EDITIONS
Asamiya

বীজ বোমাবৰ্ষণেৰে বনানীকৰণ কৰিছে থাইলেণ্ডে

Team Asamiya
27th Nov 2016
10+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

ঔদ্যোগীকৰণ আৰু ব্যাপক নগৰীকৰণৰ ফলত ক্ৰমাৎ সংকুচিত হৈ অহা বনাঞ্চল সংৰক্ষণ আৰু পুনৰ বনানীকৰণৰ বাবে থাইলেণ্ড চৰকাৰে এক এক অভিনৱ উপায় উদ্ভাৱন কৰিছে । থাইলেণ্ডৰ বিভিন্ন স্থানত আকাশৰপৰা বিমানেৰে বীজবৰ্ষণ কৰা হৈছে । সহজে নষ্ট হৈ যোৱা ধাতৱীয় কিছুমান যতনত সাৰ আৰু মাটিৰ সৈতে বীজ ৰাখি বিমানেৰে এইবোৰ মাটিলৈ নিক্ষেপ কৰা হয় । 

Image: Interesting Engineering

Image: Interesting Engineering


২০১৩ চনত থাইলেণ্ড চৰকাৰে এই পদ্ধতিটো গ্ৰহম কৰিছিল । ফিটচানুলক অঞ্চলত এই পদ্ধতিৰে ২০১৭ চনৰ ভিতৰত এখন সেউজীয়া অৰণ্য গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছিল । 

বীজ বোমাবৰ্ষণৰ এই পদ্ধতি প্ৰথমে জাপানত ২০শ শতাব্দীত গ্ৰহণ কৰা হৈছিল । মাছানবু ফুক'কা নামৰ এজন ব্যক্তিয়ে চুচি ডাঙ্গ নামৰ প্ৰাচীন পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি উদ্ভাৱন কৰিছিল । ১৯৩০ চনত প্ৰথমে হনলুলুৰ পৰ্বতাঞ্চলত বিমানেৰে বীজ বোমাবৰ্ষণ কৰা হৈছিল ।

কিন্তু ঔদ্যোগিকভাৱে এই পদ্ধতি ১৯৯৯ চনতহে হাতত লোৱা হৈছিল । এই পদ্ধতিত আমেৰিকাৰ লকহীড মাৰ্টিন এৰ'স্পেচে ৯০ হাজাৰ গছ একেদিনাই ৰুইছিল । একদৰে স্কটলেণ্ডতো এই পদ্ধতি গ্ৰহণ কৰা হৈছিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

10+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags