EDITIONS
Asamiya

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে

Team YS Asamiya
24th Apr 2016
Add to
Shares
8
Comments
Share This
Add to
Shares
8
Comments
Share

এটা বেগ ভৰ্তি বিলাহী, জলকীয়াসহ এজন কৃষক জৈৱিক মান্দায়া দোকানত উপস্থিত হয় আৰু দোকানীজনে তেওঁৰ সামগ্ৰী সমূহ ওজন কৰি ক্ৰমে ৪.৫ কিলোগ্ৰাম, ১.২৫ কিলোগ্ৰামৰ বাবে প্ৰাপ্য ধন তেওঁৰ হাতত তুলি দিয়ে। কৃষক জনে পইচা খিনি লৈ সন্তুষ্টিৰে দোকানৰ পৰা ওলাই যায়। এই গোটেই প্ৰক্ৰিয়াটোত মাত্ৰ ছয় মিনিট সময়ৰ প্ৰয়োজন হয়। ইয়াত কোনো মধ্যস্থতাকাৰী নাই, দৰ-দাম নাই, বাকীৰ কথা নাই আৰু মুঠৰ ওপৰত অসন্তুষ্টি নাই।


কিন্তু এটা বছৰৰ আগতে মান্দায়াত এই ছবিখন সম্ভৱ নাছিল। ২০১৫ চনৰ জুলাই মাহত বিশ জনতকৈ অধিক কুঁহিয়াৰ খেতিয়কে আত্মহত্যাৰ দৰে পথ বাচি ল'ব লগীয়া হৈছিল। প্ৰাকৃতিক সৌন্দৰ্যৰে পূৰ্ণ মান্দায়া বাঙ্গালুৰুৰ পৰা এশ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কিন্তু দুখৰ বিষয় ইয়াৰ কৃষক সকলে বহন কৰিব লগীয়া হৈছে বৃহৎ পৰিমানৰ ধাৰৰ বোজা। সমীক্ষা অনুসৰি ২০১৪-১৫ চনত বেংকৰ পৰা লোৱা ১,২০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিব পৰা নাই কৃষক সকলে। চৰকাৰৰ উদাসীনতা, সামগ্ৰীৰ মূল্য হ্ৰাস পোৱা, সাঁচতীয়া কৃষি নষ্ট হোৱা আৰু কৃষি পদ্ধতিৰ ক্ষেত্ৰত উপযুক্ত পথ প্ৰদৰ্শকৰ অভাৱ ইয়াৰ মূল কাৰণ।


এই সমস্যা সমূহ হৃদয়ঙ্গম কৰি সমাধানৰ কথা চিন্তা কৰিছিল সুদূৰ কেলিফৰ্ণিয়াত থকা মধুচন্দন চিক্কাদেৱিয়াই। কেনিফৰ্ণিয়াত ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত ৩৭ বছৰীয়া মধুচন্দনৰ জম্ম হৈছিল মান্দায়াত। তেওঁ শৈশৱ পাৰ কৰিছিল বাঙ্গালুৰুৰ কৃষি বিশ্ববিদ্যালয়ত, য’ত তেওঁৰ পিতৃ উপাচাৰ্য হিচাপে কৰ্মৰত আছিল। সেয়ে বিদেশত এটা ছফটৱেৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হৈ ছফটৱেৰ ক্ষেত্ৰখনত কাম কৰাৰ পিছতো মধুচন্দন হৃদয়েৰে আছিল এজন কৃষক। মাতৃভূমিত কৃষক সকলে সন্মুখীন হোৱা সমস্যাবোৰে তেওঁক কষ্ট দিছিল।

image


২০১৪ চনৰ আগষ্ট মাহত তেওঁ বিদেশ আৰু তাত কৰা কৰ্ম ত্যাগ কৰি মান্দায়ালৈ আহে। মধুচন্দনে কয়-'সমগ্ৰ পৃথিৱীত খেতিয়কেই এনে এজন ব্যক্তি যি খুচুৰা দামত বস্তু বিক্ৰী কৰি নিজে পাইকাৰী দৰত ক্ৰয় কৰে।'

'কৃষক সকলে গৃহভূমি ত্যাগ কৰি চাকৰিৰ সন্ধানত চহৰমুখী হবলৈ বাধ্য হৈছে। কামৰ সন্তুষ্টি বিচাৰি ইটোৰ পিছত সিটো চাকৰি সলনি কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ দায়িত্ব লবলৈ অসমৰ্থ হৈ অৱশেষত আত্মহত্যাৰ পথ বাচি লৈছে। এয়া এক বিৰক্তিকৰ পৰিস্থিতি হলেও ইয়াক সমাধান কৰিব পাৰি। জৈৱিক মান্দায়াই সেই কামেই কৰি আছে-কৃষক সকলক সন্মান আৰু স্বাস্থ্যকৰ জীৱন প্ৰদান কৰা যাতে কোনেও নিজৰ বৃত্তি ত্যাগ কৰিব লগীয়া নহয়।'

জৈৱিক মান্দায়াৰ বীজ

যেতিয়া মধু মান্দায়ালৈ ঘূৰি আহিছিল, তেওঁ লক্ষ্য কৰা প্ৰথম কথাটো আছিল বিস্তৃত আৰু অব্যৱহৃত মাটি। বহু কৃষকে জৈৱিক পদ্ধতি বা আন স্থানীয় পদ্ধতিৰে পৰীক্ষামূলকভাৱে কৃষি কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। কিয়নো তেওঁলোকৰ বাবে বজাৰ বা তথ্য সংগ্ৰহৰ কোনো সুবিধা নাছিল।

প্ৰথম পদক্ষেপ হিচাপে মধুৱে প্ৰাক্তন সহকৰ্মী আৰু বন্ধুবৰ্গৰ সহযোগ লৈ এক কোটি টকাৰে ‘মান্দায়া অৰ্গেনিক ফাৰ্মাৰ্চ কৰ্পৰেটিভ ছ’ছাইটি’ স্থাপন কৰিলে। প্ৰথমে তেওঁলোক সৈতে জড়িত আছিল ২৪০ জন কৃষক। চৰকাৰী নীতি নিয়ম অনুসৰণ কৰি জৈৱিক মান্দায়া আৰম্ভ কৰিবলৈ আঠ মাহ সময়ৰ প্ৰয়োজন হৈছিল। কৃষক সকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিব পৰা জৈৱিক মান্দায়া দোকান বাঙ্গালুৰু-মহীশূৰ ঘাই পথত অৱস্থিত।


image


মধুচন্দনে মন্তব্য কৰে-'আমাৰ মনলৈ বহু পৰিকল্পনা আহিছিল, বাঙ্গালুৰুত জৈৱিক বজাৰৰ এক চেইন তৈয়াৰ কৰা, ই-কমাৰ্চ বেৱছাইট আৰম্ভ কৰা বা ৰেষ্টোৰাঁৰ সৈতে যোগাযোগ কৰি সামগ্ৰী বিক্ৰী কৰা আদি। কিন্তু এই পৰিকল্পনাবিলাকৰ দ্বাৰা কৃষক সকলে গ্ৰাহকৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পৰা সম্ভাৱনা নাছিল। কিন্তু মোৰ বাবে প্ৰধান কথা আছিল এইটোৱে। যেতিয়ালৈকে গ্ৰাহকে কৃষকৰ কষ্টৰ মূল্য বুজি নাপাব বা কৃষকে গ্ৰাহকৰ প্ৰয়োজন বুজি নাপাব, তেতিয়ালৈকে কৃষিয়ে কেতিয়াও এটা উপযুক্ত স্থান নাপাব।'

বাঙ্গালুৰু আৰু মহীশূৰৰ যোগসূত্ৰ মান্দায়া ঘাই পথত জৈৱিক মান্দায়া দোকান স্থাপন কৰাৰ সিদ্ধান্ত মধুৱে এই কাৰণে ল'লে কিয়নো তেওঁৰ বিশ্বাস আছিল যে ষ্টপত নমা যাত্ৰী সকলে সেই দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব। পৰৱৰ্তী সময়ত দোকানৰ কাষত তেওঁ এখন জৈৱিক ৰেষ্টোৰাঁ আৰম্ভ কৰিলে।

'মোৰ পৰিকল্পনাটো আছিল যে যাত্ৰী সকলে ৰেষ্টোৰাঁত খাদ্য গ্ৰহণ কৰি দোকানলৈ আহি সাপ্তাহিক বজাৰ লৈ যাবলৈ সুবিধা হ’ব। কিন্তু এমাহ মানৰ পিছত ইয়াৰ ওলোটাটোহে দেখা গ'ল। মানুহবোৰে প্ৰথম দোকানত বজাৰ কৰিবলৈহে আহে আৰু তাতেই তেওঁলোক সন্তুষ্ট হয়।'

শুদ্ধ পদ্ধতিৰে আগবাঢ়ি যোৱা

জৈৱিক মান্দায়াৰ প্ৰকৃত সৌন্দৰ্যটো হ'ল কৃষক আৰু গ্ৰাহকৰ মাজত এক যোগসূত্ৰৰ সৃষ্টি কৰা। মধুৱে কয়-'এহাতে গ্ৰাহকে জৈৱিক সামগ্ৰীৰ মূল্যৰ কথা চিন্তা কৰি সেয়া কিনিবলৈ দ্বিধাবোধ কৰে, আনহাতে শৰীৰত অত্যাধিক ৰাসায়নিক সংস্পৰ্শৰ বাবে ২৪ বছৰীয়া কৃষক একোজন কৰ্কট ৰোগত আক্ৰান্ত হ’ব লগীয়া হয়। সেয়ে জৈৱিক সামগ্ৰীৰ প্ৰতি সচেতন হোৱাটো এজন শিক্ষিত মানুহৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু এখন সাধাৰণ মঞ্চৰ অবিহনে এয়া সম্ভৱ নহয়।'

এইদৰেই প্ৰতিষ্ঠানটোৰ ‘অৰ্গেনিক টুৰিজিমে’ জন্ম লাভ কৰিলে । ইয়াৰ মূল কথা কেইটা আছিল-

১) শ্ৰম দান অভিযান: প্ৰথম স্বেচ্ছাসেৱী পদক্ষেপ অনুসৰি টকাৰ পৰিৱৰ্তে শ্ৰম দান কৰা। এই ক্ষেত্ৰত মধুৱে কয়-'২০ শতাংশতকৈ অধিক কৃষি ভূমি নষ্ট হোৱাৰ প্ৰধান কাৰণ হ'ল সময়ত কৰিবলগীয়া শ্ৰমৰ অৱজ্ঞা। এই পদক্ষেপৰ জৰিয়তে যিসকল লোকে খেতি কৰি ভাল পায় বা ইয়াৰ অভিজ্ঞতা আহৰণ কৰিব খোজে তেওঁলোকে সপ্তাহৰ শেষৰ দিনটোত পথাৰত কাম কৰি বা জৈৱিক মান্দায়া দোকানত গোটেই দিন কাম কৰিব পাৰে। মধুৱে উদাহৰণসহ কয় যে-ষাঠি বছৰীয়া এজন কৃষকে তিনি হাজাৰ টকাৰ বিনিময়ত এজন শ্ৰমিক ৰাখিব নোৱাৰিব পাৰে। কিন্তু তেওঁৰ খেতি পথাৰখন চহ কৰাটোও প্ৰয়োজন। এই ক্ষেত্ৰত আমি ফেচবুক পেজত এটা অনুৰোধ পঠিয়াই দিওঁ আৰু ২৪ জনীয়া স্বেচ্ছাসেৱীৰ গোটে আধা দিনত গোটেই কাম সম্পূৰ্ণ কৰি দিয়ে। যোৱা কেইমাহ মানত শ্ৰম দান অভিযান মানুহৰ মাজত ইমানেই জনপ্ৰিয় হৈছে যে বাঙ্গালুৰুৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা, কাৰিকৰী বিশেষজ্ঞ, অৱসৰপ্ৰাপ্ত দম্পতী আদি প্ৰায় এহেজাৰ স্বেচ্ছাসেৱীয়ে এই অভিযানত যোগদান কৰিছে।


image


২) কৃষি ভূমি ভগাই লোৱা: আন অক আকৰ্ষণীয় পদক্ষেপ অনুসৰি কৃষি ভূমি বিনিময়ৰ যোগেদি কোনো পৰিয়াল বা লোকে তিনি মাহৰ বাবে ৩৫,০০০ টকাত আধা একৰৰ পৰা দুই একৰলৈকে ভূমি কৃষকক ভাড়াত দিয়ে। এই নিয়ম অনুসৰি তিনি মাহৰ ভিতৰত আঠ-ন দিন পৰিয়ালটো তাত থাকি নিজে কৃষি কাৰ্য কৰিব পাৰিব। বাকী তেওঁলোক নথকা সময়ত মান্দায়া কৃষকে তেওঁলোকৰ ভূমি চোৱা-চিতা কৰিব। যেতিয়া শস্য উৎপাদন হয়, সেই শস্য পৰিয়ালটোৱে জৈৱিক মান্দায়াত ক্ৰয় কৰিব পাৰে বা নিজে খাবৰ বাবে ৰাখিব পাৰে। এই প্ৰক্ৰিয়াই কৃষক সকলৰ নিয়মীয়া আয় নিশ্চিত কৰাৰ লগতে নাগৰিকে পুষ্টিকৰ জৈৱিক খাদ্যৰ আনন্দ লাভ কৰে।

৩) গোট আৰু কৃষি: এই প্ৰক্ৰিয়াই প্ৰতিষ্ঠান সমূহক তেওঁলোকৰ কৰ্মচাৰীক দিনজোৰা কৃষি কাৰ্যৰ লগতে কাবাদ্দী, গিল্লী দণ্ডালো, লাগৰী আদি পৰম্পৰাগত ক্ৰীড়া সমূহত ভাগ লবলৈ উৎসাহিত কৰে। লগতে তেওঁলোকে কৃষিভূমি পৰিভ্ৰমণ কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে কৃষি পদ্ধতিটো বুজি পাব পাৰে। ইয়াৰ বিনিময়ত এটা দিনৰ বাবে অতি কমেও তেৰশ টকা তেওঁলোকৰ পৰা লোৱা হয়।


image


যোৱা ছমাহত জৈৱিক মান্দায়া সম্পূৰ্ণৰূপে কৰ্মক্ষম হোৱাৰ লগতে সফলতাৰ স্তৰ পাইছে। সমবায় খনৰ লগত জড়িত বৰ্তমান পাচশ কৃষক আছে যি সমূহীয়াকৈ দুশ একৰ মাটিত চাউল, দাইল, মাহজাতীয় শস্য, তেল, স্বাস্থ্য সম্পৰ্কীয় সামগ্ৰী, মচলা আদিকে ধৰি সত্তৰ বিধ বিভিন্ন সামগ্ৰী উৎপাদন কৰে। চাৰি মাহত প্ৰতিষ্ঠানটোৱে এশ কোটি টকা লাভ কৰিছে। সামগ্ৰী অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব পৰা ব্যৱস্থাও হৈছে বুলি মধুচন্দনে কয়।

গুৰুত্বপূৰ্ণ কথাটো হল যে মান্দায়াৰ পৰা আন চহৰলৈ প্ৰৱজনকাৰীৰ সংখ্যা কমিছে। মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হ'ল যেতিয়া এজন কৃষক পুনৰ নিজ মাতৃভূমিলৈ ঘূৰি আহি পুণৰ কৃষিকৰ্মত ধৰে। এতিয়ালৈকে ৫৭ জন লোক ঘূৰি আহিছে। এয়া জৈৱিক বিপ্লৱৰ আৰম্ভণি বুলি ক’ব পাৰি।

সুৰক্ষিত ভৱিষ্যতৰ পথ

মধুৰ মতে যিকোনো ব্যৱসায় সফল হ'বলৈ স্থায়িত্ব মূল কথা। আৰু এই স্থায়িত্বই কৃষক আৰু গ্ৰাহক-দুয়োকে লাভান্বিত কৰিব। অহা এটা বছৰত মধুৱে দহ হাজাৰটা পৰিয়াল তেওঁলোকৰ লগত জড়িত কৰাৰ কথা চিন্তা কৰিছে যি তেওঁলোকৰ পৰা মাহেকীয়া ভিত্তিত দুহেজাৰ বা তিনিহাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ ত্ৰিশ কোটি টকা লাভ হোৱাৰ সম্ভাৱনা আছে।

আমাৰ ধাৰণা মতে, পৰিয়ালবোৰক আমাৰ কমিটিৰ সদস্য হিচাপে পঞ্জীয়ন কৰাম আৰু তাৰ বাবে তেওঁলোকে বাৰ্ষিক এহেজাৰ টকাকৈ মাচুল দিব লাগিব। ইয়াৰ ফলত তেওঁলোকে দুটা সুবিধা লাভ কৰিব। প্ৰথম-আমাৰ সামগ্ৰীত তেওঁলোকে ৰেহাই লাভ কৰিব, দ্বিতীয়তে, তেওঁলোকক স্বাস্থ্যকৰ খাদ্য প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰোৱা হব।

মধুৰ আটাইতকৈ সাহসী পৰিকল্পনাটো হ'ল ২০২০ চনলৈ সমগ্ৰ মান্দায়া জিলা খন জৈৱিক জিলা হিচাপে পৰিচিত কৰোৱা।


image



মূল: স্বেতা ভিট্টা

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বংগৰ বাবু পালে অকলেই যুঁজিছে চীনৰ বিৰুদ্ধে

কোটি টকাৰ বাবে ব্যৱসায় নে কোটিজন গ্ৰাহকৰ বাবে ব্যৱসায়?

ব্যৱসায়িক ধাৰণা এটাৰ প্ৰাৰম্ভিক স্তৰতে কেনেদৰে পুঁজি সংগ্ৰহ কৰিব পাৰি

Add to
Shares
8
Comments
Share This
Add to
Shares
8
Comments
Share
Report an issue
Authors

Related Tags