অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস

অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস

Wednesday May 25, 2016,

4 min Read

সৰু বটলত মাছ পোহা মনত আছেনে ? বটলেই হওক বা একোৱাৰিয়ামেই হওক মাছ পোহাটো এটা বহুলভৱে দেখিবলৈ পোৱা চখ। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে হয়তো এবাৰলৈ হলেও মাছ নোপোহা মানুহ খুব কমেই আছে। বাসস্থানৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে মাছৰ প্ৰয়োগ যুগ যুগ ধৰি হৈ আহিছে । বাস্তু, ফেং শ্বুই আদি প্ৰাচ্যৰ পৰম্পৰা সমূহতো আলংকাৰিকভাৱে মাছৰ প্ৰয়োগৰ কথা উল্লেখ আছে । এই পৰম্পৰা সমূহত মাছ পোহাটো মাঙ্গলিক জ্ঞান কৰা হয় । আধুনিক যুগৰ কেতবোৰ মনোবৈজ্ঞানিকৰ মতে মাছৰ চলন দীৰ্ঘসময় ধৰি লক্ষ্য কৰিলে মানসিক অৱসাদ দূৰ হয় । পশ্চিমীয়া দেশসমূহত দিনক দিনে বাঢ়ি অহা আলংকাৰিক মাছৰ জনপ্ৰিয়তাৰ আঁৰৰ এক অন্যতম কাৰণ এই বিশ্বাসো । বিশেষকৈ বিমানবন্দৰ আদি ৰাজহুৱা স্থানত একোৱাৰিয়ামৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে উন্নত দেশসমূহত । আমি সাধাৰণতে একোৱাৰিয়ামত পোহা মাছ বুলিলে গাপ্পি, গ'ল্ডফিশ্ব আদি বিদেশী মাছবোৰকেই বুজোঁ যদিও বহুতে নাজানে যে অসমৰ থলুৱা প্ৰজাতিৰ বহু মাছৰো আন্তৰাষ্ট্ৰীয় বজাৰত আলংকাৰিক মাছ হিচাপে যথেষ্ট চাহিদা আছে । আপুনি বাৰু ভাবিব পাৰে নে যে আমি সচৰাচৰ দেখি থকা পুঠি, খলিহনা আজি মাছবোৰ বিদেশলৈ ৰপ্তানি হব পাৰে ? তাকো একোৰিয়ামত সজোৱা মাছ হিচাপে ? এনে একোটা মাছৰ দামো ৫০০ টকা পৰ্যন্ত হ’ব পাৰে ?

image


অসম চৰকাৰৰ মীন সঞ্চালকালয়ৰ ফিচাৰী বিষয়া তথা মীন বিজ্ঞানী ধ্ৰুৱজ্যোতি শৰ্মাই কয়, ‘আমাৰ অসমত ২১৬ বিধ মাছ পোৱা যায় আৰু ইয়াৰে ১৫০ টা প্ৰজাতিৰেই কম বেছি পৰিমাণে আলংকাৰিক গুণ আছে । ইয়াৰে ৫০ টা প্ৰজাতি আন্তৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদাযুক্ত । অথচ এই মাছসমূহক উপযুক্তভাৱে উপস্থাপন, এই মাছসমূহৰ উপযুক্ত গৱেষণা, আৰু এই মাছসমূহৰ চাহিদাৰ ব্যাৱসায়িক প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ এতিয়াও যথেষ্টখিনি কৰণীয় আছে ।‘

কিছুদিনৰ আগলৈকে ধাৰণা আছিল যে আলংকাৰিক মাছ বুলিলে ৰংচঙীয়া মাছবোৰকে বুজা যায় । কিন্তু এতিয়া সেই ধাৰণা সলনি হৈছে । মাছৰ একো একোটা প্ৰজাতিয়ে চাল চলন, দুৰ্লভতা, খাদ্যাভাস আদিৰ ওপৰত ভিত্তি কৰি আলংকাৰিক মাছ হিচাপে স্বীকৃতি পায় । লগতে বিদেশত দুৰ্লভ হোৱা বাবে অসমৰ মাছবোৰৰ চাহিদা আলংকাৰিক মাছ হিচাপে যথেষ্ট বেছি । অমাৰ পুঠি, খলিহনা, চেং, কুচিয়া, বটিয়া, চিতল আদিবোৰ আমি সদায় দেখি থকাৰ বাবে সেই বোৰৰ গুৰুত্ব আমি উপলব্ধি নকৰোঁ যদিও বিদেশৰ বজাৰত এইবোৰৰ চাহিদা যথেষ্ট বেছি ।

