বীজ বোমাবৰ্ষণেৰে বনানীকৰণ কৰিছে থাইলেণ্ডে
Sunday November 27, 2016,
2 min Read
ঔদ্যোগীকৰণ আৰু ব্যাপক নগৰীকৰণৰ ফলত ক্ৰমাৎ সংকুচিত হৈ অহা বনাঞ্চল সংৰক্ষণ আৰু পুনৰ বনানীকৰণৰ বাবে থাইলেণ্ড চৰকাৰে এক এক অভিনৱ উপায় উদ্ভাৱন কৰিছে । থাইলেণ্ডৰ বিভিন্ন স্থানত আকাশৰপৰা বিমানেৰে বীজবৰ্ষণ কৰা হৈছে । সহজে নষ্ট হৈ যোৱা ধাতৱীয় কিছুমান যতনত সাৰ আৰু মাটিৰ সৈতে বীজ ৰাখি বিমানেৰে এইবোৰ মাটিলৈ নিক্ষেপ কৰা হয় ।
২০১৩ চনত থাইলেণ্ড চৰকাৰে এই পদ্ধতিটো গ্ৰহম কৰিছিল । ফিটচানুলক অঞ্চলত এই পদ্ধতিৰে ২০১৭ চনৰ ভিতৰত এখন সেউজীয়া অৰণ্য গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছিল ।
বীজ বোমাবৰ্ষণৰ এই পদ্ধতি প্ৰথমে জাপানত ২০শ শতাব্দীত গ্ৰহণ কৰা হৈছিল । মাছানবু ফুক'কা নামৰ এজন ব্যক্তিয়ে চুচি ডাঙ্গ নামৰ প্ৰাচীন পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি উদ্ভাৱন কৰিছিল । ১৯৩০ চনত প্ৰথমে হনলুলুৰ পৰ্বতাঞ্চলত বিমানেৰে বীজ বোমাবৰ্ষণ কৰা হৈছিল ।
কিন্তু ঔদ্যোগিকভাৱে এই পদ্ধতি ১৯৯৯ চনতহে হাতত লোৱা হৈছিল । এই পদ্ধতিত আমেৰিকাৰ লকহীড মাৰ্টিন এৰ'স্পেচে ৯০ হাজাৰ গছ একেদিনাই ৰুইছিল । একদৰে স্কটলেণ্ডতো এই পদ্ধতি গ্ৰহণ কৰা হৈছিল ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী
এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী