ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন
Tuesday November 29, 2016,
2 min Read
বাবা পেন্থাৰ ছিধায়ে ওৰফে য়শৱন্ত প্ৰভাকৰ । তেওঁ আছিল ভাৰতৰ প্ৰথম কলা বোবা ক্ৰিকেটাৰ । অৱশ্যে মৃত্যুৰ সময়লৈকে তেওঁ নিজৰ বিভিন্ন অভিলেখ স্বত্তেও কোনো স্বীকৃতি নাপালে । তেওঁ ১৯৫২ৰ পৰা ১৯৬৮ লৈ ক্ৰিকেচ খেলিছিল । সাধাৰণ পৰিয়ালৰ বাবাই একোখন খেলত ৮ৰ পৰা ১৫ টকা উপাৰ্জন কৰিছিল ।
ৰঞ্জী ট্ৰফীত এজন অতি সন্মানীয় ক্ৰিকেটাৰ আছিল বাবা । তেওঁ প্ৰত্যুৎপন্নমতিতা আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ বাবে জনাজাত আছিল । কোনো হেলমেট নোহোৱাকৈ তেওঁ ছয় কোবাইছিল । এবাৰ তেওঁ এটা ছয় ইমান জোৰেৰে কোবাইছিল যে বলটো গৈ আৰব সাগৰত পৰিছিলগৈ । তেওঁৰ নামত তিনিটা বিশ্ব ৰেকৰ্ডো আছিল ।
নাগেশ কুকনুড়ৰ ছৱি ইকবাল বাবা পেন্থাৰৰ কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত । কিন্তু এই ছবিখনত বাবা অথবা বাবাৰ পৰিয়ালক কোনো ধৰণৰ সৌজন্য প্ৰদান কৰা হোৱা নাছিল ।
বাবাই ৪২ খন ৰঞ্জী মেচ খেলিছিল মহাৰাষ্ট্ৰ, মুম্বাই আৰু ৰেলৱেৰ বাবে । কেইবাখনো মেচত তেওঁ ১০-১৫ টা ছয় কোবাইছিল । আনহাতে তেওঁৰ ফিল্ডিঙো আছিল ইমান দুৰন্ত যে তেওঁ কেইবাটাও উইকেট লৈছিল । সেই বাবে তেওঁ পেন্থাৰ নাম পাইছিল । মাজে মাজে তেওঁ লেগ স্পীনো কৰিছিল আৰু তেওঁ নিজৰ কেৰিয়াৰত ১০ টা উইকেট লৈছিল ।
ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ বাবে কেতিয়াও খেলিবলৈ সুযোগ নাপালেও ভ্ৰমণৰত নিউ জীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল । ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ তৃণমূল পৰ্যায়ত প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছিল। তেওঁৰ আৱিষ্কাৰ বলৱিনদ্ৰ সিং সান্ধু ১৯৮৩ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য আছিল ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন
দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল
ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত
অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন