অভ্ৰমিত পথেৰে ভ্ৰমণ কৰি ৰীমাদেৱী থ’ট্টাহিল হৈ পৰিল ভাৰতীয় নৌ-সেনাৰ প্ৰথম গৰাকী মহিলা এ.টি.চি

মূল- তন্বী ডুবে

অভ্ৰমিত পথেৰে ভ্ৰমণ কৰি ৰীমাদেৱী থ’ট্টাহিল হৈ পৰিল ভাৰতীয় নৌ-সেনাৰ প্ৰথম গৰাকী মহিলা এ.টি.চি

Thursday October 20, 2016,

4 min Read

এ.টি.চি (Air Traffic Controller) এটি খুবেই কঠিন কাম, য’ত তাত্ক্ষণিক সিদ্ধান্ত ল’ব নেৱাৰিলে বিমান তথা যাত্ৰীসকল ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগা হ’ব পাৰে। নৌসেনাত তেওঁ যোগদান কৰোতে কর্মক্ষেত্ৰৰ এই সত্যতাৰ বিষয়ে অৱগত নাছিল।

ভাৰতীয় নৌসেনাত মহিলাসকলৰ বাবে দুৱাৰ খোলা নাছিল। ১৯৯২ চনৰ জুলাই মাহত নৌসেনাই নির্দিষ্ট কিছুমান বিভাগত Short Service Commissioned Officer নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়, এই বিভাগ সমূহৰ ভিতৰত এটিচিও অন্যতম।

image


এই প্ৰক্ৰিয়াৰ মাজেৰে গৈ ৰীমাদেৱী থ’ট্টাহিল নৌসেনাত প্ৰৱেশ কৰে। কেৰেলা ৰাজ্যৰ ত্ৰিবান্দমৰ ওচৰৰ নিমম নামৰ সৰু গাওঁ এখনত জন্ম গ্ৰহণ কৰা ৰীমাদেৱীয়ে স্কুলীয়া আৰু মহাবিদ্যালয়ৰ শিক্ষা ত্ৰিবান্দমৰ পৰাই গ্ৰহণ কৰে। কেৰিয়াৰৰ কথা মনলৈ আহোতে ৰীমাদেৱীৰ সন্মুখত দুটা মাথো পথ আছিল- পিতৃৰ পদাংক অনুসৰণ কৰি ডাক্তৰ হোৱা অন্যথা শিক্ষা বিভাগত চাকৰি কৰা। কিন্তু হঠাত সকলো সলনি হৈ গ’ল। এদিন তেওঁৰ ভাতৃয়ে বাতৰি কাকতত নৌসেনা বিভাগে National Air Traffic Serviceত মহিলাৰ বাবে পদ সংযোজন কৰাৰ বাতৰিটো পঢ়িবলৈ দিয়ে।

image


ৰীমাদেৱীৰ ভাতৃয়ে NCC কৰিছিল আৰু সেনাত ভৰ্তি হোৱাৰ এক হেঁপাহ পুহি ৰাখিছিল। তেওঁৰ ভাতৃয়ে দেশ সেৱাৰ কামত জড়িত হৈ থকা গৌৰৱ- সেনাৰ পোছাকযোৰৰ মহত্ব এনেদৰে বর্ণনা কৰিলে যে ৰীমাদেৱীৰ মনতো সেনা বাহিনীৰ প্ৰতি দূৰন্ত স্পৃহা জাগি উঠিল। অগতানুগতিক কিবা এটা কৰাৰ হেঁপাহে ৰীমাদেৱীক ইণ্টাৰভিউ দিবলৈ মানসিক শক্তি প্ৰদান কৰিলে।

সিদ্ধান্ত লৈ ল’লে উৎসাহী ৰীমাদেৱীয়ে আৰু ভূপাল পালেগৈ ইণ্টাৰভিউৰ বাবে। “মই কঠিন পৰীক্ষাসমূহৰ লগতে শাৰীৰিক পৰীক্ষা সমূহো ভালদৰে উত্তীর্ণ হৈ মেধাৰ ভিত্তিতেই ভাৰতীয় নৌসেনা বিভাগৰ Air Traffic Controlৰ ‘Short Service Commission’ত মকৰল হৈ পৰিলো।”

এক নতুন পথত এক নতুন যাত্ৰা। নৌসেনা বিভাগৰ মহিলা Air Traffic Controller ৰূপে নিযুক্ত হোৱা প্ৰথম তিনিগৰাকীৰ ভিতৰত অন্যতম ৰীমাদেৱী।

১৯৯৩ চনৰ ৯ আগষ্টত ৰীমা গোৱাস্থিত নৌ বিভাগৰ একাডেমিত ভর্তি হয়। প্ৰথম দিনাই ৰীমাই বুজি উঠিল যে নৌ বিভাগৰ কঠিন প্ৰশিক্ষণে এজনী নতুন নাৰীলৈ ৰূপান্তৰ কৰিব ৰীমাক, যি নিজৰ জীৱন দেশমাতৃৰ বাবে উৎসর্গিত কৰিবলৈ সাজু।

পুৰুষপ্ৰধান সেনা বাহিনীত মহিলাৰ প্ৰথমটো দলে প্ৰশিক্ষণৰ সকলো প্ৰক্ৰিয়া যুদ্ধ কৌশল, অস্ত্ৰ চালনা, পেৰেড পাঠ্যক্ৰম সুখ্যাতীৰে অতিক্ৰম কৰি পুৰুষে পিন্ধা সেই একেই পোছাকেই পৰিধান কৰিবলৈ সক্ষম হৈছিল। “আমি সেই সকলোখিনি শিক্ষা পুৰুষৰ সৈতে সমানে গ্ৰহণ কৰিছিলো”- ৰীমাদেৱীয়ে অৱগত কৰে।

সেই দিনবোৰৰ কথা মনত পেলাই ৰীমাই কয় যে- সেই দিনবোৰৰ ব্যস্ততাৰ মাজত তেওঁলোকৰ এই কথা উপলব্ধি কৰিবলৈও আহৰি নাছিল যে তেওঁলোকে এক দৃষ্টান্তমূলক কাম কৰি নিজকে বুৰঞ্জীৰ পাতত সন্নিৱিষ্ট কৰিবলৈ গৈ আছে। প্ৰেক্টিকেলত শ্ৰেষ্ঠত্বৰ খিতাপ অর্জন কৰাৰ উপৰিও সহপাঠীসকলতকৈ শ্ৰেষ্ঠত্ব দেখুৱাবলৈ সক্ষম হৈছিল।

গোৱাৰ নৌসেনা একাডেমিৰ সেনা বাহিনীৰ কষ্টসাধ্য প্ৰশিক্ষণে মোক শৃংখলাবদ্ধতাৰ কথা শিকালে। ঠিক সেইদৰে বায়ুসেনা বিভাগত থাকি মোৰ পৰিচয় হ’ল সুবিশাল নীলা আকাশ, বিশালকায় মেশ্বিন আৰু সেইসকল ব্যক্তিৰ লগত যিয়ে আমাৰ আকাশখনক সুৰক্ষা দিয়ে। এগৰাকী এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰৰ কর্মক্ষেত্রত একেধৰণৰ দ্বিতীয় এটা দিন কেতিয়াও নাথাকে। কণ্ট্ৰ’ল টাৱাৰৰ পৰিবেশ হৈ পৰে ঠিক ইংৰাজী ছবি এখনৰ এক্সন চিকুৱেন্সৰ দৰে উৎকণ্ঠতাৰে পূর্ণ। যেতিয়া এখন যুঁজাৰু বিমান আকাশলৈ উৰা মাৰে সেই সময়ত ট্ৰেফিক কণ্ট্ৰ’লাৰ আৰু পাইলটৰ মাজত চলা বিভিন্ন কথা-বতৰাসমূহ উৎকণ্ঠাৰে ভৰা হয়।

আকাশমার্গত বিচৰণ কৰা উৰাজাহাজসমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সজাগতাৰ প্ৰয়োজন, কাৰণ ভুল হ’লেই ৰক্ষা পোৱাৰ কোনো সুযোগ নাই। পৃথিবীৰ বিভিন্ন কর্মক্ষেত্ৰৰ ভিতৰত এটিচি সেইবাবেই খুব কঠিন আৰু সংকটপূর্ণ বুলি গণ্য কৰা হয়। আটাইতকৈ কঠিন মূহুর্ত হৈছে যেতিয়া কণ্ট্ৰ’লাৰ জনে পাইলটৰ লগত বিপদ সংকুল কথোপকথনসমূহ আন বিষয়া-কর্মচাৰীয়ে নজনাকৈয়ে নিয়ন্ত্ৰণ কৰিব লাগে। নিজৰ দহবছৰীয়া কার্য়কালত ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈকে কোনো অসুবিধা নোহোৱাকৈ এই বিপদ সংকুল কর্মক্ষেত্ৰ সফলতাৰে পাৰ কৰি যায় ৰীমাদেৱীয়ে।

Short service commissioned শেষ হোৱাৰ পাছত চাৰি বছৰৰ কাৰণে চাকৰিৰ ম্যাদ বঢ়াই দিয়া হৈছিল, কিন্তু চর্ত আছিল অৱসৰৰ পাছত পেন্সন নাপাব আৰু অন্যান্য সা-সুবিধাসমূহৰ পৰাও বঞ্চিত হ’ব। কিন্তু ৰীমাই আৰু চাকৰি কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে।

অসামৰিক ৰূপত, সবর্সাধাৰণৰ মাজলৈ সোমাই আহিল ৰীমা লগত চাকৰিকালৰ বিশাল অভিজ্ঞতা। নতুনত্বৰ প্ৰতি ধাউতী থকা ৰীমাই কর্প’ৰেট পৃথিৱীখনত খোজ পেলালে হিউমেন ৰিছ’র্চ বিভাগত। তেওঁ UKৰ এক বহুজাতিক IT কোম্পানীৰ H.R মূৰব্বীৰূপে কাম আৰম্ভ কৰে। পাছলৈ তেওঁ আৰু বহুতো IT, ITE কম্পেনীৰ মূৰব্বীৰূপে কাম কৰে। এই সকলো চাকৰিৰ ভিতৰত সুৰা কোম্পানী H.R হৈ থকাৰ সময়চোৱাত তেওঁ বিভিন্ন ইউনিয়ন লীডাৰ, এক্সাইজৰ লগত জড়িত বিভিন্ন চৰকাৰী অনুষ্ঠান আৰু শ্ৰমিক আইনৰ বিভিন্ন দিশৰ লগত জড়িত ব্যক্তিসকলক লগ পাইছিল। এই সময়চোৱা ৰীমাৰ বাবে যথেষ্ট অভিজ্ঞতাপুষ্ট।

ৰীমাই পুনৰ ITৰ জগতখনলৈ ঘূৰি যায় আৰু বর্তমান ITC Infotechৰ Global Talent Managementৰ মূৰব্বী হিচাপে কর্মৰত।

মোহনৰাজৰ লগত (অৱসৰপ্ৰাপ্ত সেনা বিষয়া) বিৱাহপাশত আৱদ্ধ হোৱা ৰীমা দুগৰাকী কন্যা সন্তানৰ মাতৃ। ৰীমাৰ পেইণ্ট কৰা, গান গোৱা আৰু কিতাপ পঢ়াৰ প্ৰতি ধাউতী আছে। সময় সাপেক্ষে নিজকে বিভিন্ন ৰূপত ঢাল খুৱাবলৈ সক্ষম হোৱা ৰীমাই নিজৰ চখসমূহ পুৰণ কৰি যোৱাৰ লগতে পৰিয়ালৰ বাবেও যথেষ্ট সময় উলিয়াবলৈ চেষ্টা কৰিছিল। ৰীমাই নিজকে “চুপাৰ ৱ’মেন”ৰূপে কেতিয়াও গণ্য কৰা নাছিল। নজনা সকলো কথা নিজ প্ৰচেষ্টাৰে শিকি লৈছিল।

নিজকে আমোদ দিবৰ বাবেই ২০০৮ চনত ৰীমাই মিচেচ চেন্নাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰাণার্ছ-আপৰ খিতাপ অর্জন কৰে।

ৰীমাই নিষ্ঠাৰেই বিশ্বাস কৰে- “তোমাৰ আৰু তোমাৰ সপোনবোৰৰ মাজত হেঙাৰ ৰূপে থিয় দি থকাজন অকল তুমিয়েই।” ৰীমাই কয়- “সপোন পূর্ণ হ’বই- গোটেই পৃথিৱীখনত কোনেও তোমাক উৎসাহিত নকৰিব, তোমাক অবিশ্বাস কৰিব, তথাপিও তুমি নিজৰ সপোন সাৱটি ৰাখা- উৎসাহ নেহেৰুৱাবা- আগুৱাই যোৱা- সপোন পূৰণ হ’বই।”

image


নিজৰ উদাহৰণ দি ৰীমাই কয়- “মোৰ দৰে সাধাৰণ পৰিয়ালৰ ছোৱালী এজনীয়ে যদি সদায় পুৰুষে কৰা কাম এটাত প্ৰথম প্ৰচেষ্টাতে সফল হ’ব পাৰোঁ, তেন্তে আমাৰ তুলনাত যথেষ্ট আগবঢ়া আজিৰ প্ৰজন্মই নিজকে প্ৰমাণ কৰিবলৈ কোনো অসুবিধা নাই, কিয়নো তেওঁলোকৰ সুবিধা বহুত বেছি।”