EDITIONS
Asamiya

গুৱাহাটীত এতিয়া উপলব্ধ উবেৰ এক্সৰ সেৱা

Team Asamiya
22nd Jan 2017
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

গুৱাহাটীত অলপতে উবেৰে মুকলি কৰিলে উবেৰ এক্স সেৱা । এই সেৱাৰ প্ৰথমজন ব্যৱহাৰকাৰী হিচাপে সঙ্গীত শিল্পী অঙ্গৰাগ পাপন মহন্ত । ২০১৫ চনত উবেৰ গ' সেৱাৰে গুৱাহাটীত আত্মপ্ৰকাশ কৰিছিল এপ ভিত্তিক কেব সেৱা উবেৰে । বৰ্তমান উবেৰ এক্সৰ যোগেদি বিলাসী যাত্ৰাৰ সুবিধা দিবলৈ প্ৰস্তুত হৈছে । এই সেৱাৰ সৈতে সংযোগ কৰা হৈছে ছিডান বাহন ।

image


এই সন্দৰ্ভত উবেৰ গুৱাহাটীৰ মহাপ্ৰৱন্ধক অৰ্পিত মুন্দ্ৰাই কয়, "গুৱাহাটীৰ যাত্ৰী সমাজৰ পৰা পোৱা অভূতপূৰ্ব সঁহাৰিয়ে আমাক স্বাভাবিকতে উৎসাহিত হৈছে । আৰু এতিয়া আমি এই উবেৰ এক্স শীৰ্ষক সুবিধাৰে ইয়াত ছেদান বাহনৰ সুবিধা ব্যয়সাধ্য খৰচত গ্ৰাহকক প্ৰদান কৰিম বুলি আশা কৰিছো । ইয়াৰ যোগেদি থলুৱা বহু ক্ষুদ্ৰ উদ্যোগীৰ উত্থানৰ ক্ষেত্ৰত ই সহায় কৰিব বুলি আশা কৰিছো ।"

অসমৰ পৰিবহন আয়ুক্ত পুৰু গুপ্তাই কয়, "মহানগৰীৰ নাগৰিকসকলক যাত্ৰাৰ সুবিধা প্ৰদান কৰা উবেৰৰ এই পদক্ষেপ প্ৰশংসনীয় ।" উবেৰৰ এই সেৱাৰ বাবে অঙ্গৰাগ মহন্তয়ো প্ৰতিস্থানটোৰ শলাগ লয় । উবেৰ এক্সৰ মূল্য সমূহ হ'ব এনেধৰণৰ- ভিত্তি ভাড়া ৫০ টকা, প্ৰতি কিলোমিটাৰ ৯ টকা, প্ৰতি মিনিটত ১.৫০ টকা, বাতিল মাচুল- ৫০ টকা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

যোধপুৰৰ মহিলা বিজয় হালদিয়াই ৫৬ বছৰ বয়সতো দেখুৱালে সময়ৰ সৈতে কেনেকৈ ফেৰ মাৰিব পাৰি

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান

  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags