ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা
বালি ছটিয়াই ইখনৰ পিছত সিখন চিত্ৰ। বালিৰ চিত্ৰতে প্ৰতিফলিত হৈছে পৃথিৱীৰ জৈৱ বিবৰ্তনৰ পৰা শংকৰদেৱ, জ্যোতি- বিষ্ণু, ড০ ভূপেন হাজৰিকালৈ সকলোৰে চিত্ৰ। এখন গ্লাছত বালি ছটিয়াই অঁকা চিত্ৰ সমূহ জিলিকি উঠে গ্লাছখনৰ তলত সংলগ্ন থকা লাইটৰ বাবে। আৰু ছাঁৰ দৰে জিলিকি উঠা চিত্ৰ সমূহ বন্দী হয়, স্থিৰকৈ ওপৰত বান্ধি থোৱা কেমেৰাত। আৰু সমগ্ৰ দৃশ্য প্ৰজেক্টৰৰ সহায়তে প্ৰতিফলিত হয় পৰ্দাত। এনেদৰেই বালি ছটিয়াই আঁকি যোৱা চিত্ৰ লানিয়ে লয় একোটা কাহিনীৰ ৰূপ। একেটা সময়তে সংগীতৰ তালে তালে কাহিনীকাৰে বৰ্ণনা কৰি যায় কাহিনী। দৃষ্টিনন্দন হৈ উঠে দৰ্শকৰ বাবে। এই সমগ্ৰ প্ৰক্ৰিয়াটোকে কোৱা হয় ছেণ্ড এনিমেশ্বন। দৰ্শকে বালিৰ চিত্ৰ সমূহৰ লগতে পৰ্দাত প্ৰতিফলিত হোৱা দেখে বালিত আঙুলি বুলাই ইখনৰ পিছত সিখনকৈ ছবি আঁকি যোৱা শিল্পীজনৰ হাতখন। নক'লেও হ'ব ক্ষন্তেকতে বালি ছটিয়াই এখন ছবি আঁকিব পৰা জন কিমান সুনিপুণ শিল্পী হব লাগিব!

এই পৰিবেশ্য কলাৰ বিষয়ে এতিয়াও নাজানে বহু লোকে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলৰ বাবে তেনেই নতুন এইবিধ কলা। ছেণ্ড এনিমেশ্বনৰ ইতিহাসো বৰ পুৰণি নহয়। কিন্তু শেহতীয়াভাবে সমগ্ৰ বিশ্বতে ক্ৰমে জনপ্ৰিয়তা লাভ কৰা নতুন পৰিবেশ্য কলা বিধেই হৈছে ছেণ্ড এনিমেশ্বন। কিন্তু এতিয়া আপুনিও উপভোগ কৰিব পাৰিব এই অভিনৱ প্ৰদৰ্শনীৰ অনুষ্ঠান। এয়া সম্ভৱ কৰি তুলিছে শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে। দিগন্ত মাধৱ গোস্বামী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ছেণ্ড এনিমেশ্বন শিল্পী। দিগন্তই লগত প্ৰায় ১০ জনীয়া এটা দল লৈ আমন্ত্ৰণ ক্ৰমে প্ৰদৰ্শন কৰে ছেণ্ড এনিমেশ্বনৰ প্ৰদৰ্শনী। এপ্ৰিল মাহৰ আৰম্ভণীতে ডুবাই আৰু কাটাৰত প্ৰদৰ্শনীৰ বাবে আমন্ত্ৰণ লাভ কৰিছে দিগন্তই।

কেনেদৰে আৰম্ভ হ’ল দিগন্তৰ ছেণ্ড এনিমেশ্বন
লখিমপুৰ জিলাৰ বিহপুৰীয়াত ঘৰ দিগন্ত মাধৱ গোস্বামীৰ। সহজ কথাত এজন স্বভাৱজাত শিল্পী দিগন্ত মাধৱ গোস্বামী। যিহতে হাত দিয়ে সিয়েই যেন প্ৰাণ পাই উঠে দিগন্তৰ হাতৰ পৰশত। চিত্ৰ, ভাস্কৰ্য, সংগীত, অভিনয় সকলোতে পাৰ্গত দিগন্ত যেন এজন সম্পূৰ্ণ শিল্পী। ছেণ্ড এনিমেশ্বনৰ সৈতে জড়িত হৈ পৰাৰ কাহিনী অৱশ্যে সুকীয়া। ২০০৪চন। দিগন্ত তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। দিগন্তৰ হোষ্টেলৰ কোঠাটোত আছিল এখন গ্লাছৰ টেবুল। এদিন দিগন্তই লক্ষ্য কৰিলে গ্লাছৰ টেবুলখনত পৰি থকা চেনী চাহ পাতৰ ছাঁই যেন কিহবাৰ আকৃতি ল'ব বিচাৰিছে। দিগন্তৰ শিল্পীমনে হোষ্টেলৰ কোঠাত চাহ, চেনী, হালধী যি সামগ্ৰী আছিল তাৰেই কিহবাৰ ৰূপ দিব বিচাৰিলে টেবুলৰ গ্লাছখনতে। এখন সুন্দৰ ছবি প্ৰতিফলিত হোৱাত সেই প্ৰক্ৰিয়াৰে কিবা এটা কৰাৰ কথা ভাবিলে দিগন্তই। দিগন্তৰ প্ৰচেষ্টা দেখি বিশ্ববিদ্যালয়ৰে বন্ধু এজনে সেইসময়ত ইউটিউবত উপলব্ধ ইজৰাইলৰ ইলানা যাহৱ নামৰ এজন শিল্পীৰ ছেণ্ড এনিমেশ্বনৰ ভিডিঅ’ৰ কথা ক’লে। দিগন্তই সেই ভিডিঅ’টোৰ পৰাও পালে ছেণ্ড এনিমেশ্বনৰ এটা ধাৰণা। কিন্তু ছেণ্ড এনিমেশ্বন দৰ্শকৰ আগত পৰিবেশনৰ বাবে যি কাৰিকৰী কৌশলৰ প্ৰয়োজন সেয়া ভিডিঅ’টোৰ পৰা জনা নায়ায়। এইবাৰ দিগন্ত ব্যস্ত হ’ল কাৰিকৰী কৌশলৰ চিন্তাত। আৰু নিজেই সাজি উলিয়ালে ছেণ্ড এনিমেশ্বন প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ উপযোগী হোৱাকৈ প্ৰয়োজনীয় আহিলা। আৰম্ভ হ’ল দিগন্তৰ ছেণ্ড এনিমেশ্বন প্ৰদৰ্শনৰ যাত্ৰা।
বিশ্ববিদ্যালয়ত পঢ়ি থকা সেইসময়ছোৱাত ২০০৫ চনৰ পৰা ইঠাই সিঠাইকৈ কেইবা ঠাইটো দিগন্তই ছেণ্ড এনিমেশ্বনৰ প্ৰদৰ্শন কৰিলে। তাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, ২০০৬ চনত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ ভৱন আদিতো প্ৰদৰ্শনী হ’ল। কিন্তু গোটেই প্ৰক্ৰিয়াটো হ’ল এক ব্যয়বহুল প্ৰক্ৰিয়া। সেই সময়ত দিগন্তই প্ৰজেক্টৰ ভাৰালৈ আনি লগৰ ল’ৰাৰ কেমেৰালৈ প্ৰদৰ্শনী কৰিছিল। ব্যয় হৈছিল পকেটৰ ধন। এনেধৰণে চেগা-চোৰোকাকৈ চলি আছিল দিগন্তৰ ছেণ্ড এনিমেশ্বনৰ যাত্ৰা। ইতিমধ্যে দিগন্ত জড়িত হৈ পৰিছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে। মনোৰঞ্জনধৰ্মী অসমীয়া চেনেল ৰামধেনুৰো কৰ্মচাৰী দিগন্ত। ব্যস্ততাৰ মাজতো দিগন্তৰ শিল্পৰ যাত্ৰা কিন্তু থমকি ৰোৱা নাই। চিত্ৰ, ভাস্কৰ্যৰ লগতে জড়িত হৈ আছে নাটক, চিনেমাৰ মঞ্চসজ্জা, দৃশ্যসজ্জাৰ কামৰ সৈতেও। ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত শিল্পীজনৰ ১০০০ আবক্ষ মুৰ্তি নিৰ্মাণ কৰাটো দিগন্তৰ আন এক উল্লেখ যোগ্য কাম।

আকৌ ছেণ্ড এনিমেশ্বন। পূৰ্ণ শিল্পমৰ জন্ম

মনত এক দুৰ্বাৰ হেপাহ আছিল ছেণ্ড এনিমেশ্বনকলৈ কিবা এটা কৰাৰ। উত্তৰ পূৰ্বাঞ্চলত ছেণ্ড এনিমেশ্বনক আগবঢ়াই লৈ যোৱাৰ। ২০১৫ চনৰ নৱেম্বৰ মাহ। দিগন্ত মাধৱ গোস্বামীয়ে কেইজনমান সহযোগীকলৈ আৰম্ভ কৰিলে ‘পূৰ্ণশিল্পম’ নামৰ এটা অনুষ্ঠানৰ। সহযোগী কেইজনৰ ভিতৰত অন্যতম ছেণ্ড এনিমেশ্বনৰ কাহিনীকাৰ তথা নেৰেটৰ দেবাংগ পল্লব শইকীয়া। ইয়াৰ উপৰিও প্ৰায় দহজনীয়া দলটোত ৪জন বাদ্যযন্ত্ৰীৰ লগতে লাইট, ছাউণ্ড, কেমেৰাৰ দিশটো চোৱাৰ বাবে কেইবাজনো কাৰিকৰী লোক। এইদলটোৱে সুসংঘবদ্ধ ভাবে বিভিন্ন স্থানত আমন্ত্ৰণ ক্ৰমে প্ৰদৰ্শন কৰে ছেণ্ড এনিমেশ্বন। শেহতীয়াকৈ ৭ ফেব্ৰুৱাৰীত নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শিত হ’ল পূৰ্ণ শিল্পমৰ প্ৰদৰ্শনী। এতিয়া পূৰ্ণ শিল্পমৰ হাতত আছে এক দীঘলীয়া সুচী। তাৰ মাজত আছে ইতিমধ্যে উল্লেখ কৰা ডুবাই আৰু কাটাৰৰ দুটাকৈ আন্তৰাষ্ট্ৰীয় প্ৰদশৰ্নী।
“যিহেতু উত্তৰ পূৰ্বাঞ্চলত ছেণ্ড এনিমেশ্বন একেবাৰে নতুন, মই যেতিয়া প্ৰদৰ্শন আৰম্ভ কৰোঁ, মানুহে ভাবি নাপায় আচলতে কি হ’বগৈ। যেতিয়া তেঁওলোকৰ সন্মুখতে ক্ষন্তেকতে ইখনৰ পিছত সিখন ছবি দেখা পায় সকলো অভিভূত হৈ পৰে, মৌন হৈ পৰে প্ৰেক্ষাগৃহ। প্ৰদৰ্শনীৰ পিছত বহুতে মোৰ হাতটো চুই চাব বিচাৰে।”- দিগন্তই ছেণ্ড এনিমেশ্বনৰ প্ৰদৰ্শনীৰ অভিজ্ঞতাৰ কথা ক’লে এনেদৰে।

ছেণ্ড এনিমেশ্বনকলৈ দীঘলীয়া সপোন দিগন্ত মাধৱ গোস্বামীৰ। উত্তৰ পূৰ্বাঞ্চলত এই বিধ পৰিবেশ্য কলাক জনপ্ৰিয় কৰাৰ লক্ষ্যৰ লগতে ছেণ্ড এনিমেশ্বন প্ৰশিক্ষণৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলাৰ সপোনো কঢ়িয়াই লৈ ফুৰিছে দিগন্তই। শিল্পী দিগন্ত মাধৱ গোস্বামীৰ এই যাত্ৰাত পূৰ্ণোদ্যমে সহযোগিতা আগবঢ়াই আহিছে পত্নী মেঘনা চৌধুৰী গোস্বামীয়ে।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
ফ্ৰীডম ২৫১ৰ গ্ৰাহকক ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে নিৰ্মাতাই
আঞ্চলিক ভাষাৰ স্বল্পদৈৰ্ঘ্যৰ নিউজ চাৰ্ভিছ ৱেটুনিউজ
ধনৰ নাম জয়ৰাম, ধনে সাধে সর্বনাম: এজন ধাৰাবাহিক উদ্যমীৰ কথা
এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা