নিজৰ খৰচেৰে দলং নিৰ্মাণ কৰি কৰ সংগ্ৰহ কৰিছে এজন নাৱৰীয়াই
Friday October 14, 2016,
2 min Read
কিছুদিনৰ আগলৈকে ৪৩ বছৰীয়া শ্বেইখ লালচান্দ আছিল এজন সাধাৰণ নাৱৰীয়া । মুণ্ডেশ্বৰী নদীৰ দুয়োপাৰৰ যাত্ৰী অনা নিয়াটোৱেই আছিল তেওঁৰ কাম । কিন্তু তেওঁৰ অকলেই নিৰ্মাণ কৰা এখন দলঙৰ সহায়ত এতিয়া চাৰিওফালে নদীৰে আগু ভাতোৰা আৰু ঘোৰাবেৰীয়া-চিতনান গাৱঁৰ বাসিন্দাসকল মূলভুমিৰ সৈতে সংযুক্ত হ'ব পাৰিছে । মুণ্ডেশ্বৰী, দামোদৰ আৰু ৰুপনাৰায়ণ নদীয়ে আগুৰি ৰাখিছে এই দ্বীপটোক ।
শ্বেখে এই দলংখন বনোৱাৰ সিদ্ধান্ত লোৱাৰ কাৰণ আছিল কোনো কোনো সময়ত তেওঁ নাও চলাব নোৱাৰিছিল আৰু তেনে সময়ত যাত্ৰীসকলৰ বিলাই বিপত্তি দেখি তেওঁ কষ্ট পাইছিল । "মোৰ নাওখন নাথাকিলে মানুহবোৰ একাঠু বোকা খচকি যাব লগা হৈছিল । স্কুলৰ ল'ৰা ছোৱালীবোৰ কিতাপ পত্ৰ লৈ নদী পাৰ হব নোৱাৰিছিল । তেতিয়া মই ভাবিলো এই দলংখন বনোৱাৰ কথা ।" তেওঁ কয় ।
এই বাঁহৰ দলংখন তেওঁ ৭.৫ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰে । তেওঁৰ পত্নীৰ অলংকাৰ বিক্ৰী কৰি আৰু বন্ধু বান্ধৱৰপৰা ধাৰ লৈ তেওঁ এই কাম সম্পন্ন কৰে । ১৬ জন শ্ৰমিকে ২৮ দিন ধৰি এই দলংখন নিৰ্মাণ কৰে । বৰ্তমান এই খৰচ তেওঁ দলংখন ব্যৱহাৰ কৰা লোকসকলৰপৰা কৰ সংগ্ৰহ কৰি উলিয়াইছে ।
খোজকাঢ়ি অথবা চাইকেলেৰে এই দলং পাৰ হোৱা সকলে দুটকা, মটৰচাইকেলেৰে পাৰ হোৱা সকলে ৬ টকা আৰু গাড়ীৰে পাৰ হোৱা সকলে ১০০ টকা দিব লগীয়া হয় । ছাত্ৰ ছাত্ৰী আৰু জ্যেষ্ঠ নাগৰিকসকলে ১ টকা ব্য কৰিবলগীয়া হয় । অৱশ্যে এম্বুলেন্স আৰু পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে কোনো পইছা দিবলগীয়া নহয় । কৃষকসকলে মাহে ৫০ টকা ব্যয় কৰি যিকোনো সময়তে এই দলংখন ব্যৱহাৰ কৰিব পাৰে ।
কেৱল যাতায়তেই নহয় বিবাহৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই দলংখনে । "আগতে এই দুৰ্গম স্থানৰ যুৱক যুৱতীৰ সৈতে কোনেও বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নুখুজিছিল । কিন্তু এই দলংখন নিৰ্মাণ হোৱাৰপৰা এই সমস্যাৰ সমাধান হৈছে । মোৰ ছোৱালীৰ বিয়া অহা বছৰ ঠিক কৰা হৈছে ।" অচিন্ত মাইতি নামৰ এজন বাসিন্দাই কয় ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
ব্যক্তিগত শাখাত অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কে ডি যাধৱ
এছ টি ডি বুথৰপৰা ১৪০ কোটি টকীয়া এটা ভ্ৰমণ কোম্পানীলৈ
ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত
ৰেজিউমিখনত পাঁচটা কথাত মনোযোগ দিয়ক