ভাৰতীয় বাণিজ্য সেৱাৰ বিষয়াসকলৰ পদোন্নতি সন্দৰ্ভত কেবিনেটৰ অনুমোদন
Saturday March 25, 2017,
1 min Read
১৯৮৯ ৰ পৰা ১৯৯১ বৰ্ষৰ ভিতৰত যোগদান কৰা ভাৰতীয় বাণিজ্য সেৱাৰ বিষয়াসকলক জ্যেষ্ঠ প্ৰশাসনিক শ্ৰেণীলৈ স্বস্থানতেই ৰাখিপদোন্নত কৰাৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী মোদীৰ পৌৰোহিত্যত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ লগত জড়িত চৰ্তসমূহ হ’ল, জ্যেষ্ঠ প্ৰশাসনিক শ্ৰেণীত পদ খালী থাকিলে তেওঁলোকক সেই পদত নিযুক্ত কৰা হ’ব, কিন্তু বৰ্তমান সেই বিষয়াজন অধিষ্ঠিত হৈ থকা পদটোৰ স্থান তেওঁলোকৰ অৱসৰৰ সময়লৈকে একে কণিষ্ঠ প্ৰশাসনিক শ্ৰেণীতেই থাকিব।
ইয়াৰ ফলত চৰাকাৰে বাণিজ্য সুৰক্ষা বিষয়ত আৰু ভাৰতীয় ৰপ্তানি বাণিজ্য বিষয়ত উন্নয়ন সাধন কৰিবৰ বাবে এই বিষয়ত যথেষ্ট জ্ঞান থকা তথা অভিজ্ঞ বাণিজ্য সেৱাৰ বিষয়াসকলৰ অভিজ্ঞতাৰ সদপ্ৰয়োগ কৰি লাভৱান হ’ব পাৰিব। এইসকল বিষয়াক জ্যেষ্ঠ প্ৰশাসনিক শ্ৰেণীলৈ পদোন্নতিদিয়াৰ ফলত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় বিষয়া হিচাপে সেৱা আগবঢ়াবলৈ সক্ষম হ’ব।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তথা বাণিজ্যৰ প্ৰসাৰৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিবৰ বাবে কেন্দ্ৰীয় দল ‘ক’সেৱা হিচাপে ভাৰতীয়বাণিজ্য সেৱা গঠন কৰা হৈছিল।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে
সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে
দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে