Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

Friday February 05, 2016,

4 min Read

এক বিশেষ চখ। আৰু এজন মানুহ। এই বিশেষ হবীয়ে এটা সুকীয়া পৰিচয় প্ৰদান কৰিছে মানুহজনক। ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত তেওঁ অতি চিনাকি। বিভিন্ন কাকত-আলোচনীতো নিয়মীয়াকৈ লেখামেলা কৰে।। কেৰিয়াৰক লৈ তেওঁ অকলেই চলাই আহিছে এখন ৰণ। লগতে যোগাত্মক চিন্তাৰ যিকোনো কথা বা তথ্য সকলোৰে মাজত বিলাই দিয়াৰ এক তীব্ৰ ইচ্ছাই অনবৰতে খুচি থাকে মানুহজনক। আনৰ বাবেও ভাবিবলৈ সময় উলিয়াই ভালপোৱা এইজন মানুহে ইতিমধ্যে শ শ শিক্ষাৰ্থীক জীৱনৰ সঠিক পথ নিৰূপণ কৰিবলৈ সহায় কৰিছে। এতিয়াও নিৰন্তৰে এই কামত ব্ৰতী হৈ আছে। তেওঁ ডঃ বুলজিৎ বুঢ়াগোহাঁই


image


শেহতীয়াভাৱে ডঃ বুলজিৎ বুঢ়াগোহাঁইৰ এখন কিতাপ প্ৰকাশ হৈছে। নাম ‘কেৰিয়াৰ হাতপুথি’। ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যাশিত ভৱিষ্যৎ গঢ়ি তুলিবলৈ সহায় কৰাৰ অৰ্থে এই কিতাপখন প্ৰকাশ কৰিছে অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰই। অসমীয়া ভাষাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ প্ৰণয়ন কৰা এই কিতাপখনে ইতিমধ্যে সমাদৰো লাভ কৰিছে। কিতাপখন প্ৰস্তুত কৰি উলিওৱাৰ সময়ত এটা কথাত গুৰুত্ব দিয়া হৈছে যাতে অন্তৰ্ভুক্ত নোহোৱা বিভিন্ন কেৰিয়াৰ সম্পৰ্কেও সহজতে ইণ্টাৰনেটৰ পৰা সমল সংগ্ৰহ কৰিব পাৰে। ইণ্ডিয়া টুডেৰ জৰীপৰ সমান্তৰালভাৱে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি পাৰ্যমানে ত্ৰুটীমুক্ত কৰিবলৈ কিতাপখনত আছে বহুতো জৰুৰী ৱেবছাইট ঠিকনা।


image


প্ৰকৃততে এক দীঘলীয়া সময় তেওঁ এইটো কামত একান্তভাৱে ব্ৰতী হৈ আছে। কেৰিয়াৰৰ বিভিন্ন প্ৰয়োজনীয় তথ্য লৈ তেওঁ যায় ছাত্ৰ-ছাত্ৰীৰ মাজলৈ। এটা দশকৰো অধিক কাল তেওঁ অক্লান্তভাৱে এই কাম কৰি আহিছে। কেৰিয়াৰৰ কথা ক’বলৈ তেওঁৰ ভাগৰ নালাগে। কেৰিয়াৰৰ কথা কৈ কৈ তেওঁৰ হেঁপাহ নপলায়। সেয়াইনে? কেৰিয়াৰ বিভিন্ন দিশ সামৰি প্রস্তুত কৰা এটা লেখা ৫০০খনৰো বেছি স্কুল-কলেজলৈ ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে ডাকযোগে প্ৰেৰণ কৰিছে।

‘মই নিয়মীয়াকৈ অসমৰ জিলাবোৰৰ বিদ্যালয়বোৰলৈ কেৰিয়াৰ বিভিন্ন দিশ সামৰি প্রস্তুত কৰা এটা লেখা প্ৰেৰণ কৰোঁ যাতে ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে এটা ধাৰণা লাভ কৰিবলৈ সক্ষম হয়। এইটো কামৰ বাবে মাহেকত ১০০০ টকামানৰ খাম আৰু ডাক টিকট কিনি আনো। ভাল লাগে। এইটো মোৰ এটা হবীৰ দৰেই। মোৰ ইচ্ছা অসমৰ আটাইবোৰ স্কুল-কলেজলৈ কেৰিয়াৰ সম্বন্ধীয় লেখাটি প্ৰেৰণ কৰাটো।’ asamiya.yourstory.comক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত ক’লে ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে।


image


প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ আছুতীয়াকৈ সময় ৰাখে ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে। কেৰিয়াৰ সম্পৰ্কে কথা পাতিবলৈ। সেই সময়খিনিত ছাত্ৰী-ছাত্ৰী নাইবা অভিভাৱকসকলে ফোন কৰি কেৰিয়াৰক লৈ আলোচনা কৰিব পাৰে। এতিয়াও প্ৰতি শনিবাৰে এই সময়খিনিৰ ভিতৰত তেওঁৰ ফোনটো ব্যস্ত হৈ পৰে। ২০-৩০টা পৰ্যন্ত ফোনৰ উত্তৰ দিবলগীয়া হয় তেওঁ।

কেৱল শনিবাৰৰ সেই নিৰ্দিষ্ট সময় বুলিয়ে নহয়, কলেজত ক্লাছ নথকা সময়তো বহুতৰে সৈতে আলোচনা কৰে। মাত্ৰ নিৰ্ধাৰিত সময়খিনিত ফোন কৰিলে কথা পাতিবলৈ বেছি সুবিধা হয়।


image


কেৰিয়াৰক লৈ এই পৰিক্ৰমা কেতিয়া আৰম্ভ হৈছিল? ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে মনত পেলালে ২০০৫ চনৰ সেই সময়খিনিৰ কথা। আইআইটি-গুৱাহাটীত পি-এইচডি কৰি থকা সময়ত তেওঁ লক্ষ্য কৰিছিল অসমৰ ল’ৰা-ছোৱালীৰ সংখ্যা নিচেই কম। বহুতে গমো নাপায়। আক্ষৰিকভাৱে তেৱোঁ আইআইটি-গুৱাহাটীত পি-এইচডি কৰাৰ সময়তহে গম পাইছিল যে ইংৰাজী, দৰ্শন আদিকে ধৰি বিভিন্ন বিষয়ত পি-এইচডিৰ শিক্ষাৰ সুবিধা আছে আইআইটিত। লাহে লাহে আইআইটিৰ ওচৰে-পাজৰে সভাই-সমিতিয়ে এই বিষয়টো উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে তেওঁ। সেয়াই আৰম্ভণি। তাৰ পিছত আৰু কেতিয়াও ৰোৱা নাই তেওঁ।

‘আইআইটিত থাকোতে ইণ্টাৰনেটৰ ভাল সুবিধা লাভ কৰিছিলো। গতিকে সেই সুবিধা গ্ৰহণ কৰিলো’- ডঃ বুঢ়াগোহাঁয়ে ক’লে, ‘২০১২ চনত গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকন’লজিত যোগদান কৰিছিলো। এই প্ৰতিষ্ঠানটোৰ হৈ এলানি আলোচনাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। জোনাইৰপৰা তেজপুৰলৈ কেৰিয়াৰ সম্পৰ্কে আলোচনা। গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকন’লজি নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ কথা কওঁতে অন্য কেৰিয়াৰো সামৰি ল’লো। এসপ্তাহৰ ভিতৰতে লখিমপুৰ কলেজ, নৰ্থ বেংক কলেজ, ধেমাজি কলেজকে ধৰি বহু কলেজত কেৰিয়াৰৰ কথা ক’লো। জোনাইত এটা ছাত্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত আলোচনাত জোনাইৰ সকলো স্কুল-কলেজক সামৰি লোৱা হৈছিল।’

উল্লেখ্য যে ২০১১ চনৰ পৰাই বিদ্যাৰ্থীৰ সৈতে জড়িত বিভিন্ন বিষয়ত সম্পাদকলৈ চিঠি লিখিবলৈ আৰম্ভ কৰিছিল তেওঁ। ২০১৪ চনত ‘সম্পাদকলৈ চিঠি’ নামেৰে এই চিঠিবোৰৰ একত্ৰ সংকলন এটাও প্ৰকাশ পালে। সমান্তৰালভাৱে কেৰিয়াৰ সম্পৰ্কীয় লেখা-মেলাও বাতৰি কাকতত প্ৰকাশ পাবলৈ ধৰিলে। কেৰিয়াৰ বিভিন্ন দিশ সামৰি প্রস্তুত কৰা লেখাটিৰ ফটোকপী তেওঁ ভাষণ দিয়াৰ সময়ত লৈ যায় আৰু ছাত্র-ছাত্রীসকলৰ মাজত বিলাই দিয়ে। পিছলৈ বিভিন্ন ঠাইলৈ নিমন্ত্ৰণ আহিবলৈ আৰম্ভ কৰিলে। ডিব্ৰুগড়, যোৰহাট, বাহনা কলেজ, নলবাৰী। ছয়গাঁৱত তিনিদিনীয়া কৰ্মশালাও হ’ল। নাথ যোগী উন্নয়ন পৰিষদেও মৰিগাঁৱকে ধৰি বিভিন্ন স্থানত কৰ্মশালা পাতিলে।

তেওঁ ফোনত সমিধান দিবলৈহে বেছি ভালপায়। কিয়নো মেছেজ-ইমেইলৰ পৰিৱৰ্তে ফোন কৰিলে সকলো কথা ভালদৰে বুজাই দিব পাৰি। সভাবোৰতকৈও ফোন বেছি ফলপ্ৰসূ।

তেওঁ প্ৰায়বোৰ কাকত-আলোচনীতে নিয়মীয়াকৈ কেৰিয়াৰ সম্পৰ্কে প্ৰবন্ধ লিখি আহিছে। সাপ্তাহিক জনমভূমি, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তাকে ধৰি কেইবাখনো কাকতৰ বাবে বুঢ়াগোহাঁই কেৰিয়াৰ বিষয়ক স্তম্ভলেখক। লগতে মাহেকীয়া অনুভূতি, মায়াকে ধৰি কেইবাখনো আলোচনীত কেৰিয়াৰ বিষয়ৰ লেখা নিয়মীয়াকৈ প্রকাশ হয়। ফেচবুকৰ জড়িয়তেও নিৰন্তৰ প্ৰচাৰ চলি আহিছে। asamiya.yourstory.comৰ ফালৰপৰাও তেওঁৰ এই ক্লান্তিবিহীন যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰিলো।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১০,০০০ টকাৰে আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী

অ-মহানাগৰিক যুৱক-ষ্টাৰ্টআপৰ নতুন ব্যৱসায়িক লক্ষ্য

এজন ডেলিভাৰী বয়ৰ পৰা এজন উদ্যোগীলৈ:কোচিৰ এজন ২৭বছৰীয়া স্বপ্ন বিলাসী যুৱকৰ জীৱন যাত্ৰা

কোটিপতিসকলৰ ২০টা অভ্যাস

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক