ৰামচৰত গাঁৱৰ ৰাইজে সৃষ্টি কৰিলে এটা কৃত্ৰিম হ্ৰদ

ৰামচৰত গাঁৱৰ ৰাইজে সৃষ্টি কৰিলে এটা কৃত্ৰিম হ্ৰদ

Wednesday August 10, 2016,

2 min Read

ৰাজস্থানৰ ৰামচৰ গাঁৱৰ ৰাইজে পাঁচ মাহৰ পৰিশ্ৰমৰ অন্তত এটা বিশাল অনুৰ্বৰ অঞ্চল পানী সংৰক্ষণৰ বাবে তৈয়াৰ কৰি তোলে আৰু ই বৰ্তমান এটা ৫২ হেক্টৰ জোৰা কৃত্ৰিম হ্ৰদ । বৰষুণৰ পানী জমা হৈ এই বিশাল অঞ্চলটোত এই হ্ৰদ গঢ়ি তোলে । ইয়াৰপৰাই এতিয়া কাষৰীয়া গাঁও সমূহৰ কুঁৱালৈ পানী সৰবৰাহ হৈছে । 

Image: (L-R) Twitter ; Navbharat Times

Image: (L-R) Twitter ; Navbharat Times


ৰামচৰৰ ভিলো কি বস্তি অঞ্চলত থকা এই ৫২ হেক্টৰ ভূমিক দীৰ্ঘদিন ধৰি জাবৰ পেলোৱা স্থান হিচাপে ব্যৱহাৰ কৰি থকা হৈছিল । "ইয়াত এসময়ত ৰামচৰ হ্ৰদলৈ পানী যোৱাৰ বাট এটা আছিল যদিও এসময়ত ই বন্ধ হৈ পৰে ।" গাঁৱৰ এজন বাসিন্দা ৰাম সিং ৰাৱটে টাইমছ অৱ ইণ্ডিয়াক কয় । 

জিলা প্ৰশাসনৰ সহযোগত গাওঁবাসীয়ে এই অঞ্চলটো পানী সংৰক্ষণৰ উপযোগী কৰি তোলে । এই অঞ্চলটো আন ঠাইতকৈ তলত হোৱা বাবে ইয়াত কাষৰীয়া অঞ্চল সমূহৰ বৰষুণৰ পানী আহি জমা হয় । "এই অঞ্চলটো এনেয়ে পৰি আছিল । আমি পানী সংৰক্ষণৰ প্ৰকল্পটোৰ বাবে ৮ লাখ টকা ধাৰ্য কৰিলো আৰু আপোনালোকে দেখিছে ইয়াৰ ফলাফল ।" জিলা উপায়ুক্তই কয় । 

এই হ্ৰদটো ৫ ফুট দ আৰু ইয়াত ৪.০৮ টিএমচি পৰিমাণৰ পানী ধৰে । বৰষুণৰ সময়ত ইয়াত পানী উপচি পৰে আৰু এই পানীয়ে কাষৰীয়া কুঁৱা সমূহ পানীৰে ওপচাই পেলাইছে । 

এই হ্ৰদটোৰ সহায়ত এতিয়া অঞ্চলটোৰ ৰাইজ পানীৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিছে । তেওঁলোকৰ খোৱা পানীৰ প্ৰয়োজনো পূৰণ হৈছে । "প্ৰথমে আমি ভাবিছিলো যে প্ৰশাসনে আমাক এমজিএনৰেগাৰ অধীনত কাম কৰাবলৈ বিচাৰিছে । আমাৰ সাধাৰণতে খৰালি কৰিবলৈ একো নাথাকে সেয়েহে এই কামত ধৰিলো । কিন্তু আমি সুখী যে ওতিয়া আমি পানী পাই আছো ।" কৈলাশ কুমাৱট নামৰ এজন গাওঁবাসীয়ে এইদৰে কয় । এই হ্ৰদৰ পানীয়ে অঞ্চলটোৰ কৃষক সকলকো যথেষ্ট উপকৃত কৰিছে।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষ্যৰে ডাউন টাউন ভেন্সাৰ লেবছ

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

চেনিটেৰী নেপকিনৰ ব্যৱসায়েৰে অৰুণাচলম মুৰুগণানথমৰ সামাজিক বিপ্লৱ