মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ ভিলাৰ হৈছে এখন সৰু গাওঁ । ব্ৰিটেইনৰ ৱেলছৰ হে-অন-ৱাই নামৰ গাওঁখনৰ আৰ্হিত স্থাপন কৰা হৈছে এই কিতাপৰ গাওঁখন । হে-অন-ৱাই গাওঁখন কিতাপৰ দোকান আৰু সাহিত্য উৎসৱৰ বাবে বিখ্যাত । এই গাওঁখনৰ আৰ্হিত ২০১৭ চনৰ ৪ মে'ত মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা ভিলাৰত স্থাপন কৰা পুস্তকাচি গাওঁ ( মাৰাঠী ভাষাত কিতাপৰ গাওঁ ) ৰাজ্যখনৰ মূখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিচে উদ্ভোধন কৰে । পঞ্চগণি হিল ষ্টেচনৰ পৰা আঠ কিলোমিটাৰ দুৰত্বত অৱস্থিত এই গাওঁখনৰ মাটিকালি দুই বৰ্গ কিলোমিটাৰ ।
মহাৰাষ্ট্ৰ চৰকাৰৰ মাৰাঠী ভাষা মন্ত্ৰালয়ে হাতত লোৱা এই প্ৰকল্পটোৰ তদাৰকী কৰিছিল শিক্ষামন্ত্ৰী বিনোদ তাৱড়েই । পঢ়ুৱৈৰ বাবে উৎসৰ্গিত সকলোবোৰ স্থানত ছৱি আঁকিবৰ বাবে ৭৫ জনতকৈও অধিক শিল্পীক নিয়োগ কৰা হৈছিল । তিনিদিনীয়া এক শিবিৰত সমবেত হৈ শিল্পীসকলে এই ছবি আৰু গ্ৰফিক্স সমূহ সৃষ্টি কৰে । ইতিহাস, কবিতা, সাহিত্য ইত্যদি বিভিন্ন বিষয়ৰ গ্ৰন্থ অধ্যয়নৰ বাবে নিৰ্ধাৰিত কাৰ হৈছে ২৫টাকৈ স্থান ।
শিক্ষামন্ত্ৰী তাৱড়েই কয় মন্তব্য কৰে যে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিল্পী সকলে স্বেচ্ছামূলকভাৱে এই কামৰ বাবে আগবাঢ়ি আহিছিল ।
উল্লেখযোগ্য যে এই গাৱঁত ১৫০০০ মাৰাঠী কিতাপ ৰখা হ'ব আৰু ই সকলোৰে বাবে বিনামূল্যে উপলব্ধ থাকিব । পাছলৈ ইয়াত হিন্দী আৰু ইংৰাজী কিতাপো ৰখা হ'ব । এই গাৱঁৰ জনমূৰি কিতাপৰ হাৰ ১:১হবগৈ কিয়নো ১০,০০০ বাসিন্দাৰ বাবে ইয়াত ১০,০০০ কিতাপ উপলব্ধ হ'ব ।
উল্লেখযোগ্য যে এই প্ৰকল্পৰ দ্বাৰা পৰ্যটনৰ বিকাশতো গুৰুত্ব দিয়া হৈছে । কিতাপৰ ওচৰলৈ মানুহক ঘূৰাই নিয়াৰ লগতে পৰ্যটনৰ বিকাশত এই প্ৰকল্পই অৰিহণা যোগাব বুলি ধাৰণা কৰা হৈছে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
এই পাঁচটা ভুলে আপোনাৰ আৰ্থিক ভেটি কঁপাই দিব পাৰে
পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড
মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই