোষ পোৱা নাই।”

শ্ৰব্যাই এবাৰ নিজৰ মাক দেউতাকে স্থাপন কৰা বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী সকলৰ সৈতে ফুৰিবলৈ গৈছিল। এই যাত্ৰাটোত ছাত্ৰ- ছাত্ৰী সকলৰ লগতে মাক দেউতাকেও শ্ৰব্যাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। আৰু এই যাত্ৰটোতেই শ্ৰব্যাই নিজৰ ওপৰত থকা দ্বায়িত্বৰ কথা উপলব্ধি কৰিলে। শ্ৰব্যাই বুজি পালে তাই এতিয়া কি কৰা উচিত। মানুহৰ জীৱনৰ উন্নতি সাধন কৰিবলৈ হ’লে ইয়াৰ আধাৰ হ’ব লাগিব শিক্ষা। আৰু নিজৰ উদ্দেশ্য সফল কৰিবৰ বাবে এতিয়া শ্ৰব্যা প্ৰেছিডেন্সী হাইস্কুলত কৰ্মৰত। ইয়াৰ সমান্তৰাল ভাবে প্ৰেছিডেন্সী কিডছ প্ৰী- স্কুলৰো প্ৰতিষ্ঠা কৰিলে শ্ৰব্যাই।

নিজৰ উজ্বল কেৰিয়াৰ এৰাৰ সিদ্ধান্ত স্বামীক বুজোৱাটো শ্ৰব্যাৰ বাবে টান কাম নাছিল, টান আছিল ব্যক্তিগত জীৱনত হোৱা পৰিবৰ্তনৰ সৈতে খাপ খোৱাটো। শ্ৰব্যাই নিজৰ উদ্দেশ্য বাস্তবায়িত কৰিবৰ বাবে এসময়ত যিখন চহৰৰ পৰা বাহিৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিছিল আকৌ ঘুৰি আহিব লগীয়া হ’ল সেই সৰু চহৰ খনলৈকে। এয়া সহজ সিদ্ধান্ত নাছিল। তথাপি নিজৰ উদ্দেশ্যৰ প্ৰতি সংকল্পবদ্ধ আছিল শ্ৰব্যা। নিজৰ চিন্তা নিজৰ আকাংক্ষাক আগ স্থান দি শ্ৰব্যা ঘুৰি আহিল নিজৰ সৰু চহৰ খনলৈ।

"ভাৰতীয় শিক্ষা প্ৰণালীৰ সবাতোকৈ ডাঙৰ সমস্যা হ’ল শিক্ষা আৰু অধ্যয়ন দুয়োটাকে সমান্তৰাল ভাবে আগবঢ়াই লৈ যোৱাটো। অধ্যয়নতেই জীৱনৰ উদ্দেশ্যৰো বাখ্যা কৰা হ’ল বুলি ধৰা হয়। ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত, কম সময়তে মাক দেউতাকে কেৰিয়াৰৰ বিকল্প বাছি দিয়ে, যাৰ ফলত অন্যান্য বহু বিকল্পৰ পৰা তেওঁলোকে দূৰতে থাকে। অজ্ঞহৈ থাকে নিজৰ সামৰ্থৰ কথা, কিমান ডাঙৰ সপোন আচলতে তেওঁলোকে দেখিব পাৰে তাৰ আভাষকে নাপায়।"- শ্ৰব্যাৰ ভাষ্য এয়া।

সামাজিক পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দি এক নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি শ্ৰব্যাই এতিয়া শিক্ষাৰ্থীক জীৱনৰ উদ্দেশ্যত সহজ আৰু হাঁহিমুখে কেনেদৰে উপনীত হ’ব তাৰ বাবে কাম কৰি আছে। সাধাৰণ লোকক নিজৰ বিষয়ে জানিবলৈ বুজিবলৈ শিকাই শ্ৰব্যাই। শ্ৰব্যাই উপলব্ধি কৰাবলৈ চেষ্টা কৰে- ভুল কেৱল পাহৰি যাবলৈহে। শিক্ষাৰ লগতে কাৰিকৰি শিক্ষাটো গুৰুত্ব দিয়ে শ্ৰব্যাই। শ্ৰব্যাৰ ভাষ্য-“কাৰিকৰী শিক্ষাৰ পৃথিৱীক সলনি কৰি দিব পৰা ক্ষমতা আছে। ইয়াৰ জৰিয়তে কঠিন পৰিস্থিতিও সহজে মুখামুখি হ’ব পাৰি। শিশু সকলক বৰ্ণাশুদ্ধি, শব্দকোষ বা বীজগণিত শিকাবলৈ মই আৰু আমাৰ টীম টোৱে এক বিশেষ ধৰণে আধাৰিত শিক্ষা পদ্ধতিৰ সহায় লওঁ।”

image


ইয়াৰ উপৰিও শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ভাৱৰ আদান প্ৰদানৰ বাবে এটা অনুকুল পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখে শ্ৰব্যাই। মুল্যাংকনৰ সালসলনি, শিক্ষক সকলক জড়িত কৰি এক সুকীয়া প্লেটফৰ্ম আৰু সামাজিক দায়বদ্ধতাৰ পাঠ্যক্ৰম এই তিনিটাই এটি শিশুক নিজকে শ্ৰেষ্ঠতৰ ৰূপত প্ৰতিষ্ঠা কৰাত যথেষ্ট ক্ৰীয়া কৰে।

শ্ৰব্যাৰ এই অভিযানত মাতৃ আৰু স্বামীয়েও শ্ৰব্যাক সমানে সহায় সহযোগিতা আগবঢ়াই আহিছে। শ্ৰব্যাৰ ভাষ্য অনুসৰি মাতৃ আৰু স্বামীৰ লগতে সমাজত ইতিবাচক পৰিবৰ্তনৰ বাবে কাম কৰি যোৱা প্ৰতিজন লোকেই শ্ৰব্যাৰ প্ৰেৰণা।

মূলঃ বেলাল জাফ্ৰি

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

10+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags