পিজ্জা ডেলিভাৰী বয় মহম্মদে স্থাপন কৰিছে কাৰগিল আৰু লাডাখৰ প্ৰথমটো কেবল চেনেল

পিজ্জা ডেলিভাৰী বয় মহম্মদে স্থাপন কৰিছে কাৰগিল আৰু লাডাখৰ প্ৰথমটো কেবল চেনেল

Tuesday December 27, 2016,

2 min Read

কাৰগিলৰ এটা দুখীয়া পৰিয়ালত জন্ম হোৱা মহম্মদ হুছেইন ইবন খালৱে এসময়ত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰিছিল । আজি তেওঁ এটা স্থানীয় কেবল বাতৰি প্ৰতিস্থানৰ মালিক যিটোৱে কাৰগিল আৰু লাডাখ অঞ্চলৰ জনতাৰ কন্ঠৰ ৰূপ লৈছে ।

Image : (L) – Shutterstock (representational); (R) – Ummid

Image : (L) – Shutterstock (representational); (R) – Ummid


হুছেইনে কাৰগিলৰ এখন চৰকাৰী স্কুলত পঢ়িছিল আৰু কম বয়সতে পিজ্জা ডেলিভাৰী বয় হিছাপে কাম কৰিছিল । কাম কৰি থকাৰ সময়তে তেওঁ নিজৰ উচ্চ শিক্ষা চলাই নিছিল । ২০১১ চনত তেওঁ তেওঁৰ বন্ধু ফিৰোজ খানৰ লগ হৈ কাৰগিল টুডো নামৰ এটা িউ টিউব চেনেল লাভ কৰে । 

অলপ অলপকৈ উন্নতি কৰি কাৰগিল টুডে আজি এটা কেবল চেনেল । ই কাৰগিল আৰু লাডাখৰ সাংস্কৃতিক, সামাজিক, ধৰ্মীয় আদি সকলো দিশতে আলোকপাত কৰে । অঞ্চলটোৰ জনসাধাৰণৰ কন্ঠস্বৰত পৰিণত হৈছে এই চেনেলটো । "মই এই চেনেলটো আৰম্ভ কৰাৰে পৰা অঞ্চলটোৰ মানুহৰ মানসিকতা বহুখিনি পৰিবৰ্থন হৈছে । তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছে ।" হুছেইনে কয় । 

স্থানীয় লোকৰ মতে তেওঁ এই অঞ্চলটোৰ বৈদ্যুতীন মাধ্যমৰ বাটকটীয়া । "তিনি চাৰি বছৰ আগতে তেওঁ এই কামটো আৰম্ভ কৰিছিল বিভিন্ন সমস্যা স্বত্বেও তেওঁ সফল হৈছে ।" স্থানীয় ব্যক্তি মুৰ্তাজা ফাজিলে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন