ইন্টাৰনেটৰ সহায়ত ভিণ্ডি বাজাৰৰ ৫ গৰাকী মহিলা উদ্যমীয়ে কিদৰে জীৱন সলনি কৰিছে
Friday November 27, 2015,
6 min Read
অবিৰত দ্ৰুত গতিত পাৰ হৈ যোৱা যান-বাহনৰ কোৰ্হাল,পোহাৰ মেলি বহি থকা হকাৰৰ চিৎকাৰেই মুম্বাইৰ মহম্মদ আলী ৰোডৰ কাষত ভিণ্ডি বাজাৰলৈ সোমাই যোৱাৰ পথত আপোনাৰ সংগী হ’ব। তাৰ সৈতে যোগ কৰক খাদ্য আৰু ঘামৰ গোন্ধ। ভিণ্ডি বাজাৰত আপুনি অগনন বাচন বৰ্তন পাব কিন্তু এয়া কেইবাদশক ধৰি গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুছলমান সকলৰ ঠিকনাতো পৰিণত হৈছে। বৰ্তমান ভিণ্ডি বাজাৰে ঠাইডোখৰ সংস্কাৰ কৰি দীৰ্ঘদিন ধৰি ইয়াৰ অংশত পৰিণত হোৱা দোকান আৰু ঘৰবোৰৰ ঠাইত আধুনিক ভৱন নিৰ্মাণ কৰি পুনৰ সংস্থাপন কৰিবলৈ বুৰহানি আপলিফ্টমেন্ট ট্ৰাষ্ট হাতত লোৱা প্ৰকল্প ৰূপায়ণলৈ অপেক্ষা কৰিছে।
পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে ভিণ্ডি বজাৰৰ বাসিন্দাসকলক মুম্বাইৰ দুটা Transit home-লৈ স্থানান্তৰ কৰা হৈছে, আৰু ই সম্প্ৰদায়টোৰ মহিলাসকলৰ সন্মুখত জীৱিকাৰ নতুন পথ উন্মোচন কৰি দিছে। ইয়াৰ ফলত তেওঁলোকে মুক্তমনে ঘুৰা-ফুৰাৰ স্বাধীনতা পাইছে, নেটৱৰ্ক গঢ়িব পাৰিছে, ঘৰৰ পৰাই নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিছে। ইয়াৰে বহু মহিলাই আনকি ব্যৱসায় চলাবলৈ ইন্টাৰনেটো ব্যৱহাৰ কৰিছে। হাৰষ্টোৰীয়ে তেওঁলোকৰ সীমিত সম্পদেৰে ব্যৱসায় চলাই থকা ৫ গৰাকী মহিলা উদ্যমীৰ সৈতে কথা পাতিছিল।
অলংকাৰৰ প্ৰতি বিশেষ নজৰ থকা ছাকিনা বাচনৱালাই ছোচিয়েল মিডিয়া বিশেষকৈ ফেচবুক আৰু হোৱাট‚ছ এপৰ জৰিয়তে বিভিন্ন উৎসৰ পৰা অলংকাৰ কিনি তেওঁৰ ক্ৰমাৎ বাঢ়ি যোৱা গ্ৰাহক সকলৰ ওচৰত বিক্ৰী কৰে। তিনিবছৰ পূৰ্বে তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁৰ USP হ’ল নেটৱৰ্ক গঢ়াৰ ক্ষেত্ৰত বিশেষ সামৰ্থ।
মুম্বাইৰ ট্ৰে’ন আৰু ৰাজহুৱা স্থানত ছাকিনাই নতুন নতুন মহিলাৰ সৈতে চিনাকি হয়। কোনোবাই তেওঁৰ লগত থকা গহনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে তেওঁ বিক্ৰী কৰাৰ উপৰি যোগাযোগৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি লয়। নাৰীসকলে আন এগৰাকীৰ সৈতে কথা পাতি ভাল পায়, আনকি বাছ আস্থানৰ চুপতিয়েও নেটৱৰ্ক গঢ়াত সহায় কৰে। অৱশ্যে, আন গৰাকী নাৰী কিমান বন্ধুমনোভাৱাপন্ন তাৰ ওপৰতো সেইটো নিৰ্ভৰ কৰে’- জনালে ছাকিনাই।
৩৯ বছৰীয়া ছাকিনা এগৰাকী কিশোৰী কন্যা আৰু এজন পুত্ৰকে ধৰি দুটি সন্তানৰ মাতৃ। বি.কম. ডিগ্ৰীধাৰী আৰু কোম্পানী ছেক্ৰেটাৰীৰ ফাউণ্ডেচন লেভেল সম্পূৰ্ন কৰা ছাকিনাই তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা স্বামীৰ সহযোগত সুন্দৰভাৱে কাম কাজ পৰিচালনা কৰিছে। "মোৰ ঘৰ ডাহোড়ত। তাত থাকোতে মই কোম্পানীৰ কাম কৰিছিলো। ইয়ালৈ অহাৰ পিছত, Correspondence course ৰ জৰিয়তে আৰু পঢ়াৰ চেষ্টা কৰিছিলো যদিও, সম্পূৰ্ণ কৰিব নোৱাৰিলো, আদবাটতে সামৰিব লগীয়া হ’ল"- জনালে ছাকিনাই।
১৪ বছৰীয়া বৈবাহিক জীৱনত যৌথ পৰিয়ালৰ সকলোৰে যতন লোৱাটো ছাকিনাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল। জীৱনত কিছু বস্তুৰ পৰা বঞ্চিত ছাকিনাই তেওঁৰ জিয়ৰীয়ে যাতে একোৱেই নোপোৱাকৈ নাথাকে সেইটো নিশ্চিত কৰিব বিচাৰে। ছাকিনাৰ কথাৰে-‛আমাৰ সম্প্ৰদায়ৰ সকলোৱে এটা ধাৰা অনুসৰণ কৰে, এজনী ছোৱালীয়ে বি.কম পঢ়িলে আনবোৰেও তাকেই পঢ়িব। আমাৰ আচল আগ্ৰহটো ক’ত সেইয়া দেখুৱাই দিওতা নাই। আজিকালি স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰ ভীষণ উচ্চাকাংক্ষী, সিঁহতে সুযোগ সুবিধাবোৰ জানে আৰু সেইবোৰ পাবলৈ কি কৰিব তাকো জানে। সেয়ে মই মোৰ ছোৱালীজনীক লক্ষ্যত উপনীত হোৱাত আৰু স্বপ্ন সাৰ্থক কৰাত সহায় কৰিব বিচাৰোঁ।
তেওঁক শক্তিশালী সমৰ্থন আৰু সহযোগ আগবঢ়োৱা পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলৰ ওচৰত তেওঁ বিশেষভাৱে কৃতজ্ঞ।
৪৮ বছৰীয়া মাৰিয়া জাছডানৱালাই জেষ্ঠ নাগৰিক সকলক ফুৰাবলৈ নিয়ে। ভিণ্ডি বাজাৰৰ পৰা ওলাই অহাৰ পিছত মাৰিয়াই দেখিলে যে জেষ্ঠ নাগৰিক সকলে বহু দূৰৰ মন্দিৰ বা মছজিদ দৰ্শন কৰিবলৈ যায়।
৫৮ ৰ পৰা ৯৪ বছৰ বয়সীয়া মানুহেৰে গঠিত এনে একোটা গোটে বছৰি একোটাকৈ ডাঙৰ আৰু প্ৰতি দুমাহৰ মূৰে মূৰে একোটাকৈ সৰু ভ্ৰমণত ওলায়। সেয়া কেতিয়াবা এডভেন্সাৰ আৰু কেতিয়াবা তীৰ্থযাত্ৰা।
এনে ভ্ৰমণ কিদৰে সুবিধাজনক কৰিব তুলিব পাৰি সেই বিষয়ে এটা ধাৰণা দিবলৈ তেওঁ জ্যেষ্ঠ নাগৰিকসকলক ঘৰলৈ গৈ লগ ধৰিবলৈ আৰম্ভ কৰিলে। এই কথাটো জনাজাত হোৱাৰ লগে লগে বহু মানুহে মাৰিয়াক লগ ধৰি তেনে ভ্ৰমণকাৰী দলৰ সদস্য হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে।
জে∫ষ্ঠ নাগৰিকসকলৰ যিহেতু ধনৰ নাটনি থাকে সেয়ে তেওঁ আটাইতকৈ কম খৰচত এনে ভ্ৰমণ আয়োজন কৰাত গুৰুত্ব দিলে। ‛মই এইয়া ব্যৱসায় বুলি নাভাবোঁ, এয়া মোৰ কাৰণে তেওঁলোকৰ প্ৰতি উৎসৰ্গিত এক সেৱা’- ক’লে মাৰিয়াই।
প্ৰতিটো যাত্ৰাই সকলোৰে বাবে স্মৰণীয় কৰি তুলিবলৈ মাৰিয়াৰ ভগ্নীও তেওঁৰ সহযাত্ৰী হয়। জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পৰিচৰ্যা আৰু মনোযোগৰ কথা মনত ৰাখি তেওঁ কয়-‛আমি শীততাপ নিয়ন্ত্ৰিত বাহনত টিকট বুকিং হোৱাতো নিশ্চিত কৰোঁ, কেতিয়াবা আমি বিমানেৰে অহা-যোৱা কৰোঁ। আমি লগত দৰব লৈ য়োৱাৰ উপৰি ফোন কৰিলেই ডাক্তৰ পাব পৰা সুবিধা থকা হোটেলহে নিৰ্বাচন কৰো। হোটেলত লিফ্ট থকাৰ বিষয়ে মই নিশ্চিত হৈ লওঁ।
বি.কম ডিগ্ৰীধাৰী মাৰিয়া তেওঁৰ স্বামী আৰু শাহুৰ সৈতে থাকে। নিসংগতা দূৰ কৰাটো তেওঁৰ বাবে আটাইটকৈ ডাঙৰ প্ৰত্যাহ্বানআছিল। তেওঁৰ দৰে নাৰী উদ্যমীসকলৰ সন্দৰ্ভত মাৰিয়াই কয়- "মোৰ মতে তেওঁলোকে মনৰ কথা শুনিব লাগে। মনটোৱে যিটো কাম কৰিবলৈ উৎসাহ দিয়ে তেওঁলোকে সেই কামটোত মনোনিবেশ কৰিব লাগে। প্ৰথম পদক্ষেপটো লোৱাটোৱেই জৰুৰী, সফলতা আহিবই। কামটো কৰিব নোৱাৰিব বুলি ভাবি নিৰশ নহ’ব।"
অদূৰ ভৱিষ্যতে তেওঁ বয়সস্থ পুৰুষকো তেওঁৰ ভ্ৰমণকাৰী দলৰ অন্তৰ্ভুক্ত কৰাৰ কথা ভাবিছে আৰু বয়সস্থ মহিলাসকলক লৈ আনকি বিদেশ ভ্ৰমণৰো পৰিকল্পনা কৰিছে।
২২ বছৰীয়া জামিলা পেটিৱালা এটি শিশু সন্তানৰ মাতৃ। দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতেই তেওঁ চিলাইৰ কাম আৰম্ভ কৰিছিল। এতিয়া পৰিয়ালৰ সহযোগত তেওঁ “ৰিডাছ’’ নামৰ পৰম্পৰাগত পোছাকবিধ চিলোৱাত গুৰুত্ব দিয়াৰ উপৰি ব্যৱসায়ৰ প্ৰসাৰ ঘটাইছে। জামিলাই এতিয়া জোৰা, ঘড়ী আৰু আনকি টি-ছাৰ্টৰো ব্যৱসায় কৰে। জামিলাই “ৰিডাছ’’ ডিজাইন কৰে আৰু শাহুৱেকে ছিলাই কৰে। জামিলাৰ নিজা ৱেবছাইটো আছে, যিটো আৰম্ভ কৰাত তেওঁৰ ফটোগ্ৰাফাৰ স্বামীয়ে সহায় কৰি দিছিল। বৰ্তমান মুম্বাইৰ পৰা ভূপাললৈ তেওঁৰ ৫৫০-৬০০ গৰাকী গ্ৰাহক আছে। মুম্বাইৰ বানিজ্যৰ স্নাতকগৰাকীয়ে কয়, মই মোৰ কন্যাক এটা ভীষণ ভাল জীৱন উপহাৰ দিব বিচাৰোঁ, যাতে মই তাইৰ সকলো স্বপ্ন পূৰণ কৰিব পাৰোঁ। তাই বিচৰা কোনো বস্তু মই লৈ দিব নোৱাৰোঁ বুলি যাতে তাই কাহানিও অনুভৱ কৰিব নালাগে।
শ্বেহনাজ ইলেকট্ৰিকৱালাই আগেয়ে টিউচন কৰিছিল আৰু তাৰ পিছত সৰুকৈ এটা টিফিন ছাৰ্ভিচ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ভিণ্ডি বাজাৰত থাকোতেই তেওঁ সেইটো আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ কেইগৰাকীমান বয়সস্থ ব্যক্তি আৰু কাৰখানাৰ শ্ৰমিকক টিফিনৰ যোগান ধৰে। সংখাটো তেওঁ কমাই ৰাখিছে যাতে নিজেই ৰন্ধা-বঢ়া আৰু চোৱাচিতা কৰিব পাৰে। ৪৮ বছৰীয়া শ্বেহনাজ এটা ল’ৰা আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ। তেওঁ কয়, আমাৰ আছিল যৌথ পৰিয়াল আৰু জীৱন কঠিন আছিল। সকলোবোৰ ঠিকেই আছিল,কিন্তু এতিয়াও ভাবো যে মোৰ সন্তানকেইটাই তাতকৈ বেছিকৈ পাব লাগে। তেওঁ মতে শিক্ষাই মানুহৰ ধ্যানধাৰণা সলনি কৰিছে আৰু আজি কালিৰ মানুহৰ কন্যা বা পত্নী সন্দৰ্ভত দৃষ্টিভংগী পূৰ্বৰ তুলনাত বহু বেলেগ হৈছে।
বেকিঙৰ প্ৰতি বিশেষ আসক্তি নাথাকিলেও ৰন্ধাবঢ়াৰ নিচাই জৈনাব পেপাৰমিন্টৱালাক বেকিঙলৈ টানি আনিলে। চকলেট বনোৱাৰে আৰম্ভণী। অচিৰেই তেওঁ ৱেবছাইট মুকলি কৰিব। ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়াৰ মাধ্যমৰ উপৰি পৰিয়াল, বন্ধু-বান্ধৱ আৰু আৰম্ভণীৰ গ্ৰাহকসকলৰ মুখে-মুখে হোৱা প্ৰচাৰৰ দ্বাৰা তেওঁৰ গ্ৰাহক সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।
সাধাৰণ কেকৰ পৰা আৰম্ভ কৰি তেওঁ Fondant আৰু যীম-বেছড কেকলৈ উত্তৰণ ঘটাইছে। এই ক্ষেত্ৰতো ইন্টাৰনেট তেওঁৰ বাবে ভীষণ সহায়ক হৈছে কাৰণ প্ৰাথমিক প্ৰশিক্ষন এটা লোৱাৰ পিছত ইন্টাৰনেটৰ শিক্ষামূলক ভিডিঅ’ৰ পৰা তেওঁ বহু নতুন কথা শিকিছে। Correspondence ৰ জৰিয়তে প্ৰাক কলেজ শিক্ষা গ্ৰহণ কৰা জৈনাবে এটা কোম্পানীৰ হিচাপ নিকাচ বিভাগত কাম কৰিছিল। সন্তানৰ জন্মৰ পূৰ্বে তেওঁ কামটো এৰি দিয়ে। তেওঁৰ পৰিয়ালত আছে শাহুৰ স্বামী আৰু পুত্ৰ। তেওঁ ঘৰৰ সকলো কাম কাজ নিজেই কৰে । ফটোগ্ৰাফীও কৰে। অৰ্ডাৰ বেছি হলে স্বামীয়েও সহায় কৰে।ঘৰৰ পৰা কাম কৰাৰ সুবিধা আৰু পৰিয়ালৰ সহায়ে তেওঁক সুন্দৰকৈ কাম কৰাত সহায় কৰিছে। গৰ্ভধাৰণৰ পিছত এনেয়ে বহি থাকিব নোখোজা বাবেই তেওঁ এই কামটো আৰম্ভ কৰিছিল। কিন্তু এতিয়া তেওঁ ব্যবসায় সম্প্ৰসাৰৰ লগতে অধিক অৰ্ডাৰৰ বাবে অধিক কৰ্প'ৰেট হাউছৰ সৈতে যোগাযোগৰ পৰিকল্পনা কৰিছে।
জৈনাৰে কলে, "প্ৰযুক্তিয়ে আমাৰ জীৱন সলনি দিছে নহ’লে আমি বহুত ভূগিব লাগিলহেঁতেন।"
লেখকঃ- তনৱি ডুবে
অনুবাদঃ- লুইত পাঠক