এই পাঁচটা ভুলে আপোনাৰ আৰ্থিক ভেটি কঁপাই দিব পাৰে
Tuesday May 02, 2017,
2 min Read
এটা সুন্দৰ, চিন্তামুক্ত জীৱন আমাৰ সকলোৰে কাম্য । কিন্তু আমি যিমানেই প্ৰস্তুতি নচলাও কিয় আমাৰ জীৱনলৈ কিছুমান এনে মুহুৰ্ত্ত আহে যি আমাৰ কল্পনাৰ অগোচৰ । আমি যিমানে প্ৰস্তুতি নচলাও কিয় বহু কথা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত । সেয়েহে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি আগতীয়াকৈ সাজু হোৱা ভাল । বিশেষকৈ কিছুমান ভুল আমি এৰাই চলিব পাৰিলে ভাল । ইয়াত আমি পাঁচটা তেনে ভুল উল্লেখ কৰিছো ।
অনাগত আয়ৰ ওপৰত নিৰ্ভৰ কৰা
আয় হ্ৰাস হোৱা অথবা চাকৰীৰ বজাৰত মন্দাৱস্থা যিকোনো সময়ত হ'ব পাৰে । সেই কাৰণেই যদিহে আপুনি ঋণ আৰু কেৰড্ট কাৰ্ডৰ ওপৰত অতি বেছিকৈ নিৰ্ভৰশীল তেনেহলে দ্বিতীয়বাৰ চিন্তা কৰক । আজিৰ দিনত আপুনি সদায় বৃদ্ধি হৈ গৈ থকা এটা দৰমহাৰ সপোন দেখিব নোৱাৰে বা তাৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰে ।
বোয়া দিনৰ বাবে সঞ্চয় নকৰা
জৰুৰী অৱস্থাৰ বাবে কোনো পুঁজি সঞ্চয় নকৰিলে আপুনি বিপদত পৰাৰ সম্ভাৱনাৰ বিষয়ে বেছিকৈ কোৱাৰ দৰকৰা নাই । বিশাল পৰিমাণৰ উপাৰ্জন কৰা বহু লোকেও এই ভুলটো কৰে । হঠাৎ হ'ব পৰা সমস্যাৰ বাবে এটা পুঁজি আপুনি ঘৰত অথবা বেংকত এটা পৃথক একাউন্ট খুলি থৈ দিয়াটো এটা ভাল অভ্যাস ।
বেয়া বিনিয়োগ
বেয়া বিনিয়োগৰ পৰা বাচি থাকক । আগ পাছ নভবাকৈ মাটি সম্পত্তি কিনি পাছলৈ তাৰ দাম বাঢ়ি যাব বুলি ভবাটো এটা ভুল ধাৰণা । সেইদৰে শ্বেয়াৰ বজাৰো সদায় এক নচলে । গতিকে আবান্তৰ কল্পনাৰ ভিত্তিত বিনিয়োগ নকৰিব ।
পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সজাগ নোহোৱা
ভগৱানে নকৰক পৰিয়ালৰ মূখ্য উপাৰ্জনকাৰীজনৰ কিবা এটা হ'লে আপুনি পৰিয়ালটোৰ সমস্ত দায়িত্ব লব লগা হ'ব পাৰে । নিজৰ পিতৃ-মাতৃৰ বিনিয়োগ আদি সম্পৰ্কে জানি থওক কাৰণ হঠাৎ আপুনি সেইবোৰৰ দায়িত্ব লব লগা হ'ব পাৰে । এইধৰণৰ গুৰুত্বপূৰ্ণ তথ্য সমূহৰ খবৰ নৰখাটো এটা ডাঙৰ মূৰ্খামি হ'ব পাৰে । পৰিয়ালৰ সকলোৰে বীমাৰ কাগজ পত্ৰবোৰো সযতনে ৰাখক ।
অৱসৰৰ বাবে সঞ্চিত একাউন্টত হাত দিয়া
আপোনাৰ বৰ্তমানৰ প্ৰয়োজনৰ বাবে আপুনি আপোনাৰ অৱসৰৰ বাবে সঞ্চিত পুঁজি বা একাউন্ট হাত দি এখন গাড়ী বা কিবা সা-সামগ্ৰী কিনিব পাৰে কিন্তু ই এক মাৰাত্মক ভুল । মনত ৰাখিব যে আপুনি এতিয়া ঋণ লব পৰা অৱস্থাত আছে যদিও অৱসৰৰ পাছত আপোনাৰ সেই সুবিধা নাথাকিব ।
এই কথা সতঅয যে আপুনি আগন্তুক সময়ৰ বাবে এখন ৰুটিন বনাই থোৱাটো সম্ভৱ নহয় । কিন্তু অনাগত দিনৰ বাবে এটা আঁচনি মনত ৰাখি কিছুমান পদক্ষেপ এতিয়াই লৈ থওক যাতে জীৱনটোলৈ হঠাৎ দুৰ্যোগ নামি নাহে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড
মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই