পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি

Saturday June 10, 2017,

2 min Read

লক্ষ্ণৌৰ পঙ্খূৰি গিডৱানি আছিল ফেমিনা মিছ ইণ্ডিয়াৰ ২য় ৰাণাৰ্ছ আপ । ২০১৭ চনৰ ১২শ শ্ৰেণীৰ আইএছচি পৰীক্ষাত ৯৭.২৫ শতাংশ নম্বৰ লাভ কৰি তেওঁ পুনৰ সংবাদ শিৰোনামলৈ আহিছে । ২০১৬চনত তেওঁ মিছ গ্ৰেণ্ড ইন্টাৰনেছনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ৮০ খন দেশৰ প্ৰতিযোগিৰ মাজত ২৫ তম স্থান দখল কৰিছিল । সেই প্ৰতিযোগিতাত ১৯ বছৰীয়া পঙ্খূৰিয়ে ইনিফেড মিছ টেলেন্টেড খিতাপো জয় কৰিছিল ।

Source: Indiatimes

Source: Indiatimes


লক্ষ্ণৌৰ লা মাৰ্টিনিয়াৰ গাৰ্লছ কলেজৰ ছাত্ৰী পঙ্খূৰি ২০১৬ চনত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল কাৰণ তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । 

ছ'চিয়েল মিডিয়াত পঙ্খূৰিয়ে নিজৰ অনুভৱ বৰ্ণনা কৰে এইদৰে-

৯৭.২৫ শতাংশ নম্বৰ । মোৰ সকলো বন্ধু বান্ধৱ আৰু অনুৰাগীৰ বাবে মই কেইটামান কথা জনাই দিব খুজিছো । ১৮ বছৰ বয়সত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবিৰ বাবে মই প্ৰথমবাৰ পৰীক্ষা দিব পৰা নাছিলো । এই প্ৰতিয়োগিতা শেষ হোৱাৰ লগে লগে মই মিছ গ্ৰেণ্ড ইন্টাৰনেছনেলৰ বাবে প্ৰস্তুতি চলাব লগীয়া হৈছিল । এবছৰৰ ব্যস্ততাৰ অন্তত মই পুনৰ পঢ়া-শুনাত মনোযোগ দিব লগীয়া হৈছিল । মোৰ একান্ত মনোযোগ পঢ়া-শুনাত দিয়াৰ ফলমই এইদৰে পাইছো । পঢ়-শুনাই হওক বা আন দিশতে হওক প্ৰবল ইচ্ছা আৰু পৰিশ্ৰম কৰিলে অসম্ভৱ একো নহয় । 

লা মাৰ্টিনিয়াৰ কলেজৰ অধ্যক্ষ আশ্ৰিতা দাসে কয়,

এইটো আনন্দৰ কথা যে তেওঁ প্ৰতিযোগিতাৰ পৰা ঘূৰি আহি পৰীক্ষাটোক গুৰুত্ব দিলে আৰু আৰু ভাল ফলাফল লাভ কৰিলে। ই তেওঁৰ মডেলিং কেৰিয়াৰতো সুপ্ৰভাৱ পেলাব । 

ইতিমধ্যে বিভিন্ন টেলিভিছন শ্ব' আৰু বিজ্ঞাপনৰ বাবে তেওঁক যোগাযোগ কৰা হৈছে যদিও তেওঁ এই ক্ষেত্ৰখনত প্ৰবেশ কৰাৰ আগতে নিজৰ পঢ়া-শুনা শেষ কৰি ল'বলৈ বিচাৰে । 

পঙ্খূৰিৰ পিতৃ দীপক গিডৱানিয়ে কয় যে তেওঁ তেওঁৰ জীয়ৰীৰ ফলাফলক লৈ যথেষ্ট আনন্দিত । তেওঁ লগতে কয় যে পঙ্খূৰিয়ে মডেলিং আৰু পঢ়া-শুনাত সমাঞ্জস্য ৰাখি চলাৰ বাবে তেওঁ আনন্দিত । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ

ভাৰতৰ ১৮ বছৰীয়া ৰিফাটে বিশ্বৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰিছে

ভাৰতৰ প্ৰথমখন কিতাপৰ গাওঁ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী