EDITIONS
Asamiya

‘‘পৰিৱৰ্তনেই মোক গতিশীল কৰি ৰাখে,’’ অনু বৈদ্যনাথন

মূল- প্ৰীতি চামিকুট্টি

20th Oct 2016
Add to
Shares
4
Comments
Share This
Add to
Shares
4
Comments
Share

অনু বৈদ্যনাথন হাফ্ আইৰন মেন ৱৰ্ল্ড চেম্পিয়নশ্বিপছলৈ নিৰ্বাচিত প্ৰথম গৰাকী ভাৰতীয়। তেওঁ আল্ট্ৰামেন নামৰ তিনিদিনীয়া ট্ৰায়থলন (১০ কিঃমিঃ সাঁতোৰ, ৪২০ কিঃমিঃ মটৰ চাইকেল চালনা আৰু ৮৪.৪ কিঃমিঃ দৌৰ)ত যোগদান আৰু সম্পূৰ্ণ কৰা প্ৰথম গৰাকী এছীয়। এগৰাকী ক্ৰীড়াবিদ হোৱাৰ ওপৰিও অনু এগৰাকী উদ্যোগীও, তেওঁ Pat N Marks নামৰ এক প্ৰতিষ্ঠানৰ মুৰব্বী। এই প্ৰতিষ্ঠানটো বৌদ্ধিক সম্পদৰ সৈতে জড়িত। অনুৰ কাহিনীৰ আমাৰ বাবে বিশেষ গুৰুত্ব পূৰ্ণ হোৱাৰ কাৰণটো কি? আহক, আমি অনুৰ যাত্ৰাৰ অংশীদাৰ হওঁ।

image


শৈশৱৰ শিক্ষাঃ

মোৰ শৈশৱ আছিল শান্ত আৰু মনোমোহা। সেই সময়খিনিয়েই চাগে বঙ্গালোৰত শিশু হৈ থাকিবলৈ আটাইতকৈ সুন্দৰ সময় আছিল। চৌদিশে গছ-গছনি আছিল আৰু ইমানবোৰ ছুপাৰ মল নাছিল। পথবোৰ নিৰাপদ আছিল আৰু আমি বাইকতে ঘূৰিফুৰিব পাৰিছিলোঁ। পথসমূহত নিৰাপত্তাৰো তেনেকুৱা ভাবুকি নাছিল। ১ৰ পৰা ১০ ভিতৰত মই মোৰ শৈশৱক ১৫ নম্বৰ দিওঁ।


মোৰ শৈশৱৰ আৰম্ভনিৰ সময়ছোৱা তামিলনাডুৰ গাঁৱত এগৰাকী মাহীৰ সৈতে অতিবাহিত হৈছিল। মাহীৰ তত্বাৱধানত মই ডাঙৰ হৈছিলো কাৰণ মাও আছিল এগৰাকী উদ্যোগী। এইখিনিতে এটা কথা কওঁ প্ৰকৃতিৰ সৈতে মোৰ সম্পৰ্ক দীৰ্ঘদিনীয়া, ই কালি আৰম্ভ হোৱা সম্পৰ্ক নহয়।

শৈশৱৰ পৰা মই আজিলৈ কঢ়িয়াই ফুৰা একমাত্ৰ গুণটো হল মোৰ যাযাবৰী স্বভাৱটো। ৫ বছৰ বয়স হোৱালৈ তিনিৰ পৰা চাৰিখন চহৰলৈ মোৰ ঠিকনা সলনি হৈছিল। এগৰাকী উদ্যোগী মোৰ মাতৃ হোৱাৰ বাবে, তেওঁ এটা সৰু ব্যৱসায় আৰম্ভ কৰাৰ বাবে আৰু সেই প্ৰজন্মৰ একনিষ্ঠতাৰ সাক্ষী হোৱাৰ বাবে সেইয়া জৰুৰী আছিল। তেওঁলোকৰ প্ৰজন্মটো আমাৰ দৰে নাছিল কিছু ব্যতিক্ৰমৰ বাহিৰে। আজি আমাৰ সন্মুখত বহুত অপচন্দ/পছন্দ আছে, আমি ঘৰত নৰন্ধাকৈও থাকিব পাৰো, আমাৰ স্বামী আৰু আত্মীয় স্বজনসকলৰ সৈতে যথেষ্ট বুজাপৰা আছে।

মই ঘূৰিফুৰি বিভিন্ন মানুহ লগ পাই আৰু তেওঁলোকৰ কাহিনী শুনি ভাল পাওঁ।ইয়াৰ জৰিয়তে মইয়ো মোৰ বাবে এক ধৰণৰ অভিজ্ঞতাৰ ভঁড়াল নিৰ্মাণ কৰো। যদি তুমি আনৰ মতামত গ্ৰহণ কৰিব পৰা তেনেহ’লে তুমি যিয়েই নকৰা,সেই কামটোত হ’ব পৰা বহু ভুল এৰাই চলিব পাৰা।

খেলা-ধূলা আৰু উদ্যমিতাঃ

মই সম্ভৱপৰ আটাইকৈ উৎকৃষ্টধৰণেৰে মোৰ কোম্পানীটো পৰিচালনা কৰাৰ লগতে গ্ৰাহক সকলৰ বাবে মূল্য সৃষ্টি কৰিব বিচাৰো। আমাৰ দলটো সৰু। আমি কেতিয়াই বহু কোটি টকীয়া ব্যৱসায়ৰ গৰাকী নহওঁ, সেয়া আমাৰ লক্ষ্যও নহয়। মোৰ অন্তৰৰ নিচেই আপোন দ্বিতীয়টো বস্তু হ’ল খেলা-ধূলা। ই মোৰ অস্তিত্বৰ অংশ আৰু ইয়াৰ দ্বাৰাই মই নিজকে ব্যাখ্যা কৰো। নতুন নতুন পৰীক্ষাই মোক অনুপ্ৰাণিত কৰে। তিনিবছৰ আগেয়ে শিক্ষকতা আৰম্ভ কৰা সময়ত সেই অভিজ্ঞতাও শিশুৱে কেনেকৈ চিন্তা কৰে সেয়াও মোৰ বাবে এক নতুন অভিজ্ঞতা আছিল। খেলা-ধুলাই হওঁক বা উদ্যমিতাই হওঁক, শিক্ষকতাই হওঁক ,এটা সময়ৰ পিছত সকলোৰে পৰিৱৰ্তন হব লাগে, স্থবিৰ হৈ থাকিব নালাগে।পৰিৱৰ্তনে মোক গতিশীল কৰি ৰাখে।

আমাৰ স্কুলত শাৰীৰিক শিক্ষা আৰু মাৰ্চ পাষ্ট আছিল৷ কিন্তু মই স্কুললৈ চাইকেল চলাই যোৱাটো আটাইতকৈ ভাল পাইছিলো। মাজে সময়ে মই এই স্বীকাৰ কৰো যে ইয়াৰ বাবে কিছু মূঢ়তা আৰু খেলুৱৈ হোৱাৰ অসুবিধাসমূহ পাহৰি যোৱাটো প্ৰয়োজনীয় আছে। মোৰ এইয়া আছিল এক তৃপ্তীদায়ক আৰু এডভেন্সাৰেৰে পূৰ্ণ যাত্ৰা। একে সময়তে মই নাৰীসকল কিদৰে পৃথিৱীৰ আটাইতকৈশক্তিশালী জীৱ সেই ছবিখনো আঁকিবলৈ নাযাওঁ, আমি নহয়ো। আমি দৈনিক বহু সমস্যাৰ মুখামুখি হওঁ, আমি পৃথিৱীৰ ভিতৰতে এক পৰিশ্ৰমী জাতি, একে সময়তে জীৱন আৰু স্বাস্থ্যৰখানৰ তুলনাত আমি বহু পিছপৰি আছো।

মোৰ বাবে খেলা-ধূলা এক মহান যাত্ৰা যি মোক নিজৰ বিষয়ে বহু নতুন নতুন কথা শিকাইছে। যেতিয়ালৈ সমৰ্থ থাকে তেতিয়ালৈ খেলা-ধূলা বন্ধ কৰাৰ কোনো কাৰণ মই দেখা নাই।

মোৰ আটাইতকৈ সুখৰ মুহূৰ্ত্তঃ

মোৰ সংগীজনক লগ পোৱাৰ মুহূৰ্ত্তটো মোৰ জীৱনৰ আটাইতকৈ সুখৰ মুহুৰ্ত্ত আছিল। মোৰ মতে তেওঁ এজন যুক্তিবাদী মানুহ , যি মই যি হোৱাতো বিছাৰো তাকেই হোৱাতো বিছাৰে।উচ্ছাকাংক্ষী নাৰীক আগুৱাই যাবলৈ প্ৰেৰণ দিয়া স্বামীৰ বিশেষ গুণৰ বিষয়ে বহুতে মোক প্ৰশ্ন কৰে। মোৰ মতে সেয়া হ’ল অবাধে কাম কৰাৰ স্বধীনতা। নাৰীক স্বাধীন ভাৱে কাম কৰিব দিবলৈ পুৰুষৰ কোনো নিৰাপত্তাহীনতাৰ বোধ থাকিব নালাগিব। দ্বিতীয় তৃপ্তিটো হ’ল গ্ৰাহকৰ সন্তষ্টি। আমাৰ পৰা সেৱা গ্ৰহণ কৰি কোনো গ্ৰাহকে বজাৰত সুকীয়া পৰিচয়/সাফল্য অৰ্জন কৰিলে প্ৰতিবাৰেই মই ভীষণ তৃপ্তি লাভ কৰে।

কেতিয়াবা এখন্তেক ৰৈ মা আৰু দেউতাৰ সৈতে তেওঁলোকে কৰি ভালপোৱা কামবোৰ কৰি মই ভীষণ সুখী অনুভৱ কৰো। উদাহৰণ স্বৰূপে মই মাৰ সৈতে ফুলনিত কাম কৰো আৰু দেউতাৰ সৈতে বহু দূৰলৈ খোজ কাঢ়িবলৈ যাওঁ। এই সৰু সৰু কথাবোৰেই মোক ভীষণ সুখী কৰি ৰাখে।


সময়ৰ সদ্ব্যৱহাৰঃ

মই সদাই কৈ আহিছো আপুনি বিচৰা সকলো বস্তু একে সময়তে পোৱাটো অসম্ভৱ আৰু কোনোবাই যদি সেইয়া সম্ভৱ বুলি কয় তেনেহ’লে তেওঁলোকে আচলতে কি বুজাব বিচাৰিছে সেই বিষয়ে গভীৰ ভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। মোৰ মনঃসংযোগৰ নিৰ্দিষ্ট সময়সীমা আছে, কোনো প্ৰতিযোগিতাৰ বাবে মই ছমাহ আগৰ পৰা সাজু হওঁ, এই সময়ছোৱাত মই অইন কোনো কামেই নকৰো আনকি গ্ৰাহককো লগ নকৰো। বাকী ছমাহ মোৰ কামৰ সময় আৰু এই সময়ছোৱাত মই গ্ৰাহকৰ দীৰ্ঘম্যাদী কৌশল নিৰ্ধাৰণ কৰা আদিৰ দৰে কামত ব্যস্ত থাকো। এইদৰে শৃংখলিত ভাৱে কামবোৰ কৰিব পাৰি, আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ চম্ভালাটোও এখন খেলেই। আপোনাৰ পৰিয়াল হ’লে, ল’ৰা-ছোৱালী জন্ম পালে , বিভিন্ন সময়ত আপুনি কোন বুলি এক অবিৰত প্ৰশ্নৰ মুখামুখি হ’ব। এটা কথা আপুনি বুজি পোৱাটো উচিত, যে জীৱনত কোনো যাদুকৰী সমাধান নাই, যদি আপুনি কোনো ক্ষেত্ৰত উৎকৰ্ষতা অৰ্জন কৰিব বিচাৰে তেনেহলে আপুনি অনিশ্চয়তাত জাঁপ মাৰিব লাগিব আৰু সঁচাকৈয়ে পাৰিব লাগিব। আপুনি এটা নিৰাপদ কামত ওলমি থাকি বিচৰা সকলো বস্তুৱেই আপোনাৰ কাষলৈ আহিব বুলি আশা কৰিব নোৱাৰে, সেয়া কাহানিবাহে সম্ভৱ হয়। নাৰী হোৱাটো এক স্ফুৰ্ত্তি আৰু প্ৰত্যাহ্বান মূলক আৰু মই একেলগে বহু কাম কৰি ভালপাওঁ।

সময়ৰ সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মোৰ পচন্দ সমূহ কঠোৰ। খেল-ধূলাই নহয় মোৰ সাফল্য আৰু সন্মানৰ ৰহস্য হ’ল শৃংখলা। আপোনাৰ মগজুত সেই বিভাজনটো স্পষ্ট হৈ থাকিব লাগিব।

ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত মই খুউব দক্ষ নহয়, মোৰ খেলি-মেলি হয়, কিন্তু মই নেদেখুৱাও। মই কৰিব লগীয়া কামবোৰ খুউব ভালদৰে মেনেজ কৰো।

