EDITIONS
Asamiya

এসময়ৰ মাওবাদী অধ্যুষিত অঞ্চলত এতিয়া চাৰিওফালে কেৱল ফুলৰ বাগিছা

13th Jan 2016
Add to
Shares
14
Comments
Share This
Add to
Shares
14
Comments
Share

সমীপতে সুবিশাল পাহাৰ। কিন্তু পৰিবেশ সুকীয়া। প্ৰকৃতিৰ খেয়ালী মনে বিচৰা ধৰণৰ নহলেও এসময়ৰ হিংসাত্মক কাৰ্যকলাপৰ ঘাটি নক্সালবাৰী অঞ্চলত এতিয়া গঢ়ি উঠিছে এক সুকীয়া আন্দোলন। এসময়ত উগ্ৰ হিসাত্মক মাওবাদী আন্দোলনৰ কেন্দ্ৰবিন্দু নক্সালবাৰী এতিয়া পুষ্প আবেষ্টিত। নিজৰ ঘৰতেই পাতাবাহাৰ আৰু ফুলৰ বাগিছাৰে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে অঞ্চলটোৰ সহস্ৰাধিক লোকে।

আদিবাসী, নেপালী, বঙালী, বিহাৰী। নানা বৰ্ণ, ভাষা, জাতিৰ লোকৰ সহৱস্থান নক্সালবাৰী। শিলিগুৰিৰ এই অঞ্চলটোৰ লোক সকল মূলত কৃষিজীৱী। কিন্তু ধান গম আদি প্ৰথাগত কৃষি কৰ্মত ইমান লাভৰ মুখ নেদেখে কৃষক সকলে। অৰ্থ উপাৰ্জনৰ অন্য বিকল্প বিচাৰোঁতে ৰাজ্য চৰকাৰৰ ডি আৰ ডি চিৰ উদ্যোগত অঞ্চলটোত ফুল, পাতাবাহাৰ, অৰ্কিড আদিৰ খেতি আৰম্ভ হ’ল। অঞ্চলটোৰ ১৪ টা কৈ আত্মসহায়ক গোটে একেখন মঞ্চৰ যোগেদি কাম কৰি গ’ল। আৰু এতিয়া সকলো মিলি প্ৰায় চাৰে পাঁচ হাজাৰ লোক জড়িত হৈ পৰিল এই উদ্যোগটোৰ সৈতে।

image


আত্মসহায়ক গোট সমুহৰ মাজত সিদ্ধান্ত হ’ল নিজৰ মাটিতেই ফুলৰ খেতি কৰাৰ। আগতে মানুহে নিজৰ পচন্দ অনুসৰি নিজৰ বাৰিত ফুল গছ ৰুইছিল, এতিয়া বাণিজ্যিক চাহিদা অনুসৰি খেতি কৰাৰ কথা ভাল দৰেই বুজে সুচিতা মিনজ, ৰূপৱতী সিংহ, সৰস্বতী ছেত্ৰীহঁতে। নিজৰ সংসাৰত দ্বায়িত্ব পালন কৰাৰ উপৰিও জাৰবেৰা, অভেলিয়া, ব্লমিনেট, গোলাপ, নাৰ্জি আদি ফুলৰ লগতে নানা ধৰণৰ কেকটাছ, অৰ্কিড নিজৰ বাগিছাতে তেওঁলোকে বিক্ৰীৰ বাবে প্ৰস্তুত কৰি উলিযায়। কৃষি ক্ষেত্ৰত আত্মসহায়ক গোটৰ সদস্য সকলে সদায় জৈবিক সাৰ ব্যৱহাৰ কৰে। এই নতুন পথৰ আশীৰ্বাদতে গোটেই বছৰ জুৰি কামত জড়িত থাকে গোটৰ সদস্য সকল। আৰু এই গোটেই কাম কাজ পৰ্যবেক্ষণ কৰে কৃষ্ণ দাস নামৰ স্থানীয় যুৱক এজনে।

নিজৰ বাগানৰ ফুল বা পুলিৰ বিক্ৰীৰ বাবে গোটৰ সদস্য সকলে চিন্তা কৰা প্ৰয়োজন নাই। শিলিগুৰিৰ বিভিন্ন বজাৰত নক্সালবাৰীৰ উৎপাদিত সামগ্ৰীৰ খুবেই চাহিদা। বহু নাৰ্চাৰীয়েও তেওঁলোকৰ পৰা পুলি কিনি নিয়ে। ফুলৰ ব্যৱসায়ী সকলa তেওঁলোকৰ সৈতে যোগাযোগত থাকে। পাহাৰৰ পাদদেশত হোৱা অৰ্কিডৰ খুবেই চাহিদা। বহু অৰ্কিড বাহিৰলৈও চালান দিয়া হয়। ইয়াৰ উপৰিও নক্সালবাৰীৰ অৰ্কিড তুলনামুলক ভাবে কম দামতে বিক্ৰী হয়। সেই বাবেই বিক্ৰীৰ বাবে এওঁলোকৰ বিশেষ সমস্যা নাই। নক্সালবাৰীৰ দেশবন্ধু পাৰা, লালফুল, হাতীচিগাৰ দৰে অঞ্চল সমুহ বছৰৰ সকলো সময়তে এতিয়া ফুলেৰে জাতিস্কাৰ হৈ থাকে। কেৱল নক্সালবাৰীতে আবদ্ধ নাথাকি কলকাতা, পশ্চিম ছিকিমৰ জোৰথাং আদি অঞ্চলৰ বিভিন্ন প্ৰদৰ্শনীত নক্সালবাৰীৰ ফুল, অৰ্কিড, পাতাবাহাৰ আদি প্ৰদৰ্শিত হয়। এনে মেলা, প্ৰদৰ্শনীত লাখ লাখ টকাৰ বিক্ৰী হয়।

আত্মসহায়ক গোটৰ কোষাধ্যক্ষ কৃষ্ণ দাসৰ ভাষ্য এনেধৰণৰ-“আমাৰ ফুল, গছৰ চাহিদা বহুত। সকলোৰে যাতে উপাৰ্জন বৃদ্ধি পায় তাৰ বাবে আমি খেতি আৰু বহলুৱা কৰিব বিচাৰিছো। আধুনিক পদ্ধতিৰে কৰাৰ চিন্তা ভাৱনাও হৈছে, যাতে সময়ৰ অপচয় নহয়, আৰু আমাৰ উপাৰ্জনো কিছু পৰিমাণে বৃদ্ধি পায়।” উপাৰ্জনৰ নতুন পথ বিচাৰিয়েই নিজৰ ঘৰতেই বাগিছা কৰিছে সুচিতা, ৰূপৱতীহঁতে। সতেজ ফুল, পুলি আৰু অৰ্কিডৰ সন্ধানত শিলিগুৰিৰ বহু ব্যৱসায়ী নক্সালবাৰীৰ গাঁও পাইছেগৈ। বিয়াৰ পৰা পাৰ্টিলৈকে সকলোতে চাহিদা নক্সালবাৰীৰ বাগানৰ উৎপাদিত ফুলৰ। হাতীচিগাৰ বাসিন্দা ৰূপৱতী সিংহ বিদ্যালয়ৰ ছাত্ৰী। পঢ়াশুনাৰ মাজতে বাগানত কাম কৰাৰ নিচা হৈ গৈছে ৰূপৱতীৰ। কিশোৰী গৰাকীৰ ভাষ্য এনেধৰণৰ-“আগতে আমি ঘৰত নিজৰ ভাল লগা ফুলগছ ৰুইছিলো। এতিয়া আমি আধুনিক পদ্ধিতিত খেতি কৰি বুজিছো কিমান পাৰ্থক্য। ফুল, পুলি, অৰ্কিড বিক্ৰী কৰি মাহটোত অন্ততঃ মোৰ তিনি হাজাৰ টকা থাকে। ঘৰৰ খা খৰচৰ বাবে কিবা এটা দিব পাৰি মোৰো ভাল লাগিছে।” এই ভালগলা তৃপ্তিৰ আবেশ আছে সমগ্ৰ গাওঁখনতে। এনেধৰণৰেই গোটৰ সদস্য সকলৰ মাজত গছ ৰোৱাৰো প্ৰৱণতা বৃদ্ধি পাইছে। যি সকলৰ বাৰীত ভাল উৎপাদন হোৱা নাই তেওঁলোকে বিক্ৰী আৰু বিপণনৰ কামত জড়িত হৈ পৰিছে। সকলো মিলি নক্সালবাৰী অঞ্চল এতিয়া হৈ পৰিছে প্ৰাণ চঞ্চল।

মূলঃ তন্ময় মূখাৰ্জী

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

Add to
Shares
14
Comments
Share This
Add to
Shares
14
Comments
Share
Report an issue
Authors

Related Tags