Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

গুৱাহাটীত ভাড়াঘৰৰ বাবে bharaghor.com

গুৱাহাটীত ভাড়াঘৰৰ বাবে bharaghor.com

Tuesday December 22, 2015,

5 min Read

কেইমাহমান আগতে হঠাৎ অহা আবতৰীয়া এজাক বৰষুণে গুৱাহাটী মহানগৰীৰ আমি বসৱাস কৰা অঞ্চলটো ৰাতিটোৰ ভিতৰতে ডুবাই পেলাইছিল৷ ৰাতিপুৱা সাৰ পায়েই পৰিবাৰ আৰু মই আমাৰ ভাড়াঘৰৰ ভিতৰত মজিয়াৰে বিৰিঙি সোমাই অহা একাঁঠু পানীৰ মূখামূখী হ’লো৷ কি কৰোঁ-নকৰোঁ ভাবি থাকোতেই কিছু সময় পাৰ হৈ গ’ল৷ তাৰপিছত চকি-টেবুলৰ ওপৰেৰে বগুৱা বাই ঘৰৰ মূল দুৱাৰখন খুলি দেখা ঘৰটোৰ চৌহদ আৰু বাহিৰৰ ৰাস্তাৰ দৃশ্যটোৱে মোৰ জীৱ শুকুৱাই পেলালে৷ মই বেছিকৈ আচৰিত হোৱাৰ কাৰণ হ’ল যে আমি থকা সেই অঞ্চলটোত আগেয়ে তেনেকৈ কেতিয়াও কৃত্ৰিম বানৰ সমস্যা হোৱা নাছিল৷ তেতিয়াও শোৱাপাটীতে থকা ল’ৰাটোৰ স্কুলৰ লগতে মোৰো অফিচ যোৱাটো সেইদিনালৈ বাতিল কৰাৰ সিদ্ধান্ত লৈ যেনে তেনে উভতি গৈ আকৌ বিচনাখনত উঠিলোগৈ৷ মই নিশ্চিত হ’লো যে এইটো ঘৰত পানী শুকুৱাৰ পিছত আৰু এখন্তেকো থাকিব নোৱাৰি৷

মবাইলটো উলিয়াই লৈ বন্ধু-বান্ধৱ দুজনমানকে কল কৰি বেলেগ এটা ভাড়াঘৰ সন্ধানৰ চেষ্টা কৰিলো৷ কিন্তু গুৱাহাটীৰ নিচিনা এখন চহৰত প্ৰত্যাশা অনুযায়ী এটা ভাড়াঘৰ পোৱাটো যে কিমান কঠিন সেয়া ভুক্তভুগীয়ে জানে৷ ময়ো সুবিধাজনক ভাড়াঘৰ এটাৰ সন্ধান নাপায় গুগ’ল(GOOGLE)কে সাৰথি কৰা উচিত হ’ব বুলি ভাবি লেপটপটো অন কৰি ইণ্টাৰনেট সংযোগ কৰিলো৷ গুৱাহাটীৰ মোৰ অফিচ আৰু ল’ৰাৰ স্কুল- এই দুয়ো ঠাইৰ পৰা সুবিধাজনক দূৰত্বত এটা ভাড়াঘৰ বিচাৰিব ধৰিলো৷

প্ৰথমে বিভিন্ন বস্তুৰ কিনা-বেচাৰ অনলাইন ব্যৱসায়ত জড়িত জনপ্ৰিয় ৱেবচাইট দুটামানত ভাড়াঘৰৰ বিজ্ঞাপন আছে নেকি চালো, পালোও কেইটামান৷ লগে লগে ফোন নম্বৰকেইটা টুকি সেইবোৰলৈ কল কৰিব ধৰিলো৷ প্ৰথম পাঁচটা নম্বৰটো কল কৰি গম পালো যে সেইকেইটা আচলতে কোনো ভাড়াঘৰৰ মালিকৰ নম্বৰ নহয়, বৰং টু লেট চার্ভিছঅথবা মধ্যভোগীৰহে নম্বৰ৷ ফোন ধৰাকেইজনৰ খৰতকীয়া কথাৰ পৰা মই বুজিলো যে তেওঁলোকৰ পৰা ভাড়াঘৰ ল’বলৈ হ’লে মই ঘৰএটাৰ প্ৰথম মাহৰ ভাড়াৰ ৫০% তেওঁলোকক দিয়াৰ উপিৰও ৰেজিচট্ৰেশ্ব্যনৰ বাবদ আৰু ৫০০ টকা আদায় দিব লাগিব৷ বাকীকেইটা ফোন নম্বৰত কল নকৰাৰ সিদ্ধান্ত লৈ প্ৰাতঃকর্ম সামৰিবলৈ বুলি পুনৰবাৰ চকি-টেবুলৰ ওপৰেৰে বগুৱাবাই বাথৰুমলৈ আগবাঢ়িলো৷

বাথৰুমৰ পৰা ঘুৰি আহি দেখিলো শ্ৰীমতীয়ে কাৰোবাৰ লগত উচ্চস্বৰে ফোনত কথা পাতিছে৷ শ্ৰীমতীয়ে ফোনটো মোলৈ আগবঢ়াই দিলে৷ খুলশালীয়ে যিমান পাৰি সোনকালে মোক ভাড়াঘৰ.কম (www.bharaghor.com) নামৰ ৱেবচাইটটো চোৱাৰ কথা ক’লে৷ সিমানপৰে ৱেবচাইটত ঘৰৰ সন্ধান কৰা কাৰবাৰটোৱে মোক আমুৱাইছিল যদিওঁ শ্ৰীমতীয়ে জোৰ কৰাত ময়ো আকৌ লেপটপ খুলি ভাড়াঘৰ.কম (www.bharaghor.com) ৰ পেজটো খুলিলো৷

প্ৰথম দর্শনতে পেজটোৱে মোক আকর্ষণ কৰিলে৷ তাত দেখিলো শাৰী শাৰীকৈ ভাড়াঘৰৰ মালিকবোৰৰ ফোন নম্বৰৰ লগতে প্ৰতিটো ঘৰৰ অৱস্থানকে ধৰি পার্কিং, পানীযোগান আৰু বাথৰুমৰ লগতে ভিতৰৰ প্ৰতিটো কোঠাৰ বহুকেইখন ফটোগ্ৰাফ সন্নিবিষ্ট কৰা হৈছে৷ ঘৰৰ সেই ফটোবোৰে প্ৰতিটো ঘৰৰে বাস্তৱ ৰূপটো প্ৰতিফলিত কৰা যেন লাগিল৷ কাৰণ কেইবাটাও ঘৰৰ বাথৰুমৰ তথৈবচ অৱস্থাটোও ফটোবোৰে প্ৰতিফলিত কৰিছিল৷ ভাড়াঘৰ.কম (www.bharaghor.com) ৰ প্ৰচেষ্টাটো সৎ যেনেই ধাৰণা হ’ল আৰু মোৰ সুবিধাজনক ঠাই এডোখৰৰ ঘৰ এটাৰ ফটোবোৰ চাই অৱশেষত ফটোবোৰৰ কাষত থকা নম্বৰটোলৈ কল এটা কৰিলো৷

image


এইবাৰ আগৰ কেইবাৰৰ দৰে নিৰাশ হ’বলগীয়া নহ’ল – মোৰ কলটো ঘৰটোৰ মালিকজনেই ধৰিলে আৰু দুই এটা কথাপতাৰ পিছতে ঘৰৰ চৌহদৰ আৰু ৰাস্তাৰ পানী শুকুৱাৰ পিছতে তেওঁৰ ঘৰটো লোৱাৰ বাবদ আগধন দিয়াৰ প্ৰতিশ্ৰুতি দি ফোনতে ঘৰটো লোৱাৰ বন্দবস্ত এটা কৰি পেলালো৷

ঘৰটো চাই আৰু ঘৰৰ মালিকৰ লগত কথা পাতি বুজিলো যে ভাড়াঘৰ.কম (www.bharaghor.com) এ ঘৰটোৰ বিষয়ে তেওঁলোকৰ ৱেবচাইটটোত ষোল্লঅনাই সঁচা কথাই প্ৰকাশ কৰিছিল৷ তেতিয়াই ঘৰৰ মালিকজনক আগধন দি ঘৰটো ল’লো আৰু আজিলৈকে আমি সপৰিয়ালে এই ঘৰটোতে প্ৰায় চাৰিমাহ সুখেৰে অতিক্ৰম কৰিছো৷

তাৰমাজতে এদিন ধন্যবাদ এটা দিবলৈকে ভাড়াঘৰ.কম (www.bharaghor.com) ৰ অফিচ ওলালোগৈ৷ অফিচটোত লগ পালো জিজ্ঞান দ্বীপ কলিতাক৷ গম পালো যে মোৰ দৰে আন হাজাৰ জনক ভাড়াঘৰ বিছৰাৰ যন্ত্ৰণাৰ পৰা মুক্তকৰাৰ আঁৰৰ মানুহজন অকল তেওঁ৷

আৰম্ভণী -

জিজ্ঞান দ্বীপে ক’লে যে অভিযান্ত্ৰিকৰ স্নাতক পৰীক্ষাৰ শেষত ছিপাঝাৰৰ ঘৰখনত কেইদিনমান থকাৰ পিছত যেতিয়া তেওঁ গুৱাহাটীত থকাৰ বাবে ভাড়াঘৰ এটা বিচাৰিব লগীয়া হৈছিল সেই তেতিয়াই তেওঁৰ এই ধাৰণাটো মনলৈ আহিছিল৷ এবাৰ চিন্তাটো মনলৈ অহাৰ পিছত জিজ্ঞান ৰৈ থকা নাছিল৷ তেওঁ চাৰি বছৰ অভিযান্ত্ৰিক শিক্ষা লওঁতে পোৱা তথ্যপ্ৰযুক্তিৰ জ্ঞানক কামত লগাইছিল৷ মূলতঃ তেওঁৰ চিন্তাটো আছিল কেনেকৈ ভাড়াঘৰৰ মালিক আৰু ভাড়াঘৰ ল’ব খোজা মানুহ – এই দুই পক্ষৰ পৰা এটা পইচাও নোলোৱাকৈ দুয়োজনৰ সমস্যাৰ এটা সুসমাধান কৰিব পাৰি৷ তেওঁৰ এই সৎ চিন্তাটোৰ সৈতে ব্যৱসায়টোক ব্যৱসায় হিচাপে কেনেকৈ আগবঢ়াই নিব পাৰি তাকে লৈ বহু চিন্তা চর্চাৰ পিছত তেওঁ ৰাজহ সংগ্ৰহৰ আর্হি এটাও প্ৰস্তুত কৰি উলিয়াই সেইমতেই আগবাঢ়ি গৈছিল৷ জিজ্ঞান দ্বীপে ক’লে যে অকলে অকলে তেওঁৰ চিন্তাটোক লৈ আগবাঢ়ি যাওঁতে বহুসময়ত তেওঁ হতাশ হৈ পৰিছিল৷ তেনেকুৱাতে এদিন এক তথ্যই তেওঁৰ মনত আশাৰ সঞ্চাৰ কৰিলে৷ তথ্যটো হ’ল যে গুৱাহাটীত প্ৰতিমাহে গুগলত  প্ৰায় এঘাৰ হাজাৰ মানুহে Rented House In Guwahati, Flat In Guwahati, Hostel In Guwahati আৰু PG In Guwahati এই চাৰি ধৰণৰ কী ৱর্ড চাৰ্ছ কৰে৷ এই চাৰিটা কী ৱর্ডৰ উপৰিও গুগলত আৰু ক’তজনে কিমান কি লিখি গুৱাহাটীত ভাড়াঘৰৰ সন্ধান কৰে, তাৰ পৰিসংখ্যাটো কিমান হ’ব পাৰে এবাৰ ভাবকছোন?

কথাটোৱে জিঞ্জান দ্বীপক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিলে আৰু সেইমূহুর্তৰ পৰাই তেওঁ দুগুণ উদ্যমেৰে কামত লাগি গ’ল৷ তেতিয়াৰ পৰা প্ৰায় বছৰ যোৰা এক নেৰানেপেৰা চেষ্টাৰ অন্তত ২০১৫ চনত আগষ্ট মাহত ভাড়াঘৰ.কম (www.bharaghor.com) নামৰ ষ্টার্ট আপটোৱে আত্মপ্ৰকাশ কৰিলে৷ বর্তমান জিজ্ঞানে পাঁচজন কর্মচাৰী নিয়োগ কৰি ব্যৱসায়টোক আগবঢ়াই নিছে৷ সেই পাঁচজন কর্মচাৰীয়ে প্ৰতিদিনেই ন ন ভাড়াঘৰৰ সন্ধান কৰাৰ লগতে জিজ্ঞানে দেখুৱাই দিয়া ধৰণে ঘৰবোৰৰ ফটো তুলিও আনে৷

বিগত তিনি-চাৰি মাহৰ ভিতৰত ভাড়াঘৰ.কম (www.bharaghor.com) ৰ জৰিয়তে প্ৰায় ২০০০ মানুহে নিজৰ পচন্দ অনুযায়ী এটা ঘৰৰ সন্ধান পোৱা বুলি জিঞ্জান দ্বীপে আমাক জনালে ৷

এই ৱেবচাইটটোৱে সকলো শ্ৰেণীৰ আয়ৰ লোককে সামৰি ল’বৰ চেষ্টা কৰা হৈছে৷ www.bharaghor.comত আপুনি ১০০০ টকাৰ পৰা ২৫০০০ টকা পর্যন্ত বিভিন্ন ক্ৰমৰ ভাড়াঘৰৰ সন্ধান কৰিব পাৰিব৷ অকল থকা ঘৰেই নহয় মানুহে অফিচ ঘৰ, গুদাম ঘৰ, পেয়িং গেষ্ট (P.G.), হ’ষ্টেল সকলোবোৰৰে সন্ধান পাব৷