শৃংখলাৰ শিক্ষাঃ

শৃংখলা এটা দীৰ্ঘকালীন অভ্যাস, ই নিশাটোৰ ভিতৰতে শিকিব পৰা বস্তু নহয়। আনকি ফুলনি কৰাৰ দৰে সৰল কামতো আপুনি দৈনিক ফুলৰ গুৰিত পানী দিব লাগিব, ইয়াৰ ব্যতিক্ৰম হব নোৱাৰে। শৃংখলাৰ শিক্ষা খুউব কম বয়সৰ পৰাই আৰম্ভ হব লাগে। ডাঙৰৰ প্ৰতি সন্মান প্ৰদৰ্শন, খোৱাৰ টেবুল সজোৱা আৰু পৰিষ্কাৰ কৰা, একৈশ বছৰ বয়সৰ পাছতো মা-দেউতাৰ লগত থাকিলে ঘৰৰ ভাড়া দিয়া বা আনধৰণে সহায় কৰা একোকেই আপোনাৰ জন্ম স্বত্বৰ অধিকাৰ বুলি নাভাবাৰ দৰে সৰু সৰু কথাবোৰেই শৃংখলাৰ আদি পাঠ। মোৰ মা-দেউতা ইমান কঠোৰ আছিল যে মোৰ গাফিলতিবোৰ মোক সোঁৱৰাই দিয়া হৈছিল। তেওঁলোকে কতৃ্ত্তৰ সুৰত নহয়, পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰিয়েই তেওঁলোকে সেই কথাটো মোক দৃষ্টিগোচৰ কৰিছিল।তেওঁলোকে কৈছিল- ‘‘তুমি যদি এই দুই-তিনিটা কাম কৰি দিয়া তেনেহলে মোৰ সুবিধা হয়, মই ভাবো তুমি কথাটো বুজি পাবা।’’ তেওঁলোকে আমাৰ সৈতে প্ৰাপ্তবয়স্কৰ দৰে ব্যৱহাৰ কৰিছিল, কেতিয়াও সৰু বুলি ভৱা নাছিল বা ৮৫% বেছি নম্বৰ পাব লাগিবই বা তেনে কোনো চাপ আমাৰ ওপৰত নাছিল।

উপদেশঃ

মোৰ মতে লক্ষ্য বাস্তৱ সন্মত হোৱাতো জৰুৰী। মই আগতেও কৈছো, আপোনাৰ ব্যৱসায় এশ কোটিৰ ব্লক বাষ্টাৰ হবই লাগিব বুলি কথা নাই, ব্যৱসায়ৰ বিস্তাৰ আৰু ধৰণ অধিক গুৰুত্বপূৰ্ণ। উদ্যমিতাৰ সন্দৰ্ভত বাস্তৱিক দৃষ্টিভংগী লওঁক। যদি আপোনাৰ সাহস আছে আৰু মূল্য সৃষ্টি কৰাৰ লগতে সেয়া উপভোগ কৰিছে , তেতিয়াহলে এই পথ আপোনাৰ, কিন্তু কেতিয়াও নিজক অইনৰ সৈতে তুলনা নকৰিব, নিজৰ সীমাবদ্ধতাৰ ভিতৰতে নিজকে তুলি ধৰিবলৈ চেষ্টা কৰক।

এটা উদ্যোগ/ব্যৱসায় সদায় ফেচবুক বা ইউটিউবেই হব লাগিব বুলি কথা নাই। মই বহু সফল ক্ষুদ্ৰ উদ্যোগী/ব্যৱসায়ীক দেখিছো। যি কষ্ট কৰিছে আৰু ২০ বছৰ ধৰি টিকি আছে আৰু যদি তেওঁলোকৰ অফিচলৈও যায় তেওঁলোকে আপোনাক এগিলাচ পানী যাচিব। এনে নৈতিকতাবোধ কাহানিবা লুপ্ত হ'ব বুলি মই নাভাবো।

বাস্তৱিক হওঁক, নৈতিকতাবাদী হওঁক, দীৰ্ঘম্যাদী মূল্য/চাহিদা সৃষ্টিৰ বাবে কঠোৰ পৰিশ্ৰম কৰক আৰু খ্যাতিৰ সপোন ত্যাগ কৰক।

(Image Credit : Shutterstock)
Add to
Shares
4
Comments
Share This
Add to
Shares
4
Comments
Share
Report an issue
Authors

Related Tags