সমগ্ৰ বিশ্বৰ আলংকাৰিক মাছৰ মূল বজাৰখন আছে ছিঙ্গাপুৰত । এই বজাৰত যিবোৰ মাছ বিক্ৰী হয় তাৰ এক অন্যতম অংশ হৈছে অসমৰ থলুৱা মাছসমূহ । অসমৰ মানুহে বিশ্ব বজাৰৰ এই চাহিদা নজনাৰ ফলত এই বজাৰখনৰ লাভ লব পৰা নাই । কিন্তু অসমৰ এই মাছবোৰ বিভিন্ন এজেন্টৰ জৰিয়তে সংগ্ৰহ কৰি এই মাছবোৰ ডাঙৰ চহৰৰ , বিশেষকৈ কলকাতাৰ ব্যৱসায়ীয়ে চৰা দামত বিদেশত বিক্ৰী কৰে ।

image


অৱশ্যে অসমৰ একাংশ ব্যৱসায়ী কিছু পৰিমাণে এই বজাৰখনৰ লাভ ল’বলৈ আগবাঢ়ি আহিছে । ২০০৭ চনৰপৰা এই ব্যৱসায়ত জড়িত হৈ থকা এজন ব্যৱসায়ী, যোৰহাটৰ সীমান্ত দত্তই কয়, ‘ উত্তৰ পূৱত যিখিনি মাছ আছে সেইখিনি বাহিৰত নাই । গতিকে বাহিৰৰ মানুহে এই মাছবোৰ চাই বৰ ভাল পায় আৰু এই বোৰৰ চাহিদা যথেষ্ট বেছি । আমাৰ মানুহে যেনেকৈ বিদেশী মাছ চাই ভাল পায় তেনেকৈ বিদেশৰ মানুহে আমাৰ মাছবোৰ চাই ভাল পায় ।‘

‘বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জীৱন্ত মাছৰ চাল-চলন লক্ষ্য কৰাটো মানসিক পৰিতৃপ্তিৰ লগতে স্নায়ুতন্ত্ৰৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গুৰুত্বপূৰ্ণ । সেইবাবেই বিশ্বজুৰি বাঢ়ি অহা চাহিদালৈ চাই ই অসমৰ অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । বিশ্বত ফটোগ্ৰাফীৰ পিছতে দ্বিতীয় আটাইতকৈ জনপ্ৰিয় হবি হৈছে মাছ পোহা আৰু ইয়াৰে আলম লৈ ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ এখন আন্তৰাষ্ট্ৰীয় বজাৰ গঢ়ি উঠিছে । এই বজাৰখনৰ এটা ডাঙৰ অংশ অসমে ল’ব পাৰে ।‘ ধ্ৰুৱজ্যোতি শৰ্মাই কয় ।

আনহাতে এই বজাৰখন প্ৰতি বছৰে ১০ শতাংশ হাৰত বাঢ়ি গৈছে আৰু অৰ্ণামেন্টেল ফিছ ইন্টাৰনেছনেলৰ মতে ভাৰতে বাৰ্ষিক ৩,৯৫০ কোটি টকাৰ আলংকাৰিক মাছ বিদেশলৈ ৰপ্তানি কৰাৰ থল আছে । এই বজাৰখনৰ এটা বৃহৎ অংশ অসমে দখল কৰিব পাৰে । অসমৰ চাহৰ দৰে আলংকাৰিক মাছো হ’ব পাৰে এক গুৰুত্বপূৰ্ণ ভৌগোলিক সূচক । ইয়াৰ বাবে লাগিব এক সুচিন্তিত আঁচনি ।        

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

শোষিত মহিলাক সন্মানৰ জীৱন দিবলৈ যুঁজি যোৱা এগৰাকী যোদ্ধা সুনীতা কৃষ্ণন

গুৱাহাটীৰপৰা বাংগালুৰুলৈ ধাৰাবাহিক উদ্যমী ২২ বছৰীয়া ঋদ্ধিনীল ৰয়ৰ চমকপ্ৰদ যাত্ৰা

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in